হাৰ্দিক পাণ্ডিয়া OUT; আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলা নোৱাৰিব খেলিব

১৩ জুনত আৰম্ভ হ’বলগীয়া ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ পূর্বে টীম ইণ্ডিয়া এটা ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে ৷ বাহিৰ হ’ল তাৰকা অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া।

ভাৰত আৰু আফগানিস্তানৰ মাজত ১৩ জুনৰ পৰা আৰম্ভ হ’বলগীয়া তিনিখনীয়া এদিনীয়া শৃংখলাৰ পূৰ্বে টীম ইণ্ডিয়া এক ডাঙৰ বিপৰ্যয়ৰ সন্মুখিন হৈছে। তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আঘাতৰ বাবে সমগ্ৰ শৃংখলাটোৰ পৰা বাহিৰ হৈছে।

বিচিচিআইৰ চিকিৎসা আপডেট অনুসৰি, হাৰ্দিকৰ ‘ল’ -গ্ৰেড কুৱাড্ৰিচেপ্স ষ্ট্ৰেইন’ (low-grade quadriceps strain) হৈছে। এইটো উৰুৰ সন্মুখৰ ফালৰ মাংসপেশী টান খোৱা এবিধ আঘাত। চিকিৎসা কৰ্মচাৰীসকলে তেওঁ সুস্থ হ’বলৈ প্ৰায় তিনি সপ্তাহ সময় লাগিব বুলি জনাইছে। এনে পৰিস্থিতিত তেওঁ আফগানিস্তানৰ বিৰুদ্ধে হ’বলগীয়া তিনিওখন এদিনীয়া মেচতে উপলব্ধ নাথাকিব।

হাৰ্দিকৰ অনুপস্থিতি ভাৰতীয় দলৰ ভাৰসাম্যৰ বাবে এক ডাঙৰ মোক্ষম আঘাত হিচাপে গণ্য কৰা হৈছে। তেওঁ কেৱল মধ্যক্ৰমত বিস্ফোৰক বেটিং কৰাই নহয়, বৰঞ্চ নতুন বল আৰু মিডল অভাৰত উপযোগী দ্ৰুত বলিং কৰাৰ বিকল্পও প্ৰদান কৰে। তেওঁৰ অনুপস্থিতিত দল পৰিচালনা সমিতিয়ে অলৰাউণ্ডাৰ বিভাগত নতুন সংমিশ্ৰণৰ কথা চিন্তা কৰিবলগীয়া হ’ব পাৰে।

শুভমন গিলৰ অধিনায়কত্বত ভাৰতীয় দলে আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিব। দলটোত ৰোহিত শৰ্মা, যশস্বী জয়ছৱাল, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল আৰু ইশান কিষাণৰ দৰে বেটছমেন অন্তৰ্ভুক্ত হৈ আছে। অলৰাউণ্ডাৰ বিভাগত নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ আৰু হৰ্ষ ডুবেৰ ওপৰত অতিৰিক্ত দায়িত্ব আহিব পাৰে।

ভাৰত আৰু আফগানিস্তানৰ মাজত প্ৰথমখন এদিনীয়া মেচ ১৩ জুনত ধৰ্মশালাত খেলা হ’ব। ইয়াৰ পিছত দ্বিতীয়খন মেচ ১৭ জুনত লক্ষ্ণৌ আৰু তৃতীয় তথা অন্তিমখন এদিনীয়া মেচ ২০ জুনত চেন্নাইত অনুষ্ঠিত হ’ব।

আহিবলগীয়া আন্তঃৰাষ্ট্ৰীয় খেলসমূহৰ প্ৰস্তুতিৰ দিশৰ পৰা আফগানিস্তান শৃংখলাটো ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। এনে অৱস্থাত হাৰ্দিক পাণ্ডিয়া দলৰ পৰা বাহিৰ হোৱাটো দল পৰিচালনা সমিতিৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে।

লগতে পঢ়ক: ঋতুৰাজৰ বিস্ফোৰক শতক, ৰোমাঞ্চকৰ মেচত শ্ৰীলংকাক ধূলিস্যাৎ কৰিলে ভাৰতে

আফগানিস্তানৰ শৃংখলাৰ পূৰ্বে ভাৰতীয় দললৈ সকাহ : ৰোহিত-হাৰ্দিকক বিচিচিআইৰ সেউজ সংকেত

এদিনীয়া শৃংখলাৰ পূৰ্বে ভাৰতীয় দলটোৱে এক ডাঙৰ সকাহ লাভ কৰিছে

১৩ জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাৰ পূৰ্বে ভাৰতীয় দলটোৱে এক ডাঙৰ সকাহ লাভ কৰিছে । ৰোহিত শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াই বেংগালুৰুস্থিত ‘চেণ্টাৰ অৱ এক্সেলেন্স’ (CoE)ৰ পৰা ফিটনেচ ক্লিয়াৰেন্স লাভ কৰিছে । ইয়াৰ লগে লগে শৃংখলাটোত দুয়োগৰাকী খেলুৱৈৰ খেলাক লৈ চলি থকা সন্দেহৰ প্ৰায় অন্ত পৰিছে ।

হাৰ্দিক পাণ্ডিয়া-

আইপিএল ২০২৬-ত মুম্বাই ইণ্ডিয়ানছৰ অভিযান সমাপ্ত হোৱাৰ পিছত হাৰ্দিক পাণ্ডিয়া ছুটি কটাবলৈ বিদেশলৈ গৈছিল । ২ জুনত CoEত উপস্থিত হোৱাৰ পিছত তেওঁ কেইবাদিনো ধৰি ‘মেচ চিমিউলেচন চেশ্বন’ত অংশ লয় । এই সময়ছোৱাত তেওঁ সম্পূৰ্ণ ১০ অভাৰ বলিং কৰে আৰু কোনো ধৰণৰ অসুবিধা অনুভৱ কৰা নাই ।

জানিব পৰা মতে, হাৰ্দিকৰ ফিটনেচৰ সৈতে জড়িত সকলো পেৰামিটাৰ ষ্ট্ৰেংথ এণ্ড কণ্ডিচনিং প্ৰশিক্ষকসকলে অনুমোদন জনাইছে । গতিকে এতিয়া তেওঁক মেচৰ বাবে সম্পূৰ্ণ ফিট বুলি গণ্য কৰা হৈছে ।

ৰোহিত শৰ্মা-

আনহাতে, ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মায়ো হাৰ্দিকৰ পিছতেই CoEত উপস্থিত হৈছিল । আই পি এল ২০২৬ৰ সময়ত তেওঁ হেমষ্ট্ৰিংৰ আঘাতৰ সন্মুখীন হৈছিল, যাৰ বাবে তেওঁ কেইবাখনো মেচ খেলিব পৰা নাছিল আৰু বেছিভাগ মেচতে ‘ইম্পেক্ট প্লেয়াৰ’ হিচাপেহে ভূমিকা পালন কৰিছিল । চিকিৎসা পৰীক্ষাৰ অন্তত ৰোহিতকো RTP (ৰিটৰ্ণ টু প্লে)ৰ অনুমতি দিয়া হৈছে ।

অৱশ্যে প্ৰতিবেদন অনুসৰি, ৰোহিত আৰু হাৰ্দিক মুল্লনপুৰত দলৰ সৈতে যোগ নিদিয়ে । দুয়োগৰাকী খেলুৱৈয়ে পোনপটীয়াকৈ ধৰমশালাত ভাৰতীয় দলৰ সৈতে যোগদান কৰাৰ সম্ভাৱনা আছে, য’ত ১৩ জুনত শৃংখলাৰ প্ৰথমখন এদিনীয়া খেল অনুষ্ঠিত হ’ব ।

কোহলীৰ স্থানত জয়ছোৱালৰ এন্ট্ৰী

আনহাতে, আঘাতপ্ৰাপ্ত বিৰাট কোহলীৰ স্থানত যুৱ বেটচমেন যশস্বী জয়ছোৱালক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে । আই পি এল ২০২৬ৰ ফাইনেল মেচখনৰ সময়ত কোহলীৰ হেমষ্ট্ৰিংত আঘাত লাগিছিল । তেওঁ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ ৭৫ ৰানৰ এক অপৰাজিত ইনিংছ খেলিছিল । আশা কৰা হৈছে যে ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া এদিনীয়া শৃংখলাৰ পূৰ্বে তেওঁ ফিট হৈ উঠিব ।

এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল যশস্বী জয়ছোৱালে বেটিং ক্ৰমত ক’ত সুযোগ পাব ? তেওঁ এগৰাকী স্বাভাৱিক অ’পেনাৰ, কিন্তু দলত ইতিমধ্যে ঈশান কিষাণ থকাৰ বাবে জয়ছোৱালক ৩ নম্বৰ স্থানত পৰীক্ষা কৰা হ’ব পাৰে ।

লগতে পঢ়ক : একমাত্ৰ টেষ্টত ঐতিহাসিক জয় ভাৰতৰ : এক ইনিংছ আৰু ৩০০ ৰানৰ বৃহৎ ব্যৱধানত ধূলিস্যাৎ আফগানিস্তান

আফগানিস্তান শৃংখলাৰ পৰা বাহিৰ বিৰাট! ৰোহিত-হাৰ্দিকক লৈও ওলমিছে প্ৰশ্নবোধক

ভাৰত আৰু আফগানিস্তানৰ মাজৰ দ্বিতীয়খন এদিনীয়া ১৭ জুনত লক্ষ্ণৌত আৰু অন্তিমখন মেচ ২০ জুনত চেন্নাইত অনুষ্ঠিত হ’ব

আগন্তুক আফগানিস্তানৰ বিৰুদ্ধে ঘৰুৱা এদিনীয়া শৃংখলাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দললৈ আহিছে এটা বেয়া খবৰ । হেমেষ্ট্ৰীঙৰ আঘাতৰ বাবে এই গুৰুত্বপূৰ্ণ শৃংখলাটোৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ হৈছে তাৰকা বেটছমেন বিৰাট কোহলী । অহা ১৩ জুনৰ পৰা ধৰমশালাত আৰম্ভ হ’বলগীয়া ৩ খনীয়া এদিনীয়া শৃংখলাটোত কোহলীৰ স্থানত যুৱ অপেনাৰ যশস্বী জয়ছোৱালক দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

শেহতীয়া আই পি এল ২০২৬ ৰ ফাইনেল মেচখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ খিতাপ ৰক্ষা কৰিবলৈ গৈ ফিল্ডিং কৰাৰ সময়তে কোহলীয়ে এই গুৰুত্বপূৰ্ণ আঘাত পাইছিল । মুখ্য নিৰ্বাচক অজিত আগৰকাৰে জনোৱা অনুসৰি, কোহলী এতিয়াও সম্পূৰ্ণ সুস্থ হোৱা নাই আৰু তেওঁ খেলপথাৰলৈ কেতিয়া ঘূৰি আহিব, তাৰ কোনো সঠিক সময়সীমা এতিয়ালৈকে ফিজিঅ’ই নিৰ্ধাৰণ কৰা নাই । অৱশ্যে ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ পূৰ্বে তেওঁ ফিট হৈ উঠাৰ সম্ভাৱনা আছে ।

ৰোহিত-হাৰ্দিকৰ ফিটনেছ আপডেট :

আনহাতে, ভাৰতীয় দলৰ আন দুজন জ্যেষ্ঠ খেলুৱৈ অধিনায়ক ৰোহিত শৰ্মা আৰু অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ অংশগ্ৰহণক লৈও এতিয়াও প্ৰশ্নবোধক চিহ্ন ওলমি আছে । দুয়োগৰাকী খেলুৱেই বৰ্তমান আইপিএলৰ সময়ত পোৱা আঘাতৰ বাবে পুনৰ্সংস্থাপন কাৰ্যসূচীৰ মাজেৰে গতি কৰিছে । ৰোহিত শৰ্মা হেমেষ্ট্ৰীঙৰ সমস্যা আৰু হাৰ্দিক পাণ্ডিয়া পিঠিৰ বিষত ভুগি আছে ।

বিচিচিআই-ৰ সচিব দেৱজিৎ শইকীয়াই এই সন্দৰ্ভত কয় যে- “হাৰ্দিক বৰ্তমান বেংগালুৰুৰ চিঅ’ই-ত আছে আৰু ৰোহিত শৰ্মায়ো অহা দুদিনৰ ভিতৰত তালৈ যাব । আমাৰ কাৰিকৰী দলে তেওঁলোকৰ ফিটনেছ পৰীক্ষা কৰাৰ পিছত চিঅ’ই-ৰ পৰা চূড়ান্ত ক্লিয়াৰেন্স পালেহে তেওঁলোকক বাচনিৰ বাবে বিবেচনা কৰা হ’ব ।”

মিছন ২০২৭ এদিনীয়া বিশ্বকাপ :

ইফালে, হাৰ্দিক পাণ্ডিয়াক আগন্তুক আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ টি-২০ দলত জিৰণি দিয়া হৈছে যদিও আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া দলত তেওঁক ৰখা হৈছে । মুখ্য নিৰ্বাচক আগৰকাৰৰ মতে, পৰিচালনা সমিতিৰ মূল লক্ষ্য হৈছে দক্ষিণ আফ্ৰিকাত হ’বলগীয়া ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে হাৰ্দিকক এতিয়াৰে পৰা ৫০ অভাৰৰ ফৰ্মেটত সম্পূৰ্ণ ফিট আৰু সক্ৰিয় কৰি ৰখা । ইয়াৰ উপৰিও এই সিদ্ধান্তই টি-২০ ফৰ্মেটত নীতিশ ৰেড্ডীৰ দৰে যুৱ খেলুৱৈক নিজক প্ৰমাণ কৰাৰ এক সুন্দৰ সুযোগ দিব ।

উল্লেখ্য যে, ভাৰত আৰু আফগানিস্তানৰ মাজৰ দ্বিতীয়খন এদিনীয়া ১৭ জুনত লক্ষ্ণৌত আৰু অন্তিমখন মেচ ২০ জুনত চেন্নাইত অনুষ্ঠিত হ’ব । ক্ৰীড়া প্ৰেমীসকলে এতিয়া এটাই আশা কৰিছে যেন ভাৰতীয় তাৰকাসকল অতি সোনকালে সম্পূৰ্ণ ফিট হৈ টীম ইণ্ডিয়ালৈ ঘূৰি আহে ।

লগতে পঢ়ক : এছিয়ান গেমছ ২০২৬: শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা; টি-২০ দলত যশপ্ৰীত বুমৰাহ

টি-২০ৰ অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে! দৌৰত আছে ৫ তাৰকা খেলুৱৈ

এক প্ৰতিবেদন অনুসৰি ব’ৰ্ডে বৰ্তমানৰ টি-২০ অধিনায়ক সূৰ্যকুমাৰ যাদৱক অধিনায়কত্বৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত লৈছে

ভাৰতীয় টি-২০ ক্ৰিকেট দলত এক ডাঙৰ সালসলনি হোৱাৰ সম্ভাৱনা দেখা দিছে । আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ বাবে টীম ইণ্ডিয়াই এজন নতুন টি-২০ অধিনায়ক লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ব’ৰ্ডে বৰ্তমানৰ টি-২০ অধিনায়ক সূৰ্যকুমাৰ যাদৱক অধিনায়কত্বৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত লৈছে ।

বাছনি সমিতি আৰু হেড কোচ গৌতম গম্ভীৰে মিলি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । জানিব পৰা মতে, সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত টীম ইণ্ডিয়াই টি-২০ বিশ্বকাপ জয় কৰিছিল যদিও, তেওঁৰ সাম্প্ৰতিক ফৰ্ম আৰু ভৱিষ্যতৰ পৰিকল্পনাক লক্ষ্য কৰি এতিয়া এজন নতুন অধিনায়ক বাছনি কৰাৰ সময় আহি পৰিছে ।

বৰ্তমান টীম ইণ্ডিয়াৰ ক্ৰিকেট টিমৰ নেতৃত্ব ল’বলৈ ৫ গৰাকী শক্তিশালী দাবীদাৰ খেলুৱৈৰ নাম চৰ্চালৈ আহিছে :

শ্ৰেয়াছ আয়াৰ (আটাইতকৈ আগশাৰীৰ দাবীদাৰ)

নতুন টি-২০ অধিনায়ক হোৱাৰ দৌৰত শ্ৰেয়াছ আয়াৰৰ নাম আটাইতকৈ আগত আছে । আয়াৰে পূৰ্বতে নিজৰ নেতৃত্বত কলকাতা নাইট ৰাইডাৰ্ছ (KKR)-ক চেম্পিয়ন কৰাইছিল আৰু দিল্লী কেপিটেলছকো প্ৰথমবাৰৰ বাবে ফাইনেললৈ লৈ গৈছিল । আনকি ২০২৫ চনৰ ফাইনেলতো পঞ্জাব কিংছে তেওঁৰ অধিনায়কত্বত চমকপ্ৰদ প্ৰদৰ্শন কৰিছিল । উল্লেখ্য যে, যেতিয়া KKR-এ খিতাপ জিকিছিল, তেতিয়া বৰ্তমানৰ হেড কোচ গৌতম গম্ভীৰ সেই দলৰ মেণ্টৰ আছিল । শেহতীয়াকৈ এদিনীয়া দলৰ সহ-অধিনায়কৰ দায়িত্ব পোৱা আয়াৰে সূৰ্যকুমাৰৰ স্থানত চতুৰ্থ নম্বৰতো বেটিং কৰিব পাৰে ।

শুভমন গীল-

ভাৰতৰ টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক শুভমন গীলো এই দৌৰৰ এজন অন্যতম বলীষ্ঠ প্ৰাৰ্থী । তেওঁৰ অধিনায়কত্বতে গুজৰাট টাইটানছ আইপিএল ২০২৬-ৰ ফাইনেলত উপনীত হৈছিল । টি-২০ ফৰ্মেটত নিয়মীয়াকৈ খেলা গীল অলপতে সমাপ্ত হোৱা আইপিএলত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেন আছিল ।

ৰজত পাটিদাৰ-

সকলোকে আচৰিত কৰি এই দৌৰত নতুনকৈ সংযোজিত হৈছে ৰজত পাটিদাৰৰ নাম । যদিও তেওঁ এতিয়ালৈকে কোনো আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ খেলা নাই, তথাপিও আইপিএলত আৰচিবী (RCB)-ক তেওঁৰ প্ৰথম বছৰতে চেম্পিয়ন কৰাই ইতিহাস ৰচনা কৰিছিল । এইবাৰো বেংগালুৰু তেওঁৰ নেতৃত্বতে চেম্পিয়ন হৈ একেৰাহে দুবাৰকৈ খিতাপ দখল কৰা ইতিহাসৰ তৃতীয়টো দল হিচাপে পৰিগণিত হৈছে ।

তিলক বাৰ্মা-

অতি কম সময়ৰ ভিতৰতে নিজৰ দক্ষতা প্ৰমাণ কৰা যুৱ খেলুৱৈ তিলক বাৰ্মাও মেনেজমেণ্টৰ বাবে এক আকৰ্ষণীয় বিকল্প হ’ব পাৰে । যদিও তেওঁক দায়িত্ব দিয়াটো এক বিপদাশংকা হ’ব পাৰে, কিন্তু গৌতম গম্ভীৰ এনেধৰণৰ সাহসী সিদ্ধান্ত ল’বলৈ জনাজাত । চাপৰ সময়ত সূক্ষ্মতাৰে খেলা তিলকক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰিব পাৰে মেনেজমেণ্টে ।

হাৰ্দিক পাণ্ডিয়া-

ৰোহিত শৰ্মাৰ অৱসৰৰ পিছত হাৰ্দিক পাণ্ডিয়া অধিনায়কত্বৰ প্ৰথম পছন্দ আছিল যদিও পৰৱৰ্তী সময়ত সূৰ্যকুমাৰক দায়িত্ব দিয়া হৈছিল । হাৰ্দিকৰ ফিটনেছ আৰু কৰ্মভাৰ মেনেজমেণ্টৰ বাবে তেওঁক পূৰ্ণকালীন অধিনায়ক কৰাটো অলপ কঠিন হ’ব পাৰে, তথাপিও তেওঁৰ দাবীদাৰীক সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰি । বিগত আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে তেওঁৰ প্ৰদৰ্শন যথেষ্ট হতাশাজনক আছিল ।

এতিয়া সমগ্ৰ দেশৰে চকু থাকিব বিচিচিআইৰ আনুষ্ঠানিক ঘোষণাৰ ওপৰত, যে আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণত টীম ইণ্ডিয়াক কোনে নেতৃত্ব প্ৰদান কৰে ।

লগতে পঢ়ক : প্ৰথমে ফিটনেছ, তাৰ পিছতহে দলত স্থান! হাৰ্দিক পাণ্ডিয়া-ৰোহিত শৰ্মাক BCCI-ৰ আল্টিমেটাম

প্ৰথমে ফিটনেছ, তাৰ পিছতহে দলত স্থান! হাৰ্দিক পাণ্ডিয়া-ৰোহিত শৰ্মাক BCCI-ৰ আল্টিমেটাম

এই গুৰুত্বপূৰ্ণ শৃংখলাটো আৰম্ভ হোৱাৰ পূৰ্বে টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া-ৰোহিত শৰ্মাই নিজৰ ফিটনেছ প্ৰমাণ কৰিব লাগিব

আফগানিস্তানৰ বিৰুদ্ধে আগন্তুক তিনিখনীয়া এদিনীয়া শৃংখলাক কেন্দ্ৰ কৰি ক্ৰীড়ামহলাত এতিয়া ব্যাপক চৰ্চা চলিছে । এই গুৰুত্বপূৰ্ণ শৃংখলাটো আৰম্ভ হোৱাৰ পূৰ্বে টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই নিজৰ ফিটনেছ প্ৰমাণ কৰিব লাগিব । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ BCCI-য়ে স্পষ্ট কৰি দিছে যে চূড়ান্ত একাদশত স্থান লাভ কৰাৰ পূৰ্বে তেওঁ বেংগালুৰুস্থিত ‘চেণ্টাৰ অৱ এক্সেলেন্স’ অৰ্থাৎ CoE-ৰ পৰা ফিটনেছ ক্লিয়াৰেন্স লাভ কৰাটো বাধ্যতামূলক ।

আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় দলত হাৰ্দিক পাণ্ডিয়াক অন্তৰ্ভুক্ত কৰা হৈছে যদিও তেওঁৰ নামৰ সৈতে এই বিশেষ ফিটনেছৰ চৰ্তটো যোগ কৰি দিয়া হৈছে । প্ৰাপ্ত প্ৰতিবেদন অনুসৰি, হাৰ্দিক ইতিমধ্যে ২ জুনত বেংগালুৰুৰ চেণ্টাৰ অৱ এক্সেলেন্সত উপস্থিত হৈছে । শৃংখলাটো আৰম্ভ হোৱাৰ পূৰ্বে তেওঁ তাত এসপ্তাহতকৈও অধিক সময় অতিবাহিত কৰিব । এই সময়ছোৱাত ৩২ বছৰীয়া অলৰাউণ্ডাৰগৰাকীয়ে বিভিন্ন ফিটনেছ ড্ৰিল আৰু কঠোৰ শাৰীৰিক মূল্যায়নৰ মাজেৰে পাৰ হ’ব লাগিব । সকলো নিৰ্ধাৰিত মাপদণ্ডত উত্তীৰ্ণ হ’লেহে তেওঁ ‘ৰিটাৰ্ণ টু প্লে’ চমুকৈ RTP মঞ্জুৰী লাভ কৰিব আৰু তাৰ পিছতহে আফগানিস্তানৰ বিৰুদ্ধে তেওঁৰ খেলাক লৈ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব ।

হাৰ্দিকৰ বাবে এই ফিটনেছ টেষ্ট অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে, কিয়নো সদ্যসমাপ্ত IPL 2026-ত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কত্ব কৰাৰ সময়ত তেওঁ পিঠিৰ বিষৰ সমস্যাত ভুগিছিল । এই শাৰীৰিক সমস্যাৰ বাবেই তেওঁ টুৰ্নামেণ্টখনৰ কেইখনমান মেচত অংশ লব পৰা নাছিল । উল্লেখ্য যে, তেওঁ খেলা শেষ এদিনীয়া মেচখন আছিল ICC চেম্পিয়নছ ট্ৰফী ২০২৫-ৰ ফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে ।

কেৱল হাৰ্দিক পাণ্ডিয়াই নহয়, টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাকো BCCI-য়ে চেণ্টাৰ অৱ এক্সেলেন্সত ৰিপৰ্ট কৰিবলৈ নিৰ্দেশ দিছে । ৰোহিতো IPL 2026-ৰ সময়ত হেমষ্ট্ৰিংৰ আঘাতৰ সৈতে যুঁজি আছিল । এই বাবেই আফগানিস্তান শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় দলত ৰোহিত শৰ্মাৰ নামৰ আগতো ফিটনেছ সম্পৰ্কীয় চৰ্ত আৰোপ কৰা হৈছে । অৱশ্যে মুম্বাই ইণ্ডিয়ানছৰ মুখ্য প্ৰশিক্ষক মাহেলা জয়বৰ্ধনেই শেহতীয়াকৈ দাবী কৰিছে যে ৰোহিত সম্পূৰ্ণ সুস্থ । জয়বৰ্ধনেৰ মতে, ৰোহিতক আঘাতৰ পৰা পৰিত্ৰাণ পাবলৈ পৰ্যাপ্ত সময় দিয়া হৈছিল আৰু মেডিকেল টিমে তেওঁক এশ শতাংশ ফিট বুলি ঘোষণা কৰিছে । তেওঁ লগতে স্পষ্ট কৰে যে IPL-ত ৰোহিতক ‘ইম্পেক্ট প্লেয়াৰ’ হিচাপে ব্যৱহাৰ কৰাটো দলৰ এক ৰণনীতিহে আছিল, ইয়াৰ সৈতে খেলুৱৈগৰাকীৰ ফিটনেছৰ কোনো সম্পৰ্ক নাছিল ।

ভাৰত আৰু আফগানিস্তানৰ মাজত হ’বলগীয়া এই তিনিখনীয়া এদিনীয়া শৃংখলাটি অহা ১৩ জুনৰ পৰা ধৰমশালাৰ HPCA ষ্টেডিয়ামত আৰম্ভ হ’ব । শৃংখলাৰ দ্বিতীয়খন মেচ ১৭ জুনত লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত খেলা হ’ব আৰু তৃতীয় তথা অন্তিমখন এদিনীয়া মেচ ২০ জুনত চেন্নাইত অনুষ্ঠিত হ’ব ।

এই শৃংখলাটোৰ বাবে ঘোষিত ভাৰতীয় দলটোক নেতৃত্ব দিব শুভমন গীলে । দলৰ বাকী সদস্যসকল হ’ল ৰোহিত শৰ্মা, বিৰাট কোহলী, সহ-অধিনায়ক শ্ৰেয়াছ আয়াৰ, উইকেটকীপাৰ কে এল ৰাহুল আৰু ইশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণা, প্ৰিন্স যাদৱ, গুৰনুৰ ব্ৰাৰ আৰু হৰ্ষ ডুবে । ইয়াৰে ৰোহিত শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াৰ অংশগ্ৰহণ সম্পূৰ্ণৰূপে ফিটনেছ ক্লিয়াৰেন্সৰ ওপৰত নিৰ্ভৰ কৰিব । বৰ্তমান ক্ৰীড়াপ্ৰেমী তথা নিৰ্বাচক সকলোৰে চকু এই দুই তাৰকা খেলুৱৈৰ ফিটনেছ ৰিপৰ্টৰ ওপৰত নিবদ্ধ হৈছে । যদি দুয়ো সময়মতে সেউজ সংকেত লাভ কৰে, তেন্তে আফগানিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলটো বহুত বেছি শক্তিশালী হৈ পৰিব ।

লগতে পঢ়ক : বিচিচিআইৰ ডাঙৰ ঘোষণা: টিম ইণ্ডিয়া শিবিৰত প্ৰৱেশ আকিব নবী

পৰাজয়, হতাশা, আৰু খং; খেলপথাৰত হাৰ্দিক পাণ্ডিয়াৰ অভব্য আচৰণ,IPL এ বিহিলে জৰিমনা

আই পি এলৰ আচৰণ বিধি ভংগ কৰাৰ বাবে হাৰ্দিক পাণ্ডিয়াক মেচ মাচুলৰ ১০ শতাংশ জৰিমনা বিহা হৈছে।

হাৰ্দিক পাণ্ডিয়াই আকৌ এবাৰ শিৰোনাম দখল কৰিছে কিন্তু এইবাৰ কাৰণ তেওঁৰ দুৰ্দান্ত প্ৰদৰ্শন নহয়, বৰঞ্চ খেলপথাৰত প্ৰদৰ্শিত হতাশাৰ প্ৰকাশ হে। আই পি এলৰ আচৰণ বিধি ভংগ কৰাৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক মেচ মাচুলৰ ১০ শতাংশ জৰিমনা বিহা হৈছে। ইয়াৰ লগতে তেওঁ ডেমেৰিট পইণ্টো লাভ কৰিছে।

এই ঘটনাটো বুধবাৰে কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা মেচখনৰ সৈতে জড়িত, য’ত কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত ৪ উইকেটত পৰাজয়ৰ সন্মুখীন হৈছিল এম আই। মেচৰ সময়ত হাৰ্দিকে নিজৰ স্পেলত ছন্দ বিচাৰি উলিয়াব পৰা নাছিল।এই হতাশাত নিজৰ ৰান আপলৈ উভতি অহাৰ সময়তে তেওঁ বলপূৰ্বক উইকেটৰ জামিন পেলাই দিয়ে।

আই পি এলৰ এক বিবৃতিত কোৱা হৈছে যে হাৰ্দিক পাণ্ডিয়াই আই পি এলৰ আচৰণ বিধিৰ ২.২ অনুচ্ছেদ উলংঘা কৰিছে।এই নিয়মটো খেলৰ সময়ত ক্ৰিকেটৰ সঁজুলি, কাপোৰ, গ্ৰাউণ্ড ইকুইপমেণ্ট বা অন্যান্য ফিটিংছৰ অপব্যৱহাৰৰ সৈতে জড়িত। এইটোক লেভেল ১ অপৰাধ বুলি গণ্য কৰা হৈছিল আৰু হাৰ্দিকে মেচ ৰেফাৰীয়ে দিয়া শাস্তি গ্ৰহণ কৰি নিজৰ ভুল স্বীকাৰ কৰিছিল।

আই পি এলত খেলুৱৈৰ অনুশাসন সন্দৰ্ভত কঠোৰতা ধাৰাবাহিকভাৱে বলবৎ হৈ আছে।ইয়াৰ পূৰ্বেও খেলপথাৰত আক্ৰমণাত্মক আচৰণ বা সঁজুলিৰ অপব্যৱহাৰৰ বাবে কেইবাজনো খেলুৱৈক জৰিমনা বিহা হৈছে।হাৰ্দিকৰ ওপৰত আৰোপ কৰা জৰিমনাকো এই একেটা ক্ৰমৰ অংশ হিচাপে চোৱা হৈছে।

লগতে পঢ়ক: আগষ্টত ঐতিহাসিক শুভাৰম্ভ: অসম প্ৰিমিয়াৰ লীগৰ বাবে সাজু অসম ক্ৰিকেট সন্থা

দ্বিতীয় বাৰৰ বাবে দৰা হ’ব হাৰ্দিক পাণ্ডিয়া; আই পি এলৰ মাজতে মহিকা শৰ্মাৰ সৈতে বহিব বিবাহত

আই পি এল ২০২৬ৰ মাজতে সামাজিক মাধ্যমত হাৰ্দিক পাণ্ডিয়াৰ বিবাহৰ এটা খবৰ বনজুইৰ দৰে বিয়পি পৰিছে। চলিত মাহতে দ্বিতীয়বাৰৰ বাবে দৰা হ’ব হাৰ্দিক পাণ্ডিয়া।

টিম ইণ্ডিয়াৰ তাৰকা অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই নিজৰ ব্যক্তিগত জীৱনৰ বাবে প্ৰায়ে শিৰোনাম দখল কৰে। তাৰকা অলৰাউণ্ডাৰগৰাকীৰ বিয়াৰ খবৰ এতিয়া ছচিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিছে।তাৰ মাজতে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মাজতে ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ ব্যক্তিগত জীৱনক লৈ ডাঙৰ খবৰ ওলাইছে।

জানিব পৰা মতে দ্বিতীয় বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে হাৰ্দিক পাণ্ডিয়া।বৰ্তমান হাৰ্দিকে মডেল তথা অভিনেত্ৰী মহিকা শৰ্মাৰ সৈতে ডেটিং কৰি আছে।দুয়োকে প্ৰায়ে একেলগে দেখা যায়। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্ট অনুসৰি অহা ২২ মে’ত ব্যক্তিগত অনুষ্ঠানত হাৰ্দিক আৰু মহিকাই বিবাহপাশত আবদ্ধ হ’ব পাৰে।

ইয়াৰ পূৰ্বে ২০২০ চনৰ ৩১ মে’ত নাটাছা ষ্টেনকভিচৰ সৈতে হাৰ্দিক পাণ্ডিয়াৰ প্ৰথম বিবাহ হৈছিল।কিন্তু তেওঁলোকৰ বিবাহৰ মাত্ৰ চাৰি বছৰৰ পিছত দুয়ো বিচ্ছেদ হ’ল।বিবাহ বিচ্ছেদৰ পিছত হাৰ্দিকে কেইবাগৰাকীও মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল যদিও এতিয়া অৱশেষত মহিকা শৰ্মাক বিয়া কৰাবলৈ ওলাইছে।

আঘাতৰ বাবে আই পি এল ২০২৬ৰ পৰা হাৰ্দিক পাণ্ডিয়া বাহিৰ হৈছে, আৰু ইয়াৰ মাজতে তেওঁৰ বিবাহৰ খবৰে অনুৰাগীক আচৰিত কৰি তুলিছে।

লগতে পঢ়ক: ‘ইমান কষ্টৰ পিছতো নিজৰ প্ৰমাণ দিব লগীয়া হোৱাটো…’;২০২৭ ৰ বিশ্বকাপ সন্দৰ্ভত বিৰাট কোহলীৰ ডাঙৰ মন্তব্য

‘কিছুমান কঠিন প্ৰশ্নৰ উত্তৰ বিচাৰিব লাগিব’; অবিৰত পৰাজয়ৰ পিছত হাৰ্দিক পাণ্ডিয়াৰ বিস্ফোৰক মন্তব্য

আই পি এল ২০২৬ ত মুম্বাই ইণ্ডিয়ানছ একেৰাহে চতুৰ্থবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। এই পৰাজয়ৰ পিছত অধিনায়ক হাৰ্দিক পাণ্ডিয়াই দলটোৰ অভাৱ-অভিযোগ সন্দৰ্ভত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬(আই পি এল)ত মুম্বাই ইণ্ডিয়ানছৰ (এম আই) দুৰ্বল প্ৰদৰ্শন অবিৰতভাৱে অব্যাহত আছে। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা খেলখনত পঞ্জাব কিংছে (পিবিকেএছ) মুম্বাইক ৭ উইকেটত পৰাস্ত কৰি একেৰাহে চতুৰ্থবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হয়।এই পৰাজয়ৰ পিছত অধিনায়ক হাৰ্দিক পাণ্ডিয়াই স্পষ্টভাৱে কয় যে দলটোৱে এতিয়া ‘কিছুমান কঠিন প্ৰশ্নৰ উত্তৰ’ বিচাৰি উলিয়াব লাগিব আৰু দায়িত্ব ল’ব লাগিব।

প্ৰথমে বেটিং কৰি এম আইয়ে ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৯৫ ৰান সংগ্ৰহ কৰে।ক্বিণ্টন ডিকাকে ১১২ ৰান (৬০ বল)ৰ অপৰাজিত ইনিংছ খেলিছিল।অৱশ্যে তেওঁৰ শতকটোৱে দলটোক জয়ৰ দিশে আগুৱাই নিব নোৱাৰিলে। তেওঁ নমন ধীৰ (৫০)ৰ সৈতে ৬৮ বলত ১২২ ৰানৰ অংশীদাৰিত্ব ভাগ কৰিছিল। ইফালে, অধিনায়ক পাণ্ডিয়াৰ সৈতে ২৩টা বলত ৪১ ৰান সংযোজন কৰে।

খেলখনৰ অন্তত পৰাজয়ত হতাশ হৈ পাণ্ডিয়াই কয়— আমি চাব লাগিব যে আমি কিছুমান কঠিন সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে নে নাই অথবা আমি কেৱল এনেকৈ আগবাঢ়ি গৈ থাকিব লাগে? এইটো এনে এটা প্ৰশ্ন যিটোৰ উত্তৰ আমাক দিব লাগিব আৰু দায়িত্বও ল’ব লাগিব।আমি ড্ৰয়িং বৰ্ডলৈ উভতি গৈ বুজিব লাগিব যে ভুলবোৰ ক’ত হৈছে,ব্যক্তিগত পৰ্যায়ত, দল হিচাপে বা আমাৰ পৰিকল্পনাত।

লগতে পঢ়ক: লক্ষ্ণৌক পৰাস্ত কৰি তালিকাৰ শীৰ্ষত বেংগালুৰু

মুম্বাই ইণ্ডিয়ানছৰ পৰাজয়ৰ হেট্ৰিক; খঙত অগ্নিশৰ্মা হাৰ্দিক পাণ্ডিয়া  

আৰচিবিৰ বিৰুদ্ধে পৰাজয়ৰ পিছতে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই দলটোৰ অভাৱ স্বীকাৰ কৰিছে। তেওঁ ইংগিত দিছিল যে দলটোৱে এতিয়া নতুন বিকল্পৰ কথা বিবেচনা কৰিব।

আই পি এল ২০২৬ ত দেওবাৰে মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত ৫ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হাতত আন এক পৰাজয়ৰ পাছত অধিনায়ক হাৰ্দিক পাণ্ডিয়াই স্বীকাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে যে তেওঁৰ দলটোৱে উত্তৰ বিচাৰি আছে।

হাৰ্দিক পাণ্ডিয়াই কয় যে, এই বিপৰ্যয়ৰ পিছত এতিয়া দলটোৱে বিকল্প বিচাৰিব। তেওঁৰ এই মন্তব্যটোৱে এনেকুৱা লাগিছে যে, মুম্বাই দলে প্ৰথম চাৰিখন মেচত বেয়া প্ৰদৰ্শন কৰা খেলুৱৈক আৰু কোনো সুযোগ দিবলৈ ইচ্ছুক নহয়।আগন্তুক মেচসমূহত উল্লেখযোগ্য পৰিৱৰ্তন দেখা যাব পাৰে।

২৪১ ৰানৰ বৃহৎ লক্ষ্য খেদি মুম্বাই দলটোৱে আৰম্ভণিৰে পৰাই পিছ পৰি থকা যেন দেখা গৈছিল। দলটোৰ প্ৰদৰ্শনৰ ওপৰত চিন্তা কৰি হাৰ্দিকে দুয়োটা বিভাগৰ সমস্যাসমূহ আঙুলিয়াই দিয়ে। তেওঁ কয় যে, আমি বহুত উইকেট হেৰুৱালোঁ, আৰু একে সময়তে, আমি বহুত ৰান দিলোঁ। খেলত আমি সদায় পিছ পৰি আছিলো। তেওঁ কয় যে যোৱা কেইখনমান মেচত বলিং বা বেটিং ইউনিট হিচাপে তেওঁলোকে অগ্ৰগতি লোৱাতকৈ কেৱল খেলখনক ধৰি ৰাখিবলৈ চেষ্টা কৰি আহিছে।

হাৰ্দিক পাণ্ডিয়াই জোৰ দি কয় যে এতিয়া ‘ৰিছেট’ৰ প্ৰয়োজন। তেওঁ কয় যে, “আমি সঁচাকৈয়ে চিন্তা কৰাটো প্ৰয়োজন যে আমি সকলোতকৈ ভাল প্ৰদৰ্শন কৰিব পাৰো আৰু আমাক যিটো ছন্দৰ প্ৰয়োজন আছে সেইটো কেনেকৈ বিচাৰি পাম। পৰৱৰ্তী মেচৰ পূৰ্বে দলটোৱে বেটিং আৰু বলিং দুয়োটা সংমিশ্ৰণৰ পুনৰ মূল্যায়ন কৰিব বুলিও তেওঁ কয়।

লগতে পঢ়ক: আইপিএলত ইতিহাস সৃষ্টি শুভমান গিলৰ; ভংগ কৰিলে  বিৰাট কোহলীৰ অভিলেখ