চলিত বৰ্ষৰ আগষ্ট মাহত অনুষ্ঠিত হ’বলগীয়া অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ বাবে প্ৰস্তুতি অব্যাহত আছে। অসম ক্ৰিকেট সন্থাই ৰাজ্যৰ ক্ৰিকেটাৰসকলৰ বাবে এক পেছাদাৰী মঞ্চ সৃষ্টিৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে।
ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ বাবে ওলাইছে এটা ভালখবৰ। অহা আগষ্ট মাহৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’বলৈ গৈ আছে অসম প্ৰিমিয়াৰ লীগ (APL)। অসম ক্ৰিকেট সন্থাই (ACA) ৰাজ্যৰ ক্ৰিকেটাৰসকলক এক উচ্চমানৰ পেছাদাৰী মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে। প্ৰতিযোগীতাখনৰ বাবে ইতিমধ্যে প্ৰস্তুতি যুদ্ধকালীন তৎপৰতাৰে চলাই আছে।
এই গুৰুত্বপূৰ্ণ খবৰটো নিশ্চিত কৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (BCCI) যুটীয়া সম্পাদক দেৱজিৎ লন শইকীয়াই কয় যে প্ৰতিযোগিতাখনৰ প্ৰাৰম্ভিক ভিত্তিৰ কাম ইতিমধ্যে চলি থকা বুলি উল্লেখ কৰি লীগে অসম ক্ৰিকেটক যথেষ্ট উপকৃত কৰিব বুলি আস্থা প্ৰকাশ কৰে।
তেওঁ জানিবলৈ দিয়া মতে , “অসম ক্ৰিকেট সন্থাই অহা আগষ্ট মাহৰ পৰা অসম প্ৰিমিয়াৰ লীগ আৰম্ভ কৰিবলৈ সম্পূৰ্ণ সাজু হৈছে। এই প্ৰতিযোগিতাখন অত্যন্ত গুৰুত্বপূৰ্ণ হোৱাৰ কাৰণ হ’ল মেচসমূহ ৰাষ্ট্ৰীয় টেলিভিছন চেনেলত ‘প্ৰাইম টাইম’ত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব। ইয়াৰ ফলত আমাৰ থলুৱা খেলুৱৈসকলে আই পি এল (IPL) ফ্ৰেঞ্চাইজি আৰু প্ৰতিভা সন্ধানীসকলে (Talent Scouts) পোহৰলৈ অহাৰ এক সুবৰ্ণ সুযোগ লাভ কৰিব।” ইয়াৰ জৰিয়তে অনাগত দিনত অসমৰ অধিক খেলুৱৈয়ে আই পি এলত স্থান পাবলৈ সক্ষম হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
উল্লেখ্য যে, যোৱা ২০২৫ চনৰ অক্টোবৰ মাহত এ চি এৰ সভাপতি তৰংগ গগৈয়ে ছ’চিয়েল মিডিয়াযোগে অসম প্ৰিমিয়াৰ লীগৰ শুভাৰম্ভণিৰ কথা চৰকাৰীভাৱে ঘোষণা কৰিছিল। তেওঁ ইয়াক “অসমৰ ক্ৰিকেট যাত্ৰাত এক গৌৰৱময় অধ্যায়” বুলি অভিহিত কৰিছিল।
প্ৰথম সংস্কৰণৰ এই অসম প্ৰিমিয়াৰ লীগে ৰাজ্যৰ চুকে-কোণে থকা প্ৰতিভাৱান ক্ৰিকেটাৰসকলক নিজৰ দক্ষতা প্ৰদৰ্শনৰ এক উপযুক্ত প্লেটফৰ্ম দিয়াৰ লগতে সামগ্ৰিকভাৱে দেশৰ ক্ৰিকেট মানচিত্ৰত অসমৰ স্থিতি অধিক শক্তিশালী কৰিব বুলিও ক্ৰীড়া মহলে ধাৰণা কৰিছে।
লগতে পঢ়ক: আফগানিস্তানৰ বিৰুদ্ধে আগন্তুক টেষ্ট আৰু এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা









