অজিত আগৰকাৰৰ নেতৃত্বত BCCIৰ জ্যেষ্ঠ পুৰুষ নিৰ্বাচনী সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক গুৱাহাটীত অনুষ্ঠিত হয়, য’ত আফগানিস্তানৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ বাবে এই দল নিৰ্বাচন কৰা হয়
আফগানিস্তানৰ বিৰুদ্ধে হ’বলগীয়া আগন্তুক টেষ্ট আৰু এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট দল ঘোষণা কৰা হৈছে । নিৰ্বাচকসকলে এইবাৰ অনুভৱী আৰু যুৱ খেলুৱৈৰ সংমিশ্ৰণ ঘটাই দলটাত এক সুন্দৰ ভাৰসাম্য ৰক্ষা কৰাৰ চেষ্টা চলাইছে । গুৰুত্বপূৰ্ণ কথাটো হ’ল, এদিনীয়া আৰু টেষ্ট— দুয়োটা দলৰে অধিনায়কত্বৰ দায়িত্ব অৰ্পণ কৰা হৈছে তাৰকা বেটছমেন শুভমন গীলক ।
অজিত আগৰকাৰৰ নেতৃত্বত বি চি চি আই (BCCI)ৰ জ্যেষ্ঠ পুৰুষ নিৰ্বাচনী সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক গুৱাহাটীত অনুষ্ঠিত হয়, য’ত আফগানিস্তানৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ বাবে এই দল নিৰ্বাচন কৰা হয় । সূচী অনুসৰি, অহা ৬ জুনৰ পৰা মুলাণপুৰত একমাত্ৰ টেষ্ট মেচখন খেলা হ’ব । ইয়াৰ পিছত অনুষ্ঠিত হ’বলগীয়া তিনিখনীয়া এদিনীয়া শৃংখলাৰ মেচকেইখন ক্ৰমে ১৪ জুনত ধৰ্মশালাত, ১৭ জুনত লক্ষ্ণৌত আৰু ২০ জুনত চেন্নাইত অনুষ্ঠিত হ’ব ।
দলত ৪ গৰাকী নতুন মুখক সুযোগ-
টেষ্ট আৰু এদিনীয়া স্কোৱাডক মিলাই সৰ্বমুঠ চাৰি গৰাকী নতুন খেলুৱৈক ভাৰতীয় দলত সুযোগ দিয়া হৈছে । ইয়াৰ ভিতৰত শেহতীয়া আই পি এল (IPL)ত সুন্দৰ প্ৰদৰ্শন কৰা খেলুৱৈও অন্তৰ্ভুক্ত হৈছে । এই নতুন খেলুৱৈ কেইগৰাকী হ’ল— মানৱ সুথাৰ, গুৰনুৰ ব্ৰাৰ, হৰ্ষ ডুবে আৰু প্ৰিন্স যাদৱ । ইয়াৰে হৰ্ষ ডুবে আৰু গুৰনুৰ ব্ৰাৰে টেষ্ট আৰু এদিনীয়া দুয়োটা দলতে স্থান লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে, প্ৰিন্স যাদৱক কেৱল এদিনীয়া দলত আৰু মানৱ সুথাৰক কেৱল টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হৈছে ।
এদিনীয়া দলটোত নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ আৰু অৰ্শদীপ সিঙৰ দৰে খেলুৱৈয়ো স্থান পাইছে । মন কৰিবলগীয়া যে, ঋষভ পণ্টে এইবাৰ এদিনীয়া দলত স্থান পোৱা নাই । অৱশ্যে, সম্পূৰ্ণ ফিটনেছ ক্লিয়াৰেন্স লাভ কৰিলে ৰোহিত শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়া এদিনীয়া শৃংখলাৰ বাবে উপলব্ধ হ’ব বুলি জানিব পৰা গৈছে । এদিনীয়া শৃংখলাত কে এল ৰাহুলে উইকেটৰক্ষকৰ মুখ্য দায়িত্ব পালন কৰিব ।
ঋষভ পণ্টৰ উপ-অধিনায়কত্ব কৰ্তন-
টেষ্ট দলৰ উপ-অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে কে এল ৰাহুলক । ইয়াৰ বিপৰীতে ঋষভ পণ্টৰ পৰা উপ-অধিনায়কৰ পদ কাঢ়ি লোৱা হৈছে । এই শৃংখলাত যশস্বী জয়ছোৱাল, ছাই সুদৰ্শন আৰু দেৱদত্ত পড়িক্কলৰ দৰে যুৱ বেটছমেনসকলৰ ওপৰত দলৰ এক ডাঙৰ দায়িত্ব থাকিব । টেষ্ট মেচখনত উইকেটকিপিং বিভাগটো চম্ভালিব ঋষভ পণ্ট আৰু ধ্ৰুৱ জুৰেলে । বোলিং বিভাগত মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ আৰু কুলদীপ যাদৱৰ দৰে অভিজ্ঞ তাৰকাই ক নেতৃত্ব দিব, যাৰ সৈতে যুৱ বলাৰসকলেও নিজৰ প্ৰতিভা প্ৰমাণ কৰাৰ সুযোগ পাব ।
ভাৰতীয় টেষ্ট দল-
শুভমন গীল (অধিনায়ক), যশস্বী জয়ছোৱাল, কে এল ৰাহুল (উপ-অধিনায়ক), ছাই সুদৰ্শন, ঋষভ পণ্ট (উইকেটৰক্ষক), দেৱদত্ত পাড্ডিক্কল, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, মানৱ সুথাৰ, গুৰনুৰ ব্ৰাৰ, হৰ্ষ ডুবে আৰু ধ্ৰুৱ জুৰেল (উইকেটৰক্ষক)।
ভাৰতীয় এদিনীয়া দল-
শুভমন গীল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, শ্ৰেয়াস আয়াৰ (উপ-অধিনায়ক), কে এল ৰাহুল (উইকেটৰক্ষক), ইশান কিষাণ (উইকেটৰক্ষক), হাৰ্দিক পাণ্ডিয়া, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, আৰ্শদীপ সিং, প্ৰিন্স যাদৱ, প্ৰসিদ্ধ কৃষ্ণ, গুৰনুৰ ব্ৰাৰ আৰু হৰ্ষ ডুবে ।
লগতে পঢ়ক : ভাৰতৰ নতুন টেষ্ট শৃংখলা ঘোষণা, বিচিচিআইৰ তৰফৰ পৰা অনুৰাগীসকললৈ বিশেষ উপহাৰ









