দ্বিতীয় বাৰৰ বাবে দৰা হ’ব হাৰ্দিক পাণ্ডিয়া; আই পি এলৰ মাজতে মহিকা শৰ্মাৰ সৈতে বহিব বিবাহত

দ্বিতীয় বাৰৰ বাবে দৰা হ’ব হাৰ্দিক পাণ্ডিয়া; আই পি এলৰ মাজতে মহিকা শৰ্মাৰ সৈতে বহিব বিবাহত

আই পি এল ২০২৬ৰ মাজতে সামাজিক মাধ্যমত হাৰ্দিক পাণ্ডিয়াৰ বিবাহৰ এটা খবৰ বনজুইৰ দৰে বিয়পি পৰিছে। চলিত মাহতে দ্বিতীয়বাৰৰ বাবে দৰা হ’ব হাৰ্দিক পাণ্ডিয়া। টিম ইণ্ডিয়াৰ তাৰকা অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই নিজৰ ব্যক্তিগত জীৱনৰ বাবে প্ৰায়ে শিৰোনাম দখল কৰে। তাৰকা অলৰাউণ্ডাৰগৰাকীৰ বিয়াৰ খবৰ এতিয়া ছচিয়েল

আই পি এল ২০২৬ৰ মাজতে সামাজিক মাধ্যমত হাৰ্দিক পাণ্ডিয়াৰ বিবাহৰ এটা খবৰ বনজুইৰ দৰে বিয়পি পৰিছে। চলিত মাহতে দ্বিতীয়বাৰৰ বাবে দৰা হ’ব হাৰ্দিক পাণ্ডিয়া।

টিম ইণ্ডিয়াৰ তাৰকা অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই নিজৰ ব্যক্তিগত জীৱনৰ বাবে প্ৰায়ে শিৰোনাম দখল কৰে। তাৰকা অলৰাউণ্ডাৰগৰাকীৰ বিয়াৰ খবৰ এতিয়া ছচিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিছে।তাৰ মাজতে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মাজতে ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ ব্যক্তিগত জীৱনক লৈ ডাঙৰ খবৰ ওলাইছে।

জানিব পৰা মতে দ্বিতীয় বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে হাৰ্দিক পাণ্ডিয়া।বৰ্তমান হাৰ্দিকে মডেল তথা অভিনেত্ৰী মহিকা শৰ্মাৰ সৈতে ডেটিং কৰি আছে।দুয়োকে প্ৰায়ে একেলগে দেখা যায়। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্ট অনুসৰি অহা ২২ মে’ত ব্যক্তিগত অনুষ্ঠানত হাৰ্দিক আৰু মহিকাই বিবাহপাশত আবদ্ধ হ’ব পাৰে।

ইয়াৰ পূৰ্বে ২০২০ চনৰ ৩১ মে’ত নাটাছা ষ্টেনকভিচৰ সৈতে হাৰ্দিক পাণ্ডিয়াৰ প্ৰথম বিবাহ হৈছিল।কিন্তু তেওঁলোকৰ বিবাহৰ মাত্ৰ চাৰি বছৰৰ পিছত দুয়ো বিচ্ছেদ হ’ল।বিবাহ বিচ্ছেদৰ পিছত হাৰ্দিকে কেইবাগৰাকীও মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল যদিও এতিয়া অৱশেষত মহিকা শৰ্মাক বিয়া কৰাবলৈ ওলাইছে।

আঘাতৰ বাবে আই পি এল ২০২৬ৰ পৰা হাৰ্দিক পাণ্ডিয়া বাহিৰ হৈছে, আৰু ইয়াৰ মাজতে তেওঁৰ বিবাহৰ খবৰে অনুৰাগীক আচৰিত কৰি তুলিছে।

লগতে পঢ়ক: ‘ইমান কষ্টৰ পিছতো নিজৰ প্ৰমাণ দিব লগীয়া হোৱাটো…’;২০২৭ ৰ বিশ্বকাপ সন্দৰ্ভত বিৰাট কোহলীৰ ডাঙৰ মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ