লক্ষ্ণৌক পৰাস্ত কৰি তালিকাৰ শীৰ্ষত বেংগালুৰু

লক্ষ্ণৌক পৰাস্ত কৰি তালিকাৰ শীৰ্ষত বেংগালুৰু

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে জয়লাভ কৰে আই পি এল ২০২৬ৰ বুধবাৰে অনুষ্ঠিত হোৱা এখন মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে জয়লাভ কৰে । বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত আৰ চি বিয়ে ৫ উইকেটত জয়লাভ কৰে । ১৪৭ ৰানৰ লক্ষ্য

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে জয়লাভ কৰে

আই পি এল ২০২৬ৰ বুধবাৰে অনুষ্ঠিত হোৱা এখন মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে জয়লাভ কৰে । বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত আৰ চি বিয়ে ৫ উইকেটত জয়লাভ কৰে । ১৪৭ ৰানৰ লক্ষ্য লাভ কৰি ১৫.১ অভাৰত এই লক্ষ্যত উপনীত হয় আৰ চি বি ।

এই মেচত বিৰাট কোহলীয়ে দৰ্শনীয় ৪৯ ৰান সংগ্ৰহ কৰে । বেগী বলাৰ ৰছিক চালাম দাৰে ৪টা উইকেট দখল কৰে । এই জয়েৰে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে । পাঁচখন মেচত চাৰিখন জয়ৰ পৰা আৰ চি বিয়ে ৮ পইণ্ট লাভ কৰিছে যদিও ৰাজস্থান ৰয়েলছ (আৰ আৰ)তকৈ ইয়াৰ নেট ৰান ৰেট ভাল । তৃতীয় স্থানত আছে পঞ্জাব কিংছ আৰু চতুৰ্থ স্থানত আছে ছানৰাইজাৰ্ছ হায়দৰাবাদ ।

ৰয়েল চেলেঞ্জাৰ বেংগালুৰু আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ এই ছিজন উত্থান-পতনেৰে ভৰা । ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে ছানৰাইজাৰ্ছ হায়দৰাবাদ, চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে জয়লাভ কৰাৰ বিপৰীতে ৰাজস্থান ৰয়েলছে তেওঁলোকক পৰাস্ত কৰে । ইফালে লক্ষ্ণৌ ছুপাৰ জায়েন্টছ দিল্লী কেপিটেলছ আৰু গুজৰাট টাইটানছৰ হাতত পৰাস্ত হয় । ছানৰাইজাৰছ হায়দৰাবাদ আৰু কলকাতা নাইট ৰাইডাৰ্ছক ঋষভ পন্ট ব্ৰিগেডে পৰাস্ত কৰে ।

বেংগালুৰুৰ ইনিংছ-

ৰান চেজত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ আৰম্ভণি ভাল নাছিল । ফিল ছল্ট মাত্ৰ ৭ ৰানত আউট হয় । ইয়াৰ পাছতে ‘ইমপেক্ট চাব’ বিৰাট কোহলী আৰু দেৱদত্ত পাডিক্কালে দ্বিতীয় উইকেটৰ বাবে ৫৭ ৰানৰ অংশীদাৰিত্ব গঢ়ি তোলে । এই অংশীদাৰিত্ব ভাঙি পাডিক্কালক (১০ ৰান) আউট কৰে আৱেশ খানে । তাৰ পাছত বিৰাট কোহলীৰ ৰূপত আৰ চি বিয়ে তৃতীয়টো আঘাত লাভ কৰে । কোহলীয়ে ৩৪টা বলত ৪৯ ৰান সংগ্ৰহ কৰে । তেওঁৰ এই ইনিংছত ৬টা চাৰি আৰু এটা ছয় আছিল । আৱেশ খানৰ চিকাৰ হয় কোহলী ।

অধিনায়ক ৰজত পাটিদাৰ আৰু জিতেশ শৰ্মাই কিছু ডাঙৰ শ্বট মাৰি দলটোক জয়ৰ ওচৰলৈ নিবলৈ সক্ষম হয় । পাটিদাৰে ১৩টা বলত ২৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে জিতেশে ৯টা বলত ২৩ ৰানৰ অৰিহণা যোগায় । ৰজত আৰু জিতেশৰ উইকেট দখল কৰে ৰাজকুমাৰ যাদৱে । তাৰ পৰা টিম ডেভিদ (১৪*) আৰু ৰোমাৰিয়া শ্বেফাৰ্ডে (১৪*) আৰচিবিক জয়ৰ দিশে আগুৱাই লৈ যায় ।

লক্ষ্ণৌৰ বেটিং-

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত ২০ অভাৰত ১৪৬ ৰান সংগ্ৰহ কৰে । লক্ষ্ণৌৰ আৰম্ভণি বেয়া আছিল । ১২ ৰানত আউট হয় আইডেন মাৰ্কৰাম । মাৰ্কৰামৰ উইকেট দখল কৰে ৰছিক চালাম দাৰে । ইয়াৰ পিছতে অধিনায়ক ঋষভ পন্ট আঘাতপ্ৰাপ্ত হৈ অৱসৰ ল’বলগীয়া হয় । অৱশ্যে পিছত পণ্টে পুনৰ বেটিং কৰিবলৈ সক্ষম হয় ।

ইয়াৰ পিছতে জোছ হেজলউডে লক্ষ্ণৌক দ্বিতীয়টো আঘাত দিয়ে আৰু নিকোলাছ পুৰাণক আউট কৰে । অ’পেনাৰ মিচেল মাৰ্ছে ক্ৰীজত থিতাপি লৈছিল যদিও তেওঁ নিজৰ ইনিংছ বৃদ্ধি কৰিব নোৱাৰিলে । মাৰ্ছক বল্ড কৰে ক্ৰুনাল পাণ্ডিয়াই । ৩২টা বলত ৩টা চাৰি আৰু ২টা ছয়ৰ সহায়ত মাৰ্ছে ৪০ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছতে ক্ৰুনালে আব্দুল ছামাদক (০ ৰান) আউট কৰে ।

আয়ুস বদোনীক আউট কৰি আৰচিবিক পঞ্চমটো ব্ৰেকথ্ৰু প্ৰদান কৰে ৰছিক চালাম দাৰে । বদোনিয়ে ৪টা চাৰি আৰু ১টা ছয়ৰ সহায়ত ২৪টা বলত ৩৮ ৰান সংগ্ৰহ কৰে । ইয়াৰ পাছতে ভুৱনেশ্বৰ কুমাৰে অধিনায়ক ঋষভ পন্টক আউট কৰে (১ ৰান) । ভুৱনেশ্বৰে ইয়াতেই থমকি নৰ’ল, একেৰাহে জৰ্জ লিণ্ডে (৭ ৰান) আৰু মহম্মদ ছামি (০ ৰান)কো আউট কৰে তেওঁ ।

লক্ষ্ণৌৰ নৱম উইকেটটো উজ্জ্বল বেটিং কৰি থকা মুকুল চৌধাৰীৰ ৰূপত পৰে । মুকুলে ২৮টা বলত ৩৯ ৰান সংগ্ৰহ কৰে, য’ত ৩টা চাৰি আৰু দুটা ছয় আছিল । মুকুলৰ আউটৰ পাছত ইনিংছৰ শেষৰ বলত ৰছিক চালাম দাৰে আভেশ খানক (১ ৰান) বল্ড কৰে । আৰচিবিৰ হৈ বেগী বলাৰ ৰছিক চালাম দাৰে ৪টা উইকেট দখল কৰাৰ বিপৰীতে ভুৱনেশ্বৰ কুমাৰে ৩টা উইকেট দখল কৰে ।

লগতে পঢ়ক : টিম ইণ্ডিয়াত কাৰ ঠাই ল’ব বৈভৱ সূৰ্যবংশীয়ে? শীঘ্ৰেই ঘটিব আন্তঃৰাষ্ট্ৰীয় অভিষেক !

শেহতীয়া প্ৰৱন্ধসমূহ