টিম ইণ্ডিয়াত কাৰ ঠাই ল’ব বৈভৱ সূৰ্যবংশীয়ে? শীঘ্ৰেই ঘটিব আন্তঃৰাষ্ট্ৰীয় অভিষেক !

টিম ইণ্ডিয়াত কাৰ ঠাই ল’ব বৈভৱ সূৰ্যবংশীয়ে? শীঘ্ৰেই ঘটিব আন্তঃৰাষ্ট্ৰীয় অভিষেক !

বৈভৱ সূৰ্যবংশীয়ে একেৰাহে দ্বিতীয় বছৰৰ বাবে এই প্ৰতিযোগিতাত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগে যিকোনো খেলুৱৈক ৰাতিটোৰ ভিতৰতে তাৰকাত পৰিণত কৰিব পাৰে বুলি প্ৰায়ে চৰ্চা হয় । প্ৰতি বছৰে এগৰাকী নতুন তাৰকা উদয় হোৱাৰ বিপৰীতে বৈভৱ সূৰ্য্যবংশীয়ে একেৰাহে দ্বিতীয় বছৰৰ বাবে এই প্ৰতিযোগিতাত বিধ্বংসী

বৈভৱ সূৰ্যবংশীয়ে একেৰাহে দ্বিতীয় বছৰৰ বাবে এই প্ৰতিযোগিতাত বিধ্বংসী ৰূপ ধাৰণ কৰিছে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগে যিকোনো খেলুৱৈক ৰাতিটোৰ ভিতৰতে তাৰকাত পৰিণত কৰিব পাৰে বুলি প্ৰায়ে চৰ্চা হয় । প্ৰতি বছৰে এগৰাকী নতুন তাৰকা উদয় হোৱাৰ বিপৰীতে বৈভৱ সূৰ্য্যবংশীয়ে একেৰাহে দ্বিতীয় বছৰৰ বাবে এই প্ৰতিযোগিতাত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ।

ইয়াৰ পিছতে এতিয়া খবৰ প্ৰকাশ পাইছে যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে অতি শীঘ্ৰে বৈভৱ সূৰ্য্যবংশীক আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটাবলৈ সাজু হৈছে । মাত্ৰ ১২খন খেলৰ চুটি আই পি এল কেৰিয়াৰত বৈভৱে এটা শতক আৰু তিনিটা অৰ্ধ শতকসহ ৪৫২ ৰান সংগ্ৰহ কৰিছে । তেওঁৰ সামগ্ৰিক ষ্ট্ৰাইক ৰেট ২২৮.২৮ । যদি বৈভৱে ভাৰতীয় দলত যোগদানৰ সুযোগ পায় তেন্তে ডাঙৰ প্ৰশ্ন হ’ব তেওঁ কোনগৰাকী ক্ৰিকেটাৰৰ সলনি দলত স্থান লাভ কৰিব ।

প্ৰকাশিত খবৰ অনুসৰি বিচিচিআইয়ে আয়াৰলেণ্ড ভ্ৰমণৰ বাবে বৈভৱ সূৰ্য্যবংশীক বাছনি কৰিব পাৰে । আই পি এল ২০২৬ সমাপ্ত হোৱাৰ কেইসপ্তাহমানৰ পাছত টিম ইণ্ডিয়াই আয়াৰলেণ্ড ভ্ৰমণ কৰিব । ২৬ আৰু ২৮ জুনত অনুষ্ঠিত হ’বলগীয়া দুখন টি-২০ মেচ খেলিব দলটোৱে । যদি বৈভৱক আয়াৰলেণ্ড ভ্ৰমণৰ বাবে নিৰ্বাচিত কৰা হয় তেন্তে তেওঁ ভাৰতৰ হৈ অভিষেক ঘটোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হ’ব পাৰে । বৰ্তমান তেওঁৰ বয়স ১৫ বছৰ, আনহাতে শচীন টেণ্ডুলকাৰে ১৬ বছৰ বয়সত টিম ইণ্ডিয়াৰ হৈ অভিষেক ঘটাইছিল ।

কাৰ ঠাই ল’ব বৈভৱ সূৰ্য্যবংশীয়ে ?

এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল টিম ইণ্ডিয়াত কাৰ ঠাই ল’ব বৈভৱে ? ২০২৬ চনৰ টি-২০ বিশ্বকাপ খিতাপৰ পিছত টিম ইণ্ডিয়াৰ কথা ক’বলৈ গ’লে অভিষেক শৰ্মা, সঞ্জু চেমছন আৰু ঈশান কিষানে শীৰ্ষ ক্ৰমত ভাল প্ৰদৰ্শন আগবঢ়ায় । তিনিওজনৰ ফৰ্ম ভাল আৰু ২০২৮ চনৰ টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ জ্যেষ্ঠ খেলুৱৈ হিচাপে গণ্য কৰা হ’ব পাৰে । অভিষেক, সঞ্জু আৰু ঈশানে টি-২০ দলত নিজৰ স্থান নিশ্চিত কৰা যেন বোধ হয় ।

অৱশ্যে আয়াৰলেণ্ড ভ্ৰমণৰ বাবে বিচিচিআইয়ে যুৱ দল নিৰ্বাচন কৰাৰ সম্ভাৱনা আছে । এই পৰিস্থিতিত জ্যেষ্ঠ খেলুৱৈসকলক জিৰণি দিয়া হ’ব পাৰে । যদি এনে হয় তেন্তে বৈভৱ নিৰ্বাচিত হ’লে নিশ্চয় টিম ইণ্ডিয়াৰ হৈ ইনিংছ মুকলি কৰাৰ সুযোগ পাব পাৰে । টি-২০ বিশ্বকাপ ২০২৮ৰ পৰিকল্পনাত যদি বৈভৱক অন্তৰ্ভুক্ত কৰা হয়, তেন্তে তেওঁক কি বেটিং পজিচন দিয়া হ’ব সেয়া নিশ্চিতভাৱে এক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ উঠিব ।

লগতে পঢ়ক : আই পি এল ২০২৬ত কলকাতাৰ বিপৰ্যয় অব্যাহত, ৩২ ৰানত চেন্নাইৰ জয়

শেহতীয়া প্ৰৱন্ধসমূহ