ক্ৰিকেট ইতিহাসৰ লজ্জাজনক পৰাজয়! ইংলেণ্ডৰ বিৰুদ্ধে ১২৫ ৰানত ধৰাশায়ী টীম ইণ্ডিয়া

তৃতীয়খন টি-২০ মেচত ইংলেণ্ডৰ বিৰুদ্ধে ১২৫ ৰানত পৰাস্ত হ’ল ভাৰত। আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত এয়া হৈছে টীম ইণ্ডিয়াৰ সৰ্ববৃহৎ পৰাজয়।

ক্ৰিকেট প্ৰেমীৰ বাবে এক অত্যন্ত হতাশাজনক খবৰ। ইংলেণ্ডৰ বিৰুদ্ধে খেলা খেলা তৃতীয়খন টি-২০ মেচত ভাৰতীয় দলে মুখামুখি হৈছে ইতিহাসৰ আটাইতকৈ লজ্জাজনক পৰাজয়ৰ। নটিংহামৰ ট্ৰেন্ট ব্ৰীজত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ মেচখনত ঘৰুৱা দল ইংলেণ্ডে ভাৰতক ১২৫ ৰানৰ এক বৃহৎ ব্যৱধানত ধূলিস্যাৎ কৰে। আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ ইতিহাসত ৰানৰ হিচাপত এয়া ভাৰতীয় দলৰ আটাইতকৈ ডাঙৰ পৰাজয়। এই ঐতিহাসিক জয়ৰ সৈতে ইংলেণ্ডে শৃংখলাটোত ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে।

২০১ ৰানৰ লক্ষ্য, মাত্ৰ ৭৬ ৰানতে শেষ ভাৰতৰ ইনিংছ-

টছত জিকি প্ৰথমে বেটিং কৰিবলৈ নামি ইংলেণ্ডে নিৰ্ধাৰিত ২০ অভাৰত ২০১ ৰানৰ এক বিশাল স্কৰ থিয় কৰায়। ভাৰতীয় বলাৰসকলে ইংলেণ্ডৰ বেটছমেনসকলক বাধা দিয়াত ব্যৰ্থ হয়। ২০১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামি ভাৰতীয় বেটিং লাইন-আপ তচনচ হৈ পৰে। ইংৰাজ বলাৰৰ নিয়ন্ত্ৰিত বলিং আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি ভাৰতৰ সমগ্ৰ দলটো মাত্ৰ ৭৬ ৰানতে অল-আউট হয়।

ভংগ হ’ল পুৰণি ৰেকৰ্ড, প্ৰথমবাৰলৈ ১০০তকৈ অধিক ৰানত হাৰিল ভাৰত-

ইয়াৰ পূৰ্বে টি-২০ ক্ৰিকেটৰ ইতিহাসত ভাৰতে কেতিয়াও ১০০ বা তাতকৈ অধিক ৰানৰ ব্যৱধানত পৰাজয়ৰ মুখ দেখা নাছিল। ইংলেণ্ড ভাৰতক ইমান ডাঙৰ ব্যৱধানত হৰুওৱা প্ৰথমটো দেশ হিচাপে পৰিগণিত হৈছে।

বৈভৱ সূৰ্যবংশীৰ পৰা অভিষেক শৰ্মালৈ— সকলো ব্যৰ্থ-
এই মেচখনত ভাৰতৰ যুৱ তাৰকা তথা অনুৰ্ধ-১৯ ক্ৰিকেটৰ চাঞ্চল্য বৈভৱ সূৰ্যবংশী আৰু বিস্ফোৰক অপেনাৰ অভিষেক শৰ্মাৰ ওপৰত বহু আশা আছিল যদিও দুয়োৰে বেট শান্ত হৈ ৰয়। কেৱল এয়ে নহয়, অধিনায়ক শ্ৰেয়াছ আয়াৰো সম্পূৰ্ণৰূপে ব্যৰ্থ প্ৰমাণিত হয়। অধিনায়ক হিচাপে দায়িত্ব লোৱাৰ পিছৰে পৰা এখন মেচতো জয়লাভ কৰিব নোৱাৰাৰ আয়াৰৰ এই দুৰ্ভাগ্যজনক ধাৰা এই মেচখনতো অব্যাহত থাকিল।

শৃংখলাত টিকি থাকিবলৈ হ’লে এতিয়া ভাৰতীয় দলে পৰৱৰ্তী মেচসমূহত এক অলৌকিক প্ৰদৰ্শন কৰিব লাগিব।

লগতে পঢ়ক: ফিফা বিশ্বকাপ ২০২৬: মেছিৰ যাদু! আশ্চৰ্যজনক প্ৰত্যাৱৰ্তনেৰে ইজিপ্তক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনা

জিম্বাবুৱে ভ্ৰমণৰ বাবে ভাৰতীয় টি-২০ দল ঘোষণা: বৈভৱ সূৰ্যবংশীসহ বহু নতুন মুখক সুযোগ

সঞ্জু চেমচনৰ স্থানত দলত সুযোগ লাভ কৰিছে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

জিম্বাবুৱেৰ বিৰুদ্ধে চলিত মাহত হ’বলগীয়া তিনিখনীয়া টি-২০ শৃংখলাৰ বাবে সোমবাৰে ভাৰতীয় ক্ৰিকেট দল ঘোষণা কৰা হৈছে । এই গুৰুত্বপূৰ্ণ শৃংখলাটোৰ বাবে নিয়মীয়া তাৰকা খেলুৱৈসকলক জিৰণি দি কেইবাগৰাকীও নতুন আৰু যুৱ প্ৰতিভাক দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

এই ভ্ৰমণত ভাৰতীয় দলৰ নেতৃত্ব অৰ্পণ কৰা হৈছে তাৰকা বেটছমেন শ্ৰেয়াস আয়াৰৰ ওপৰত । আনহাতে, যুৱ বেটাৰ তিলক বাৰ্মাক দলৰ উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে ।

দলত স্থান পালে ৰিংকু সিঙে; কেইবাজনো নতুন খেলুৱৈৰ এণ্ট্ৰী

অৱশেষত অনুৰাগীৰ বাবে সুখবৰ যে হাৰ্ড-হিটাৰ বেটছমেন ৰিংকু সিঙক এই স্কোৱাডত অন্তৰ্ভুক্ত কৰা হৈছে । উল্লেখ্য যে, ইয়াৰ পূৰ্বে আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ উপৰিও এছিয়ান গেমছৰ দলৰ পৰাও তেওঁ বাদ পৰিছিল ।

এই টি-২০ দলটোত কেতবোৰ নতুন মুখ দেখিবলৈ পোৱা গৈছে । বেগী বলাৰ অশোক শৰ্মা আৰু যশ ঠাকুৰে প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে । উইকেটৰক্ষক প্ৰভসিমৰণ সিং আৰু স্পীনাৰ হৰ্ষ ডুবেৰ পুনৰ এণ্ট্ৰী ঘটিছে । লগতে আঘাতৰ বাবে দীৰ্ঘদিন আঁতৰি থকা গতিৰ তাৰকা মায়ংক যাদৱেও দললৈ প্ৰত্যাৱৰ্তন কৰিছে । মায়ংকে শেষবাৰৰ বাবে ২০২৪ চনৰ অক্টোবৰ মাহত ভাৰতৰ হৈ খেলিছিল ।

সঞ্জু চেমচনসহ কেইবাজনো জ্যেষ্ঠ খেলুৱৈক জিৰণি

ৱৰ্কলোড মেনেজমেণ্টৰ প্ৰতি লক্ষ্য ৰাখি উইকেটৰক্ষক বেটছমেন সঞ্জু চেমচনক এই শৃংখলাৰ পৰা জিৰণি দিয়া হৈছে । ইয়াৰ উপৰিও অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণয়, হৰ্ষিত ৰাণা, প্ৰসিদ্ধ কৃষ্ণ আৰু অৰ্শদীপ সিঙকো এই ভ্ৰমণৰ পৰা ৰেষ্ট দিয়া হৈছে ।

বৈভৱ সূৰ্যবংশীৰ চমক-

সঞ্জু চেমচনৰ স্থানত দলত সুযোগ লাভ কৰিছে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে । শনিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে মানচেষ্টাৰৰ ওল্ড ট্ৰেফৰ্ডত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটোৱা সূৰ্যবংশীৰ ওপৰত সকলোৰে চকু থাকিব ।

জিম্বাবুৱে ভ্ৰমণৰ বাবে ভাৰতীয় টি-২০ দল

শ্ৰেয়াস আয়াৰ (অধিনায়ক), বৈভৱ সূৰ্যবংশী, অভিষেক শৰ্মা, তিলক বাৰ্মা (উপ-অধিনায়ক), ইশান কিষণ (উইকেটৰক্ষক), শিৱম ডুবে, সূৰ্যাংশ শ্বেদগে, ৰিংকু সিং, হৰ্ষ ডুবে, বৰুণ চক্ৰৱৰ্তী, প্ৰিন্স যাদৱ, যশ ঠাকুৰ, অশোক শৰ্মা, ময়ংক যাদৱ আৰু প্ৰভসিমৰণ সিং (উইকেটৰক্ষক)।

ভাৰত বনাম জিম্বাবুৱে T20 সময়সূচী

ভাৰত আৰু জিম্বাবুৱেৰ মাজৰ তিনিওখন টি-২০ মেচ হাৰাৰেত অনুষ্ঠিত হ’ব । মেচকেইখন ভাৰতীয় সময় অনুসৰি বিয়লি ৪.৩০ বজাৰ পৰা পোনপটীয়াকৈ সম্প্ৰচাৰিত হ’ব । প্ৰথম টি-২৩ জুলাই, দ্বিতীয় টি-২৫ জুলাই, তৃতীয় টি-২৬ জুলাইত অনুষ্ঠিত হ’ব ।

ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবেও দলত সালসলনি

আনহাতে, ১৪ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলত এক ডাঙৰ সালসলনি কৰা হৈছে । আঘাতপ্ৰাপ্ত অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীৰ স্থানত অভিজ্ঞ অলৰাউণ্ডাৰ শিৱম ডুবেক দলত অন্তৰ্ভুক্ত কৰা হৈছে বুলি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে জানিবলৈ দিছে ।

লগতে পঢ়ক : দ্বিতীয় টি-২০ত ইংৰাজ বাহিনীৰ হাতত ধৰাশায়ী বিশ্ব চেম্পিয়ন ভাৰত

দ্বিতীয় টি-২০ত ইংৰাজ বাহিনীৰ হাতত ধৰাশায়ী বিশ্ব চেম্পিয়ন ভাৰত

১৯০ ৰাণ কৰিও ৰক্ষা নপৰিল বিশ্ব চেম্পিয়ন ভাৰত! দ্বিতীয় টি-২০ত ইংৰাজ বাহিনীৰ হাতত শোচনীয় পৰাজয় ।

মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফ’ৰ্ডত অনুষ্ঠিত পাঁচখনীয়া টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত ইংলেণ্ডে ভাৰতীয় দলক ৪ উইকেটত পৰাস্ত কৰে । ১৯১ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডে ৬ টা বল বাকী থকা অৱস্থাতে জয়লাভ কৰে । এই জয়েৰে ইংলিছ দলটোৱে শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে । ইফালে শৃংখলাৰ প্ৰথমখন খেল বৰষুণৰ বাবে পৰিত্যক্ত হৈছিল ।

জেকব বেথেলৰ বেটিং ধুমুহা-

ইংলেণ্ডৰ এই আকৰ্ষণীয় জয়ৰ মুখ্য নায়ক আছিল জেকব বেথেল । তেওঁ মাত্ৰ ৪৬ টা বলত ৫ টা চাৰি আৰু ৫ টা ছয়ৰ সহায়ত ৭৬ ৰাণ কৰি অপৰাজিত হৈ ৰয় ।

ৰাণ খেদিবলৈ নামি ইংলেণ্ডৰ আৰম্ভণি দুৰ্বল আছিল । প্ৰথম অভাৰতে অৰ্শদীপ সিঙে ফিল ছল্ট (০) আৰু জচ বাটলাৰক (০) আউট কৰি ভাৰতক এক শক্তিশালী আৰম্ভণি দিছিল । ইয়াৰ পিছত হেৰী ব্ৰুকে ১৫ টা বলত ৩৯ ৰাণৰ এক দ্ৰুত ইনিংছ খেলে । টম বেণ্টন (৩৯ ৰাণ) আৰু জেকব বেথেলে চতুৰ্থ উইকেটৰ বাবে ৬৭ ৰাণৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তোলে । ১৭ নম্বৰ অভাৰত ভাৰতীয় স্পীনাৰ ৰবি বিষ্ণোইয়ে ২৯ ৰাণ ব্যয় কৰে, যিটো খেলখনৰ আটাইতকৈ ডাঙৰ টাৰ্নিং পইণ্ট হিচাপে বিবেচিত হয় ।

ভাৰতৰ বেটিং প্ৰদৰ্শন-

টছত জিকি প্ৰথমে বেটিং কৰা ভাৰতীয় দলে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেট হেৰুৱাই ১৯০ ৰাণ সংগ্ৰহ কৰে । ভাৰতৰ হৈ অপেনাৰ অভিষেক শৰ্মাই ২৪ টা বলত ৪৩ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে । আনহাতে, ঈশান কিষাণে ৪০ টা বলত সৰ্বাধিক ৪৯ ৰাণৰ অৱদান আগবঢ়ায় ।

অধিনায়ক শ্ৰেয়াছ আয়াৰে ৩৭ ৰাণ আৰু শেষৰফালে তিলক বাৰ্মাই মাত্ৰ ১১ টা বলত ২৪ ৰাণ কৰি ভাৰতৰ স্ক’ৰ ১৯০ লৈ লৈ যায় । ইংলেণ্ডৰ হৈ পেচাৰ ছেম কাৰণে উৎকৃষ্ট বলিং কৰি ৩ টা উইকেট লাভ কৰে ।

১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ ঐতিহাসিক অভিষেক

এই খেলখন ভাৰতীয় ক্ৰিকেটৰ বাবে ঐতিহাসিক আছিল, কিয়নো মাত্ৰ ১৫ বছৰ বয়সতে বৈভৱ সূৰ্যবংশীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায় । সঞ্জু চেমছনৰ স্থানত দলত সুযোগ পোৱা বৈভৱক সহ-অধিনায়ক তিলক বাৰ্মাই অভিষেক কেপ প্ৰদান কৰে ।

নিজৰ প্ৰথম মেচতে বৈভৱে জোফ্ৰা আৰ্চাৰৰ দৰে তাৰকা বলাৰক ছয় কোবাই নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে । তেওঁ ১০ টা বলত ১৪ ৰাণ সংগ্ৰহ কৰে । আনহাতে, ইংলেণ্ডৰ হৈ জচ টাঙেও এই মেচখনৰ জৰিয়তে টি-২০ ক্ৰিকেটত পদাৰ্পণ কৰে ।

লগতে পঢ়ক : বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ভংগ হ’ল মাষ্টাৰ-ব্লাষ্টাৰৰ অভিলেখ

বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ভংগ হ’ল মাষ্টাৰ-ব্লাষ্টাৰৰ অভিলেখ

টীম ইণ্ডিয়াৰ হৈ খেলপথাৰত নামিয়েই ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম সোণালী আখৰেৰে লিখিলে যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত টি২০ শৃংখলাৰ দ্বিতীয়খন খেলত এক অভূতপূৰ্ব ইতিহাসৰ সাক্ষী হৈ ৰ’ল ক্ৰীড়াবিশ্ব । শনিবাৰে (৪ জুলাই) মানচেষ্টাৰৰ ওল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত খেলখনত টীম ইণ্ডিয়াৰ হৈ খেলপথাৰত নামিয়েই ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম সোণালী আখৰেৰে লিখিলে যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে । বাওঁহতীয়া বিস্ফোৰক বেটছমেন বৈভৱ এতিয়া ভাৰতৰ হৈ আটাইতকৈ কম বয়সত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটোৱা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে ।

খেলৰ পূৰ্বে বৈভৱক তেওঁৰ ঐতিহাসিক অভিষেক কেপ তুলি দিয়ে দলৰ উপ-অধিনায়ক তিলক বাৰ্মাই । ইয়াৰ সৈতে বৈভৱ ভাৰতৰ হৈ টি২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলা ১২২ সংখ্যক খেলুৱৈ হিচাপে পৰিগণিত হয় ।

ভংগ হ’ল মহান ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰৰ অভিলেখ-

মাত্ৰ ১৫ বছৰ ৯৯ দিন বয়সত নিজৰ আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটাই বৈভৱ সূৰ্যৱংশীয়ে ক্ৰিকেটৰ ভগৱান হিচাপে পৰিচিত শচীন টেণ্ডুলকাৰৰ বহু পুৰণি অভিলেখ ভংগ কৰে ।

শচীন টেণ্ডুলকাৰৰ অভিলেখ : ১৯৮৯ চনৰ ১৫ নৱেম্বৰত পাকিস্তানৰ বিৰুদ্ধে কৰাচীত টেষ্ট মেচ খেলি শচীনে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰিছিল । অভিষেকৰ সময়ত তেওঁৰ বয়স আছিল ১৬ বছৰ ২০৫ দিন ।

শ্বেফালী বাৰ্মাৰ অভিলেখ : কেৱল পুৰুষ ক্ৰিকেটেই নহয়, সামগ্ৰিক ভাৰতীয় ক্ৰিকেটৰ ইতিহাসতো বৈভৱে শীৰ্ষস্থান দখল কৰিছে । ইয়াৰ পূৰ্বে ভাৰতৰ হৈ মহিলা ক্ৰিকটত আটাইতকৈ কম বয়সত অভিষেক ঘটোৱাৰ অভিলেখ আছিল শ্বেফালী বাৰ্মাৰ নামত (১৫ বছৰ ২৩৯ দিন)। এতিয়া বৈভৱে তেওঁতকৈও কম বয়সত দেশক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰিলে ।


IPL 2026 আৰু শ্ৰীলংকাত চমকপ্ৰদ প্ৰদৰ্শন-
বিগত কেইমাহমানৰ পৰা ভাৰতীয় ক্ৰিকেটত বৈভৱ সূৰ্যৱংশীৰ নাম জোৰদাৰভাৱে চৰ্চিত হৈ আহিছে । আই পি এল ২০২৬ ত ৰাজস্থান ৰয়েলছৰ হৈ খেলি তেওঁ বেটেৰে এনে ধুমুহাৰ সৃষ্টি কৰিছিল যে সমগ্ৰ বিশ্বই তেওঁৰ প্ৰতিভাৰ উমান পাইছিল । সমগ্ৰ ছিজনত আক্ৰমণাত্মক শৈলীৰে বেটিং কৰি তেওঁ ৭৭৬ ৰান সংগ্ৰহ কৰিছিল । এই সময়ছোৱাত তেওঁৰ বেটিং ষ্ট্ৰাইক ৰেট আছিল ২৩৭.৩০, যিয়ে টি২০ ক্ৰিকেটত তেওঁৰ বিস্ফোৰক মানসিকতা প্ৰদৰ্শন কৰে ।

আইপিএলৰ ধুমুহাৰ পিছতে বৈভৱে ইণ্ডিয়া-এ দলত সুযোগ লাভ কৰে । শ্ৰীলংকাত অনুষ্ঠিত ত্ৰিকোণীয় শৃংখলাত শ্ৰীলংকা-এ দলৰ বিৰুদ্ধে খিতাপ দখলৰ যুঁজখনত বৈভৱে মাত্ৰ ১১টা বলতে অৰ্ধশতক অৰ্জন কৰিছিল । এইটো লিষ্ট-এ ক্ৰিকেটৰ ইতিহাসত যিকোনো বেটছমেনৰ বাবে আটাইতকৈ দ্ৰুততম অৰ্ধশতক হিচাপে ধৰা হৈছে ।

বিচিচিআইৰ ভাইৰেল ভিডিঅ’:

আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ আৰম্ভণিৰে পৰাই বৈভৱ চৰ্চাত আছিল । বিচিচিআইয়ে শ্বেয়াৰ কৰা তেওঁৰ প্ৰথমটো নেট চেশ্বনৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছি ল।

মাত্ৰ ১৫ বছৰ বয়সতে বৈভৱ সূৰ্যৱংশীয়ে যিধৰণে ইটোৰ পিছত সিটো অভিলেখ গঢ়িছে, সি ক্ৰিকেট বিশেষজ্ঞ তথা প্ৰাক্তন ক্ৰিকেটাৰসকলকো আপ্লুত কৰিছে । ক্ৰিকেট অনুৰাগীসকলে এতিয়া আশা প্ৰকাশ কৰিছে যে এই যুৱ তাৰকাগৰাকীয়ে অনাগত দিনত টীম ইণ্ডিয়াৰ হৈ বহু স্মৰণীয় ইনিংছ খেলি বিশ্ব ক্ৰিকেটত ভাৰতৰ নাম উজলাই তুলিব ।

লগতে পঢ়ক : ‘তেওঁ শচীন আৰু বিৰাটৰ দৰেই প্ৰতিভাশালী’; বৈভৱ সূৰ্যৱংশীক লৈ কপিল দেবৰ বিশেষ মন্তব্য

‘তেওঁ শচীন আৰু বিৰাটৰ দৰেই প্ৰতিভাশালী’; বৈভৱ সূৰ্যৱংশীক লৈ কপিল দেবৰ বিশেষ মন্তব্য  

ভাৰতৰ কিংবদন্তি অধিনায়ক কপিল দেৱে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীক শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলীৰ দৰেই প্ৰতিভাশালী বুলি অভিহিত কৰিছে। অৱশ্যে তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে যুৱ বেটছমেন গৰাকীক অত্যধিক বোজা জাপি দিব নালাগে।

প্ৰাক্তন মহান ভাৰতীয় অলৰাউণ্ডাৰ তথা ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেবে যুৱ বেটছমেন বৈভৱ সূৰ্যৱংশীক লৈ এক ডাঙৰ মন্তব্য কৰিছে। কপিল দেবে বৈভৱৰ ভূয়সী প্ৰশংসা কৰে, কিন্তু একে সময়তে তেওঁক লৈ সৃষ্টি হোৱা পৰিৱেশক লৈও চিন্তা প্ৰকাশ কৰে। তেওঁ কয় যে বৈভৱ এজন অসাধাৰণ প্ৰতিভাশালী খেলুৱৈ, কিন্তু ইমান কম বয়সতে তেওঁৰ ওপৰত প্ৰয়োজনতকৈ অধিক প্ৰত্যাশাৰ বোজা জাপি দিব নালাগে।

যেতিয়া কপিল দেবক সোধা হৈছিল যে তেওঁ বৈভৱ সূৰ্যৱংশীক কেনে দৃষ্টিৰে চায়, তেতিয়া তেওঁ কয়— “তেওঁৰ মাজত প্ৰচুৰ প্ৰতিভা আছে, ইয়াত কোনো সন্দেহ নাই। কিন্তু মোৰ অনুভৱ হয় যে আমি তেওঁৰ বিষয়ে বহুত ডাঙৰ ডাঙৰ কথা পাতি আছোঁ। এতিয়া তেওঁক অলপ সময় দিয়ক। তেওঁক ইমান বেছি হাইপ নিদিব যাতে তেওঁ নিজেই চাপৰ মাজত সোমাই পৰে।”

কপিল দেবে বৈভৱৰ প্ৰতিভাক ভাৰতীয় ক্ৰিকেটৰ দুটা ডাঙৰ নামৰ সৈতে তুলনা কৰে। তেওঁ কয় যে প্ৰতিভাৰ ক্ষেত্ৰত বৈভৱ সূৰ্যৱংশী শচীন টেণ্ডুলকাৰ আৰু বিৰাট কোহলীৰ দৰেই প্ৰতিভাশালী। অৱশ্যে তেওঁ এয়াও সংযোগ কৰে যে কেৱল প্ৰতিভাই যথেষ্ট নহয়, দীৰ্ঘদিন ধৰি ধাৰাবাহিক প্ৰদৰ্শন কৰিলেহে এজন খেলুৱৈ মহান হৈ পৰে। তেওঁ কয়— “প্ৰতিভাৰ কথা ক’বলৈ গ’লে, হয়, তেওঁ শচীন আৰু বিৰাটৰ দৰেই প্ৰতিভাশালী। তেওঁৰ অপাৰ ক্ষমতা আছে।”

কপিল দেবৰ মতে বৈভৱে টি-২০ ক্ৰিকেটত নিজৰ ক্ষমতা প্ৰমাণ কৰি দেখুৱাইছে। ইমান কম বয়সতে তেওঁ যি প্ৰভাৱ পেলাইছে, সেয়া অত্যন্ত বিৰল। তেওঁ কয়— “টি-২০ত তেওঁ নিজক প্ৰমাণ কৰিছে। ইমান কম বয়সতে ইমান ডাঙৰ প্ৰভাৱ পেলোৱা খেলুৱৈ সমগ্ৰ বিশ্বতে হয়তো এক শতাংশও নোলাব।”

অৱশ্যে কপিল দেবে এয়াও কয় যে ক্ৰিকেটৰ প্ৰকৃত পৰীক্ষা দীঘলীয়া ফৰ্মেটতহে হয়। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে যেতিয়া বৈভৱে টেষ্ট ক্ৰিকেট খেলিব, তেতিয়া তেওঁ একে স্তৰৰ ধাৰাবাহিকতা দেখুৱাব পাৰিবনে? তেওঁ ধেমেলীয়া সুৰত কয় যে বীৰেন্দ্ৰ সেহৱাগে হয়তো এইদৰে চিন্তা নকৰিবও পাৰে, কিন্তু ক্ৰিকেটত মানুহে এনেকুৱা প্ৰশ্নই সোধে।

কপিল দেবে কয় যে যেতিয়া ১৯৮৮-৮৯ চনত শচীন টেণ্ডুলকাৰ ভাৰতীয় ক্ৰিকেটলৈ আহিছিল, তেতিয়া তেওঁৰ চাৰিওফালে ইমান কোলাহল বা হাইপ নাছিল, যিমান আজি বৈভৱ সূৰ্যৱংশীক লৈ দেখিবলৈ পোৱা গৈছে। গতিকে আমি তেওঁক এটা স্বাভাৱিক পৰিৱেশ দিয়াটো জৰুৰী, যাতে তেওঁৰ ওপৰত কোনো অনাহক চাপ সৃষ্টি নহয়।

বৈভৱৰ আন্তঃৰাষ্ট্ৰীয় অভিষেকক লৈ চলি থকা বিতৰ্কৰ সন্দৰ্ভত কপিল দেবে স্পষ্টকৈ কয় যে যদি খেলুৱৈজন প্ৰস্তুত, তেন্তে তেওঁক সুযোগ দিয়াত পলম কৰিব নালাগে। তেওঁ কয়— “মানুহে সোধে যে এতিয়াই বৰ সোনকাল হৈ যোৱা নাইনে? মই ক’ম যে এতিয়া বৰ পলম হৈ যোৱা নাইনে? যদি তেওঁ সাজু, তেন্তে তেওঁক খেলিবলৈ দিয়ক।”

অৱশ্যে তেওঁ পুনৰ দোহাৰে যে দলত বাছনিৰ সমান্তৰালকৈ খেলুৱৈজনৰ মানসিক বিকাশৰ প্ৰতিও চকু ৰখাটো জৰুৰী। তেওঁ কয়— “অনুগ্ৰহ কৰি তেওঁক অভাৰ-হাইপ নকৰিব। তেওঁৰ ওপৰত অনাহক চাপ জাপি নিদিব।”

কথা-বতৰাৰ মাজতে কপিল দেবে এয়াও কয় যে বৈভৱৰ বয়স এতিয়া মাত্ৰ ১৫-১৬ বছৰ আৰু বৰ্তমান তেওঁৰ সমগ্ৰ পৃথিৱীখন কেৱল ক্ৰিকেটক কেন্দ্ৰ কৰিয়েই আৱৰ্তিত। গতিকে এতিয়াই তেওঁক মহান খেলুৱৈসকলৰ সৈতে তুলনা কৰাটো খৰখেদা হ’ব। তেওঁ বহুত সৰু, কিন্তু বিশেষ প্ৰতিভা আছে। যেতিয়া তেওঁৰ বয়স ২০-২২ বছৰ হ’ব, তেতিয়াহে আমি হিচাপ কৰিম যে তেওঁ কিমান দীঘলীয়া যাত্ৰা অতিক্ৰম কৰিলে। শচীনো ১৬ বছৰ বয়সত এনেকুৱাই ব্যতিক্ৰমী আছিল, কিন্তু তেওঁ বহু বছৰ ধৰি সেই স্তৰ ধৰি ৰাখিছিল। সেয়াই হৈছে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান।”

কপিল দেবৰ এই বক্তব্যৰ পৰা স্পষ্ট যে তেওঁ বৈভৱ সূৰ্যৱংশীৰ প্ৰতিভাক লৈ সম্পূৰ্ণ আশাবাদী, কিন্তু একে সময়তে তেওঁ বিচাৰে যে ভাৰতীয় ক্ৰিকেট আৰু অনুৰাগীসকলে এই খেলুৱৈজনক অতিৰিক্ত প্ৰত্যাশাৰ বোজাৰ তলত হেঁচি নাৰাখক। তেওঁৰ বাৰ্তা স্পষ্ট— যদি বৈভৱ প্ৰস্তুত, তেন্তে তেওঁ সুযোগ পাব লাগে, কিন্তু সময়ৰ লগে লগে তেওঁৰ প্ৰতিভা বিকশিত হোৱাৰ সুযোগো পোৱাটো প্ৰয়োজন।

লগতে পঢ়ক: ৪১ বছৰতো অপ্ৰতিৰোধ্য ৰোনাল্ডো! বিশ্বকাপৰ নকআউটত গ’ল দি গঢ়িলে অনন্য ইতিহাস

টিম ইণ্ডিয়াৰ প্লেয়িং একাদশত স্থান নাপালে বৈভৱ সূৰ্যবংশীয়ে; অধিনায়ক শ্ৰেয়াছ আয়াৰে জনালে কাৰণ

বিগত কিছুদিনৰ জল্পনা-কল্পনা আৰু আশাৰ বিপৰীতে ভাৰতীয় ছুপাৰ কিড বৈভৱ সূৰ্যবংশীয়ে আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেলত প্লেয়িং একাদশত স্থান নাপালে।

কোটি কোটি ভাৰতীয় অনুৰাগীয়ে আশা কৰিছিল যে ১৫ বছৰীয়া যুৱ প্ৰতিভা বৈভৱ সূৰ্যবংশীয়ে শুক্ৰবাৰে (২৬ জুন) আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচখনৰ জৰিয়তে নিজৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ পাতনি মেলিব। কিন্তু ভাৰতীয় দলৰ প্লেয়িং একাদশত তেওঁৰ নাম অন্তৰ্ভুক্ত নহ’ল। ইয়াৰ অৰ্থ হ’ল, বৈভৱৰ অভিষেকৰ বাবে অনুৰাগীসকলে আৰু কিছু সময় অপেক্ষা কৰিব লাগিব।

টছৰ সময়ত অধিনায়ক শ্ৰেয়াছ আয়াৰে এই সিদ্ধান্তৰ আঁৰৰ কাৰণ স্পষ্ট কৰি দিয়ে। বৈভৱক সুযোগ নিদিয়াৰ সন্দৰ্ভত অধিনায়কগৰাকীয়ে কয়, “তেওঁ আজি খেলা নাই। এয়া দুৰ্ভাগ্যজনক। তেওঁ এজন দক্ষ খেলুৱৈ, কিন্তু আমাৰ দলত অতি অভিজ্ঞ খেলুৱৈৰ এক সুন্দৰ মিশ্ৰণ আছে। এনে বহু খেলুৱৈ আছে যিয়ে পূৰ্বৰ ছিৰিজসমূহত ভাৰতৰ হৈ সুন্দৰ প্ৰদৰ্শন কৰিছে। সেয়েহে, আমি এই ছিজনত উন্নত প্ৰদৰ্শন কৰা খেলুৱৈসকলৰ সৈতে যোৱাৰ সিদ্ধান্ত লৈছোঁ। সময় আহিলে বৈভৱে নিশ্চিতভাৱে সুযোগ পাব।”

শ্ৰেয়াছ আয়াৰৰ এই মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে দল পৰিচালনা সমিতিয়ে বৰ্তমান অভিজ্ঞতাৰ ওপৰত গুৰুত্ব দিছে, আনহাতে বৈভৱ সূৰ্যবংশীক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰা হৈছে। শ্ৰেয়াছে লগতে জনায় যে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে খেলুৱৈসকলক নিজৰ খেলৰ ওপৰত আস্থা ৰাখিবলৈ আৰু নিৰ্ভীকভাৱে খেলিবলৈ নিৰ্দেশ দিছে।

তেওঁ কয়, “গৌতম গম্ভীৰে খেলুৱৈসকলক কৈছে যে তেওঁলোকে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে, মুকলিকৈ খেলিব লাগে আৰু খেলপথাৰত সম্পূৰ্ণ নিৰ্ভীক হৈ থাকিব লাগে। আমি পৰিস্থিতিৰ সৈতে খাপ খুৱাই ল’বলৈ সাজু থাকিব লাগিব আৰু ইয়াৰ বাবে আমি ভালদৰে অনুশীলন কৰিছোঁ।”

টি-২০ বিশ্বকাপ চেম্পিয়ন ভাৰতে এই ছিৰিজটোৰ জৰিয়তে নিজৰ নতুন যাত্ৰা আৰম্ভ কৰিছে। অৱশ্যে শ্ৰেয়াছ আয়াৰে কয় যে দলে বৰ্তমান ভৱিষ্যতৰ কথা চিন্তা কৰা নাই। তেওঁ কয়, “আমি এটা সময়ত এখন মেচৰ ওপৰতহে গুৰুত্ব দি আছোঁ। চূড়ান্ত লক্ষ্যটো ডাঙৰ হ’ব পাৰে, কিন্তু এতিয়া আমাৰ সম্পূৰ্ণ লক্ষ্য হ’ল আয়াৰলেণ্ডৰ বিৰুদ্ধে এই ছিৰিজটোত ভাল প্ৰদৰ্শন কৰা।”

প্ৰথম মেচখনত বৈভৱ সূৰ্যবংশীয়ে সুযোগ নাপালেও, অধিনায়কৰ মন্তব্যই ইংগিত দিছে যে দল পৰিচালনা সমিতিয়ে তেওঁক ভৱিষ্যতৰ এজন ডাঙৰ খেলুৱৈ হিচাপে গণ্য কৰে। এতিয়া সকলোৰে দৃষ্টি ছিৰিজৰ পৰৱৰ্তী মেচখনৰ ওপৰত, য’ত হয়তো এই ১৫ বছৰীয়া যুৱ বেটাৰগৰাকীয়ে অৱশেষত ভাৰতীয় দলৰ জাৰ্চি পৰিধন কৰি খেলপথাৰত নামিব পাৰিব।

লগতে পঢ়ক: আজি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিব ‘বেবী বছ’ৰ !

বৈভৱ সূৰ্য্যবংশীক সমৰ্থন বিচিচিআইৰ: ইংলেণ্ড ভ্ৰমণত লগত থাকিব পিতৃ-মাতৃ

ইংলেণ্ড আৰু আয়াৰলেণ্ড ভ্ৰমণৰ সম্ভাৱ্য টি-২০ অভিষেকৰ পূৰ্বে ১৫ বছৰীয়া বৈভৱ সূৰ্য্যবংশীৰ পিতৃ-মাতৃক তেওঁৰ সৈতে পঠোৱাৰ সিদ্ধান্ত লৈছে বিচিচিআইয়ে।

ভাৰতীয় ক্ৰিকেটৰ উদীয়মান তাৰকা বৈভৱ সূৰ্যবংশীক অতি শীঘ্ৰেই আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণত জ্যেষ্ঠ দলটোৰ সৈতে দেখিবলৈ পোৱা যাব পাৰে। সম্ভাৱ্য টি-২০ আন্তঃৰাষ্ট্ৰীয় অভিষেকৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) ১৫ বছৰীয়া বেটছমেনগৰাকীক লৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ব’ৰ্ডে সিদ্ধান্ত লৈছে যে বৈভৱৰ পিতৃ-মাতৃও তেওঁৰ সৈতে আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণলৈ যাব, যাতে যুৱ খেলুৱৈগৰাকীয়ে নতুন পৰিৱেশত সহজ অনুভৱ কৰিব পাৰে।

বিচিচিআইৰ (ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড) যুটীয়া সম্পাদক দেবজিৎ শইকীয়াই জানিবলৈ দিয়ে যে বৈভৱৰ বয়স আৰু পৰিস্থিতিক লক্ষ্য কৰি এই সিদ্ধান্ত লোৱা হৈছে। তেওঁ বিশ্বাস কৰে যে ইমান কম বয়সতে জ্যেষ্ঠ খেলুৱৈসকলৰ মাজত থকাটো যিকোনো যুৱ ক্ৰিকেটাৰৰে বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ’ব পাৰে। এনে পৰিস্থিতিত পৰিয়ালৰ উপস্থিতিয়ে বহু সম্ভাৱ্য সমস্যা হ্ৰাস কৰিব পাৰে।

দেবজিৎ শইকীয়াই কয়: “বিচিচিআইৰ মতে, বৈভৱৰ সৈতে তেওঁৰ পিতৃ-মাতৃ থাকিলে বহু সমস্যাৰ সমাধান হ’ব।” ইয়াক স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভ্ৰমণৰ সৈতে তুলনা কৰি তেওঁ কয় যে কম বয়সত অভিভাৱকৰ সংগই আত্মবিশ্বাস বৃদ্ধিত সহায় কৰে।

বিচিচিআইৰ বিষয়াজনে লগতে কয় যে বৈভৱ অনাগত দুই-তিনিটা দশকৰ বাবে ভাৰতীয় ক্ৰিকেটৰ এজন গুৰুত্বপূৰ্ণ খেলুৱৈ প্ৰমাণিত হ’ব পাৰে। গতিকে ব’ৰ্ডে তেওঁৰ প্ৰগতি আৰু মানসিক ভাৰসাম্যক লৈ সম্পূৰ্ণ সতৰ্ক হৈ আছে। তেওঁ ১৯৮৯ চনৰ পাকিস্তান ভ্ৰমণৰ কথাও উল্লেখ কৰে, য’ত ১৬ বছৰীয়া শচীন টেণ্ডুলকাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পদাৰ্পণ কৰিছিল আৰু দলৰ জ্যেষ্ঠ খেলুৱৈসকলৰ নিৰ্দেশনা লাভ কৰিছিল।

আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ বাবে নিৰ্বাচিত ভাৰতীয় টি-২০ দলটোত কেইবাজনো অভিজ্ঞ খেলুৱৈ আছে। সূৰ্যকুমাৰ যাদৱৰ স্থানত অধিনায়কত্ব চম্ভালি থকা শ্ৰেয়াছ আয়াৰৰ উপৰিও দলত আছে: সঞ্জু চেমচন, অক্ষৰ পেটেল, শিৱম ডুবে, মহম্মদ চিৰাজ।

আনহাতে, ভাৰত-এ দলৰ অধিনায়ক তিলক বাৰ্মাও বৈভৱৰ সৈতে থাকিব, যাৰ নেতৃত্বত তেওঁ শেহতীয়াকৈ খেলিছে। ৰাজস্থান ৰয়েলছত তেওঁৰ সতীৰ্থ ৰবি বিষ্ণৈও এই দলৰ অংশ।

ইফালে, শেহতীয়াকৈ শ্ৰীলংকা-এ দলৰ বিৰুদ্ধে খেলা মেচখনত সংঘটিত হোৱা এক বিতৰ্কক লৈও চৰ্চা চলিছে। ছুপাৰ অভাৰত শেষ হোৱা মেচখনৰ অন্তত বৈভৱ সূৰ্যবংশীয়ে শ্ৰীলংকা-এ দলৰ খেলুৱৈ বিষেন হালাংবাগেক ঠেলা মাৰি দিছিল।

খেলপথাৰৰ প্ৰদৰ্শনৰ কথা ক’বলৈ গ’লে, বৈভৱ বৰ্তমান শ্ৰীলংকাত চলি থকা ত্ৰিপাক্ষিক শৃংখলাত ভাৰত-এ দলৰ অংশ হৈ আছে। আফগানিস্তান-এ দলৰ বিৰুদ্ধে বৃহৎ জয়লাভ কৰি ভাৰত-এ দলটো ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছে। বৈভৱে এতিয়াও তেওঁৰ প্ৰথমটো লিষ্ট-এ অৰ্ধশতকৰ সন্ধানত আছে আৰু ফাইনেলত নিজক প্ৰমাণ কৰাৰ বাবে তেওঁৰ হাতত আন এক সুযোগ থাকিব।

লগতে পঢ়ক: মেছি-ৰোনাল্ডোৰ সৈতে জিলিকিল স্মৃতি মান্ধানা

ছুপাৰ অভাৰত পৰাজয়ৰ পিছতেই ভাৰত-শ্ৰীলংকাৰ খেলুৱৈৰ মাজত উত্তেজনা

এক নাটকীয় ছুপাৰ অভাৰত ভাৰত ‘এ’ দলক পৰাস্ত কৰি শ্ৰীলংকা ‘এ’ দলে ফাইনেলৰ পথ প্ৰায় নিশ্চিত কৰাৰ পিছতে এই উত্তপ্ত পৰিস্থিতিৰ সূত্ৰপাত ঘটে

ডাম্বোল্লাত অনুষ্ঠিত এদিনীয়া ত্ৰিকোণীয় শৃংখলাৰ এখন গুৰুত্বপূৰ্ণ মেচত সোমবাৰে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । খেলৰ শেষৰ ফালে কেৱল বেট-বলৰ যুঁজেই নহয়, খেলপথাৰত দুই দলৰ খেলুৱৈৰ মাজত সৃষ্টি হোৱা অনাকাংক্ষিত পৰিস্থিতিয়ে ক্ৰীড়াপ্ৰেমীসকলক স্তম্ভিত কৰি তোলে । এক নাটকীয় ছুপাৰ অভাৰত ভাৰত ‘এ’ দলক পৰাস্ত কৰি শ্ৰীলংকা ‘এ’ দলে ফাইনেলৰ পথ প্ৰায় নিশ্চিত কৰাৰ পিছতে এই উত্তপ্ত পৰিস্থিতিৰ সূত্ৰপাত ঘটে ।

খেলপথাৰত তীব্ৰ বাক-বিতণ্ডা আৰু শাৰীৰিক সংঘাত

খবৰ অনুসৰি, মেচখন শেষ হোৱাৰ লগে লগে কম পোহৰৰ মাজতে ভাৰতৰ বৈভৱ সূৰ্যবংশী আৰু শ্ৰীলংকাৰ বিষেন হালাম্বাগেৰ মাজত পথাৰতে তীব্ৰ বাক-বিতণ্ডা আৰম্ভ হয় । ক্ৰীড়া ৱেবছাইট ESPNcricinfo-ৰ ৰিপৰ্ট অনুসৰি, আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰি দুই খেলুৱৈৰ মাজত শাৰীৰিক টনা-আঁতৰা বা হতা-হতিও সংঘটিত হয় । অৱশ্যে পৰিস্থিতি অধিক বেয়াৰ ফাললৈ যোৱাৰ পূৰ্বেই শ্ৰীলংকা ‘এ’ দলৰ অভিজ্ঞ উইকেটকীপাৰ নিৰোশন ডিকৱেলাই মাজত সোমাই দুয়োকে আঁতৰাই পঠিয়ায় আৰু পৰিস্থিতি শান্ত কৰে ।

কেনেকৈ হ’ল মেচখন টাই ?

প্ৰথমে বেটিং কৰি ভাৰত ‘এ’ দলে এক সময়ত ১৪৩ ৰানতে ৭ টা উইকেট হেৰুৱাই চৰম সংকটত পৰিছিল । কিন্তু তাৰ পিছতেই সূৰ্যাংশ শ্বেদগে আৰু বিপ্ৰজ নিগমে অষ্টম উইকেটৰ বাবে ১০৪ ৰানৰ এক চমৎকাৰ অংশীদাৰিত্ব গঢ়ি তুলি দলৰ স্ক’ৰ ২৬৫ ৰানলৈ লৈ যায় ।

২৬৬ ৰানৰ লক্ষ্য খেদি শ্ৰীলংকা ‘এ’ দলে সদিৰা সমৰাৱিক্ৰমাৰ ৯৩ ৰানৰ সংযত ইনিংছৰ সহায়ত জয়ৰ দিশে আগবাঢ়িছিল । কিন্তু অন্তিম অভাৰত ভাৰতৰ আৰ্ছাদ খানে অসাধাৰণ বলিং কৰি শ্ৰীলংকাক জয়ৰ ঠিক মুখে মুখে ৰখাই মেচখন টাই কৰিবলৈ বাধ্য কৰে ।

ছুপাৰ অভাৰৰ ৰোমাঞ্চ

নিয়মিত ৫০ অভাৰৰ খেলখন টাই হোৱাৰ পিছত বিজয়ী দল বাছনিৰ বাবে ছুপাৰ অভাৰৰ আশ্ৰয় লোৱা হয় । শ্ৰীলংকা ‘এ’: ছুপাৰ অভাৰত প্ৰথমে বেটিং কৰি সংগ্ৰহ কৰে ১৬ ৰান । ভাৰত ‘এ’: ১৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামি ভাৰতীয় দলটোৱে মাত্ৰ ৯ ৰানহে কৰিবলৈ সক্ষম হয় । মথীছা পাথিৰানা, নৱাগত শ্ৰীলংকান পেচাৰ কুগাথাস মাথুলানে এক সুন্দৰ অভাৰ কৰি ভাৰতৰ বৈভৱ সূৰ্যবংশী আৰু সূৰ্যাংশ শ্বেদগেক বান্ধি ৰাখে আৰু আয়োজক দলৰ ঐতিহাসিক জয় নিশ্চিত কৰে ।

ভাৰত ‘এ’ দলৰ পৰিস্থিতি-

তিলক বাৰ্মাৰ নেতৃত্বাধীন ভাৰত ‘এ’ দলটোৰ তিনিখন খেলৰ ভিতৰত এয়া দ্বিতীয়টো পৰাজয় । ইয়াৰ পূৰ্বে আফগানিস্তানৰ বিৰুদ্ধে বৰষুণ বিঘ্নিত খেলখনত তেওঁলোকে ডি এল এছ পদ্ধতিৰে ৪ ৰানত পৰাস্ত হৈছিল । শৃংখলাত টিকি থাকিবলৈ হ’লে এতিয়া ভাৰতীয় দলটোক পৰৱৰ্তী মেচসমূহত উন্নত প্ৰদৰ্শনৰ প্ৰয়োজন হ’ব ।

লগতে পঢ়ক : চিৰবৈৰী পাকিস্তানক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ ভাৰতৰ

ঋতুৰাজৰ বিস্ফোৰক শতক, ৰোমাঞ্চকৰ মেচত শ্ৰীলংকাক ধূলিস্যাৎ কৰিলে ভাৰতে

ঋতুৰাজ গাইকোৱাডে অধিনায়ক তিলক বাৰ্মাৰ সৈতে মিলি ভাৰতীয় ইনিংছক এক মজবুত ভেটি প্ৰদান কৰে

শ্ৰীলংকাত অনুষ্ঠিত ত্ৰিকোণীয় এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত মঙলবাৰে ভাৰত A দলে এক নাটকীয় জয় সাব্যস্ত কৰে । ডাম্বুলাৰ ৰণগিৰি ইণ্টাৰনেচনেল ষ্টেডিয়ামত খেলা এই অতি উত্তেজনাপূৰ্ণ মেচখনত ভাৰতীয় দলে আয়োজক শ্ৰীলংকা A ক ৮ ৰানত পৰাস্ত কৰি শৃংখলাটোত শুভ আৰম্ভণি কৰে ।

মেচখনত টছত জিকি প্ৰথমে বেটিং কৰিবলৈ নামি ভাৰত A দলে নিৰ্ধাৰিত অভাৰত ৬ টা উইকেট হেৰুৱাই ২৭৭ ৰান সংগ্ৰহ কৰে । দলৰ আৰম্ভণি অৱশ্যে আশানুৰূপ নাছিল । আইপিএলত সুন্দৰ প্ৰদৰ্শন কৰা উদীয়মান বিস্ফোৰক বেটাৰ বৈভৱ সূৰ্যৱংশী মাত্ৰ ১৪ ৰান কৰি বিদায় লয় । ইয়াৰ পিছতে প্ৰভচিমৰন সিঙো মাত্ৰ ২ ৰানতে আউট হোৱাত ভাৰতৰ স্ক’ৰ ১৬ ৰানত ২ উইকেট হৈ পৰে । এই সংকটপূৰ্ণ অৱস্থাত প্ৰিয়াংশ আৰ্যই ৩২ ৰানৰ বৰঙণি যোগাই ঋতুৰাজ গাইকোৱাডৰ সৈতে ৫৩ ৰানৰ এক গুৰুত্বপূৰ্ণ পাৰ্টনাৰশ্বিপ গঢ়ি তোলে, যদিও আৰ্য দুৰ্ভাগ্যজনকভাৱে ৰান-আউট হয় ।

ইয়াৰ পিছত ঋতুৰাজ গাইকোৱাডে অধিনায়ক তিলক বাৰ্মাৰ সৈতে মিলি ভাৰতীয় ইনিংছক এক মজবুত ভেটি প্ৰদান কৰে । দুয়োৰে মাজত চতুৰ্থ উইকেটৰ বাবে ১৫০ ৰানৰ এক বৃহৎ পাৰ্টনাৰশ্বিপ গঢ়ি উঠে । গাইকোৱাডে ১১২ টা বলত ৬ টা চাৰি আৰু ৩ টা ছিক্সাৰেৰে নিজৰ আকৰ্ষণীয় শতক অৰ্জন কৰে । অৱশ্যে শতক সম্পূৰ্ণ কৰাৰ ঠিক পিছতেই ১০১ ৰানত তেওঁ ৱানুজা সাহানৰ বলত আভিষ্কা ফাৰ্নাণ্ডোক কেচ দি আউট হয় ।

আনহাতে অধিনায়ক তিলক বাৰ্মাই এক মন্থৰ কিন্তু দায়িত্বশীল অৰ্ধশতকীয় ইনিংছ খেলি ৮৫ টা বলত ৬০ ৰান কৰি মহম্মদ চিৰাজৰ বলত ব’ল্ড হয় । অন্তিম অভাৰকেইটাত সূৰ্যাংশ চেডগেই ১৪ বলত অপৰাজিত ২৬ ৰান আৰু আয়ুষ বাদোনীয়ে ১৮ বলত ২৪ ৰানৰ দ্ৰুত ইনিংছ খেলি দলৰ স্ক’ৰ ২৭৭ লৈ লৈ যায়। অনুকূল ৰয় ১ ৰান কৰি অপৰাজিত হৈ ৰয় । শ্ৰীলংকা A ৰ হৈ মহম্মদ চিৰাজে সৰ্বাধিক ২ টা উইকেট লাভ কৰে ।

২৭৮ ৰানৰ লক্ষ্য খেদিবলৈ নামি শ্ৰীলংকা A দলে এক শক্তিশালী আৰম্ভণি কৰে । অপেনাৰ নিৰোচন ডিকৱেলাই ৪৭ ৰান আৰু আভিষ্কা ফাৰ্নাণ্ডোৱে ৪৫ ৰান কৰাৰ বিপৰীতে চদীৰা সমৰাৱিক্ৰমাই ৪৬ ৰান যোগ কৰে । মধ্যক্ৰমত শ্ৰীলংকাৰ অধিনায়ক সাহান আৰাচিগেই দলৰ দায়িত্ব লয় আৰু ৭২ টা বলত ৭৪ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলি দলক জয়ৰ নিচেই ওচৰলৈ লৈ যায় । তেওঁৰ এই ইনিংছটোত ৬ টা চাৰি আৰু ২ টা ছিক্সাৰ আছিল ।

খেলখনৰ আটাইতকৈ নিৰ্ণায়ক মুহূৰ্তটো আহে ৪৮ নম্বৰ অভাৰত, যেতিয়া ভাৰতৰ অংশুল কাম্বোজে থিতাপি লৈ থকা শ্ৰীলংকান অধিনায়ক সাহান আৰাচিগেৰ উইকেট দখল কৰে । সেই সময়ত শ্ৰীলংকাক জয়ৰ বাবে মাত্ৰ ১০ টা বলত ৯ ৰানৰ প্ৰয়োজন আছিল আৰু হাতত ৩ টা উইকেট বাকী আছিল । কিন্তু অধিনায়ক আউট হোৱাৰ লগে লগেই আয়োজক দলটো চৰম চাপত পৰে ।

ইয়াৰ পিছৰ অভাৰত ৱানুজা সাহান ২৩ ৰান কৰি ৰান-আউট হয় আৰু মহম্মদ চিৰাষ্ট শূন্য ৰানতে বিদায় লয় । ফলত শ্ৰীলংকা A ৰ সমগ্ৰ দলটো ৪৮.৫ অভাৰত ২৬৯ ৰানতে অল-আউট হয় । ভাৰতৰ হৈ অৰ্শদ খান, অনুকূল ৰয়, আয়ুষ বাদোনী আৰু বিপ্ৰাজ নিগমে সুন্দৰ বলিং কৰি ২ টাকৈ উইকেট লাভ কৰে আৰু ৭ টা বল বাকী থকা অৱস্থাতে ভাৰতক এক স্মৰণীয় জয় উপহাৰ দিয়ে ।

এই মেচখনৰ বাবে ভাৰত A দলৰ খেলুৱৈসকল আছিল- বৈভৱ সূৰ্যৱংশী, প্ৰভচিমৰন সিং (উইকেট কীপাৰ), প্ৰিয়াংশ আৰ্য, ঋতুৰাজ গাইকোৱাড়, তিলক বাৰ্মা (অধিনায়ক), আয়ুষ বাদোনী, অনুকূল ৰয়, সূৰ্যাংশ চেডগে, অংশুল কাম্বোজ, অৰ্শদ খান আৰু বিপ্ৰাজ নিগম ।

লগতে পঢ়ক : আফগানিস্তানৰ শৃংখলাৰ পূৰ্বে ভাৰতীয় দললৈ সকাহ : ৰোহিত-হাৰ্দিকক বিচিচিআইৰ সেউজ সংকেত