বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ভংগ হ’ল মাষ্টাৰ-ব্লাষ্টাৰৰ অভিলেখ

বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ভংগ হ’ল মাষ্টাৰ-ব্লাষ্টাৰৰ অভিলেখ

টীম ইণ্ডিয়াৰ হৈ খেলপথাৰত নামিয়েই ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম সোণালী আখৰেৰে লিখিলে যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত টি২০ শৃংখলাৰ দ্বিতীয়খন খেলত এক অভূতপূৰ্ব ইতিহাসৰ সাক্ষী হৈ ৰ’ল ক্ৰীড়াবিশ্ব । শনিবাৰে (৪ জুলাই) মানচেষ্টাৰৰ ওল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত খেলখনত টীম ইণ্ডিয়াৰ হৈ খেলপথাৰত

টীম ইণ্ডিয়াৰ হৈ খেলপথাৰত নামিয়েই ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম সোণালী আখৰেৰে লিখিলে যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত টি২০ শৃংখলাৰ দ্বিতীয়খন খেলত এক অভূতপূৰ্ব ইতিহাসৰ সাক্ষী হৈ ৰ’ল ক্ৰীড়াবিশ্ব । শনিবাৰে (৪ জুলাই) মানচেষ্টাৰৰ ওল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত খেলখনত টীম ইণ্ডিয়াৰ হৈ খেলপথাৰত নামিয়েই ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম সোণালী আখৰেৰে লিখিলে যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে । বাওঁহতীয়া বিস্ফোৰক বেটছমেন বৈভৱ এতিয়া ভাৰতৰ হৈ আটাইতকৈ কম বয়সত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটোৱা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে ।

খেলৰ পূৰ্বে বৈভৱক তেওঁৰ ঐতিহাসিক অভিষেক কেপ তুলি দিয়ে দলৰ উপ-অধিনায়ক তিলক বাৰ্মাই । ইয়াৰ সৈতে বৈভৱ ভাৰতৰ হৈ টি২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলা ১২২ সংখ্যক খেলুৱৈ হিচাপে পৰিগণিত হয় ।

ভংগ হ’ল মহান ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰৰ অভিলেখ-

মাত্ৰ ১৫ বছৰ ৯৯ দিন বয়সত নিজৰ আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটাই বৈভৱ সূৰ্যৱংশীয়ে ক্ৰিকেটৰ ভগৱান হিচাপে পৰিচিত শচীন টেণ্ডুলকাৰৰ বহু পুৰণি অভিলেখ ভংগ কৰে ।

শচীন টেণ্ডুলকাৰৰ অভিলেখ : ১৯৮৯ চনৰ ১৫ নৱেম্বৰত পাকিস্তানৰ বিৰুদ্ধে কৰাচীত টেষ্ট মেচ খেলি শচীনে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰিছিল । অভিষেকৰ সময়ত তেওঁৰ বয়স আছিল ১৬ বছৰ ২০৫ দিন ।

শ্বেফালী বাৰ্মাৰ অভিলেখ : কেৱল পুৰুষ ক্ৰিকেটেই নহয়, সামগ্ৰিক ভাৰতীয় ক্ৰিকেটৰ ইতিহাসতো বৈভৱে শীৰ্ষস্থান দখল কৰিছে । ইয়াৰ পূৰ্বে ভাৰতৰ হৈ মহিলা ক্ৰিকটত আটাইতকৈ কম বয়সত অভিষেক ঘটোৱাৰ অভিলেখ আছিল শ্বেফালী বাৰ্মাৰ নামত (১৫ বছৰ ২৩৯ দিন)। এতিয়া বৈভৱে তেওঁতকৈও কম বয়সত দেশক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰিলে ।


IPL 2026 আৰু শ্ৰীলংকাত চমকপ্ৰদ প্ৰদৰ্শন-
বিগত কেইমাহমানৰ পৰা ভাৰতীয় ক্ৰিকেটত বৈভৱ সূৰ্যৱংশীৰ নাম জোৰদাৰভাৱে চৰ্চিত হৈ আহিছে । আই পি এল ২০২৬ ত ৰাজস্থান ৰয়েলছৰ হৈ খেলি তেওঁ বেটেৰে এনে ধুমুহাৰ সৃষ্টি কৰিছিল যে সমগ্ৰ বিশ্বই তেওঁৰ প্ৰতিভাৰ উমান পাইছিল । সমগ্ৰ ছিজনত আক্ৰমণাত্মক শৈলীৰে বেটিং কৰি তেওঁ ৭৭৬ ৰান সংগ্ৰহ কৰিছিল । এই সময়ছোৱাত তেওঁৰ বেটিং ষ্ট্ৰাইক ৰেট আছিল ২৩৭.৩০, যিয়ে টি২০ ক্ৰিকেটত তেওঁৰ বিস্ফোৰক মানসিকতা প্ৰদৰ্শন কৰে ।

আইপিএলৰ ধুমুহাৰ পিছতে বৈভৱে ইণ্ডিয়া-এ দলত সুযোগ লাভ কৰে । শ্ৰীলংকাত অনুষ্ঠিত ত্ৰিকোণীয় শৃংখলাত শ্ৰীলংকা-এ দলৰ বিৰুদ্ধে খিতাপ দখলৰ যুঁজখনত বৈভৱে মাত্ৰ ১১টা বলতে অৰ্ধশতক অৰ্জন কৰিছিল । এইটো লিষ্ট-এ ক্ৰিকেটৰ ইতিহাসত যিকোনো বেটছমেনৰ বাবে আটাইতকৈ দ্ৰুততম অৰ্ধশতক হিচাপে ধৰা হৈছে ।

বিচিচিআইৰ ভাইৰেল ভিডিঅ’:

আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ আৰম্ভণিৰে পৰাই বৈভৱ চৰ্চাত আছিল । বিচিচিআইয়ে শ্বেয়াৰ কৰা তেওঁৰ প্ৰথমটো নেট চেশ্বনৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছি ল।

মাত্ৰ ১৫ বছৰ বয়সতে বৈভৱ সূৰ্যৱংশীয়ে যিধৰণে ইটোৰ পিছত সিটো অভিলেখ গঢ়িছে, সি ক্ৰিকেট বিশেষজ্ঞ তথা প্ৰাক্তন ক্ৰিকেটাৰসকলকো আপ্লুত কৰিছে । ক্ৰিকেট অনুৰাগীসকলে এতিয়া আশা প্ৰকাশ কৰিছে যে এই যুৱ তাৰকাগৰাকীয়ে অনাগত দিনত টীম ইণ্ডিয়াৰ হৈ বহু স্মৰণীয় ইনিংছ খেলি বিশ্ব ক্ৰিকেটত ভাৰতৰ নাম উজলাই তুলিব ।

লগতে পঢ়ক : ‘তেওঁ শচীন আৰু বিৰাটৰ দৰেই প্ৰতিভাশালী’; বৈভৱ সূৰ্যৱংশীক লৈ কপিল দেবৰ বিশেষ মন্তব্য