২০ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন

২০ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন

প্ৰায় তিনি সপ্তাহজোৰা এই বৰ্ষাকালীন অধিৱেশনত চৰকাৰে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰাৰ প্ৰয়াস কৰিব ২০ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন । কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ মৰ্মে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২০ জুলাইৰ পৰা ১৩ আগষ্টলৈকে সংসদৰ উভয় সদনৰ বৈঠক আহ্বান কৰাত অনুমোদন জনাইছে । কেন্দ্ৰীয়

প্ৰায় তিনি সপ্তাহজোৰা এই বৰ্ষাকালীন অধিৱেশনত চৰকাৰে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰাৰ প্ৰয়াস কৰিব

২০ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন । কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ মৰ্মে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২০ জুলাইৰ পৰা ১৩ আগষ্টলৈকে সংসদৰ উভয় সদনৰ বৈঠক আহ্বান কৰাত অনুমোদন জনাইছে । কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে এক্স হেণ্ডেলত এটা পোষ্টৰ জৰিয়তে এই কথা জানিবলৈ দিছে । সংসদীয় পৰম্পৰা অনুসৰি, উভয় সদনৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতিৰ ভাষণৰ জৰিয়তে বৰ্ষাকালীন অধিৱেশন আৰম্ভ হ’ব । দুয়োখন সদনতে ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ চৰ্চাও হ’ব । প্ৰায় তিনি সপ্তাহজোৰা এই বৰ্ষাকালীন অধিৱেশনত চৰকাৰে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰাৰ প্ৰয়াস কৰিব ।

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এক্স হেণ্ডেলত লিখিছে- ভাৰত চৰকাৰৰ পৰামৰ্শ ক্ৰমে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২০২৬ বৰ্ষৰ বৰ্ষাকালীন অধিৱেশনত সংসদৰ উভয় সদনৰ বৈঠক আহ্বান কৰাৰ অনুমতি প্ৰদান কৰিছে । এই অধিৱেশন ২০ জুলাইৰ পৰা আৰম্ভ হৈ ১৩ আগষ্টলৈকে চলিব । ৰিজিজুৱে কয় যে বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত তৰ্ক, আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ।

ইয়াৰ পূৰ্বে সংসদৰ বাজেট অধিৱেশন যোৱা ১৮ এপ্ৰিলত সমাপ্ত হৈছিল । ২৮ জানুৱাৰীত আৰম্ভ হোৱা সংসদৰ বাজেট অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰা হৈছিল । লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ মতে, অধিৱেশনৰ সময়ছোৱাত ৩১ খন বৈঠক অনুষ্ঠিত হৈছিল । প্ৰায় ১৫১ ঘণ্টা ৪২ মিনিট ধৰি চলা কাৰ্যসূচীৰ সময়ত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়কৰ ওপৰত আলোচনা কৰা হৈছিল ।

লগতে পঢ়ক : বিপদ বাঢ়িছে টেলিগ্ৰামৰ; চৰকাৰে দিলে ১৫ দিনীয়া আল্টিমেটাম

শেহতীয়া প্ৰৱন্ধসমূহ