২০ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন

প্ৰায় তিনি সপ্তাহজোৰা এই বৰ্ষাকালীন অধিৱেশনত চৰকাৰে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰাৰ প্ৰয়াস কৰিব

২০ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন । কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ মৰ্মে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২০ জুলাইৰ পৰা ১৩ আগষ্টলৈকে সংসদৰ উভয় সদনৰ বৈঠক আহ্বান কৰাত অনুমোদন জনাইছে । কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে এক্স হেণ্ডেলত এটা পোষ্টৰ জৰিয়তে এই কথা জানিবলৈ দিছে । সংসদীয় পৰম্পৰা অনুসৰি, উভয় সদনৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতিৰ ভাষণৰ জৰিয়তে বৰ্ষাকালীন অধিৱেশন আৰম্ভ হ’ব । দুয়োখন সদনতে ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ চৰ্চাও হ’ব । প্ৰায় তিনি সপ্তাহজোৰা এই বৰ্ষাকালীন অধিৱেশনত চৰকাৰে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰাৰ প্ৰয়াস কৰিব ।

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এক্স হেণ্ডেলত লিখিছে- ভাৰত চৰকাৰৰ পৰামৰ্শ ক্ৰমে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২০২৬ বৰ্ষৰ বৰ্ষাকালীন অধিৱেশনত সংসদৰ উভয় সদনৰ বৈঠক আহ্বান কৰাৰ অনুমতি প্ৰদান কৰিছে । এই অধিৱেশন ২০ জুলাইৰ পৰা আৰম্ভ হৈ ১৩ আগষ্টলৈকে চলিব । ৰিজিজুৱে কয় যে বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত তৰ্ক, আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ।

ইয়াৰ পূৰ্বে সংসদৰ বাজেট অধিৱেশন যোৱা ১৮ এপ্ৰিলত সমাপ্ত হৈছিল । ২৮ জানুৱাৰীত আৰম্ভ হোৱা সংসদৰ বাজেট অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰা হৈছিল । লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ মতে, অধিৱেশনৰ সময়ছোৱাত ৩১ খন বৈঠক অনুষ্ঠিত হৈছিল । প্ৰায় ১৫১ ঘণ্টা ৪২ মিনিট ধৰি চলা কাৰ্যসূচীৰ সময়ত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়কৰ ওপৰত আলোচনা কৰা হৈছিল ।

লগতে পঢ়ক : বিপদ বাঢ়িছে টেলিগ্ৰামৰ; চৰকাৰে দিলে ১৫ দিনীয়া আল্টিমেটাম