২১ জুলাইৰ পৰা ২১ আগষ্টলৈ চলিব সংসদৰ বৰ্ষাকালীন অধিৱেশন; ৰাষ্ট্ৰপতিয়ে দিলে অনুমোদন

২১ জুলাইৰ পৰা ২১ আগষ্টলৈ চলিব সংসদৰ বৰ্ষাকালীন অধিৱেশন

২১ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন । ২১ আগষ্টলৈকে চলিব এই অধিৱেশন । এই তথ্য বুধবাৰে প্ৰদান কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে । পূৰ্বে ১২ আগষ্টত অধিৱেশন সমাপ্ত হ’বলগীয়া আছিল যদিও এতিয়া এসপ্তাহৰ বাবে বৃদ্ধি কৰা হৈছে । পহলগাম আক্ৰমণৰ পিছত চলি থকা এই সংসদ অধিৱেশন অতি উত্তাল হোৱাৰ সম্ভাৱনা আছে ।

কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে মঙলবাৰে সামাজিক মাধ্যমত যে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২০২৫ চনৰ ২১ জুলাইৰ পৰা ২১ আগষ্টলৈ সংসদৰ বৰ্ষাকালীন অধিৱেশন আহ্বান কৰিবলৈ চৰকাৰৰ প্ৰস্তাৱত অনুমোদন জনাইছে । কিন্তু স্বাধীনতা দিৱস উদযাপনৰ কথা মনত ৰাখি ১৩ আৰু ১৪ আগষ্টত কোনো বৈঠক অনুষ্ঠিত নহয় ।

তিনিমাহতকৈ অধিক সময়ৰ ব্যৱধানৰ অন্তত ২১ জুলাইৰ পুৱা ১১ বজাত দুয়োটা সংসদ সদনৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা । ইয়াৰ পূৰ্বে ৰিজিজুৱে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত গঠিত সংসদীয় পৰিক্ৰমা কেবিনেট কমিটীয়ে এই তাৰিখৰ পৰামৰ্শ দিছিল । তেওঁ কয় যে ৰাষ্ট্ৰপতিয়ে এই পৰামৰ্শত অনুমোদন জনাইছে । এই অধিৱেশনত বহু গুৰুত্বপূৰ্ণ বিধেয়ক আৰু বিষয় আলোচনা হোৱাৰ সম্ভাৱনা আছে ।

অপাৰেচন সিন্দুৰৰ পিছৰ এই প্ৰথম অধিবেশন উত্তাল হোৱাৰ সম্ভাৱনা আছে । আগন্তুক অধিৱেশনৰ সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধেও মহাভিযোগ দাখিলৰ প্ৰস্তাৱ অনাৰ প্ৰস্তুতি চলোৱা হৈছে । সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুক ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে মহাভিযোগ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সন্দৰ্ভত বিৰোধী দলসমূহৰ সৈতে আলোচনাৰ দায়িত্ব দিয়া হৈছে ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি ২০২৫ত অনুমোদন কেবিনেটৰ; হ’ব এইসমূহ ঐতিহাসিক পৰিৱৰ্তন

২১ জুলাইৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন…

সংসদৰ বৰ্ষাকালীন অধিৱেশন

ভাৰত আৰু পাকিস্তানৰ যুদ্ধসদৃশ পৰিস্থিতি, অপাৰেচন সিন্দুৰ আৰু তাৰ পিছত যুদ্ধবিৰতিৰ সন্দৰ্ভত বিতং আলোচনাৰ দাবীত বিৰোধী দলসমূহে সংসদৰ বিশেষ অধিৱেশনৰ দাবী জনাই আহিছে । বিৰোধীৰ দাবীৰ মাজতে এতিয়া প্ৰকাশ পাইছে সংসদৰ আগন্তুক বৰ্ষাকালীন অধিৱেশনৰ তাৰিখ । ২১ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন

সংসদীয় পৰিক্ৰমা কেবিনেট কমিটীয়ে বৰ্ষাকালীন অধিৱেশনৰ তাৰিখ সন্দৰ্ভত এক প্ৰস্তাৱ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰিছে । তথ্য অনুসৰি চৰকাৰে প্ৰেৰণ কৰা প্ৰস্তাৱত ২১ জুলাইৰ পৰা ১২ আগষ্টৰ ভিতৰত এই অধিৱেশন আহ্বান কৰাৰ কথা উল্লেখ কৰা হৈছে । অপাৰেচন সিন্দুৰৰ পিছৰ এই প্ৰথম অধিবেশন উত্তাল হ’ব বুলি ধাৰণা কৰা হৈছে । ইতিমধ্যে বিৰোধী দলসমূহে সংসদৰ বিশেষ অধিৱেশনত অপাৰেচন সিন্দুৰৰ বিষয়ে বিতংভাৱে আলোচনা কৰিবলৈ দাবী জনাইছে ।

চৰকাৰে কয় যে আগন্তুক সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত যদি বিৰোধীয়ে নিয়মৰ অধীনত আলোচনাৰ দাবী কৰে, তেন্তে আমি পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ বিষয়ে আলোচনা কৰিবলৈ সাজু । আগন্তুক অধিৱেশনৰ সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধেও মহাঅভিযোগ অনাৰ প্ৰস্তুতি চলাইছে ।

লগতে পঢ়ক : জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক এতিয়াৰে পৰা জনা যাব কুলগুৰু নামেৰে

সংসদত গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক; কি হ’ব আইনখনৰ নাম, কেনেকৈ কৰিব কাম?

ৰাজ্যসভাত বৃহস্পতিবাৰে ৱাকফ সংশোধনী বিধেয়ক ২০২৫ত ৱাকফ ব’ৰ্ডত স্বচ্ছতা বৃদ্ধিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিধান সন্নিবিষ্ট কৰা হৈছে।

য’ত দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত ৯৫টা ভোটৰ বিপৰীতে ১২৮টা ভোটত অনুমোদন জনোৱা হয়।এই বিধেয়কখনৰ সন্দৰ্ভত চৰকাৰে দাবী কৰে যে এই সম্প্ৰদায়ৰ মহিলাসকলৰ লগতে দেশৰ দৰিদ্ৰ আৰু পাছমাণ্ডা মুছলমানসকলৰ অৱস্থা উন্নত কৰাত যথেষ্ট সহায় কৰিব।

ইয়াৰ লগে লগে সংসদে ৱাকফ (সংশোধনী) বিল, ২০২৫ আৰু মুছলিম ৱাকফ (বাতিল) বিল, ২০২৪ত অনুমোদন জনায়।বুধবাৰে পুৱা প্ৰায় ২ বজাত লোকসভাই গৃহীত কৰে। একে সময়তে উচ্চ সদনে বিৰোধীয়ে অনা বহু সংশোধনী নাকচ কৰে।

ৰাজ্যসভাত ৱাকফ বিধেয়ক সন্দৰ্ভত ১৩ ঘণ্টা ধৰি চলিছিল বিতৰ্ক-

১৩ ঘণ্টাৰো অধিক সময় ধৰি চলি থকা বিধেয়কখনৰ ওপৰত হোৱা আলোচনাৰ উত্তৰত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে ২০০৬ চনত দেশত ৪.৯ লাখ ৱাকফৰ সম্পত্তি আছিল আৰু এইবোৰৰ পৰা মুঠ আয় আছিল মাত্ৰ ১৬৩ কোটি টকা।

২০১৩ চনত সাল-সলনি কৰাৰ পিছত আয় বৃদ্ধি পালে মাত্ৰ ৩ কোটি টকা।তেওঁ কয় যে আজি দেশত মুঠ ৮.৭২ লাখ ৱাকফ সম্পত্তি আছে।

তেওঁ কয় যে বিধেয়কখনত ৱাকফৰ সম্পত্তি পৰিচালনা কৰা, ইয়াৰ প্ৰশাসন আৰু ইয়াক নিৰীক্ষণ কৰা মুতাৱাল্লীৰ বাবে এটা ব্যৱস্থা আছে।ৰিজিজুৱে কয়, “চৰকাৰে কোনো ধৰণে ৱাকফৰ সম্পত্তি পৰিচালনা বা হস্তক্ষেপ নকৰে।”

বিধেয়কখনক লৈ বিয়পি থকা ভুল ধাৰণাবোৰ সকলো ভিত্তিহীন-

তেওঁ কয় যে এই বিধেয়কৰ জৰিয়তে ৱাকফ বিষয়ত মুছলমানৰ বাহিৰে অন্য লোকৰ  হস্তক্ষেপ নহ’ব আৰু এই সন্দৰ্ভত প্ৰচাৰিত হোৱা সকলো ধাৰণা ভিত্তিহীন।

জেপিচিৰ প্রতিবেদন অনুসৰি চৰকাৰে বিধেয়কখনত বহু সালসলনি কৰা হৈছে। ইয়াৰ ভিতৰত জিলা দণ্ডাধীশতকৈ উচ্চ পদবীৰ বিষয়াই ৱাকফ হিচাপে ঘোষণা কৰা চৰকাৰী ভূমিৰ তদন্ত কৰিব লাগে বুলি পৰামৰ্শ দিয়াটোও অন্যতম।

গৃহীত হোৱাৰ পিছত এই আইনখনৰ নতুন নাম হ’ব-

এই বিধেয়কখন গৃহীত হোৱাৰ পাছত যিখন আইনখন বলবৎ হ’ব, সেই আইনখনক নতুন নাম দিয়া হৈছে ‘ইউমিড’ (ইউনিফাইড ৱাকফ মেনেজমেণ্ট এম্পাৱাৰমেণ্ট, ইফিচিয়েন্সি এণ্ড ডেভেলপমেণ্ট) এক্ট, ২০১৬ বুলি, এই ক্ষেত্ৰত কাৰো আপত্তি থাকিব নালাগে।

তেওঁ স্পষ্ট কৰি দিয়ে যে যদি ৱাকফ সম্পৰ্কীয় বিষয়টো সমাধান হৈছে তেন্তে এই বিধেয়কখনৰ বিধানসমূহ এনে গোচৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। কিন্তু যদি কোনো বিষয় আদালতত বিচাৰাধীন হৈ থাকে তেন্তে তাৰ বাবে একো কৰিব নোৱাৰি।

তেওঁ কয় যে এই বিধেয়কখনৰ বিধানসমূহে দেশৰ দৰিদ্ৰ মুছলমানসকলৰ কল্যাণৰ দিশত আগবাঢ়ি যাব আৰু ৱাকফ ব’ৰ্ডৰ অধীনত থকা সম্পত্তিসমূহৰ উন্নত ব্যৱস্থাপনাৰ বাবে তেওঁলোকৰ উত্থানত সহায় কৰিব।

পৰিষদত কাক কাক কৰা হ’ব অন্তৰ্ভুক্ত –

তেওঁ কয় যে কেন্দ্ৰীয় ৱাকফ পৰিষদত ২২ জন সদস্য থাকিব। ইয়াত চাৰিজনতকৈ অধিক অমুছলমান সদস্য নাথাকিব।

ইয়াত তিনিজন সংসদ সদস্য (সাংসদ), মুছলমান সম্প্ৰদায়ৰ ১০ জন সদস্য, উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ দুজন প্ৰাক্তন ন্যায়াধীশ, ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় খ্যাতিৰ এজন অধিবক্তা, বিভিন্ন ক্ষেত্ৰৰ চাৰিজন সুনাম ব্যক্তি, অতিৰিক্ত সচিব আৰু ভাৰত চৰকাৰৰ যুটীয়া সম্পাদক থাকিব। তেওঁ কয় যে মুছলমান সম্প্ৰদায়ৰ ১০ জন সদস্যৰ ভিতৰত দুজন মহিলা হ’ব লাগিব।

সংসদত বিশৃংখলতা! বিৰোধী সাংসদে নিক্ষেপ কৰিলে ইটোৰ পিছত সিটোকৈ কেইবাটাও স্মক গ্ৰেনেড

ইউৰোপীয় দেশ ছাৰ্বিয়াৰ সংসদত বিৰোধী দলৰ সাংসদে ব্যাপক হুলস্থুলৰ সৃষ্টি কৰিছে । বিৰোধী দলৰ সাংসদসকলে সংসদত ইটোৰ পিছত সিটোকৈ কেইবাটাও স্মক গ্ৰেনেড আৰু কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰি সংসদীয় অধিৱেশনত বিশৃংখলতাৰ সৃষ্টি কৰে । লগতে সংসদত কাজিয়া হোৱাও পৰিলক্ষিত হ’ল ।

সংসদীয় অধিৱেশনৰ লাইভ টেলিভিছন সম্প্ৰচাৰত দেখা গৈছে যে চৰকাৰী নীতিৰ প্ৰতিবাদত মঙলবাৰে সংসদৰ ভিতৰত স্মক গ্ৰেনেড আৰু কন্দুৱা গেছ নিক্ষেপ কৰে ছাৰ্বিয়াৰ বিৰোধী সাংসদসকলে । ইয়াৰ পিছত সমগ্ৰ সংসদতে ক’লা-গোলাপী ধোঁৱা বিয়পি পৰে । বিৰোধী দলৰ সাংসদসকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীক সমৰ্থন আগবঢ়াইছিল ।

কি বিষয়ত ক্ষুব্ধ বিৰোধীয়ে সংসদত হুলস্থুলৰ সৃষ্টি কৰিলে ?

চাৰি মাহ পূৰ্বে ছাৰ্বিয়াত ৰেল ষ্টেচনৰ ভাঙি ১৫ জন লোকৰ মৃত্যু হৈছিল । ইয়াৰ পিছতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হয় যি এতিয়া চৰকাৰৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি হৈ পৰিছে ।

বিধানসভাৰ অধিবেশনত ছাৰ্বিয়ান প্ৰগ্ৰেছিভ পাৰ্টিৰ নেতৃত্বত শাসকীয় মিত্ৰজোঁটে অধিৱেশনৰ কাৰ্যসূচীত অনুমোদন জনায় আৰু তাৰ পিছত বিৰোধী দলৰ একাংশ নেতাই নিজৰ আসনৰ পৰা উঠি সংসদৰ অধ্যক্ষৰ ফালে দৌৰি যায় । ইয়াৰ মাজতে নিৰাপত্তাৰক্ষীৰ সৈতে কাজিয়া দেখা গৈছিল ।

একে সময়তে একাংশ বিৰোধী সাংসদে স্মক গ্ৰেনেড আৰু কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰে । লাইভ সম্প্ৰচাৰত সংসদ ভৱনৰ ভিতৰত ক’লা আৰু গোলাপী ৰঙৰ ধোঁৱা ওলোৱা দেখা গৈছিল ।

মঙলবাৰে ছাৰ্বিয়াৰ সংসদে দেশখনৰ বিশ্ববিদ্যালয়সমূহৰ বাবে ধন বৃদ্ধি কৰা আইন প্ৰণয়ন কৰিবলগীয়া আছিল । ডিচেম্বৰৰ পৰা ছাৰ্বিয়াত ছাত্ৰ-ছাত্ৰীসকলে এই আইনখনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

দেশৰ প্ৰধানমন্ত্ৰী মিলছ ৱুচেভিচৰ পদত্যাগ সন্দৰ্ভতো সংসদত আলোচনা হ’বলগীয়া আছিল যদিও শাসকীয় মিত্ৰজোঁটে এনে বহু বিষয় অধিৱেশনৰ কাৰ্যসূচীত স্থান দিছিল, যাৰ ফলত বিৰোধী দলক বেয়াকৈ ক্ষুব্ধ হৈ পৰিছিল ।