২১ জুলাইৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন...

২১ জুলাইৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন…

সংসদৰ বৰ্ষাকালীন অধিৱেশন ভাৰত আৰু পাকিস্তানৰ যুদ্ধসদৃশ পৰিস্থিতি, অপাৰেচন সিন্দুৰ আৰু তাৰ পিছত যুদ্ধবিৰতিৰ সন্দৰ্ভত বিতং আলোচনাৰ দাবীত বিৰোধী দলসমূহে সংসদৰ বিশেষ অধিৱেশনৰ দাবী জনাই আহিছে । বিৰোধীৰ দাবীৰ মাজতে এতিয়া প্ৰকাশ পাইছে সংসদৰ আগন্তুক বৰ্ষাকালীন অধিৱেশনৰ তাৰিখ । ২১ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ

সংসদৰ বৰ্ষাকালীন অধিৱেশন

ভাৰত আৰু পাকিস্তানৰ যুদ্ধসদৃশ পৰিস্থিতি, অপাৰেচন সিন্দুৰ আৰু তাৰ পিছত যুদ্ধবিৰতিৰ সন্দৰ্ভত বিতং আলোচনাৰ দাবীত বিৰোধী দলসমূহে সংসদৰ বিশেষ অধিৱেশনৰ দাবী জনাই আহিছে । বিৰোধীৰ দাবীৰ মাজতে এতিয়া প্ৰকাশ পাইছে সংসদৰ আগন্তুক বৰ্ষাকালীন অধিৱেশনৰ তাৰিখ । ২১ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন

সংসদীয় পৰিক্ৰমা কেবিনেট কমিটীয়ে বৰ্ষাকালীন অধিৱেশনৰ তাৰিখ সন্দৰ্ভত এক প্ৰস্তাৱ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰিছে । তথ্য অনুসৰি চৰকাৰে প্ৰেৰণ কৰা প্ৰস্তাৱত ২১ জুলাইৰ পৰা ১২ আগষ্টৰ ভিতৰত এই অধিৱেশন আহ্বান কৰাৰ কথা উল্লেখ কৰা হৈছে । অপাৰেচন সিন্দুৰৰ পিছৰ এই প্ৰথম অধিবেশন উত্তাল হ’ব বুলি ধাৰণা কৰা হৈছে । ইতিমধ্যে বিৰোধী দলসমূহে সংসদৰ বিশেষ অধিৱেশনত অপাৰেচন সিন্দুৰৰ বিষয়ে বিতংভাৱে আলোচনা কৰিবলৈ দাবী জনাইছে ।

চৰকাৰে কয় যে আগন্তুক সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত যদি বিৰোধীয়ে নিয়মৰ অধীনত আলোচনাৰ দাবী কৰে, তেন্তে আমি পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ বিষয়ে আলোচনা কৰিবলৈ সাজু । আগন্তুক অধিৱেশনৰ সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধেও মহাঅভিযোগ অনাৰ প্ৰস্তুতি চলাইছে ।

লগতে পঢ়ক : জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক এতিয়াৰে পৰা জনা যাব কুলগুৰু নামেৰে

শেহতীয়া প্ৰৱন্ধসমূহ