এছিয়ান গেমছ ২০২৬: শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা; টি-২০ দলত জশপ্ৰীত বুমৰাহ

এছিয়ান গেমছ ২০২৬: শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা; টি-২০ দলত যশপ্ৰীত বুমৰাহ

জাপানত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ এছিয়ান গেমছৰ পুৰুষৰ টি-২০ প্ৰতিযোগিতাৰ বাবে ১৫ জনীয়া শক্তিশালী ভাৰতীয় দলটো ঘোষণা কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)-এ অহা ছেপ্টেম্বৰ-অক্টোবৰ মাহত জাপানত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ এছিয়ান গেমছৰ পুৰুষৰ টি-২০ প্ৰতিযোগিতাৰ বাবে ১৫ জনীয়া শক্তিশালী ভাৰতীয় দলটো ঘোষণা কৰিছে ।

জাপানত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ এছিয়ান গেমছৰ পুৰুষৰ টি-২০ প্ৰতিযোগিতাৰ বাবে ১৫ জনীয়া শক্তিশালী ভাৰতীয় দলটো ঘোষণা কৰিছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)-এ অহা ছেপ্টেম্বৰ-অক্টোবৰ মাহত জাপানত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ এছিয়ান গেমছৰ পুৰুষৰ টি-২০ প্ৰতিযোগিতাৰ বাবে ১৫ জনীয়া শক্তিশালী ভাৰতীয় দলটো ঘোষণা কৰিছে । নতুনকৈ নিযুক্ত হোৱা টি-২০ অধিনায়ক শ্ৰেয়াছ আয়াৰে এই গুৰুত্বপূৰ্ণ মহাদেশীয় প্ৰতিযোগিতাখনত দলটোক নেতৃত্ব প্ৰদান কৰিব । আনহাতে যুৱ বেটাৰ তিলক বাৰ্মাক দলৰ সহ-অধিনায়ক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে ।

এই দলটোৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ’ল তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহৰ প্ৰত্যাৱৰ্তন । ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে বুমৰাহৰ কৰ্মভাৰ পৰিচালনা কৰাৰ উদ্দেশ্যে বাছনিকৰ্তাসকলে তেওঁক জুন-জুলাই মাহৰ আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ পৰা জিৰণি দিছিল । কিন্তু এছিয়ান গেমছৰ দৰে ডাঙৰ মঞ্চত স্বৰ্ণ পদক অৰ্জনৰ লক্ষ্যৰে ভাৰতে তেওঁক এই পূৰ্ণাংগ দলটোত অন্তৰ্ভুক্ত কৰিছে ।

ভাৰতৰ বেটিং লাইন-আপত যুৱ আৰু অভিজ্ঞ খেলুৱৈৰ এক সুন্দৰ মিশ্ৰণ দেখা গৈছে । কিশোৰ বয়সতে ক্ৰিকেট মহলত চমক সৃষ্টি কৰা বৈভৱ সূৰ্যবংশীক দলত স্থান দিয়া হৈছে । তেওঁ অভিজ্ঞ বেটাৰ সঞ্জু ছেমছন, অভিষেক শৰ্মা আৰু ইশান কিষাণৰ সৈতে বেটিং ক্ৰমৰ শীৰ্ষস্থানৰ বাবে প্ৰত্যাহ্বান জনাব । ইয়াৰ উপৰিও দলৰ মধ্যম ক্ৰম শক্তিশালী কৰিবলৈ নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ আৰু বিধ্বংসী হাৰ্ড-হিটাৰ শিৱম ডুবেক বাছনি কৰা হৈছে ।

বলিং বিভাগৰ কথা ক’বলৈ গ’লে, স্পীন আক্ৰমণৰ বাবে ৱাশ্বিংটন সুন্দৰৰ উপৰিও আন তিনিজন খেলুৱৈ ক্ৰমে অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী আৰু ৰবি বিষ্ণৈক দলত অন্তৰ্ভুক্ত কৰা হৈছে । আনহাতে, পেচ ইউনিটৰ দায়িত্বত থাকিব জশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং আৰু হৰ্ষিত ৰাণা । উইকেটকীপা হিচাপে দলত সঞ্জু ছেমছন আৰু ইশান কিষাণ দুয়োজনেই উপলব্ধ থাকিব ।

জাপানত অনুষ্ঠিত হ’বলগীয়া এই পুৰুষ ক্ৰিকেট প্ৰতিযোগিতাখন সম্পূৰ্ণৰূপে টি-২০ ফৰ্মেটত খেলা হ’ব, যাৰ সময়সূচী ২৪ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰলৈ ধাৰ্য কৰা হৈছে । এইবাৰ খিতাপ অৰ্জনৰ বাবে মুঠ ১০টা শক্তিশালী দলে প্ৰতিদ্বন্দিতা আগবঢ়াব । এই দলসমূহৰ ভিতৰত ভাৰত, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান, নেপাল, মালয়েছিয়া, হংকং, ওমান আৰু আয়োজক দেশ জাপান অন্যতম ।

প্ৰতিযোগিতাৰ আৰম্ভণি ২৪ৰ পৰা ২৬ ছেপ্টেম্বৰলৈ প্ৰাথমিক অৰ্হতা পৰ্যায়ৰ মেচেৰে হ’ব । ইয়াৰ পিছত ২৮ আৰু ২৯ ছেপ্টেম্বৰত কোৱাৰ্টাৰ ফাইনেল মেচসমূহ অনুষ্ঠিত হ’ব । প্ৰতিযোগিতাৰ ছেমি ফাইনেল ১ অক্টোবৰত খেলোৱা হ’ব আৰু অন্তিম দিনা অৰ্থাৎ ৩ অক্টোবৰত ব্ৰঞ্জৰ পদকৰ খেলৰ লগতে বহু প্ৰত্যাশিত স্বৰ্ণ পদকৰ ফাইনেল যুঁজখন অনুষ্ঠিত হ’ব । শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত এই তাৰকাখচিত ভাৰতীয় দলটোৱে দেশলৈ স্বৰ্ণ পদক কঢ়িয়াই আনিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে ।

এছিয়ান গেমছৰ বাবে ভাৰতৰ পুৰুষৰ টি-২০ দলঃ শ্ৰেয়াছ আয়াৰ (অধিনায়ক), সঞ্জু চেমছন, অভিষেক শৰ্মা, ঈশান কিষাণ, শিৱম ডুবে, তিলক বৰ্মা, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, নীতিশ কুমাৰ ৰেড্ডী, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণোই, হৰ্ষিত ৰানা, অৰ্শদ্বীপ সিং, বৈভৱ সূৰ্যবংশী, যশপ্ৰীত বুমৰাহ ।

লগতে পঢ়ক : শ্ৰেয়াছ আয়াৰৰ কান্ধত অধিনায়কত্বৰ গুৰু দায়িত্ব,আন্তঃৰাষ্ট্ৰীয় অভিষেকৰ বাবে সাজু বৈভৱ সূৰ্যবংশী

শেহতীয়া প্ৰৱন্ধসমূহ