এছিয়ান গেমছ ২০২৬: শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা; টি-২০ দলত যশপ্ৰীত বুমৰাহ

জাপানত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ এছিয়ান গেমছৰ পুৰুষৰ টি-২০ প্ৰতিযোগিতাৰ বাবে ১৫ জনীয়া শক্তিশালী ভাৰতীয় দলটো ঘোষণা কৰিছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)-এ অহা ছেপ্টেম্বৰ-অক্টোবৰ মাহত জাপানত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ এছিয়ান গেমছৰ পুৰুষৰ টি-২০ প্ৰতিযোগিতাৰ বাবে ১৫ জনীয়া শক্তিশালী ভাৰতীয় দলটো ঘোষণা কৰিছে । নতুনকৈ নিযুক্ত হোৱা টি-২০ অধিনায়ক শ্ৰেয়াছ আয়াৰে এই গুৰুত্বপূৰ্ণ মহাদেশীয় প্ৰতিযোগিতাখনত দলটোক নেতৃত্ব প্ৰদান কৰিব । আনহাতে যুৱ বেটাৰ তিলক বাৰ্মাক দলৰ সহ-অধিনায়ক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে ।

এই দলটোৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ’ল তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহৰ প্ৰত্যাৱৰ্তন । ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে বুমৰাহৰ কৰ্মভাৰ পৰিচালনা কৰাৰ উদ্দেশ্যে বাছনিকৰ্তাসকলে তেওঁক জুন-জুলাই মাহৰ আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ পৰা জিৰণি দিছিল । কিন্তু এছিয়ান গেমছৰ দৰে ডাঙৰ মঞ্চত স্বৰ্ণ পদক অৰ্জনৰ লক্ষ্যৰে ভাৰতে তেওঁক এই পূৰ্ণাংগ দলটোত অন্তৰ্ভুক্ত কৰিছে ।

ভাৰতৰ বেটিং লাইন-আপত যুৱ আৰু অভিজ্ঞ খেলুৱৈৰ এক সুন্দৰ মিশ্ৰণ দেখা গৈছে । কিশোৰ বয়সতে ক্ৰিকেট মহলত চমক সৃষ্টি কৰা বৈভৱ সূৰ্যবংশীক দলত স্থান দিয়া হৈছে । তেওঁ অভিজ্ঞ বেটাৰ সঞ্জু ছেমছন, অভিষেক শৰ্মা আৰু ইশান কিষাণৰ সৈতে বেটিং ক্ৰমৰ শীৰ্ষস্থানৰ বাবে প্ৰত্যাহ্বান জনাব । ইয়াৰ উপৰিও দলৰ মধ্যম ক্ৰম শক্তিশালী কৰিবলৈ নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ আৰু বিধ্বংসী হাৰ্ড-হিটাৰ শিৱম ডুবেক বাছনি কৰা হৈছে ।

বলিং বিভাগৰ কথা ক’বলৈ গ’লে, স্পীন আক্ৰমণৰ বাবে ৱাশ্বিংটন সুন্দৰৰ উপৰিও আন তিনিজন খেলুৱৈ ক্ৰমে অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী আৰু ৰবি বিষ্ণৈক দলত অন্তৰ্ভুক্ত কৰা হৈছে । আনহাতে, পেচ ইউনিটৰ দায়িত্বত থাকিব জশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং আৰু হৰ্ষিত ৰাণা । উইকেটকীপা হিচাপে দলত সঞ্জু ছেমছন আৰু ইশান কিষাণ দুয়োজনেই উপলব্ধ থাকিব ।

জাপানত অনুষ্ঠিত হ’বলগীয়া এই পুৰুষ ক্ৰিকেট প্ৰতিযোগিতাখন সম্পূৰ্ণৰূপে টি-২০ ফৰ্মেটত খেলা হ’ব, যাৰ সময়সূচী ২৪ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰলৈ ধাৰ্য কৰা হৈছে । এইবাৰ খিতাপ অৰ্জনৰ বাবে মুঠ ১০টা শক্তিশালী দলে প্ৰতিদ্বন্দিতা আগবঢ়াব । এই দলসমূহৰ ভিতৰত ভাৰত, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান, নেপাল, মালয়েছিয়া, হংকং, ওমান আৰু আয়োজক দেশ জাপান অন্যতম ।

প্ৰতিযোগিতাৰ আৰম্ভণি ২৪ৰ পৰা ২৬ ছেপ্টেম্বৰলৈ প্ৰাথমিক অৰ্হতা পৰ্যায়ৰ মেচেৰে হ’ব । ইয়াৰ পিছত ২৮ আৰু ২৯ ছেপ্টেম্বৰত কোৱাৰ্টাৰ ফাইনেল মেচসমূহ অনুষ্ঠিত হ’ব । প্ৰতিযোগিতাৰ ছেমি ফাইনেল ১ অক্টোবৰত খেলোৱা হ’ব আৰু অন্তিম দিনা অৰ্থাৎ ৩ অক্টোবৰত ব্ৰঞ্জৰ পদকৰ খেলৰ লগতে বহু প্ৰত্যাশিত স্বৰ্ণ পদকৰ ফাইনেল যুঁজখন অনুষ্ঠিত হ’ব । শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত এই তাৰকাখচিত ভাৰতীয় দলটোৱে দেশলৈ স্বৰ্ণ পদক কঢ়িয়াই আনিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে ।

এছিয়ান গেমছৰ বাবে ভাৰতৰ পুৰুষৰ টি-২০ দলঃ শ্ৰেয়াছ আয়াৰ (অধিনায়ক), সঞ্জু চেমছন, অভিষেক শৰ্মা, ঈশান কিষাণ, শিৱম ডুবে, তিলক বৰ্মা, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, নীতিশ কুমাৰ ৰেড্ডী, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণোই, হৰ্ষিত ৰানা, অৰ্শদ্বীপ সিং, বৈভৱ সূৰ্যবংশী, যশপ্ৰীত বুমৰাহ ।

লগতে পঢ়ক : শ্ৰেয়াছ আয়াৰৰ কান্ধত অধিনায়কত্বৰ গুৰু দায়িত্ব,আন্তঃৰাষ্ট্ৰীয় অভিষেকৰ বাবে সাজু বৈভৱ সূৰ্যবংশী

আই পি এলৰ মাজতে মুম্বাই ইণ্ডিয়ানছত বৃহৎ পৰিৱৰ্তন; যশপ্ৰীত বুমৰাহলৈ অধিনায়কত্বৰ কামান

আই পি এল ছিজনৰ মাজতে মুম্বাই ইণ্ডিয়ানছে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰথম বাৰৰ বাবে টি-২০ দলৰ অধিনায়কত্ব যশপ্ৰীত বুমৰাহক অৰ্পণ কৰিছে।

আইপিএল ২০২৬ৰ মাজতে মুম্বাই ইণ্ডিয়ানে এক বৃহৎ সিদ্ধান্ত লৈছে । তাৰকা বেগী বলাৰ যশপ্ৰীত বুমৰাহক অধিনায়কত্বৰ দায়িত্ব অৰ্পণ কৰা হৈছে।বুমৰাহক প্ৰথমবাৰৰ বাবে টি-২০ মেচত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কত্ব কৰা দেখা যাব।

দলটোৰ নিয়মীয়া অধিনায়ক হাৰ্দিক পাণ্ডিয়া আৰু জ্যেষ্ঠ বেটছমেন সূৰ্য্যকুমাৰ যাদৱ উপলব্ধ নোহোৱাত এই সিদ্ধান্ত গ্ৰহণ কৰে।আই পি এলৰ ইতিহাসত বুমৰাহ মুম্বাইৰ দশম অধিনায়ক হিচাপে পৰিগণিত হৈছে।ইয়াৰ পূর্বে হৰভজন সিং, শাউন পলক, শচীন টেণ্ডুলকাৰ, ডিজে ব্রাভো, ৰিকি পন্টিং, ৰোহিত শর্মা, কিয়ৰন পোলাৰ্ড, সূর্যকুমাৰ যাদৱ, আৰু হার্দিক পাণ্ডিয়াৰ দৰে দৰে খেলুৱৈয়ে দলটোৰ দায়িত্ব গ্ৰহণ কৰিছে।

পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলখনৰ সময়ত টছত এম আই দলৰ প্ৰতিনিধি হিচাপে যশপ্ৰীত বুমৰাহ আগবাঢ়ি যায়।মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হোৱাৰ সন্দৰ্ভত যশপ্ৰীত বুমৰাহে কয়,অধিনায়ক হোৱাৰ বাবে ভাল লাগিছে।১৯ বছৰ বয়সত মই মুম্বাই ইণ্ডিয়ানছৰ দলত যোগদান কৰিছিলো।মই কেতিয়াও ভবা নাছিলো যে, এম আইৰ অধিনায়কত্ব লাভ কৰাৰ আগতে মই ইতিমধ্যে ভাৰতীয় টেষ্ট দলৰ অধিনায়কত্বৰ অভিজ্ঞতা লাভ কৰিলোঁহেঁতেন।ইয়াত থকাটো এটা মজাৰ অভিজ্ঞতা।সকলো কথা ভাবি, সম্ভৱপৰ সকলো দিশতে নিজৰ অৱদান আগবঢ়াব লাগিব।এইটো এটা নতুন প্ৰত্যাহ্বান, আৰু এই দায়িত্ব মোৰ ভাল লাগে।’

লগতে পঢ়ক: ৰিয়ান পৰাগৰ অনুৰাগীৰ বাবে ভালখবৰ; ইণ্ডিয়া এ টীমৰ উপ-অধিনায়কৰ দায়িত্ব অৰ্পণ

আইচিচিৰ শ্ৰেষ্ঠ দল ঘোষণা, তালিকাত চাৰিগৰাকী ভাৰতীয় খেলুৱৈ…

আইচিচিয়ে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ একাদশ ঘোষণা কৰিছে । টি-২০ বিশ্বকাপৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰা ফিন এলেনকো তালিকাৰ পৰা বাদ দিয়া হৈছে ।

টি-২০ বিশ্বকাপ ২০২৬ৰ সামৰণিৰ পিছতে আইচিচিয়ে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ একাদশ ঘোষণা কৰিছে । চাৰিগৰাকী ভাৰতীয় খেলুৱৈয়ে এই তালিকাত স্থান লাভ কৰাৰ বিপৰীতে নিউজীলেণ্ডৰ কোনো এজন খেলুৱৈয়ে স্থান লাভ কৰা নাই । আনকি টি-২০ বিশ্বকাপৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰা ফিন এলেনকো তালিকাৰ পৰা বাদ দিয়া হৈছে । জিম্বাবুৱেৰ যুৱ অ’পেনাৰ ব্রায়ান বেনেটো এই দলত নাই । প্ৰতিযোগিতাখনত তেওঁ গড় ১৪৬ত ২৯২ ৰান সংগ্ৰহ কৰে ।

আইচিচিৰ টীম অব্ দ্য টুৰ্ণামেন্ট-

প্ৰতিযোগিতাখনৰ আইচিচি টিমত নিৰ্বাচিত হৈছে অ’পেনাৰ চাহিবজাদা ফাৰহান আৰু সঞ্জু ছেমছন । ঈশান কিষান আৰু এইডেন মাৰ্কৰামকো দলত স্থান দিয়া হৈছে, মাৰ্কৰামক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । হাৰ্দিক পাণ্ডিয়া আৰু উইল জেকছকো দলত অন্তৰ্ভুক্ত কৰা হৈছে । ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ জেছন হোল্ডাৰেও এই দলত স্থান লাভ কৰিছে । যশপ্ৰীত বুমৰাহ, লুংগী ঙিদি, আদিল ৰছিদ আৰু ব্লেছিং মুজাৰাবানীকো দলত অন্তৰ্ভুক্ত কৰা হৈছে । তদুপৰি আমেৰিকাৰ শ্বেডলী ভান শ্বেইকৱিককো দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

আইচিচিয়ে নিৰ্বাচন কৰা এঘাৰগৰাকী খেলুৱৈঃ

চাহিবজাদা ফাৰহান, সঞ্জু ছেমছন, ঈশান কিষান, এইডেন মাৰ্কৰাম, হাৰ্দিক পাণ্ডিয়া, উইল জেকছ, জেছন হোল্ডাৰ, যশপ্ৰীত বুমৰাহ, লুংগী ঙিদি, আদিল ৰছিদ আৰু ব্লেছিং মুজাৰাবানী ।

উল্লেখ্য যে, আইচিচিৰ এই দলত স্থান লাভ কৰা ভাৰতীয় খেলুৱৈ সঞ্জু ছেমছনে টি-২০ বিশ্বকাপত ৫খন মেচত ৮০.২৫ গঢ়ে ৩২১ ৰান সংগ্ৰহ কৰে । তেওঁৰ ষ্ট্ৰাইক ৰেট ২০০ৰ ওচৰত আছিল । ইফালে ঈশান কিষানে ৯খন খেলত ৩৫.২২ গড়ে ৩১৭ ৰান সংগ্ৰহ কৰে । তেওঁৰ ষ্ট্ৰাইক ৰেট ১৯২.২৯ । আনহাতে হাৰ্দিক পাণ্ডিয়াই ৯খন মেচত ২১৭ ৰান সংগ্ৰহ কৰাৰ লগতে ৯টা উইকেটো দখল কৰে । এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ বলিং আক্ৰমণক গুৰি ধৰা যশপ্ৰীত বুমৰাহে ৮খন মেচত ১৪টা উইকেট দখল কৰাৰ বিপৰীতে তেওঁৰ ইকনমি ৰেট প্ৰতি অভাৰত ৬.২১ আছিল ।

লগতে পঢ়ক : ৫ বাৰকৈ সলনি কৰা হৈছে আই পি এলৰ সূচী, ভয়ংকৰ যুদ্ধৰ বাবে স্থগিত হৈছিল প্ৰতিযোগিতা

তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে

ভাৰতৰ ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহে অৰ্জন কৰিছে এক অনন্য কৃতিত্ব । এই কৃতিত্ব অৰ্জন কৰা তেওঁ প্ৰথজন ভাৰতীয় বলাৰ ।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা পাঁচখন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ ৯ ডিচেম্বৰত কটকৰ বাৰাবাটি ষ্টেডিয়ামত অনুষ্ঠিত হয় । এই মেচখনত টিম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাক ১০১ ৰানত পৰাস্ত কৰি শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে । প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাক ১৭৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । এই লক্ষ্যক অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাৰ বেটিং অৰ্ডাৰে ভাৰতীয় বলাৰৰ পৰাক্ৰম সহিব নোৱাৰি মাত্ৰ ৭৪ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰিবলগা হয় ।

টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত এয়াই হৈছে দক্ষিণ আফ্ৰিকাৰ সৰ্বনিম্ন স্কৰ । প্ৰটিয়াছক অল আউট কৰাত যশপ্ৰীত বুমৰাহে দুটা উইকেটৰ বৰঙণি আগবঢ়ায় । এই মেচখনত প্ৰথমটো উইকেট লাভ কৰাৰ পাছতেই বুমৰাহে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত শতক অৰ্জন কৰি ভাৰতীয় ক্ৰিকেটত কোনো বলাৰে কেতিয়াও অৰ্জন কৰিব নোৱাৰা এক ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

টি-২০ত বুমৰাহৰ শতক-

কটকত অনুষ্ঠিত প্ৰথম টি-২০ত ডেৱাল্ড ব্ৰেভিছৰ উইকেট দখল কৰি টি-২০ত বুমৰাহে শতক অৰ্জন কৰে । চলিত বৰ্ষৰ আৰম্ভণিতে এই কৃতিত্ব অৰ্জন কৰা অৰ্শদীপ সিঙৰ পিছতে এই ফৰ্মেটত ১০০ উইকেট দখল কৰা দ্বিতীয়জন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয় বুমৰাহ । বৰ্তমান অৰ্শদীপ ভাৰতৰ টি-২০ত আগশাৰীৰ উইকেট দখলকাৰী । ১০১টা উইকেটৰে তালিকাৰ দ্বিতীয় স্থানত আছে যশপ্ৰীত বুমৰাহ ।

টি-২০ত সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় বলাৰ-

অৰ্শদীপ সিং – ১০৭

যশপ্ৰীত বুমৰাহ – ১০১

হাৰ্দিক পাণ্ডিয়া – ৯৯

যুজবেন্দ্ৰ চাহাল – ৯৬

ভুৱনেশ্বৰ কুমাৰ – ৯০

তিনিওটা ফৰ্মেটতে ১০০ উইকেট দখল কৰা প্ৰথম ভাৰতীয়-

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত ১০০ উইকেট দখল কৰাৰ সমান্তৰালভাৱে বুমৰাহে তিনিওটা ফৰ্মেটতে ১০০ উইকেট দখল কৰিবলৈ সক্ষম হৈছে । এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বলাৰত পৰিগণিত হৈছে তেওঁ । বুমৰাহৰ টেষ্টত ২৩৪টা আৰু এদিনীয়াত ১৪৯টা উইকেট আছে ।

বিশেষ তালিকাত যোগদান বুমৰাহৰ-

বৰ্তমান বিশ্বৰ মাত্ৰ চাৰিজন বলাৰৰ নাম থকা অভিজাত তালিকাত যোগদান কৰিছে যশপ্ৰীত বুমৰাহে । ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ১০০ উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰা বিশ্বৰ পঞ্চমজন বলাৰ বুমৰাহ । এই অভিলেখ পূৰ্বতে লাচিথ মালিংগাৰ হাতত আছিল । ইয়াৰ উপৰিও তেওঁ টিম চাউথী, ছাকিব আল হাছান আৰু শ্বাহীন আফ্ৰিদিৰ সৈতে যোগদান কৰিছে ।

লগতে পঢ়ক : কটকত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুৰ্দান্ত জয় সূৰ্য ব্ৰিগেডৰ, বেটে-বলে উজ্বলিল হাৰ্দিক পাণ্ডিয়া

লৰ্ডছত প্ৰকৃত পৰীক্ষাত অৱতীৰ্ণ হ’ব ভাৰত ! টিম ইণ্ডিয়াৰ অভিলেখে বৃদ্ধি কৰিব চিন্তা

লৰ্ডছত প্ৰকৃত পৰীক্ষাত অৱতীৰ্ণ হ’ব ভাৰত

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী শৃংখলাৰ তৃতীয়খন টেষ্ট লৰ্ডছত অনুষ্ঠিত হ’ব । ভাৰতে এই খেলপথাৰত এতিয়ালৈকে ১৯খন খেল খেলিছে যদিও ইয়াত দলটোৰ অভিলেখ উন্নত নহয় । অৱশ্যে টিম ইণ্ডিয়াৰ বাবে ভাল কথাটো হ’ল শুভমন গীলৰ নেতৃত্বত ভাৰতে এডবাষ্টনত ইংলেণ্ডক ৩৩৬ ৰানত পৰাস্ত কৰে । এডবাষ্টন এনে এখন খেলপথাৰ য’ত ভাৰতে পূৰ্বে কেতিয়াও জয়ী হোৱা নাছিল । এই জয়ে শুভমন ব্ৰিগেডৰ মনোবল বৃদ্ধি কৰিছে আৰু ইংলেণ্ডক পৰাস্ত কৰি লৰ্ডছত নিজৰ অভিলেখ উন্নত কৰাৰ বাবে টিম ইণ্ডিয়াই চকু ৰাখিব ।

লৰ্ডছৰ অভিলেখ-

১৯৩২ চনৰ পৰা লৰ্ডছত ১৯খন খেল খেলিছে ভাৰতে । এই সময়ছোৱাত ৩খন খেলত জয়ী হোৱাৰ বিপৰীতে দলটোৱে ১২খন খেলত পৰাস্ত হৈছে । আনহাতে ৪খন মেচ ড্ৰ’ হৈছে । ভাৰতৰ জয়-পৰাজয়ৰ অভিলেখ ০.২৫ । ১৯৩২ চনত ভাৰতে প্ৰথমে ইয়াত এখন মেচ খেলিছিল, য’ত ১৫৮ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । এই খেলপথাৰত ভাৰতে প্ৰথমটো জয় লাভ কৰিছিল ১৯৮৬ চনত, চেতন শৰ্মা, কপিল দেৱৰ শক্তিশালী বলিং আৰু প্ৰথম ইনিংছত দিলীপ ভেংচৰকাৰৰ শতকৰ সহায়ত ভাৰতে জয়লাভ কৰিছিল ।

বুমৰাহৰ প্ৰত্যাৱৰ্তন-

এডবাষ্টন টেষ্টত জয়লাভ কৰাৰ পিছত অধিনায়ক শভমন গীলে স্পষ্টভাৱে কয় যে বুমৰাহক লৰ্ডছত খেলা দেখা যাব । যদি বুমৰাহ মূল একাদশলৈ প্ৰত্যাৱৰ্তন কৰে  তেন্তে প্ৰশ্ন হয় কোন বাহিৰ হ’ব । ছিৰিজৰ দুয়োখন মেচতে প্ৰসিদ্ধ কৃষ্ণই ৬তকৈ অধিক ইকনমিৰে ৰান দিয়াৰ বিপৰীতে বুমৰাহক জিৰণি দিয়াৰ বাবে দলত অন্তৰ্ভুক্ত হোৱা আকাশ দীপে দ্বিতীয়খন মেচত ১০টা উইকেট দখল কৰি ইতিহাসৰ সৃষ্টি কৰিছে । এনে পৰিস্থিতিত মূল একাদশৰ পৰা কাক বাদ দিয়া হয় সেয়া আকৰ্ষণীয় হ’ব ।

লগতে পঢ়ক : জয়ৰ পিছত কিয় খং উঠিল শুভমান গিলৰ? খেলপথাৰক লৈ অসন্তুষ্টি প্ৰকাশ

আই চি চি টেষ্ট ৰেংকিঙত শীৰ্ষ ৫ গৰাকী বলাৰ কোন ? ভাৰতৰ কেইজন খেলুৱৈ অন্তৰ্ভুক্ত হৈছে ?

আই চি চি টেষ্ট ৰেংকিঙত শীৰ্ষ ৫ গৰাকী বলাৰ কোন ?

আই চি চিয়ে প্ৰকাশ কৰিছে টেষ্ট বলাৰৰ শেহতীয়া ৰেংকিং । এই তালিকাত প্ৰথম স্থানত আছে ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহ । আই চি চি টেষ্ট বলাৰৰ শীৰ্ষ ৫ ৰেংকিঙত বুমৰাহ একমাত্ৰ ভাৰতীয় বলাৰ । শীৰ্ষ ৫ৰ তালিকাত আছে অষ্ট্ৰেলিয়াৰ দুজন বলাৰ । একে সময়তে দক্ষিণ আফ্ৰিকা আৰু পাকিস্তান দলৰ এজন বলাৰ এই তালিকাত আছে । এইবাৰ ৰেংকিঙত এটা পৰিৱৰ্তনহে দেখা গৈছে ।

আই চি চি টেষ্ট ৰেংকিং শীৰ্ষ-৫ বলাৰ

যশপ্ৰীত বুমৰাহঃ ভাৰতীয় বলাৰ যশপ্ৰীত বুমৰাহ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বলাৰ । বৰ্তমান বুমৰাহ ৯০৭ ৰেটিংৰে প্ৰথম স্থানত আছে । শেহতীয়াকৈ ২০২৪-২৫ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫খন মেচত ৩২টা উইকেট দখল কৰিছিল বুমৰাহে । ইয়াৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজত প্ৰথমখন টেষ্টত পাঁচ উইকেট দখল কৰে তেওঁ ।

কাগিছ’ ৰাবাডাঃ দক্ষিণ আফ্ৰিকাৰ ফাষ্ট বলাৰ ৰাবাডা এই তালিকাত ৮৫৯ ৰেটিং পইণ্টেৰে দ্বিতীয় স্থানত আছে । শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২০২৫ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ৰাবাডাই শক্তিশালী বলিং প্ৰদৰ্শন আগবঢ়াইছিল । যাৰ বাবে দক্ষিণ আফ্ৰিকাই এই খিতাপ দখল কৰে । ফাইনেলত ৰাবাডাই ৯টা উইকেট দখল কৰে ।

পেট কামিন্সঃ অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স ৮৪৬ ৰেটিং পইণ্টেৰে ৰেংকিঙৰ তৃতীয় স্থানত আছে । ভাৰতৰ বিৰুদ্ধে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত কামিন্সে ২৫টা উইকেট দখল কৰিছিল । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো তেওঁ ভাল বলিং প্ৰদৰ্শন আগবঢ়াইছিল । ফাইনেলত তেওঁ ৭টা উইকেট দখল কৰে ।

জোছ হেজলউডঃ অষ্ট্ৰেলিয়াৰ বেগী বলাৰ হেজলউডে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাত ভাল বলিং কৰিছে । প্ৰথমখন মেচত ৫ উইকেটৰ হল লয় তেওঁ । প্ৰথমখন মেচত তেওঁ মুঠ ৭টা উইকেট দখল কৰিছিল, যাৰ বাবে তেওঁ এটা স্থান আগুৱাইছে । এতিয়া তেওঁ ৮১৭ ৰেটিং পইণ্টেৰে চতুৰ্থ স্থানত উপনীত হৈছে ।

নোমান আলীঃ পাকিস্তানী বলাৰ নোমান আলী শীৰ্ষ ৫ তালিকাৰ একমাত্ৰ স্পীন বলাৰ । ৮০৬ ৰেটিং পইণ্টেৰে পঞ্চম স্থানত আছে নোমান । তেওঁ এটা স্থান অৱনমিত হৈছে ।

লগতে পঢ়ক : সীমিত অভাৰৰ শৃংখলাৰ বাবে টীম ইণ্ডিয়াই নকৰে বাংলাদেশ ভ্ৰমণ; চৰকাৰে দিছে নিৰ্দেশ!

দ্বিতীয় টেষ্টত যশপ্ৰীত বুমৰাহৰ উপস্থিতি সন্দৰ্ভত ডাঙৰ বক্তব্য কৰিলে অধিনায়ক গীলে…

যশপ্ৰীত বুমৰাহৰ উপস্থিতি সন্দৰ্ভত ডাঙৰ বক্তব্য কৰিলে অধিনায়ক গীলে

২ জুলাইৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিতীয়খন টেষ্ট মেচ আৰম্ভ হ’ব । বৰ্তমান ছিৰিজত ০-১ ব্যৱধানত পিছ পৰি আছে টিম ইণ্ডিয়া আৰু পৰৱৰ্তী মেচত জয়লাভ কৰিলেহে ছিৰিজত ১-১ ব্যৱধানত সমতা স্থাপন কৰিব পাৰিব গীল বাহিনীয়ে । পাঁচখনীয়া মেচৰ শৃংখলাৰ প্রথমখন টেষ্টত ৫ উইকেটত পৰাস্ত হোৱাৰ পাছত টিম ইণ্ডিয়াৰ বাবে এই মেচখন অতি গুৰুত্বপূর্ণ ৷ দ্বিতীয় টেষ্টত এডগবাষ্টনত দুয়োটা দল মুখামুখি হ’ব ।

দ্বিতীয় টেষ্টত বুমৰাহৰ উপস্থিতিৰ বিষয়ে ক’লে শুভমন গীলে-

যশপ্ৰীত বুমৰাহ উপলব্ধ । আমি সঠিক দিশ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছো যিয়ে ২০টা উইকেট ল’ব পাৰে আৰু লগতে ৰান কৰিব পাৰে । আজি আমি শেষবাৰৰ বাবে উইকেট চোৱাৰ পিছত চূড়ান্ত সিদ্ধান্ত লম ।”

যশপ্ৰীত বুমৰাহে মাত্ৰ তিনিখন মেচ খেলাৰ বিষয়ে ক’লে গীলে-

“এয়া কঠিন কিন্তু আমি ভাৰতৰ পৰা শ্ৰেষ্ঠ খেলুৱৈ বাছনি কৰিছো । ই অসম্ভৱ কাম নহয়, আন বলাৰ ভাল, আমাৰ ভাল পুল আছে”।

মেচখনৰ প্ৰাকক্ষণত শুভমন গীলে কয়, “সাধাৰণতে ইংলেণ্ডত দুজন স্পীনাৰ খেলা দেখা পোৱা নাযায় । কিন্তু বতৰ তেনেকুৱা হোৱা নাই, কিছু বৰষুণ হৈছে আৰু ৰ’দো ভালদৰে জিলিকি আছে । আনকি যোৱা মেচখনতো আমি অনুভৱ কৰিছিলো যে যদি আমাৰ আৰু এজন অতিৰিক্ত স্পীনাৰ থাকিলহেঁতেন তেন্তে মেচখন ভাল হ’ব পাৰিলেহেঁতেন । উইকেটত কিছুমান পেচ আছিল, যাৰ সুবিধা আমি ল’ব পাৰিলোহেঁতেন ।”

দ্বিতীয় স্পীনাৰৰ বিষয়ে কয় শুভমন গীলে-

“যদি বেগী বলাৰসকলে ইমানবোৰ সুযোগ সৃষ্টি কৰিব নোৱাৰে, তেন্তে তেওঁলোকে অনুভৱ কৰে যে দ্বিতীয়জন স্পীনাৰে, এই উইকেটবোৰত, যদিও তেওঁ সুযোগ সৃষ্টি নকৰিলেও, আপোনাক ৰান কৰিবলৈ নিদিয়ে, যেতিয়ালৈকে দ্বিতীয়টো নতুন বল নাহে, য’ত সুযোগ বেছি হ’ব । গতিকে শেষৰখন মেচখন চোৱাৰ পিছত মই অনুভৱ কৰিলোঁ যে যদি উইকেটটো শেষৰ মেচখনৰ দৰেই হ’ব, তেন্তে দ্বিতীয়জন স্পীনাৰজন বেয়া বিকল্প নহ’ব ।”

লগতে পঢ়ক : এছিয়া কাপ ২০২৫ৰ নতুন তাৰিখ প্ৰকাশ ! এই স্থানত হ’ব পাৰে ভাৰত-পাকিস্তানৰ মেচ

যশপ্ৰীত বুমৰাহৰ বলে শেষ কৰিলে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ আশা; একেৰাহে পঞ্চমখন খেলত জয়লাভ মুম্বাই ইণ্ডিয়ানছৰ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ৪৫ নম্বৰ মেচত মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৫৪ ৰানত পৰাস্ত কৰে।

২৭ এপ্ৰিল(দেওবাৰ)ত মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত অনুষ্ঠিত এই মেচখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক জয় লাভৰ বাবে ২১৬ ৰানৰ লক্ষ্য লাভ কৰিছিল।

কিন্তু দলটোৰ আটাইকেইজন খেলুৱৈ ২০ অভাৰত ১৬১ ৰান কৰি আউট হয়।মুম্বাই ইণ্ডিয়ানছৰ হৈ বেগী বলাৰ যশপ্ৰীত বুমৰাহে ২২ ৰানত ৪টা উইকেট দখল কৰে।

২০২৫ চনৰ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ এয়া আছিল একেৰাহে পঞ্চমটো জয়।পাঁচবাৰৰ আই পি এল চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে ১০খন মেচৰ ৬ খনত জয় লাভ কৰি এতিয়া ১২ পইণ্টত আছে।

আনহাতে, লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ১০খন মেচৰ ৫ খন জয়ৰ পৰা ১০ পইণ্টত আছে।চলিত ছিজনত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ এয়া আছিল পঞ্চমটো পৰাজয়।

১৬ নং অভাৰত তিনিটা উইকেট দখল কৰি লক্ষ্ণৌ দলৰ বিশ্বাস ভাঙি দিয়ে বুমৰাহে।সেই অভাৰত বুমৰাহে ডেভিদ মিলাৰ (২৪), আব্দুল ছামাদ (২) আৰু আভেছ খান (০)ক আউট কৰে।

আইপিএলৰ পৰা বাহিৰ হ’ব পাৰে যশপ্ৰীত বুমৰাহ ! চিকিৎসকে এতিয়াও দিয়া নাই সেউজ সংকেত, চিন্তাত মুম্বাই ইণ্ডিয়ান

এই ছিজনত মুম্বাই ইণ্ডিয়ানে যশপ্ৰীত বুমৰাহ অবিহনে আই পি এলত প্ৰৱেশ কৰিছে। বুমৰাহৰ অনুপস্থিতিৰ বাবে অনুৰাগীসকল হতাশ হৈ পৰিছে যদিও এতিয়া দ্ৰুত বলাৰগৰাকীৰ উভতি অহাৰ সন্দৰ্ভত নতুন আপডেট আহিছে।

খেলপথাৰলৈ বুমৰাহ উভতি অহাত পলম হ’ব পাৰে। জানিব পৰা মতে বুমৰাহৰ পুনৰ্বাসন প্ৰায় সম্পূৰ্ণ হৈছে যদিও আই পি এলৰ বাকী ছিজনৰ বাবে এতিয়াও অনিশ্চয়তা আছে।

বুমৰাহে এতিয়াও বিচিচিআইৰ চেণ্টাৰ অৱ এক্সেলেন্স (চিঅ’ই)ত সম্পূৰ্ণ শক্তিৰে বলিং কৰিব পৰা নাই।দ্ৰুত বলাৰসকলে নিজেই নিজৰ কামৰ বোজা নিৰীক্ষণ কৰি আছে, যিটো ক্ৰমান্বয়ে চিকিৎসকৰ তত্বাৱধানত বৃদ্ধি কৰা হৈছে।

এক তথ্য অনুসৰি এপ্ৰিলৰ মাজভাগৰ ভিতৰত বুমৰাহ মুম্বাই ইণ্ডিয়ানছত যোগদান কৰিব পাৰিব। এনে পৰিস্থিতিত মুম্বাই ইণ্ডিয়ানছৰ হৈ আৰু কমেও তিনিখন মেচ খেলিব নোৱাৰিব বুমৰাহ।

বুমৰাহৰ কামৰ বোজা বিবেচনা কৰি বি চি চি আইয়ে সাৱধানতা অৱলম্বন কৰিছে।আচলতে আই পি এলৰ ঠিক পিছতেই ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচৰ শৃংখলা খেলিব লাগিব।

এই কথা মনত ৰাখি বুমৰাহ সন্দৰ্ভত মেনেজমেণ্টৰ খৰখেদা কৰা নাই।বুমৰাহৰ কামৰ বোজাৰ প্ৰতি লক্ষ্য ৰাখি ইংলেণ্ডৰ বিৰুদ্ধে ৫ খন টেষ্ট শৃংখলাত কমেও তিনিখন টেষ্ট মেচৰ বাবে তেওঁক দলত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে।

উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ছিৰিজৰ পঞ্চম টেষ্ট মেচত বুমৰাহ আঘাতপ্ৰাপ্ত হৈছিল।টেষ্ট মেচৰ সময়ত পিঠিৰ স্পামৰ অভিযোগত খেলপথাৰৰ পৰা ওলাই আহিছিল।

এই বেগী বলাৰগৰাকীয়ে তাৰ পিছত অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছৰ সময়ত বলিং কৰা নাছিল। সেই মেচৰ পিছৰে পৰা বুমৰাহ টিম ইণ্ডিয়াৰ পৰা বাহিৰ হৈ আছে। আঘাতৰ বাবে বুমৰাহ চেম্পিয়নছ ট্ৰফীৰ অংশও হ’ব নোৱাৰিলে।