টি-২০ বিশ্বকাপ সমাপ্ত হোৱাৰ পিছতে এতিয়া চৰ্চাত আছে আই পি এল ২০২৬ৰ সূচী
টি-২০ বিশ্বকাপৰ উন্মাদনা সমাপ্ত হোৱাৰ পিছতে এতিয়া ক্ৰিকেটপ্ৰেমী সাজু হৈছে মেগা প্ৰতিযোগিতা আই পি এলৰ বাবে । দেওবাৰে আহমেদাবাদত অনুষ্ঠত হোৱা টি-২০ বিশ্বকাপৰ ফাইনেলত নিউজীলেণ্ডক পৰাস্ত কৰি টি-২০ বিশ্বকাপ ২০২৬ৰ খিতাপ দখল কৰে ভাৰতীয় দলে । ইয়াৰ লগে লগে অন্ত পৰে টি-২০ বিশ্বকাপৰ মাহজোৰা প্ৰতীক্ষা । এতিয়া আগন্তুক আই পি এলত নিজৰ নিজৰ ফেভাৰিট দল সমূহৰ প্ৰদৰ্শন চাবলৈ উত্ৰাৱল হৈ পৰিছে অনুৰাগী ।
টি-২০ বিশ্বকাপ সমাপ্ত হোৱাৰ পিছতে এতিয়া চৰ্চাত আছে আই পি এল ২০২৬ৰ সূচী । প্ৰথম অৱস্থাত ৮ মাৰ্চত এই প্ৰতিযোগিতাৰ সূচী ঘোষণা কৰাৰ কথা আছিল । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেলৰ দিনটোত সূচী প্ৰকাশ কৰাৰ কথা আছিল যদিও পৰৱৰ্তী সময়ত এই ঘোষণাৰ তাৰিখ পিছুৱাই দিয়া হয় । ইয়াৰ পিছতে ৯ মাৰ্চ তাৰিখে এই প্ৰতিযোগিতাৰ সূচী ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি চৰ্চা চলিছে ।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২০২৬ ছিজনৰ সূচী দুটা পৰ্যায়ত প্ৰকাশ পাব পাৰে বুলিও খবৰ প্ৰকাশ পাইছে । প্ৰথম পৰ্যায়ত ১৫-২০ দিনৰ সূচী প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে আৰু বাকী সময় সূচী দ্বিতীয় পৰ্যায়ত প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে । ইফালে, ইয়াৰ পূৰ্বেও বিভিন্ন কাৰণত পাঁচবাৰকৈ আই পি এলৰ সূচী সলনি হৈছিল । কেতিয়া কেতিয়া এই মেগা প্ৰতিযোগিতাৰ সূচী সলনি হৈছিল জানক-
দক্ষিণ আফ্ৰিকা পাইছিলগৈ আই পি এল-
আই পি এল ভাৰতীয় লীগ, গতিকে সাধাৰণতে ভাৰততেই এই প্ৰতিযোগিতাৰ মেচসমূহ অনুষ্ঠিত হয় । অৱশ্যে ২০০৯ চনৰ আই পি এল ছিজনটো দক্ষিণ আফ্ৰিকাত ১৮ এপ্ৰিলৰ পৰা ২৪ মে’লৈ অনুষ্ঠিত হৈছিল । ইয়াৰ মূল কাৰণ আছিল ২০০৯ চনৰ লোকসভা নিৰ্বাচন । দেশজোৰা নিৰ্বাচনৰ বাবে এই প্ৰতিযোগিতা দক্ষিণ আফ্ৰিকালৈ স্থানান্তৰিত হৈছিল ।
আধা মেচ অনুষ্ঠিত হৈছিল ইউ এ ইত-
২০১৪ চনত অনুষ্ঠিত হৈছিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ সপ্তম সংস্কৰণ । দেশজোৰা লোকসভা নিৰ্বাচনৰ বাবে ইউ এ ইত ১৬-৩০ এপ্ৰিলৰ পৰা আই পি এলৰ মেচ অনুষ্ঠিত হৈছিল । ইয়াৰ পিছত ২ মে’ৰ পৰা পুনৰ প্ৰতিযোগিতাখন আৰম্ভ হয় আৰু সকলো মেচ ভাৰতত অনুষ্ঠিত হয় ।
কোভিডৰ বাবে সময়সূচী সলনি-
২০২০ চনত কৰ’না মহামাৰীৰ প্ৰভাৱৰ বাবে বিচিচিআইয়ে ভাৰতত আই পি এল অনুষ্ঠিত কৰা নাছিল । ফলস্বৰূপে ১৩ সংখ্যক ছিজন আবুধাবি, ডুবাই, শ্বাৰজাহত অনুষ্ঠিত হৈছিল ।
পুনৰ আহিল কৰ’না ভাইৰাছ-
২০২১ চনত কৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱ কিছু পৰিমাণে কমিছিল । ইফালে ৯ এপ্ৰিলৰ পৰা আই পি এল ২০২১ৰ ছিজন আৰম্ভ হৈছিল যদিও ভাৰতত হঠাতে ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে আই পি এলৰ মেচ বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় । সেই বছৰৰ ২ ছেপ্টেম্বৰৰ পৰা এই প্ৰতিযোগিতা চলিছিল যদিও ইউ এ ইত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাৰ মেচ । ১৫ অক্টোবৰত ডুবাইত অনুষ্ঠিত হৈছিল ফাইনেল ।
ভাৰত-পাক যুদ্ধৰ প্ৰভাৱ-
২০২৫ বৰ্ষৰ ২২ মাৰ্চৰ পৰা আৰম্ভ হৈছিল আই পি এল । ইফালে ২২ এপ্ৰিলত পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়, য’ত ২৬ জন নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল । ভাৰতীয় সেনাই চলোৱা অপাৰেচন সিন্দুৰৰ বাবে যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়, সেয়েহে মাজভাগত সময়সূচী সলনি কৰি ৯ মে’ৰ পৰা ১৬ মে’লৈ আই পি এলৰ কোনো মেচ অনুষ্ঠিত নহ’ল ।
লগতে পঢ়ক : ‘যেতিয়াৰ পৰা মোৰ জীৱনলৈ মাহিকা আহিছে…’; খিতাপ জয়ৰ পিছতে হাৰ্দিক পাণ্ডিয়াই প্ৰেয়সীক ক’লে সৰ্বস্ব









