আই পি এলৰ মাজতে মুম্বাই ইণ্ডিয়ানছত বৃহৎ পৰিৱৰ্তন; যশপ্ৰীত বুমৰাহলৈ অধিনায়কত্বৰ কামান

আই পি এলৰ মাজতে মুম্বাই ইণ্ডিয়ানছত বৃহৎ পৰিৱৰ্তন; যশপ্ৰীত বুমৰাহলৈ অধিনায়কত্বৰ কামান

আই পি এল ছিজনৰ মাজতে মুম্বাই ইণ্ডিয়ানছে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰথম বাৰৰ বাবে টি-২০ দলৰ অধিনায়কত্ব যশপ্ৰীত বুমৰাহক অৰ্পণ কৰিছে। আইপিএল ২০২৬ৰ মাজতে মুম্বাই ইণ্ডিয়ানে এক বৃহৎ সিদ্ধান্ত লৈছে । তাৰকা বেগী বলাৰ যশপ্ৰীত বুমৰাহক অধিনায়কত্বৰ দায়িত্ব অৰ্পণ কৰা হৈছে।বুমৰাহক প্ৰথমবাৰৰ বাবে টি-২০

আই পি এল ছিজনৰ মাজতে মুম্বাই ইণ্ডিয়ানছে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰথম বাৰৰ বাবে টি-২০ দলৰ অধিনায়কত্ব যশপ্ৰীত বুমৰাহক অৰ্পণ কৰিছে।

আইপিএল ২০২৬ৰ মাজতে মুম্বাই ইণ্ডিয়ানে এক বৃহৎ সিদ্ধান্ত লৈছে । তাৰকা বেগী বলাৰ যশপ্ৰীত বুমৰাহক অধিনায়কত্বৰ দায়িত্ব অৰ্পণ কৰা হৈছে।বুমৰাহক প্ৰথমবাৰৰ বাবে টি-২০ মেচত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কত্ব কৰা দেখা যাব।

দলটোৰ নিয়মীয়া অধিনায়ক হাৰ্দিক পাণ্ডিয়া আৰু জ্যেষ্ঠ বেটছমেন সূৰ্য্যকুমাৰ যাদৱ উপলব্ধ নোহোৱাত এই সিদ্ধান্ত গ্ৰহণ কৰে।আই পি এলৰ ইতিহাসত বুমৰাহ মুম্বাইৰ দশম অধিনায়ক হিচাপে পৰিগণিত হৈছে।ইয়াৰ পূর্বে হৰভজন সিং, শাউন পলক, শচীন টেণ্ডুলকাৰ, ডিজে ব্রাভো, ৰিকি পন্টিং, ৰোহিত শর্মা, কিয়ৰন পোলাৰ্ড, সূর্যকুমাৰ যাদৱ, আৰু হার্দিক পাণ্ডিয়াৰ দৰে দৰে খেলুৱৈয়ে দলটোৰ দায়িত্ব গ্ৰহণ কৰিছে।

পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলখনৰ সময়ত টছত এম আই দলৰ প্ৰতিনিধি হিচাপে যশপ্ৰীত বুমৰাহ আগবাঢ়ি যায়।মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হোৱাৰ সন্দৰ্ভত যশপ্ৰীত বুমৰাহে কয়,অধিনায়ক হোৱাৰ বাবে ভাল লাগিছে।১৯ বছৰ বয়সত মই মুম্বাই ইণ্ডিয়ানছৰ দলত যোগদান কৰিছিলো।মই কেতিয়াও ভবা নাছিলো যে, এম আইৰ অধিনায়কত্ব লাভ কৰাৰ আগতে মই ইতিমধ্যে ভাৰতীয় টেষ্ট দলৰ অধিনায়কত্বৰ অভিজ্ঞতা লাভ কৰিলোঁহেঁতেন।ইয়াত থকাটো এটা মজাৰ অভিজ্ঞতা।সকলো কথা ভাবি, সম্ভৱপৰ সকলো দিশতে নিজৰ অৱদান আগবঢ়াব লাগিব।এইটো এটা নতুন প্ৰত্যাহ্বান, আৰু এই দায়িত্ব মোৰ ভাল লাগে।’

লগতে পঢ়ক: ৰিয়ান পৰাগৰ অনুৰাগীৰ বাবে ভালখবৰ; ইণ্ডিয়া এ টীমৰ উপ-অধিনায়কৰ দায়িত্ব অৰ্পণ