ৰিয়ান পৰাগৰ অনুৰাগীৰ বাবে ভালখবৰ; ইণ্ডিয়া এ টীমৰ উপ-অধিনায়কৰ দায়িত্ব অৰ্পণ

ৰিয়ান পৰাগৰ অনুৰাগীৰ বাবে ভালখবৰ; ইণ্ডিয়া এ টীমৰ উপ-অধিনায়কৰ দায়িত্ব অৰ্পণ

২০২৬ চনৰ জুন মাহত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া ট্ৰাই-নেশ্যন ছিৰিজৰ বাবে বিচিচিআই এ ইণ্ডিয়া এ দল ঘোষণা কৰিছে । ইয়াৰ লগে লগে ৰিয়ান পৰাগৰ অনুৰাগীৰ বাবে ভালখবৰ আহিছে। ২০২৬ চনৰ জুন মাহত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া ত্ৰিদেশীয় এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ইণ্ডিয়া এ দল

২০২৬ চনৰ জুন মাহত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া ট্ৰাই-নেশ্যন ছিৰিজৰ বাবে বিচিচিআই এ ইণ্ডিয়া এ দল ঘোষণা কৰিছে । ইয়াৰ লগে লগে ৰিয়ান পৰাগৰ অনুৰাগীৰ বাবে ভালখবৰ আহিছে।

 ২০২৬ চনৰ জুন মাহত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া ত্ৰিদেশীয় এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ইণ্ডিয়া এ দল ঘোষণা কৰিছে। বাছনি সমিতিখনে যুৱ খেলুৱৈৰে ভৰা ১৫ জনীয়া দল বাছিছে,যাৰ অধিনায়কত্ব তিলক বৰ্মাৰ ওপৰত ন্যস্ত কৰা হৈছে।

তাৰ লগতে অসম সন্তান ৰিয়ান পৰাগক দলটোৰ উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে। আটাইতকৈ তাৎপৰ্যপূৰ্ণ দিশটো হ’ল ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীকো এই দলত সুযোগ দিয়া হৈছে।ইয়াৰ উপৰিও পঞ্জাব কিংছৰ বিস্ফোৰক বেটছমেন প্ৰিয়ংশ আৰ্য্যকো দলত সুযোগ দিয়া হৈছে।

এই ট্ৰাই ছিৰিজত ইণ্ডিয়া এৰ সৈতে শ্ৰীলংকা এ আৰু আফগানিস্তান এৰ দলসমূহে অংশগ্ৰহণ কৰিব।সীমিত অভাৰৰ এই ছিৰিজখন ডাম্বুল্লাত অনুষ্ঠিত হ’ব।ইয়াৰ পিছতে ইণ্ডিয়া এ দলটোৱে শ্ৰীলংকা এৰ বিৰুদ্ধেও দুখন বহুদিনীয়া মেচ খেলিব।জানিব পৰা মতে ৰেড বল ছিৰিজৰ দলটো পিছত ঘোষণা কৰা হ’ব।মান্টী-ডে খেলখন গালেত অনুষ্ঠিত হ’ব।

ভাৰতীয় দলত কেইবাগৰাকী যুৱ খেলুৱৈয়ে স্থান নিশ্চিত কৰিছে,যিসকলে ঘৰুৱা ক্ৰিকেট আৰু আইপিএল ২০২৬ত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছে। এই দলটোত বৈভৱ সূৰ্য্যবংশী, প্ৰিয়ংশ আৰ্য্য, আয়ুষ বদোনী, নিশান্ত সিন্ধু, আৰু হৰ্ষ ডুবে আদিৰ নাম আছে।  উইকেট কীপাৰ হিচাপে প্ৰভসিমৰন সিং আৰু কুমাৰ কুশগ্ৰাক নিৰ্বাচিত কৰা হৈছে।

বলিঙত যশ ঠাকুৰ, যুধবীৰ সিং, অংশুল কামোজ, আৰু আৰ্ছাদ খানক সুযোগ দিয়া হৈছে।ইফালে, অল ৰাউণ্ড বিকল্প হিচাপে ৰিয়ান পৰাগ, নিশান্ত সিন্ধু, হৰ্ষ ডুবে, আৰু বিপ্ৰজ নিগমে দলটোক ভাৰসাম্য প্ৰদান কৰিব।

লগতে পঢ়ক: এদিনীয়া ক্ৰিকেটত ভাৰতৰ আধিপত্য অব্যাহত: আইচিচি ৰেংকিঙৰ শীৰ্ষত টীম ইণ্ডিয়া, পাকিস্তানৰ স্থান অৱনমিত