আই পি এল ২০২৬ ত মুম্বাই ইণ্ডিয়ানছ একেৰাহে চতুৰ্থবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। এই পৰাজয়ৰ পিছত অধিনায়ক হাৰ্দিক পাণ্ডিয়াই দলটোৰ অভাৱ-অভিযোগ সন্দৰ্ভত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬(আই পি এল)ত মুম্বাই ইণ্ডিয়ানছৰ (এম আই) দুৰ্বল প্ৰদৰ্শন অবিৰতভাৱে অব্যাহত আছে। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা খেলখনত পঞ্জাব কিংছে (পিবিকেএছ) মুম্বাইক ৭ উইকেটত পৰাস্ত কৰি একেৰাহে চতুৰ্থবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হয়।এই পৰাজয়ৰ পিছত অধিনায়ক হাৰ্দিক পাণ্ডিয়াই স্পষ্টভাৱে কয় যে দলটোৱে এতিয়া ‘কিছুমান কঠিন প্ৰশ্নৰ উত্তৰ’ বিচাৰি উলিয়াব লাগিব আৰু দায়িত্ব ল’ব লাগিব।
প্ৰথমে বেটিং কৰি এম আইয়ে ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৯৫ ৰান সংগ্ৰহ কৰে।ক্বিণ্টন ডিকাকে ১১২ ৰান (৬০ বল)ৰ অপৰাজিত ইনিংছ খেলিছিল।অৱশ্যে তেওঁৰ শতকটোৱে দলটোক জয়ৰ দিশে আগুৱাই নিব নোৱাৰিলে। তেওঁ নমন ধীৰ (৫০)ৰ সৈতে ৬৮ বলত ১২২ ৰানৰ অংশীদাৰিত্ব ভাগ কৰিছিল। ইফালে, অধিনায়ক পাণ্ডিয়াৰ সৈতে ২৩টা বলত ৪১ ৰান সংযোজন কৰে।
খেলখনৰ অন্তত পৰাজয়ত হতাশ হৈ পাণ্ডিয়াই কয়— আমি চাব লাগিব যে আমি কিছুমান কঠিন সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে নে নাই অথবা আমি কেৱল এনেকৈ আগবাঢ়ি গৈ থাকিব লাগে? এইটো এনে এটা প্ৰশ্ন যিটোৰ উত্তৰ আমাক দিব লাগিব আৰু দায়িত্বও ল’ব লাগিব।আমি ড্ৰয়িং বৰ্ডলৈ উভতি গৈ বুজিব লাগিব যে ভুলবোৰ ক’ত হৈছে,ব্যক্তিগত পৰ্যায়ত, দল হিচাপে বা আমাৰ পৰিকল্পনাত।
লগতে পঢ়ক: লক্ষ্ণৌক পৰাস্ত কৰি তালিকাৰ শীৰ্ষত বেংগালুৰু









