মুম্বাই ইণ্ডিয়ানছৰ পৰাজয়ৰ হেট্ৰিক; খঙত অগ্নিশৰ্মা হাৰ্দিক পাণ্ডিয়া

মুম্বাই ইণ্ডিয়ানছৰ পৰাজয়ৰ হেট্ৰিক; খঙত অগ্নিশৰ্মা হাৰ্দিক পাণ্ডিয়া  

আৰচিবিৰ বিৰুদ্ধে পৰাজয়ৰ পিছতে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই দলটোৰ অভাৱ স্বীকাৰ কৰিছে। তেওঁ ইংগিত দিছিল যে দলটোৱে এতিয়া নতুন বিকল্পৰ কথা বিবেচনা কৰিব। আই পি এল ২০২৬ ত দেওবাৰে মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত ৫ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু

আৰচিবিৰ বিৰুদ্ধে পৰাজয়ৰ পিছতে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই দলটোৰ অভাৱ স্বীকাৰ কৰিছে। তেওঁ ইংগিত দিছিল যে দলটোৱে এতিয়া নতুন বিকল্পৰ কথা বিবেচনা কৰিব।

আই পি এল ২০২৬ ত দেওবাৰে মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত ৫ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হাতত আন এক পৰাজয়ৰ পাছত অধিনায়ক হাৰ্দিক পাণ্ডিয়াই স্বীকাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে যে তেওঁৰ দলটোৱে উত্তৰ বিচাৰি আছে।

হাৰ্দিক পাণ্ডিয়াই কয় যে, এই বিপৰ্যয়ৰ পিছত এতিয়া দলটোৱে বিকল্প বিচাৰিব। তেওঁৰ এই মন্তব্যটোৱে এনেকুৱা লাগিছে যে, মুম্বাই দলে প্ৰথম চাৰিখন মেচত বেয়া প্ৰদৰ্শন কৰা খেলুৱৈক আৰু কোনো সুযোগ দিবলৈ ইচ্ছুক নহয়।আগন্তুক মেচসমূহত উল্লেখযোগ্য পৰিৱৰ্তন দেখা যাব পাৰে।

২৪১ ৰানৰ বৃহৎ লক্ষ্য খেদি মুম্বাই দলটোৱে আৰম্ভণিৰে পৰাই পিছ পৰি থকা যেন দেখা গৈছিল। দলটোৰ প্ৰদৰ্শনৰ ওপৰত চিন্তা কৰি হাৰ্দিকে দুয়োটা বিভাগৰ সমস্যাসমূহ আঙুলিয়াই দিয়ে। তেওঁ কয় যে, আমি বহুত উইকেট হেৰুৱালোঁ, আৰু একে সময়তে, আমি বহুত ৰান দিলোঁ। খেলত আমি সদায় পিছ পৰি আছিলো। তেওঁ কয় যে যোৱা কেইখনমান মেচত বলিং বা বেটিং ইউনিট হিচাপে তেওঁলোকে অগ্ৰগতি লোৱাতকৈ কেৱল খেলখনক ধৰি ৰাখিবলৈ চেষ্টা কৰি আহিছে।

হাৰ্দিক পাণ্ডিয়াই জোৰ দি কয় যে এতিয়া ‘ৰিছেট’ৰ প্ৰয়োজন। তেওঁ কয় যে, “আমি সঁচাকৈয়ে চিন্তা কৰাটো প্ৰয়োজন যে আমি সকলোতকৈ ভাল প্ৰদৰ্শন কৰিব পাৰো আৰু আমাক যিটো ছন্দৰ প্ৰয়োজন আছে সেইটো কেনেকৈ বিচাৰি পাম। পৰৱৰ্তী মেচৰ পূৰ্বে দলটোৱে বেটিং আৰু বলিং দুয়োটা সংমিশ্ৰণৰ পুনৰ মূল্যায়ন কৰিব বুলিও তেওঁ কয়।

লগতে পঢ়ক: আইপিএলত ইতিহাস সৃষ্টি শুভমান গিলৰ; ভংগ কৰিলে  বিৰাট কোহলীৰ অভিলেখ

শেহতীয়া প্ৰৱন্ধসমূহ