'ধুৰন্ধৰ ২'ৰ বাবে অপেক্ষা কৰিছে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবে; কৰিলে প্ৰশংসা

‘ধুৰন্ধৰ ২’ৰ বাবে অপেক্ষা কৰিছে ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবে; কৰিলে প্ৰশংসা

উত্তৰ ইউৰোপৰ দেশ ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাব তিনিদিনীয়া ভাৰত ভ্ৰমণত আছিল।ভাৰতত থকাৰ সময়ত ৰাষ্ট্ৰপতি গৰাকীয়ে ধুৰন্ধৰ ছবিখনৰ প্ৰশংসা কৰে। সাধাৰণতে কোনো এখন দেশৰ ৰাষ্ট্ৰপতি আন এখন দেশলৈ ভ্ৰমণলৈ গ’লে তেওঁলোকৰ আলোচনা প্ৰতিৰক্ষা চুক্তি, প্ৰযুক্তি আৰু কূটনীতিৰ মাজতে আবদ্ধ হৈ থাকে।কিন্তু এই সময়ত ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ

উত্তৰ ইউৰোপৰ দেশ ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাব তিনিদিনীয়া ভাৰত ভ্ৰমণত আছিল।ভাৰতত থকাৰ সময়ত ৰাষ্ট্ৰপতি গৰাকীয়ে ধুৰন্ধৰ ছবিখনৰ প্ৰশংসা কৰে।

সাধাৰণতে কোনো এখন দেশৰ ৰাষ্ট্ৰপতি আন এখন দেশলৈ ভ্ৰমণলৈ গ’লে তেওঁলোকৰ আলোচনা প্ৰতিৰক্ষা চুক্তি, প্ৰযুক্তি আৰু কূটনীতিৰ মাজতে আবদ্ধ হৈ থাকে।কিন্তু এই সময়ত ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবৰ ওপৰত ৰণবীৰ সিঙৰ ব্লকবাষ্টাৰ থ্ৰিলাৰ ‘ধুৰন্ধৰ’ই যথেষ্ট  প্ৰভাৱ পেলাইছে।

দৰাচলতে,ষ্টাবে প্ৰকাশ কৰে যে ভাৰতলৈ অহাৰ পূৰ্বে পুত্ৰৰ পৰামৰ্শ অনুসৰি তেওঁ ৰণবীৰ সিঙৰ ব্লকবাষ্টাৰ চোৰাংচোৱা থ্ৰিলাৰ ‘ধুৰন্ধৰ’ চাইছিলে আৰু এতিয়া ইয়াৰ  ছিকুৱেল ‘ধুৰন্ধৰ ২: দ্য ৰিভেঞ্জ’ৰ বাবে তেওঁ আন যিকোনো অনুৰাগীৰ দৰেই উত্তেজিত হৈ আছে।ইউৰোপীয় দেশ ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবেৱে ধূৰন্ধৰ ছবিখনক প্ৰশংসা কৰিছে।

৪ মাৰ্চৰ পৰা ৭ মাৰ্চলৈ ভাৰত ভ্ৰমণত থকা আলেকজেণ্ডাৰ ষ্টাবৰে এক সাক্ষাৎকাৰত হাঁহি হাঁহি কয় যে, তেওঁক পুত্ৰই ছবিখন চাবলৈ জোৰ দিছিল।চিনেমাখন চাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ এই কাহিনীটো মোৰ বৰ ভাল লাগিল।ময়ো সেই ছবিখনৰ কাহিনীৰ অংশ আছিলো। এতিয়া মই ১৯ মাৰ্চত আহিবলগীয়া ইয়াৰ ছিকুৱেলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছো।’

২০২৫ চনৰ ৫ ডিচেম্বৰত মুক্তি পোৱা ‘ধুৰন্ধৰ’ ছবিখন প্ৰতিটো স্থৰতে সফলতা লাভ কৰাৰ লগতে বিশ্বজুৰি ১৩৫০ কোটি টকাৰ সংগ্ৰহৰে এখন ছবি হিচাপে পৰিগণিত হয়।

লগতে পঢ়ক: অপেক্ষাৰ অন্ত; ধুৰন্ধৰ দ্য ৰিভেঞ্জৰৰ ট্ৰেইলাৰ মুকলি

শেহতীয়া প্ৰৱন্ধসমূহ