ঘোষণা হ’ল আই পি এল২০২৬ৰ উদ্বোধনী মেচ;  এইটো দিনৰ পৰা আৰম্ভ হ’ব প্ৰতিযোগিতা

আইচিচি টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেল মেচৰ মাজতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আগন্তুক ছিজনৰ উদ্বোধনী মেচৰ তাৰিখ ঘোষণা কৰা হৈছে।অহা ২৮ মাৰ্চত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ প্ৰথমখন খেল।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ৰ সূচী সন্দৰ্ভত আহিছে এটা ডাঙৰ আপডেট পোহৰলৈ আহিছে।আই পি এলৰ আগন্তুক ছিজনৰ উদ্বোধনী মেচৰ দিন ঘোষণা কৰা হৈছে।এই ছিজনৰ প্রথমখন খেল ২৮ মাৰ্চত অনুষ্ঠিত হ’ব।

সম্প্ৰচাৰক ষ্টাৰ স্প’ৰ্টছে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এই তথ্য শ্বেয়াৰ কৰিছে।ইয়াৰ পূৰ্বে যোৱা বছৰ আবুধাবিত মিনি নিলাম অনুষ্ঠিত হোৱাৰ সময়ত কোৱা হৈছিল যে ২৬ মাৰ্চৰ পৰা আই পি এল ২০২৬ আৰম্ভ হ’ব।

অৱশ্যে এই সময়সূচী এতিয়াও আইপিএলে প্ৰকাশ কৰা নাই।কিন্তু আশা কৰা হৈছে যে টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেল শেষ হোৱাৰ লগে লগে ইয়াক ঘোষণা কৰা হ’ব। আপোনালোকক জনাওঁ যে এইবাৰ সূচী দুটা ভাগত মুকলি কৰা হ’ব।

এই কাৰণেই অনুৰাগীসকলে ইয়াৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।বেংগালুৰুৰ এম চিন্নাস্বামী ক্ৰিকেট ষ্টেডিয়ামত হ’ব আই পি এল ২০২৬ৰ উদ্বোধনী মেচ।

আপোনালোকক জনাওঁ যে সময়সূচী অনুসৰি এইবাৰ ২ দিনৰ পলম কৰি আইপিএল আৰম্ভ হ’ব।আচলতে আই পি এল গভৰ্নিং কাউন্সিল আৰু বি চি চি আইয়ে কিছুমান ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰালৈ অপেক্ষা কৰি আছিল,কিন্তু নিৰ্বাচন আয়োগে এতিয়াও তাৰিখ ঘোষণা কৰা নাই ।যাৰ বাবে সূচী প্ৰকাশ কৰাত পলম হৈছে।বিধানসভা নিৰ্বাচনৰ বাবে আই পি এলৰ সূচী দুটা ভাগত প্ৰকাশ কৰা হ’ব।

লগতে পঢ়ক: তৃতীয়বাৰৰ বাবে খিতাপ দখলৰ লক্ষ্য টিম ইণ্ডিয়াৰ, হেঙাৰ হ’ব পাৰে এই তিনিগৰাকী কিৱি তাৰকা

টি-২০ বিশ্বকাপ চেম্পিয়ন দলটোৰ ওপৰত হ’ব টকাৰ বৰষুণ;  কি পাব পৰাজিত দলটোৱে?

৮ মাৰ্চত ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপৰ খিতাপৰ মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব। খিতাপ মেচখনৰ বিজয়ী দলটোৱে বাম্পাৰ প্ৰাইজ মানি লাভ কৰিব।

দেওবাৰে (৮ মাৰ্চ) আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেল মেচ।এই খিতাপৰ খেলখনত ভাৰত আৰু নিউজিলেণ্ডৰ দলৰ মাজত মুখামুখি হ’ব।

প্ৰথমখন ছেমি ফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰে।ভাৰতীয় দলটোৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ জয় কৰাৰ লক্ষ্য ৰাখিব। আনহাতে নিউজিলেণ্ডে এতিয়ালৈকে টি-২০ বিশ্বকাপ জয় কৰিব পৰা নাই।

খিতাপৰ খেলখনৰ পিছত বিজয়ী আৰু ৰানাৰ্ছ আপ দল দুটাৰ ওপৰত ধনৰ বৰষুণ হ’ব।জানিব পৰা মতে, ২০২৬ চনৰ টি-২০ বিশ্বকাপ বিজয়ী দলটোৱে লাভ কৰিব ৩০ লাখ ডলাৰ (প্ৰায় ২৭.৫০ কোটি টকা)।আনহাতে ফাইনেলত পৰাজিত দল অৰ্থাৎ ৰানাৰ্ছ আপ দলটোৱে ১৬ লাখ ডলাৰ (প্ৰায় ১৪.৬৭ কোটি টকা) পুৰস্কাৰৰ ধন লাভ কৰিব।

ছেমি ফাইনেলত পৰাজয় হোৱা ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাই সমান পৰিমাণৰ ০.৭৯ মিলিয়ন ডলাৰ (প্ৰায় ৭.২৪ কোটি টকা) লাভ কৰিব।আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বিভিন্ন পৰ্যায় অনুসৰি পুৰস্কাৰৰ ধন ভাগ কৰিছে,যাতে সকলো দলেই উপকৃত হ’ব পাৰে।

৫ৰ পৰা ১২ নম্বৰ স্থান দখল কৰা দলসমূহে সমান পৰিমাণৰ ০.৩৮ মিলিয়ন ডলাৰ (প্ৰায় ৩.৪৮ কোটি ₹) লাভ কৰিব লাগিব।আনহাতে ১৩ৰ পৰা ২০ নম্বৰ স্থানত থকা দলসমূহৰ বাবে ০.২৫ মিলিয়ন ডলাৰ (প্ৰায় ২.২৯ কোটি টকা)ৰ একেধৰণৰ পুৰস্কাৰৰ ধন নিৰ্ধাৰণ কৰা হৈছিল।

এইবাৰ আইচিচিয়ে মুঠ ১৩.৫ মিলিয়ন ডলাৰ (প্ৰায় ১২৩.৭৭ কোটি টকা)ৰ পুৰস্কাৰ পুল ৰাখিছে,যিটো ২০২৪ চনৰ টি-২০ বিশ্বকাপতকৈ প্ৰায় ২০ শতাংশ বেছি। যোৱা টি-২০ বিশ্বকাপত আইচিচিয়ে ১১.২৫ মিলিয়ন ডলাৰ বিতৰণ কৰিছিল।

লগতে পঢ়ক: ফাইনেল মেচৰ বাবে আহমেদাবাদত উপস্থিত টিম ইণ্ডিয়া; প্লেয়িং ১১ ত হ’ব নেকি পৰিৱৰ্তন?

ফাইনেল মেচৰ বাবে আহমেদাবাদত উপস্থিত টিম ইণ্ডিয়া; প্লেয়িং ১১ ত হ’ব নেকি পৰিৱৰ্তন?

টি-২০ বিশ্বকাপ ২০২৬ৰ হাই ভল্টেজ ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলটোৰ প্লেয়িং ১১ত ডাঙৰ পৰিৱৰ্তন হোৱাৰ ইংগিত পোৱা গৈছে।দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকা তাৰকা বেটছমেন অভিষেক শৰ্মাক বাদ দিয়া হ’ব পাৰে।

ভাৰতীয় দলটোৱে অহা ৮ মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া আই চি চি টি-২০ বিশ্বকাপ ২০২৬ৰ অন্তিমখন খেল খেলিব।২০২৬ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেল খেলখনৰ বাবে অন-ফিল্ড আম্পায়াৰ হিচাপে ইংলেণ্ডৰ ৰিচাৰ্ড ইলিংৱৰ্থ আৰু এলেক্স ৱাৰ্ফৰ যুটি নিৰ্বাচিত হৈছে।

ফাইনেলৰ এই যাত্ৰাত ভাৰতীয় দলটোৱে মাত্ৰ এখন মেচত পৰাস্ত হৈছিল, সেই খেলখন ছুপাৰ-৮ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আছিল।ইয়াৰ পিছতে টিম ইণ্ডিয়াৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে এতিয়া ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে।

দেওবাৰে  হ’বলগীয়া খিতাপি মেচখনৰ বাবে ভাৰতীয় দলটো ৬ মাৰ্চ শুকুৰবাৰৰ সন্ধিয়া আহমেদাবাদত উপস্থিত হয়।কিন্তু ফাইনেল মেচখনৰ বাবে ভাৰতীয় দলটোৰ প্লেয়িং ১১ ত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে।

খবৰ অনুসৰি, দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকা অভিষেক শৰ্মাক ফাইনেল মেচখনৰ পৰা বাহিৰ কৰি প্লেইং ১১ ত এটা ডাঙৰ পদক্ষেপ ল’বলৈ সাজু হৈছে দল পৰিচালনা সমিতি।

দলটোত অভিষেকৰ ঠাইত ৰিংকু সিং, ৱাশ্বিংটন সুন্দৰ আৰু কুলদীপ যাদৱৰ নাম অন্তৰ্ভুক্ত হৈছে।কিন্তু কুলদীপ যাদৱৰ সম্ভাৱনা অধিক।২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত কুলদীপে কিৱিৰ বিৰুদ্ধে দুটা উইকেট দখল কৰি ভাৰতৰ জয়ৰ ভেটি স্থাপন কৰিছিল।

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ; ৭ ৰানত পৰাস্ত ইংলেণ্ড

টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ; ৭ ৰানত পৰাস্ত ইংলেণ্ড

ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপ ২০২৬ৰ দ্বিতীয়খন ছেমি ফাইনেল মেচত ইংলেণ্ডৰ বিৰুদ্ধে ৭ ৰানত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছে।এতিয়া খিতাপৰ মেচত ৮ মাৰ্চত আহমেদাবাদৰ ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব টিম ইণ্ডিয়াই ।

টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় দলটোৱে।মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপ ২০২৬ৰ দ্বিতীয়খন ছেমি ফাইনেলত ৭ ৰানত ইংলেণ্ডক পৰাস্ত কৰে টীম ইণ্ডিয়াই।

ভাৰতীয় বলাৰৰ সন্মুখত তিষ্ঠিৱ নোৱাৰিলে ইংলেণ্ডবাহিনী। প্ৰথমে বেট ধৰি ভাৰতে ইংলেণ্ডক বান্ধি দিছিল ২৫৪ ৰানৰ বৃহৎ লক্ষ্য।

তাৰ বিপৰিতে ইংলেণ্ডে ২৪৬ ৰানতে থমকিব লগৈ হয়।এতিয়া ৮ মাৰ্চত নিউজীলেণ্ডৰ বিৰুদ্ধে হ’ব মহাযুঁজ। ৮ মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে খেলিব ফাইনেল।

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শন; ইংলেণ্ডক বান্ধি দিলে ২৫৪ ৰানৰ লক্ষ্য

টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শন; ইংলেণ্ডক বান্ধি দিলে ২৫৪ ৰানৰ লক্ষ্য

টি-২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ আছে।মেচখনত ভাৰতে ইংলেণ্ডক জয়ৰ বাবে ২৫৪ ৰানৰ লক্ষ্য বান্ধি দিছে।

আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ দ্বিতীয় ছেমি ফাইনেল আজি মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ আছে। মেচখনত ভাৰতে ইংলেণ্ডক জয়ৰ বাবে ২৫৪ ৰানৰ লক্ষ্য বান্ধি দিছে।

ভাৰতে ৭ উইকেটত ২৫৩ ৰান সংগ্ৰহ কৰে,যিটো বিশ্বকাপৰ নকআউট মেচত যিকোনো দলৰ সৰ্বাধিক স্ক’ৰ আছিল। মেচখনত ভাৰতৰ হৈ সঞ্জু ছেমছনে ৮৯ ৰান,ঈষান কিষানে ৩৯ ৰান, শিৱম ডুবেই ৪৩ ৰান,অধিনায়ক সূৰ্য কুমাৰ যাদৱে ১১ ৰান আৰু হাৰ্ডিক পাণ্ডিয়াই ২৭ ৰান সংগ্ৰহ কৰে।  

লগতে পঢ়ক: ছেমি ফাইনেলৰ দ্বিতীয়খন মেচত টছত জয়লাভ ইংলেণ্ডৰ; প্ৰথমে ভাৰতে কৰিব বেটিং

ছেমি ফাইনেলৰ দ্বিতীয়খন মেচত টছত জয়লাভ ইংলেণ্ডৰ; প্ৰথমে ভাৰতে কৰিব বেটিং

টি-২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত খেলা হ’ব।এই মেচখনত যিয়ে জয়ী হ’ব, তেওঁ ৮ মাৰ্চত আহমেদাবাদত নিউজিলেণ্ডৰ বিৰুদ্ধে ফাইনেল খেলিব।

আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ দ্বিতীয় ছেমি ফাইনেল আজি মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব,য’ত ভাৰত আৰু ইংলেণ্ড মুখামুখি হ’ব।মেচখনত ইংলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য যে, টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত একেৰাহে তৃতীয়বাৰৰ বাবে ভাৰত আৰু ইংলেণ্ডৰ দলৰ মুখামুখি হৈছে।২০২২ চনত ভাৰতীয় দলটো পৰাজিত হৈছিল,আনহাতে ২০২৪ চনত ভাৰতে ইংলেণ্ডক পৰাস্ত কৰিছিল।

লগতে পঢ়ক: ছানিয়া চান্দোকৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল অৰ্জুন টেণ্ডুলকাৰ; উপস্থিত ভিভিআইপি তাৰকা

আজি টি ২০ বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল; দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ইতিহাস ৰচিব পাৰিব নে কিৱি বাহিনী ?

টি ২০ বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল আজি কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব। কলকাতাৰ ইডেন গাৰ্ডেনত মুখামুখি হ’ব নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকা

৪ মাৰ্চ অর্থাৎ আজি কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২৬ৰ প্ৰথমখন ছেমি ফাইনেল।য’ত দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ মুখামুখি হ’ব।

দক্ষিণ আফ্ৰিকা হৈছে একমাত্ৰ দল যিয়ে  এই প্ৰতিযোগিতাত এতিয়ালৈকে সকলো খেলতে জয়লাভ কৰিছে। টি-২০ বিশ্বকাপ ২০২৬ ত একেৰাহে ৭খন মেচত জয়লাভ কৰি দক্ষিণ আফ্ৰিকাই এতিয়াও জয়ৰ ধাৰা অব্যাহত ৰাখিছে। একে সময়তে নিউজিলেণ্ডেও মিচেল ছাণ্টনাৰৰ অধিনায়কত্বত দুৰ্দান্ত প্ৰদৰ্শন কৰি স্থান লাভ কৰিছে।

এই প্ৰতিযোগিতা কেৱল ফাইনেলৰ টিকটৰ বাবেই নহয়, বৰঞ্চ কিৱি বাহিনীৰ বাবে ইতিহাস সলনি কৰাৰো সময়।কাৰণ টি-২০ বিশ্বকাপৰ ইতিহাসত নিউজিলেণ্ড দলে কেতিয়াও দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিব পৰা নাই।

টি-২০ বিশ্বকাপৰ ইতিহাসত এতিয়ালৈকে দুয়োৰে মাজত ৫খন মেচ হৈছে আৰু দক্ষিণ আফ্ৰিকাই আটাইকেইখনতে জয়লাভ কৰিছে। আনহাতে বৃহস্পতিবাৰে (৫ মাৰ্চ) মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন ছেমি ফাইনেল।

লগতে পঢ়ক: ষষ্ঠবাৰৰ বাবে ছেমি ফাইনেলত ভাৰত, টি-২০ বিশ্বকাপৰ নকআউটত কেনেকুৱা টিম ইণ্ডিয়াৰ ৰেকৰ্ড ?

পিচিবিৰ ডাঙৰ সিদ্ধান্ত; পাকিস্তানৰ প্ৰতিজন খেলুৱৈক বিহিব ৫০ লাখ টকাৰ জৰিমনা

টি ২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ ৮ৰ পৰা পাকিস্তান বাহিৰ হোৱাৰ পিছত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে দলৰ প্ৰতিজন খেলুৱৈৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ত দুৰ্বল প্ৰদৰ্শনৰ পৰিণতি এতিয়া পাকিস্তান দলৰ খেলুৱৈসকলে নিজৰ পকেটৰ পৰাই দিব লাগিব।

জানিব পৰা মতে, পাকিস্তান ক্ৰিকেট ব’ৰ্ডে কঠোৰ স্থিতি গ্ৰহণ কৰি দলৰ প্ৰতিজন খেলুৱৈৰ বিৰুদ্ধে জৰিমনা বিহাৰ সিদ্ধান্ত লৈছে।বিশ্বকাপৰ ছুপাৰ ৮ৰ পৰা বাহিৰ হোৱা আৰু গ্ৰুপ পৰ্যায়ত টিম ইণ্ডিয়াৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

টি-২০ বিশ্বকাপত খেলা প্ৰতিজন পাকিস্তানী খেলুৱৈক ৫০ লাখ পাকিস্তানী টকা (প্ৰায় ১৬ লাখ ভাৰতীয় টকা) জৰিমনা বিহা হৈছে।এই ধনৰাশি খেলুৱৈৰ দৰমহা বা মেচ মাচুলৰ পৰা কৰ্তন কৰা হ’ব।

একেৰাহে চতুৰ্থবাৰৰ বাবে আই চি চি টুৰ্ণামেণ্টত পাকিস্তানৰ দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ ব্যৰ্থ হৈছে।এনে পৰিস্থিতিত ব’ৰ্ডে স্পষ্টকৈ কৈছে যে,দুৰ্বল প্ৰদৰ্শন এতিয়া পোনপটীয়াকৈ আৰ্থিক লোকচানলৈ পৰিণত হ’ব। ইয়াৰ পূৰ্বেও পাকিস্তান ক্ৰিকেটত ফলাফল সন্দৰ্ভত কঠোৰতা আছিল,কিন্তু এইবাৰ এই বিশাল জৰিমনাক লৈ চৰ্চাৰ বিষয় হৈ পৰিছে।

লগতে পঢ়ক: ‘বহুবাৰ নিজৰ ওপৰত সন্দেহ উপজিছিল’; জয়ৰ পিছত আৱেগিক সঞ্জু চেমছন

‘বহুবাৰ নিজৰ ওপৰত সন্দেহ উপজিছিল’; জয়ৰ পিছত আৱেগিক সঞ্জু চেমছন

আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতীয় দলটোৱে প্ৰৱেশ কৰাৰ পিছতে আৱেগিক হৈ পৰিল সঞ্জু চেমছন। ডগআউটত বহিয়েই কিংবদন্তি খেলুৱৈসকলৰ পৰা শিকিছিল বহু কথা।

দেওবাৰে আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি টিম ইণ্ডিয়াই ছেমি ফাইনেলত স্থান দখল কৰে।এই জয়ৰ আচল নায়ক আছিল সঞ্জু চেমছন, যাক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হৈছিল।

এই বিশ্বকাপত সঞ্জুৱে বহু উত্থান-পতন দেখিছিল।কিন্তু আজি তেওঁ এককভাৱে সমগ্ৰ ৱেষ্ট ইণ্ডিজ দলটোক  ধূলিসাৎ কৰি ভাৰতক ছেমি ফাইনেললৈ লৈ যায়।

ভাৰতৰ জয়ৰ পাছত সঞ্জু চেমছন আৱেগিক হৈ পৰে।তেওঁ কয় যে এই দিনটো তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ দিন।সঞ্জুৱে ৫০টা বলত ৯৭ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল।যাৰ ভিত্তিত ভাৰতে ২০ অভাৰত ৱেষ্ট ইণ্ডিজৰ মুঠ ১৯৬ ৰানৰ লক্ষ্যক পিছ পেলাব পাৰে।  

খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত সঞ্জু চেমছনে কয় যে সৰুৰে পৰাই দেশৰ হৈ খেলাৰ সপোন দেখিছিলোঁ আৰু আজি মোৰ সেই অপেক্ষা শেষ হোৱা যেন অনুভৱ হৈছে।মোৰ কেৰিয়াৰত বহু উত্থান-পতন ঘটিছে।

বহুবাৰ নিজকে প্ৰশ্ন কৰিছিলো যে মই সফল হ’ব পাৰিম নে? কিন্তু মই হাৰ মনা নাছিলো। এই দিনটো চাবলৈ পোৱাৰ কাৰণে ভগৱানক ধন্যবাদ।মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু মেচ খেলা নাছিলো যদিও,ডগআউটত বহি কিংবদন্তি খেলুৱৈসকলৰ পৰা বহু কথা শিকিলো।

তেওঁ বিশেষভাৱে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ দৰে খেলুৱৈৰ নাম উল্লেখ কৰি কয় যে,কঠিন পৰিস্থিতিত তেওঁলোকে মেচখন কেনেকৈ শেষ কৰে,সেইটো চাই মই বহুত শিকিলোঁ।

তেওঁ লগতে কয় যে, মই বিশেষ একো কৰাৰ কথা ভবা নাছিলোঁ।মই মাত্ৰ মোৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিলোঁ।এইটো মোৰ জীৱনৰ অন্যতম ডাঙৰ দিন।

লগতে পঢ়ক: বিশ্বকাপত ভাৰতৰ জয়; ছেমি ফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়াৰ