ফাইনেল মেচৰ বাবে আহমেদাবাদত উপস্থিত টিম ইণ্ডিয়া; প্লেয়িং ১১ ত হ’ব নেকি সলনি?

ফাইনেল মেচৰ বাবে আহমেদাবাদত উপস্থিত টিম ইণ্ডিয়া; প্লেয়িং ১১ ত হ’ব নেকি পৰিৱৰ্তন?

টি-২০ বিশ্বকাপ ২০২৬ৰ হাই ভল্টেজ ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলটোৰ প্লেয়িং ১১ত ডাঙৰ পৰিৱৰ্তন হোৱাৰ ইংগিত পোৱা গৈছে।দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকা তাৰকা বেটছমেন অভিষেক শৰ্মাক বাদ দিয়া হ’ব পাৰে। ভাৰতীয় দলটোৱে অহা ৮ মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া আই চি

টি-২০ বিশ্বকাপ ২০২৬ৰ হাই ভল্টেজ ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলটোৰ প্লেয়িং ১১ত ডাঙৰ পৰিৱৰ্তন হোৱাৰ ইংগিত পোৱা গৈছে।দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকা তাৰকা বেটছমেন অভিষেক শৰ্মাক বাদ দিয়া হ’ব পাৰে।

ভাৰতীয় দলটোৱে অহা ৮ মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া আই চি চি টি-২০ বিশ্বকাপ ২০২৬ৰ অন্তিমখন খেল খেলিব।২০২৬ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেল খেলখনৰ বাবে অন-ফিল্ড আম্পায়াৰ হিচাপে ইংলেণ্ডৰ ৰিচাৰ্ড ইলিংৱৰ্থ আৰু এলেক্স ৱাৰ্ফৰ যুটি নিৰ্বাচিত হৈছে।

ফাইনেলৰ এই যাত্ৰাত ভাৰতীয় দলটোৱে মাত্ৰ এখন মেচত পৰাস্ত হৈছিল, সেই খেলখন ছুপাৰ-৮ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আছিল।ইয়াৰ পিছতে টিম ইণ্ডিয়াৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে এতিয়া ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে।

দেওবাৰে  হ’বলগীয়া খিতাপি মেচখনৰ বাবে ভাৰতীয় দলটো ৬ মাৰ্চ শুকুৰবাৰৰ সন্ধিয়া আহমেদাবাদত উপস্থিত হয়।কিন্তু ফাইনেল মেচখনৰ বাবে ভাৰতীয় দলটোৰ প্লেয়িং ১১ ত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে।

খবৰ অনুসৰি, দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকা অভিষেক শৰ্মাক ফাইনেল মেচখনৰ পৰা বাহিৰ কৰি প্লেইং ১১ ত এটা ডাঙৰ পদক্ষেপ ল’বলৈ সাজু হৈছে দল পৰিচালনা সমিতি।

দলটোত অভিষেকৰ ঠাইত ৰিংকু সিং, ৱাশ্বিংটন সুন্দৰ আৰু কুলদীপ যাদৱৰ নাম অন্তৰ্ভুক্ত হৈছে।কিন্তু কুলদীপ যাদৱৰ সম্ভাৱনা অধিক।২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত কুলদীপে কিৱিৰ বিৰুদ্ধে দুটা উইকেট দখল কৰি ভাৰতৰ জয়ৰ ভেটি স্থাপন কৰিছিল।

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ; ৭ ৰানত পৰাস্ত ইংলেণ্ড