বিশ্বকাপত ভাৰতৰ জয়; ছেমি ফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়াৰ

আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে টীম ইণ্ডিয়াই। কলকাতাৰ ইডেন গাৰ্ডেনত ৱেষ্ট ইণ্ডিজক ধূলিসাৎ টীম ইণ্ডিয়াৰ।

কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দলৰ মাজত অনুষ্ঠিত হয় আই চি চি টি-২০ বিশ্বকাপ ২০২৬ৰ অন্তিমখন ছুপাৰ-৮ মেচ।খেলখনত ৱেষ্ট ইণ্ডিজক ধূলিসাৎ কৰি ছেমি ফাইনেলত প্ৰৱেশ টিম ইণ্ডিয়াৰ।এই মেচখনত ৫ উইকেটত জয়লাভ ভাৰতৰ।  

টচত জয়ী হৈ ভাৰতে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজৰ দলটোৱে ভাৰতক ১৯৬ ৰানৰ লক্ষ্য বান্ধি দিয়ে। ভাৰতে ৫ টা উইকেট হেৰুৱাই ১৯৯ ৰান সংগ্ৰহ কৰে।

ইয়াৰ লগে লগে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতৰ দলটোৱে।এই মেচখনৰ নায়ক আছিল সঞ্জু চেমচন।যিয়ে কলকাতাৰ ইডেন গাৰ্ডেনত ৯৭ ৰানৰ ধুমুহাময় ইনিংছ খেলি ভাৰতক শীৰ্ষ ৪ৰ টিকট লাভ কৰাত সহায় কৰে।

ইফালে এই পৰাজয়ৰ লগে লগে বিশ্বকাপৰ পৰা অন্ত পৰিল ৱেষ্ট ইণ্ডিজৰ যাত্ৰা। এতিয়া ভাৰতৰ ছেমি ফাইনেল খেলখন ৫ মাৰ্চত ইংলেণ্ডৰ বিৰুদ্ধে হ’ব।এই মেচখন মুম্বাইত অনুষ্ঠিত হ’ব।

লগতে পঢ়ক: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টছত জয়লাভ ভাৰতৰ; টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টছত জয়লাভ ভাৰতৰ; টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত

আজি কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দলৰ মাজত অনুষ্ঠিত হ’ব আই চি চি টি-২০ বিশ্বকাপ ২০২৬ৰ অন্তিমখন ছুপাৰ-৮ মেচ।টচত জয়ী হৈ ভাৰতে বলিঙৰ সিদ্ধান্ত লৈছে।

কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দলৰ মাজত অনুষ্ঠিত হৈছে আই চি চি টি-২০ বিশ্বকাপ ২০২৬ৰ অন্তিমখন ছুপাৰ-৮ মেচ।

প্ৰতিযোগিতাখনৰ চতুৰ্থ ছেমি ফাইনেলৰ দলটো এই খেলখনৰ পৰাই নিৰ্ণয় কৰা হ’ব। যিয়ে জয়ী হ’ব সেই দলটোৱেই শীৰ্ষ-৪ত স্থান লাভ কৰিব।

দুয়োটা দলৰ ২-২ পইণ্ট আছে আৰু আজিৰ খেলখনত জয়ী হোৱা দলটোৱে ৪ পইণ্টেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিব।দুয়োটা দলৰ বাবে আজিৰ খেলখন নিৰ্ণায়ক বুলি প্ৰমাণিত হ’বলৈ গৈ আছে।

ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে টছ জয় কৰি বল কৰাৰ সিদ্ধান্ত লৈছে। এই নকআউট মেচত ৱেষ্ট ইণ্ডিজৰ দলে প্ৰথমে বেটিং কৰিব। ভাৰতীয় বলাৰসকলে ৱেষ্ট ইণ্ডিজক নূন্যতম ৰান সংগ্ৰহ কৰাত সীমাবদ্ধ ৰখাত গুৰুত্ব দিব লাগিব।

লগতে পঢ়ক: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আজি ভাৰতৰ অগ্নিপৰীক্ষা, ছেমি ফাইনেলৰ লক্ষ্যৰে ইডেনত যুঁজিব সূৰ্য বাহিনীয়ে

ধূলিসাৎ হ’ব নেকি ভাৰতৰ ছেমি ফাইনেলৰ সপোন, বৰষুণ হ’ব পাৰে খলনায়ক

ছেমি ফাইনেলৰ টিকট নিশ্চিত কৰিবলৈ ১ মাৰ্চ, দেওবাৰে ৱেষ্ট ইণ্ডিজৰ মুখামুখি হ’ব সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দল ।

ভাৰতীয় ক্ৰিকেট দলে এতিয়াও চলিত টি-২০ বিশ্বকাপৰ ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰা নাই । কোনটো দল ছেমিফাইনেললৈ আগবাঢ়িব সেই সন্দৰ্ভত সিদ্ধান্ত হ’ব ১ মাৰ্চত । ছেমি ফাইনেলৰ টিকট নিশ্চিত কৰিবলৈ ১ মাৰ্চ, দেওবাৰে ৱেষ্ট ইণ্ডিজৰ মুখামুখি হ’ব সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দল । দুয়োটা দলে এতিয়ালৈকে ২ পইণ্টকৈ লাভ কৰিছে যাৰ ফলত এই মেচখন দুয়োটা দলৰ বাবে কোৱাৰ্টাৰ ফাইনেলতকৈ কম নহয় । ভাৰতে ছেমি ফাইনেলৰ টিকট নিশ্চিত কৰিবলৈ এই প্ৰতিযোগিতাত যিকোনো মূল্যতে জয়ী হ’ব লাগিব । এই মেচত বিজয়ী দলটোৱে পোনপটীয়াকৈ ফাইনেল ফোৰলৈ আগবাঢ়িব, কিন্তু বৰষুণৰ বাবে মেচখন পৰিত্যক্ত হ’লে কি হ’ব ?  বৰষুণ আহিলে কোনটো দল বেছি লাভৱান হ’ব ?

নেট ৰান ৰেটৰ বিষয়টোত গ্ৰুপ ২ত পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজত অচলাৱস্থা । কিন্তু ভাৰত আৰু ৱেষ্ট ইণ্ডিজ এতিয়া নেট ৰান ৰেটৰ ওপৰত নিৰ্ভৰশীল নহয়, কিয়নো ছেমিফাইনেলৰ পথ স্পষ্ট । মেচখনত জয়ী হ’লেই ছেমিফাইনেললৈ যাব বিজয়ী দলটো । গতিকে ১ মাৰ্চত ভাৰতে ৱেষ্ট ইণ্ডিজক মাত্ৰ এক ৰাণত পৰাস্ত কৰিলেও ছেমিফাইনেলত প্ৰৱেশ কৰিব । কিন্তু মেচ বাতিল হ’লে নেট ৰান ৰেট আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক হৈ পৰিব ।

বৰষুণ দিলে কোন লাভৱান হ’ব ?

কলকাতাৰ ইডেন গাৰ্ডেনছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ ছুপাৰ-৮ৰ হাই ভল্টেজ মেচ । যদি বৰষুণৰ বাবে খেলখন পৰিত্যক্ত হয় তেন্তে দুয়োটা দলে এটাকৈ পইণ্ট লাভ কৰিব । এইদৰে ভাৰত আৰু ৱেষ্ট ইণ্ডিজ তিনি পইণ্টকৈ লাভ কৰি সমতাত আহিব । অৱশ্যে ৱেষ্ট ইণ্ডিজে নিজৰ নেট ৰান ৰেটৰ ওপৰত ভিত্তি কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিব । ৱেষ্ট ইণ্ডিজৰ নেট ৰান ৰেট +১.৭৯১, আনহাতে ভাৰত -০.১০০ ৰে বহু পিছ পৰি আছে ।

বতৰৰ পৰিস্থিতি কি ?

যদি বৰষুণৰ বাবে মেচ বাতিল হয় তেন্তে সেয়া স্পষ্টভাৱে টিম ইণ্ডিয়াৰ ক্ষতি হ’ব । গতিকে, ১ মাৰ্চত কলকাতাৰ বতৰ কেনেকুৱা হ’ব তাকে লৈ চৰ্চা চলিছে । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ১ মাৰ্চত কলকাতাত আকাশ পৰিষ্কাৰ, গৰম ৰ’দ আৰু সৰ্বোচ্চ উষ্ণতা ৩৩ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে ।

লগতে পঢ়ক : ছেমি ফাইনেলৰ বাবে কাইলৈ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ মৰণপণ যুঁজ

ছেমিফাইনেলৰ দিশে এখোজ টীম ইণ্ডিয়াৰ; সৰ্বোচ্চ স্ক’ৰ কৰাৰ পাছত ৭২ ৰানত জয়লাভ

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত জিম্বাবৱেক ৭২ ৰানত পৰাস্ত কৰিলে ভাৰতে।এই জয়েৰে টীম ইণ্ডিয়াই ছেমিফাইনেলৰ দিশে এখোজ আগবাঢ়ি গৈছে।

বৃহস্পতিবাৰে (২৬ ফেব্ৰুৱাৰী) চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ-৮ ৰাউণ্ডত ভাৰতে জিম্বাবৱেৰ বিৰুদ্ধে খেলিছিল।

এই মেচখনত ভাৰতীয় দলটোৱে ৭২ ৰানত জয়লাভ কৰে।মেচখনত ভাৰতীয় দলটোৱে জিম্বাবৱেক ২৫৭ ৰানৰ লক্ষ্য বান্ধি দিছিল,কিন্তু জিম্বাবৱে দলটোৱে ৬ উইকেটত ১৮৪ ৰানহে সংগ্ৰহ কৰে।

ভাৰতীয় দলটোৱে এতিয়া ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰিলেহে ছেমি ফাইনেলত প্ৰৱেশ কৰিব লাগিব।অহা ১ মাৰ্চত কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত-ৱেষ্ট ইণ্ডিজৰ খেলখন অনুষ্ঠিত হ’ব।

আজিৰ মেচখনত জিম্বাবৱেই টছত জয়লাভ কৰি টীম ইণ্ডিয়াক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়।এইবাৰ প্লেইং ১১ত সঞ্জু চেমছনে সুযোগ লাভ কৰে।

ধাৰাবাহিকভাৱে ব্যৰ্থ হৈ থকা অভিষেক শৰ্মাই অৱশেষত ৫৫ ৰানৰ অৰ্ধশতকৰ ইনিংছ খেলে। আনহাতে হাৰ্দিক পাণ্ডিয়াই ৫০ ৰান আৰু তিলক বাৰ্মাই ৪৪ ৰানৰ ধুমুহাময় ইনিংছ খেলে। ভাৰতে ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ আটাইতকৈ বেছি আৰু টি-২০ বিশ্বকাপৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক স্ক’ৰ লাভ কৰিছিল।

লগতে পঢ়ক: ২০২৬ চনৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৰ্বাধিক স্ক’ৰ;  জিম্বাবৱেক বান্ধি দিলে ২৫৭ ৰাণৰ লক্ষ্য

২০২৬ চনৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৰ্বাধিক স্ক’ৰ;  জিম্বাবৱেক বান্ধি দিলে ২৫৭ ৰাণৰ লক্ষ্য

আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ ৮ ৰাউণ্ডত ভাৰতে জিম্বাবৱেৰ বিৰুদ্ধে খেলি আছে।আজি ভাৰতীয় দলটোৱে এই বিশ্বকাপৰ সৰ্বাধিক স্ক’ৰ সংগ্ৰহ কৰিছে।

আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ ৮ ৰাউণ্ডৰ আজিৰ খেলখল জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে।

এই মেচখনত জিম্বাবুৱেৰ অধিনায়ক ছিকন্দাৰ ৰাজাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।ভাৰতীয় দলটোৱে জয়ৰ বাবে জিম্বাবৱেক ২৫৭ ৰানৰ লক্ষ্য বান্ধি দিছে।

ভাৰতে ৪ উইকেটত ২৫৬ ৰান সংগ্ৰহ কৰে, যিটো এই বিশ্বকাপত ভাৰতীয় দলটোৰ সৰ্বাধিক স্ক’ৰ।হাৰ্দিক পাণ্ডিয়াই অপৰাজিত ৫০ ৰান সংগ্ৰহ কৰে। অভিষেক শৰ্মাই ৫৫ ৰান সংগ্ৰহ কৰে।

এই মেচত দুয়োটা দলৰ প্লেইং ১১ৰ পৰিৱৰ্তন ঘটিছে।ৰিংকু সিং আৰু ৱাশ্বিংটন সুন্দৰ এই মেচখনৰ পৰা আঁতৰি আছে।

তেওঁলোকৰ ঠাইত সঞ্জু চেমচন আৰু অক্ষৰ পেটেল প্ৰৱেশ কৰিছে ।জিম্বাবৱেৰ দলত গ্ৰেম ক্ৰেমাৰৰ ঠাইত টিনোটেণ্ডা মাফোছাই স্থান লাভ কৰিছে।

লগতে পঢ়ক: আজি টিম ইণ্ডিয়াই খেলিব ২ খনকৈ মেচ, দুয়োখনেই নিৰ্ণয় কৰিব চলিত টি-২০ বিশ্বকাপৰ ভৱিষ্যত!

টি-২০ বিশ্বকাপত থমকিল ভাৰতৰ বিজয় ৰথ, ছুপাৰ-৮ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শোচনীয় পৰাজয়

টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ-৮ৰ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈছে টীম ইণ্ডিয়া ।

চলিত টি-২০ বিশ্বকাপত প্ৰথমটো পৰাজয়ৰ সন্মুখীন হৈছে সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দল । দেওবাৰে আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ-৮ৰ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈছে টীম ইণ্ডিয়া । আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত ৭৬ ৰানৰ পৰাস্ত হয় সূৰ্ওয বাহিনী । এই পৰাজয়ে ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশৰ আশাত ডাঙৰ আঘাত হানিছে, কিয়নো এই পৰাজয়ে দলটোৰ নেট ৰান ৰেটত যথেষ্ট প্ৰভাৱ পেলাইছে ।

দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয় । দলটোৱে  টা উইকেট হেৰুৱাই ১৮৭ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ১১১ ৰানতে ভাৰতীয় দলৰ আটাইকেইটা উইকেটৰ পতন ঘটে । দক্ষিণ আফ্ৰিকাই এই মেচৰ বাবে নিজৰ দলত চাৰিটা পৰিৱৰ্তন কৰে যদিও ভাৰতীয় দলে কোনো পৰিৱৰ্তন নঘটোৱাকৈ মেচখনত প্ৰৱেশ কৰে ।

ভাৰতীয় দলৰ ইনিংছ-

১৮৮ ৰানৰ লক্ষ্য অনুসৰণ কৰা টিম ইণ্ডিয়াৰ আৰম্ভণি আছিল বিপৰ্যয়জনক । প্ৰথম অভাৰত শূণ্যতে আউট হয় ঈশান কিষাণ । ইয়াৰ পিছতে জেন্সেনে তিলক বাৰ্মাক পৰৱৰ্তী অভাৰত আউট কৰে । অধিনায়ক সূৰ্য আৰু অভিষেকৰ দায়িত্বশীল ইনিংছৰ আশা কৰা হৈছিল । কিন্তু অভিষেক আকৌ এবাৰ নিৰাশ কৰে । পঞ্চম অভাৰত জেন্সেনে অভিষেকক আউট কৰে । অভিষেকে মাত্ৰ ১৫ ৰানহে কৰিবলৈ সক্ষম হয় । ছয় অভাৰৰ অন্তত ভাৰতৰ স্ক’ৰ আছিল ৩১-৩ । ইয়াৰ পিছতে অষ্টম অভাৰত ৱাশ্বিংটন সুন্দৰে মাত্ৰ ১১ ৰান সংগ্ৰহ কৰি আউট হয় । নৱম অভাৰত ভাৰতে ৫০ ৰানৰ সীমা অতিক্ৰম কৰে ।

দশম অভাৰত ভাৰতে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় যেতিয়া অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ উকেটৰ পতন ঘটে । সূৰ্যই ৫১ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় । সূৰ্যই ২২টা বলত মাত্ৰ ১৮ ৰান সংগ্ৰহ কৰে । ১০ অভাৰৰ অন্তত ভাৰতৰ স্ক’ৰ আছিল ৫৭-৫ । ১৫ নং অভাৰত কেশৱ মহাৰাজে প্ৰথমে হাৰ্দিক আৰু তাৰ পিছত ৰিংকু সিঙক আউট কৰে । হাৰ্দিকে ১৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৰিংকুৱে কোনো ৰান সংগ্ৰহ নকৰাকৈ আউট হয় । একেটা অভাৰতে কেশৱে অৰ্শদীপকো আউট কৰে । মহাৰাজে এটা অভাৰত তিনিটা উইকেট দখল কৰি ভাৰতৰ বেটিং লাইন আপ সম্পূৰ্ণৰূপে ভাঙি দিয়ে ।

শিৱম ডুবেই ৪২ ৰানৰ এক উজ্জ্বল ইনিংছ খেলিছিল যদিও ১৯ নং অভাৰত ১১১ ৰানত টিম ইণ্ডিয়াই আটাইকেইটা উইকেটৰ পতন ঘটে । এই পৰাজয়ে ভাৰতৰ ৰানৰেট -৩ অতিক্ৰম কৰিছে । ইয়াৰ অৰ্থ হ’ল ভাৰতে পৰৱৰ্তী দুখন মেচত জয়ী হ’ব লাগিব আৰু আন দলসমূহৰ ৰান ৰেট ভাল নহ’বলৈ প্ৰাৰ্থনা কৰিব লাগিব ।

দক্ষিণ আফ্ৰিকাৰ হৈ জেন্সেনে ৪টা উইকেট দখল কৰাৰ বিপৰীতে লুংগিয়ে তিনিটা আৰু বছে দুটা উইকেট দখল কৰে ।

লগতে পঢ়ক : ছুপাৰ-৮ত আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ যুঁজ, টছত জিকি বেটিঙৰ সিদ্ধান্ত প্ৰটিয়াছৰ

পাকিস্তান বনাম নিউজিলেণ্ডৰ মেচত বৰষুণৰ সম্ভাৱনা; কি হ’ব সিদ্ধান্ত

টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ ৰাউণ্ডৰ প্ৰথমখন খেল আজি পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।কিন্তু খেলখনৰ সময়ত বৰষুণ গৃহোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

আজিৰ পৰা আৰম্ভ হৈছে টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ-৮ ৰাউণ্ড। এই ৰাউণ্ডত আজি পাকিস্তান বনাম নিউজিলেণ্ডৰ খেলখন অনুষ্ঠিত হ’ব।

এই খেলখন সন্ধিয়া ৭ বজাৰ পৰা কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।কিন্তু গোটেই খেলখনত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কেৱল খেলখনৰ সময়তেই নহয় ইয়াৰ পূৰ্বেও  বৰষুণ হ’ব পাৰে।

কলম্বো বতৰ বিজ্ঞান কেন্দ্ৰৰ অনুসৰি, আজি কলম্বোত গোটেই দিনটো বৰষুণৰ সম্ভাৱনা আছে। ৩ বজাৰ আশে-পাশে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সন্ধিয়া ৬:৩০ বজাত খেলখনৰ হ’ব টছ,এই সময়ছোৱাত বৰষুণৰ সম্ভাৱনা ৩০ শতাংশ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননিৰ মতে, খেলখনৰ সময়ত বৰষুণ দিয়াৰ সম্ভাৱনাই অধিক।যাৰ বাবে পাকিস্তান বনাম নিউজিলেণ্ডৰ খেলখন বাতিলো হ’ব পাৰে ।

যদি এনেকুৱা হয় তেন্তে পইণ্ট দুয়োটা দলৰ মাজত ভাগ কৰা হ’ব। আজি পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব ৫০ সংখ্যক টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ।

লগতে পঢ়ক: ‘ছেমি ফাইনেলৰ পূৰ্বে বাহিৰ হ’ব টিম ইণ্ডিয়া’!প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰৰ ভৱিষ্যদ্বাণী

অভিষেক শৰ্মা নে তিলক বৰ্মা? দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ প্লেইং ১১ৰ পৰা কাক দিয়া হ’ব বাদ?

দেওবাৰে টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ-৮ ৰাউণ্ডত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব।আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই মেচখনত অক্ষৰ পেটেলৰ প্লেইং ১১লৈ ঘূৰি অহাটো নিশ্চিত বুলি বিবেচিত হৈছে।

টি-২০ বিশ্বকাপ ২০২৬ ৰ ছুপাৰ-৮ ৰ ৰণডংকা বাজি উঠিছে।দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে প্ৰথমখন খেল খেলিব।

এই হাই ভল্টেজ মেচৰ পূৰ্বে ভাৰতীয় দল পৰিচালনা সমিতিয়ে প্লেইং ১১ ৰ ডাঙৰ পৰিৱৰ্তনৰ কথা চিন্তা কৰিছে।অপৰাজিত হৈ ছুপাৰ-৮ত প্ৰৱেশ কৰা টিম ইণ্ডিয়াই এতিয়া নিজৰ শক্তিশালী দলৰ সৈতে খেলপথাৰত প্ৰৱেশ কৰিব বিচাৰিছে।

ভাৰতীয় দলৰ তিনিটা পৰিৱৰ্তন হ’ব পাৰে। সঞ্জু চেমছনক বেটিং অনুশীলন কৰা দেখা গৈছিল। অনুশীলনৰ সময়ত সঞ্জু চেমছনক যথেষ্ট কষ্ট কৰা দেখিবলৈ পোৱা গৈছে।

ভাৰতৰ উপ-অধিনায়ক অক্ষৰ পেটেল নেদাৰলেণ্ডৰ বিৰুদ্ধে অন্তিমখন খেলত জিৰণি লোৱাৰ পাছতে প্লেইং ১১ লৈ ঘূৰি অহাটো প্ৰায় নিশ্চিত।তেওঁৰ ঠাইত ৱাশ্বিংটন সুন্দৰক সুযোগ দিয়া হৈছিল।

ঘৰুৱা ক্ৰিকেটত গুজৰাটক প্ৰতিনিধিত্ব কৰা অক্ষৰ পেটেলৰ বাবে এইখনেই ‘হোম গ্ৰাউণ্ড’।আহমেদাবাদৰ খেলপথাৰত তেওঁৰ অভিজ্ঞতাই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ বাবে ট্ৰাম্প কাৰ্ড বুলি প্ৰমাণিত হ’ব পাৰে।

যদি এইবাৰ অভিষেক শৰ্মাই সুযোগ নাপাই, তেন্তে ঈশান কিষানৰ সৈতে চেমছনক অপেনাৰত দেখিবলৈ পোৱা যাব পাৰে।

লগতে পঢ়ক: ‘ছেমি ফাইনেলৰ পূৰ্বে বাহিৰ হ’ব টিম ইণ্ডিয়া’!প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰৰ ভৱিষ্যদ্বাণী

‘ছেমি ফাইনেলৰ পূৰ্বে বাহিৰ হ’ব টিম ইণ্ডিয়া’!প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰৰ ভৱিষ্যদ্বাণী

টি-২০ বিশ্বকাপ ২০২৬ৰ গ্ৰুপ পৰ্যায়ত ভাৰতীয় দলটোৱে ভাল প্ৰদৰ্শন আগবঢ়ায়। তাৰ মাজতে প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ মহম্মদ আমিৰে এক আচৰিত মন্তব্য কৰিছে।

২০২৬ চনৰ টি-২০ বিশ্বকাপৰ গ্ৰুপ মেচত যেতিয়া ভাৰত আৰু পাকিস্তানৰ মুখামুখি হৈছিল,তেতিয়া টিম ইণ্ডিয়াই ৬১ ৰানত জয় পঞ্জীয়ন কৰিছিল।ছুপাৰ-৮ত সকলো দলকে চাৰিটাকৈ দুটা গ্ৰুপত ভাগ কৰা হৈছে।

প্ৰথম গ্ৰুপত ভাৰত আৰু দ্বিতীয় গ্ৰুপত আছে পাকিস্তান   গতিকে ছুপাৰ ৮ পৰ্যায়ত তেওঁলোকৰ মাজত সংঘৰ্ষ নহ’ব।

কিন্তু প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ মহম্মদ আমিৰে ফাইনেল আৰু ছেমি ফাইনেল সন্দৰ্ভত এটা ডাঙৰ ভৱিষ্যদ্বাণী কৰিছে।

এটা সাক্ষাৎকাৰত পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰছিদ লতিফ, মহম্মদ আমিৰ আৰু আহমেদ শ্বেহজাদে আলোচনা কৰি আছিল।

প্ৰথমতে মহম্মদ আমিৰে এটা ভৱিষ্যদ্বাণী কৰি ভাৰতীয় মিডল অৰ্ডাৰ বেটিংক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।বিশেষকৈ বেটিঙত টিম ইণ্ডিয়াই বাৰে বাৰে সংগ্ৰাম কৰা দেখা গৈছে বুলিও তেওঁ কয়।

তাৰ মাজতে মহম্মদ আমিৰে কয় যে,ভাৰতীয় দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিব।টিম ইণ্ডিয়াই সদায় ভাল আৰম্ভণি পোৱা নাই।

যদিও টিম ইণ্ডিয়াই বিশ্বকাপত ডাঙৰ ডাঙৰ স্ক’ৰ কৰিছে,কিন্তু এই সময়ছোৱাত দলটোৰ অভাৱ-অভিযোগবোৰো উন্মোচিত হৈছে।

প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ গৰাকীৰ মতে উচ্চ চাপৰ পৰিস্থিতিত ভাৰতৰ বেটিং দুৰ্বল যেন লাগিছে আৰু এনে মুহূৰ্ততেই বিপক্ষ দলে সুবিধা ল’ব।

লগতে পঢ়ক: টি-২০ বিশ্বকাপত পুনৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান ! জানক সম্পূৰ্ণ সমীকৰণ