শ্ৰীলংকাত হোৱা নাই বৰষুণ; IND vs PAK খেলৰ সময়ত কেনেকুৱা হ’ব বতৰ?

শ্ৰীলংকাত হ’বলগীয়া IND vs PAK খেলখনত বৰষুণে বিধি-পথালি দিব বুলি শ্ৰীলংকাৰ বতৰ বিজ্ঞান কেন্দ্ৰই নিৰ্দেশ দিছিলে। অৱশ্যে কলম্বোৰ আকাশ এতিয়া ফৰকাল হৈ পৰিছে।

শ্ৰীলংকাত হ’বলগীয়া ভাৰত বনাম পাকিস্তানৰ খেলখনত বৰষুণে ভাবুকি কঢ়িয়াই আনিছে। টি-২০ বিশ্বকাপ ২০২৬ৰ এই খেলখন সন্ধিয়া ৭ বজাৰ পৰা কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

আজি ইয়াত বৰষুণ হোৱাৰ সম্ভাৱনা আছে যদিও ভাল কথাটো হ’ল যে দুপৰীয়া ২ বজালৈকে বৰষুণ হোৱা নাই,অৱশ্যে পুৱাৰ ভাগত কিছু বৰষুণ পৰিছিল। খেলখন আৰম্ভ হ’বলৈ মাত্ৰ কেইঘণ্টামান বাকী আছে।ইয়াৰ আগতে বতৰৰ প্ৰতিবেদন সম্পূৰ্ণৰূপে সলনি হৈছে।

দুপৰীয়া ২ বজালৈকে কলম্বোত ধাৰাসাৰ বৰষুণ হোৱা নাই।যদিও আকাশ মেঘময় হৈ আছে, অৱশ্যে মাজে মাজে সূৰ্যই ভূমুকি মাৰি আছে।

কিন্তু খেলৰ পূৰ্বে বৰষুণ হোৱাৰ সম্ভাৱনা অধিক,ইয়াৰ বাবে টছ (৬:৩০)ত পলম হ’ব পাৰে যদিও মেচৰ সময়ত আৰু তাৰ পিছত বৰষুণৰ সম্ভাৱনা কম।আনহাতে পূৰ্বে এই সময়ত বৰষুণৰ সম্ভাৱনা ৬০ শতাংশতকৈ অধিক হোৱা দেখা গৈছিল।

লগতে পঢ়ক: ‘IND vs PAK খেলৰ সময়ত বৰষুণ দিয়ক’; প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰৰ অদ্ভূত বক্তব্য

‘IND vs PAK খেলৰ সময়ত বৰষুণ দিয়ক’; প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰৰ অদ্ভূত বক্তব্য

কলম্বোত ভাৰত আৰু পাকিস্তানৰ মাজত হ’বলগীয়া খেলখনৰ পূৰ্বে পাকিস্তান শিবিৰত আশংকা স্পষ্টকৈ দেখা গৈছে। প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰে এই খেলখনক লৈ অদ্ভূত মন্তব্য কৰিছে।

ভাৰত আৰু পাকিস্তানৰ মাজত বহু প্ৰত্যাশিত টি-২০ বিশ্বকাপৰ খেলখন আজি কলম্বোত অনুষ্ঠিত হ’ব।খেলখন আৰম্ভ হোৱাৰ পূৰ্বেই বাতৰিৰ শিৰোনাম দখল কৰিছে।

ইফালে এগৰাকী প্ৰাক্তন পাকিস্তানী খেলুৱৈয়ে এক অদ্ভুত মন্তব্য কৰিছে।দৰাচলতে, এই হাই ভল্টেজ মেচত বৰষুণৰ বাবে প্ৰাৰ্থনা কৰিছে প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ বসিত আলীয়ে।

এটা সাক্ষাৎকাৰত পাকিস্তানী ক্ৰিকেটাৰ গৰাকীক যেতিয়া সোধা হয় যে তেওঁ গোটেই মেচখন চাব নিবিচাৰে নেকি? তেতিয়া বসিত আলীয়ে স্পষ্ট ভাষাৰে কয় যে খেলৰ সময়ত বৰষুণ হ’বলৈ তেওঁ প্ৰাৰ্থনা কৰে।

তেওঁ কয় যে, মেচৰ ফলাফল কি হ’ব সেয়া সকলোৱে জানে।সেইবাবেই মই মাত্ৰ ভাবো যে আল্লাহে কৰক কাইলৈ ​​বৰষুণ হওক।

অন্ততঃ পাকিস্তানে ১ পইণ্ট পাব।তেওঁৰ এই বক্তব্যৰ প্ৰত্যক্ষ অৰ্থ হ’ল যে দলটোৰ জয়ৰ ওপৰত তেওঁৰ আস্থা নাই।পৰাজয়ৰ লাজৰ পৰা হাত সাৰিবলৈ তেওঁলোকে বৰষুণৰ সহায় বিচাৰিছে যাতে খেলখন নেখেলাকৈয়ে এটা পইণ্ট লাভ কৰিব পাৰে।

ইতিমধ্যে শ্ৰীলংকাৰ বতৰ বিজ্ঞান কেন্দ্ৰই খেলখনৰ সময়ত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে। শ্ৰীলংকাৰ বতৰ বিজ্ঞান বিভাগে জনাইছে যে বংগোপসাগৰত নিম্ন চাপৰ এলেকা সৃষ্টি হৈছে, যাৰ কাৰণে খেলৰ সময়ত অবিৰতভাৱে বৰষুণ হ’ব পাৰে।

লগতে পঢ়ক: কলম্বোত ভাৰত-পাকিস্তানৰ হাইভল্টেজ যুঁজঃ মেচৰ পূৰ্বে জানক মূল একাদশ, হেড টু হেড ৰেকৰ্ডৰ সবিশেষ

বিচিচিআইৰ আদেশ উলংঘা;প্ৰেমিকাৰ হাতত ধৰি কলম্বোত উপস্থিত  হাৰ্দিক পাণ্ডিয়া

টি-২০ বিশ্বকাপ ২০২৬ৰ সময়ত খেলুৱৈসকলে পৰিয়ালৰ সৈতে থাকিব নোৱাৰিব বুলি বিচিচিআইয়ে কঠোৰ নিয়ম প্ৰণয়ন কৰিছে । তাৰ মাজতে হাৰ্দিক পাণ্ডিয়াক প্ৰেমিকাৰ সৈতে দেখা গৈছে।

১৫ ফেব্ৰুৱাৰীত হ’বলগীয়া ভাৰত-পাকিস্তানৰ মেচখনৰ বাবে ভাৰতীয় দলটোৱে শুকুৰবাৰে কলম্বোৰ বান্দৰনায়কা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়।

তাৰ পিছত ভাৰতীয় দলটোক  পৰম্পৰাগত কাণ্ডিয়ান নৃত্যৰে আদৰণি জনোৱা হয়।ভাৰতীয় দলটো উপস্থিত হোৱাৰ পিছতে তেওঁলোকৰৰ সমৰ্থক সকলে ভাৰত মাতা কি জয়ৰ শ্লোগান দিয়ে।বিমানবন্দৰৰ পৰা ওলাই যোৱাৰ সময়ত আৰ্শদীপ সিঙে নাচি নাচি আগবাঢ়ি যায়।

আনহাতে হাৰ্দিক পাণ্ডিয়াই তেওঁৰ সুন্দৰী প্ৰেমিকাক লৈ ওলাই আহে।এই ভিডিঅ’টো ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে।হাৰ্দিক পাণ্ডিয়া আৰু মাহিকা শৰ্মাক হোটেলত একেলগে দেখা পোৱা গৈছে।

বিচিচিআইৰ নিয়মৰ মাজতো হাৰ্দিকে কেনেকৈ কোনো সংকোচ নকৰাকৈয়ে হোটেলত প্ৰেমিকাৰ সৈতে সময় কটাবলৈ সক্ষম হৈছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। তাৰ পিছতেই বিচিচিআইৰ নিৰ্দেশক লৈ প্ৰশ্ন উত্থাপন হৈছে।

কাৰণ বিচিচিআই এ ঘোষণা কৰিছিল যে, ভাৰতীয় খেলুৱৈ সকলে তেওঁলোকৰ ঘৈণীয়েক, প্ৰেমিকা বা পৰিয়ালৰ কোনো লোককে লগত নিব নোৱাৰে।

লগতে পঢ়ক: ভাৰত-পাকিস্তানৰ খেলত খলনায়ক হ’ব পাৰে বৰষুণ; শ্ৰীলংকাৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি

ভাৰত-পাকিস্তানৰ খেলত খলনায়ক হ’ব পাৰে বৰষুণ; শ্ৰীলংকাৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি

আইচিচি টি-২০ বিশ্বকাপ ২০২৬ৰ ১৫ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তানৰ মাজত খেলখন অনুষ্ঠিত হ’ব। কিন্তু তাৰ পূৰ্বে শ্ৰীলংকা বতৰ বিজ্ঞান বিভাগে এক বেয়া খবৰ দিছে।

অহা ১৫ ফেব্ৰুৱাৰীত (দেওবাৰে) আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ত ভাৰত-পাকিস্তানৰ খেলখন অনুষ্ঠিত হ’ব।কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত এই খেলখন অনুষ্ঠিত হ’ব।

১৫ ফেব্ৰুৱাৰীৰ হ’বলগীয়া এই মেচখনৰ বাবে সকলো লোক আশাৰে ৰৈ আছে। কিন্তু শ্ৰীলংকাৰ বতৰ বিজ্ঞান বিভাগ আৰু প্ৰাকৃতিক দুৰ্যোগৰ আগতীয়া সতৰ্কবাণী কেন্দ্ৰই ক্ৰিকেট অনুৰাগীৰ বাবে এক বেয়া খবৰ দিছে। শ্ৰীলংকাৰ বতৰ বিজ্ঞান বিভাগে ১৫–১৬ ফেব্ৰুৱাৰীৰ বাবে বিশেষ সতৰ্কবাণী জাৰি কৰিছে।

বতৰ বিজ্ঞান বিভাগৰ মতে ১৫ ফেব্ৰুৱাৰীৰ দিনটোত ধুমুহা অহাৰ সম্ভাৱনা আছে, যাৰ ফলত প্ৰচণ্ড বৰষুণো হ’ব পাৰে।

শ্ৰীলংকাৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ১৫ ফেব্ৰুৱাৰীৰ আশে-পাশে দক্ষিণ-পূব বংগ উপসাগৰত নিম্ন চাপৰ অঞ্চল গঠন হোৱাৰ সম্ভাৱনা আছে।এই কাৰণে প্ৰচণ্ড বৰষুণ আৰু বেয়া বতৰৰ ভৱিষ্যদ্বাণী কৰা হৈছে।

১৫ ফেব্ৰুৱাৰীত দিনটোত ৬০ৰ পৰা ৮৫ শতাংশ বৰষুণৰ সম্ভাৱনা থকাৰ বিপৰীতে আৰ্দ্ৰতা ৮৪ শতাংশ পৰ্যন্ত থাকিব পাৰে।

accuweather.com ৰ তথ্য অনুসৰি ভাৰত-পাকিস্তানৰ খেলৰ দিনটোত বতৰ সম্পূৰ্ণ পৰিষ্কাৰ হোৱাৰ সম্ভাৱনা বহু কম।প্ৰায় ৪ ঘণ্টা বৰষুণ হব পাৰে, অৰ্থাৎ মেচখনত বাৰে বাৰে বাধা আহিব পাৰে।

লগতে পঢ়ক:

কঠোৰ হৈছে বিচিচিআই; টি-২০ বিশ্বকাপত নাকচ ভাৰতীয় খেলুৱৈৰ দাবী

টি-২০ বিশ্বকাপ ২০২৬ৰ সময়ত খেলুৱৈসকলৰ পত্নী আৰু পৰিয়ালে একেলগে থাকিব নোৱাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে বিচিচিআইয়ে।

টি-২০ বিশ্বকাপ ২০২৬ক লৈ ভাৰতীয় ক্ৰিকেটাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ থকাৰ ব্যৱস্থাৰ ক্ষেত্ৰত বিচিচিআইয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।

প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বে টিম ইণ্ডিয়াৰ খেলুৱৈসকলে বিচিচিআইক বিশেষ দাবী উত্থাপন কৰিছিল, কিন্তু ব’ৰ্ডে তেওঁলোকৰ দাবী নাকচ কৰিছে।

দৰাচলতে দল পৰিচালনা সমিতিৰ ফালৰ পৰা বিচিচিআইক সুধিছিল যে এই বিশ্বকাপত ভাৰতীয় খেলুৱৈসকলে পৰিয়ালৰ সৈতে যাত্ৰা কৰিব পাৰিব নে নোৱাৰে।দল পৰিচালনা সমিতিৰ এই অনুৰোধ নাকচ কৰিলে বিচিচিআইয়ে।

ইতিমধ্যে বিচিচিআইয়ে নিজৰ নীতিত উল্লেখ কৰিছিল যে খেলুৱৈসকলৰ পৰিয়াল কেতিয়া আৰু কিমান দিন তেওঁলোকৰ লগত থাকিব পাৰিব।

এই নীতি অনুসৰি টি-২০ বিশ্বকাপৰ সময়ত টিম ইণ্ডিয়াৰ খেলুৱৈৰ পৰিয়ালক তেওঁলোকৰ লগত থাকিবলৈ দিয়া নহ’ব।

দল পৰিচালনা সমিতিয়ে ক্ৰিকেটাৰসকলৰ পৰিয়ালক তেওঁলোকৰ লগত থাকিবলৈ অনুমতি বিচাৰিছিল।বিচিচিআইয়ে ইয়াৰ ওপৰত কোনো ধৰণৰ বাধা আৰোপ কৰা নাই, কিন্তু ইয়াৰ বাবে তেওঁলোকে এটা সময়সীমা নিৰ্ধাৰণ কৰি দিছে।

ব’ৰ্ডৰ নিয়ম অনুসৰি খেলুৱৈসকলে সৰ্বাধিক ১৪ দিন পৰিয়ালৰ সৈতে থাকিব পাৰিব।এই নিয়ম কেৱল বিদেশ ভ্ৰমণৰ বাবেহে। কিন্তু ইয়াৰ বাবে চৰ্ত হ’ল যে যিকোনো বিদেশ ভ্ৰমণ ৪৫ দিনতকৈ অধিক হ’ব লাগিব।

ভাৰতত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপ ২০২৬ প্ৰতিযোগিতাখন এমাহৰ বাবে চলিব এনে পৰিস্থিতিত দল পৰিচালনাৰ এই পৰামৰ্শ ব’ৰ্ডে নাকচ কৰিছে।

লগতে পঢ়ক: মেচ বৰ্জনৰ হুংকাৰ দি এতিয়া আত্মসমৰ্পণ, অৱশেষত পাকিস্তানৰ ইউ-টাৰ্ণ

জয়েৰে টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ ভাৰতৰ, ২৯ ৰানত ধূলিস্যাৎ আমেৰিকা

শনিবাৰে ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত আমেৰিকাক ২৯ ৰাণত পৰাস্ত কৰে ভাৰতে । সূৰ্যকুমাৰ যাদৱে দলৰ দায়িত্ব অকলেই কান্ধ পাতি ৮৪ ৰানৰ অপৰাজিত ইনিংছ খেলে ।

বৃহৎ জয়েৰে টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ কৰিছে ভাৰতীয় দলে । শনিবাৰে ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত আমেৰিকাক ২৯ ৰাণত পৰাস্ত কৰে ভাৰতে । প্ৰথমে বেটিং কৰা ভাৰতীয় দলটোৱে ১৬১ ৰান সংগ্ৰহ কৰিছিল । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আমেৰিকা দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ১৩২ ৰানহে কৰিবলৈ সক্ষম হয় । অধিনায়ক সূৰ্যকুমাৰ যাদৱে ৮৪ ৰানৰ মেচ বিজয়ী ইনিংছ খেলে ।

মেচখনত আমেৰিকাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় । আমেৰিকান বলাৰসকলে ভাৰতীয় বেটছমেনসকলক সম্পূৰ্ণ চাপত ৰাখিবলৈ সক্ষম হয় । অভিষেক শৰ্মা আৰু শিৱম ডুবে শূণ্যতে পেভিলিয়নমুখী হয় । তিলক বাৰ্মাই ২৫ আৰু ঈশান কিষণে ২০ ৰান সংগ্ৰহ কৰে । ভাৰতীয় টপ অৰ্ডাৰৰ ব্যৰ্থাৰ পাছত অধিনায়ক সূৰ্যকুমাৰ যাদৱে দলৰ দায়িত্ব অকলেই কান্ধ পাতি ৮৪ ৰানৰ অপৰাজিত ইনিংছ খেলে । তেওঁ ৪৯টা বলত এই বিস্ফোৰক ইনিংছ খেলি দলক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰে ।

ইউ এছ এৰ হৈ শ্বেডলী ভান শ্বাকৱিক জিলিকি উঠে । একেটা অভাৰতে ঈশান কিষণ, তিলক বাৰ্মা, আৰু শিৱম ডুবেক আউট কৰে তেওঁ । চাৰি অভাৰত ২৫ ৰানত ৪ উইকেট দখল কৰে তেওঁ । হৰমীত সিঙেও দুটা উইকেট দখল কৰে ।

ভাৰতৰ প্ৰথমটো জয়-

টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতীয় দলৰ এয়া প্ৰথমটো জয় । ইয়াৰ পূৰ্বে পাকিস্তান আৰু ৱেষ্ট ইণ্ডিজেও প্ৰথমখন মেচত জয়লাভ কৰিছে । ভাৰতৰ হৈ সৰ্বাধিক সফল বলাৰ মহম্মদ চিৰাজে ৪ অভাৰত মাত্ৰ ২৯ ৰানত ৩ উইকেট দখল কৰে । প্ৰথম অৱস্থাত ছিৰাজ ভাৰতৰ মূল দলৰ অংশ নাছিল যদিও আঘাতপ্ৰাপ্ত হৰ্ষিত ৰানাৰ ঠাইত তেওঁক অন্তৰ্ভূক্ত কৰা হয় ।

এই মেচত অৰ্শদীপ সিং আৰু অক্ষৰ পেটেলে দুটাকৈ উইকেট দখল কৰে । মিষ্ট্ৰী স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়েও এটা উইকেট দখল কৰে । ৪ অভাৰত ৩৪ ৰান দিয়া হাৰ্দিক পাণ্ডিয়া এই মেচৰ সৰ্বাধিক ব্যয়বহুল বলাৰ হিচাপে প্ৰমাণিত হয় ।

লগতে পঢ়ক : বাংখেড়েত সংকটমোচক সূৰ্যকুমাৰ, বিস্ফোৰক বেটিঙেৰে উদ্ধাৰ কৰিলে দলক

‘আমাৰ টিকট বুক হৈ গৈছে,আমি কলম্বোলৈ যাম’; IND vs PAK ৰ মেচক লৈ সূৰ্যকুমাৰ যাদৱৰ প্ৰথম প্ৰতিক্ৰিয়া

ভাৰত আৰু পাকিস্তানৰ হ’বলগীয়া মেচখনক লৈ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অধিনায়ক সূৰ্যকুমাৰ যাদৱে। তেওঁ কৈছে যে, আমি কলম্বোলৈ যাম।

৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ ২০২৬,য’ত এইবাৰ ভাৰত আৰু শ্ৰীলংকাৰ যৌথ আয়োজনৰ অধীনত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে।

৫ ফেব্ৰুৱাৰীত অধিনায়কসকলৰ এখন সংবাদমেল আয়োজন কৰা হয় য’ত টিম ইণ্ডিয়াৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱেও অংশগ্ৰহণ কৰে।

ইয়াত তেওঁক ১৫ ফেব্ৰুৱাৰীত কলম্বো খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া পাকিস্তানৰ বিৰুদ্ধে গ্ৰুপ মেচখনৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল যাৰ সন্দৰ্ভত সূৰ্যকুমাৰ যাদৱে কৈছিল যে আমাৰ চিন্তাধাৰা অতি স্পষ্ট।

আমি পাকিস্তানৰ সৈতে খেলিবলৈ অস্বীকাৰ কৰা নাই, তেওঁলোকেহে নাকচ কৰিছে।আমাৰ বিমান বুকিং হৈ গৈছে আৰু আমি কলম্বোলৈ যাম।

আমাৰ মেচবোৰ ঠিক হৈ আছে,প্ৰথমে আমেৰিকা, তাৰ পিছত নেদাৰলেণ্ড আৰু তাৰ পিছত আমি কলম্বোলৈ যাম।

ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে কয় যে,পাকিস্তানৰ সিদ্ধান্তৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই।আমাক কোৱা হৈছে যে আমি ১৫ ফেব্ৰুৱাৰীত খেলখন খেলিম।আমি এছিয়া কাপতো খেলিছিলো আৰু যদি মেচখন হয় তেন্তে ১৫ তাৰিখেও খেলিম।

লগতে অধিনায়ক গৰাকীয়ে টিম ইণ্ডিয়াৰ উৎকৃষ্ট ফৰ্মৰ বিষয়ে কয় যে,আমি ড্ৰেছিং ৰুমৰ পৰিৱেশটো পাতল কৰি ৰাখিবলৈ চেষ্টা কৰোঁ,য’ত ব্যক্তিগত মাইলৰ খুঁটিৰ পৰিৱৰ্তে দলৰ প্ৰয়োজন অনুসৰি খেলখন খেলা হয়।

আপোনালোকে নিশ্চয় দেখিছে যে ঈশান কিষাণ ৯০ ৰানত আছিল আৰু তেওঁ ছয় মাৰি ১০০ ৰান সম্পূৰ্ণ কৰিছিল।খেলপথাৰত থকা খেলুৱৈ দুজনক নিজৰ ইচ্ছামতে খেলাৰ সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছে।

লগতে পঢ়ক: মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেলৰ মহাৰণঃ ট্ৰফী দখলৰ যুঁজত আজি মুখামুখি হ’ব ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু আৰু দিল্লী কেপিটেলছ

‘পাকিস্তানৰ এটা প্ৰজন্ম ধ্বংস হৈ যাব’; বিশ্বকাপ বিতৰ্কক লৈ কপিল দেৱৰ তীক্ষ্ণ সমালোচনা

টি-২০ বিশ্বকাপত পাকিস্তানে লোৱা সিদ্ধান্ত লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱে।তেওঁ পাকিস্তানৰ এটা প্ৰজন্ম শেষ হৈ যাব বুলি কৈছে।

১৫ ফেব্ৰুৱাৰীৰ পৰা কলম্বোত ভাৰত আৰু পাকিস্তানৰ মাজত টি-২০ বিশ্বকাপৰ খেলখন অনুষ্ঠিত হ’ব,কিন্তু পাকিস্তান চৰকাৰে এই খেলখনত অংশ ল’বলৈ অস্বীকাৰ কৰিছে।

ভাৰত-পাকিস্তানৰ খেল ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বিতা বুলি বিবেচিত হৈ আহিছে। কিন্তু খেলপথাৰত প্ৰদৰ্শন দেখুৱাৰ পূৰ্বেই পৰিস্থিতি উত্তপ্ত হৈ পৰিছে।

এতিয়া পাকিস্তানৰ এই সিদ্ধান্তক লৈ প্ৰায় সংখ্যকে ক্ৰিকেটাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভাৰতীয় প্ৰাক্তন অধিনায়ক কপিল দেৱৰ প্ৰতিক্ৰিয়াও পোহৰলৈ আহিছে। তেওঁ স্পষ্টকৈ কৈছে যে,এই পদক্ষেপে ভাৰততকৈ পাকিস্তানৰ ভৱিষ্যতৰ অধিক ক্ষতি কৰিবলৈ গৈ আছে।

দেওবাৰে পাকিস্তানে কয় যে টি-২০ বিশ্বকাপত তেওঁলোকে অংশগ্ৰহণ কৰিব, কিন্তু ১৫ ফেব্ৰুৱাৰীত কলম্বোত হ’বলগীয়া খেলখন বৰ্জন কৰিব।

এই সিদ্ধান্ত এনে সময়ত লোৱা হৈছে যেতিয়া আইচিচিয়ে বাংলাদেশৰ দাবী নাকচ কৰিছিল,য’ত ভাৰতৰ বাহিৰত খেলখন স্থানান্তৰিত কৰাৰ কথা কৈছিল।

এটা সাক্ষাৎকাৰত কপিল দেৱে পাকিস্তানৰ স্থিতিৰ বিষয়ে মুকলিকৈ আলোচনা কৰে। ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে কয় যে বিষয়টো কেৱল ৰাজনীতি বা ভাবমূর্তিতে সীমাবদ্ধ নহয়,বৰঞ্চ ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ যুৱ ক্ৰিকেটাৰসকলৰ কেৰিয়াৰত পৰিব।

তেওঁ কয় যে, ‘যদি এই সিদ্ধান্ত খেলুৱৈ সকলে গ্ৰহণ কৰিছে,তেনেহলে তেওঁলোকে সন্মুখলৈ আহি সকলো খুলি ক’ব লাগে। কিন্তু যদি ব’ৰ্ডে কয় যে আপোনালোকে খেলিব নালাগে,তেন্তে ইয়াৰ ফলত দেশৰ বিশ্বাসযোগ্যতা হ্ৰাস পায়।’

তেওঁ আৰু সকীয়াই দিয়ে যে বাৰে বাৰে প্ৰত্যাহাৰ আৰু বৰ্জনৰ ফলত পাকিস্তান ক্ৰিকেট শেষ হৈ যাব পাৰে।পাকিস্তানৰ বাবে কথাবোৰ ভাল দেখা পোৱা নাই।আপোনালোকে এটা সম্পূৰ্ণ প্ৰজন্ম ধ্বংস কৰি আছে।

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ ৱাৰ্ম আপ মেচৰ বাবে ঘোষণা টিম ইণ্ডিয়া, দললৈ উভতিল তিলক বাৰ্মা

পাকিস্তানৰ ভাৰত বৰ্জনক লৈ কঠোৰ স্থিতি গ্ৰহণ আইচিচিৰ…

ভাৰতৰ বিৰুদ্ধে খেল বৰ্জন নকৰিবলৈ পাকিস্তানক সকীয়াই দিছে আইচিচিয়ে। আইচিচিয়ে কয় যে পিচিবিয়ে পাৰস্পৰিক সহমতৰ সমাধান বিচাৰি পাব বুলি আশা কৰিছে।

ভাৰত আৰু পাকিস্তানৰ মেচখনক লৈ বিতৰ্ক পুনৰ গভীৰ হৈ পৰিছে।পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপত মেচ বৰ্জন বা খেলা নকৰাৰ সিদ্ধান্তক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে আইচিচিয়ে।এই প্ৰতিযোগিতাৰ পৰৱৰ্তী সংস্কৰণৰ পৰা দলটোক নিষিদ্ধও কৰিব পাৰে।

আজি আই চি চি ব’ৰ্ডে ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰি পাকিস্তানক প্ৰতিযোগিতাখনত খেলিবলৈ দিয়া উচিত নে নহয় সেই বিষয়ে সিদ্ধান্ত লোৱা হ’ব।যদিহে তেওঁলোকক অনুমতি দিয়া হয় তেন্তে পিচিবিয়ে কিছু কঠোৰ শাস্তিৰ সন্মুখীন হ’ব পাৰে।

আইচিচিয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে তেওঁলোকৰ সকলো প্ৰতিযোগিতা সততা, সমতা আৰু ন্যায়পৰায়ণতাৰ ভিত্তিত চলি থাকে।

যদি কোনো দল বা ব’ৰ্ডে নিজাববীয়াকৈ মেচখন খেলিব নে নাই সেইটো সিদ্ধান্ত লয়, তেন্তে আই চি চিৰ মতে, নিৰ্বাচিত মেচ খেলা বা এৰি দিলে খেলৰ মনোভাৱক ক্ষতিগ্ৰস্ত কৰে।

আইচিচিএ পিচিবিক কঠোৰ সকীয়নি দি কয় যে,ইয়াৰ আটাইতকৈ ডাঙৰ অগ্ৰাধিকাৰ হৈছে পুৰুষৰ টি-২০ বিশ্বকাপৰ সফল আয়োজন।এই দায়িত্ব কেৱল আই চি চিৰ নহয়, সকলো সদস্য দেশৰো আছে।

আইচিচিয়ে আশা প্ৰকাশ কৰিছে যে আলোচনাৰ জৰিয়তে পিচিবিয়ে সমাধান বিচাৰি উলিয়াব,যাতে সকলো পক্ষৰ স্বাৰ্থ সুৰক্ষিত হয় আৰু কাৰো ক্ষতি নহয়।

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ পূৰ্বে পাকিস্তানৰ নতুন নাটক : ভাৰতৰ বিৰুদ্ধে মেচ নেখেলাৰ সিদ্ধান্ত