'পাকিস্তানৰ এটা প্ৰজন্ম ধ্বংস হৈ যাব'; বিশ্বকাপ বিতৰ্কক লৈ কপিল দেৱৰ তীক্ষ্ণ সমালোচনা

‘পাকিস্তানৰ এটা প্ৰজন্ম ধ্বংস হৈ যাব’; বিশ্বকাপ বিতৰ্কক লৈ কপিল দেৱৰ তীক্ষ্ণ সমালোচনা

টি-২০ বিশ্বকাপত পাকিস্তানে লোৱা সিদ্ধান্ত লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱে।তেওঁ পাকিস্তানৰ এটা প্ৰজন্ম শেষ হৈ যাব বুলি কৈছে। ১৫ ফেব্ৰুৱাৰীৰ পৰা কলম্বোত ভাৰত আৰু পাকিস্তানৰ মাজত টি-২০ বিশ্বকাপৰ খেলখন অনুষ্ঠিত হ’ব,কিন্তু পাকিস্তান চৰকাৰে এই খেলখনত অংশ ল’বলৈ অস্বীকাৰ কৰিছে। ভাৰত-পাকিস্তানৰ খেল ক্ৰিকেটৰ

টি-২০ বিশ্বকাপত পাকিস্তানে লোৱা সিদ্ধান্ত লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱে।তেওঁ পাকিস্তানৰ এটা প্ৰজন্ম শেষ হৈ যাব বুলি কৈছে।

১৫ ফেব্ৰুৱাৰীৰ পৰা কলম্বোত ভাৰত আৰু পাকিস্তানৰ মাজত টি-২০ বিশ্বকাপৰ খেলখন অনুষ্ঠিত হ’ব,কিন্তু পাকিস্তান চৰকাৰে এই খেলখনত অংশ ল’বলৈ অস্বীকাৰ কৰিছে।

ভাৰত-পাকিস্তানৰ খেল ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বিতা বুলি বিবেচিত হৈ আহিছে। কিন্তু খেলপথাৰত প্ৰদৰ্শন দেখুৱাৰ পূৰ্বেই পৰিস্থিতি উত্তপ্ত হৈ পৰিছে।

এতিয়া পাকিস্তানৰ এই সিদ্ধান্তক লৈ প্ৰায় সংখ্যকে ক্ৰিকেটাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভাৰতীয় প্ৰাক্তন অধিনায়ক কপিল দেৱৰ প্ৰতিক্ৰিয়াও পোহৰলৈ আহিছে। তেওঁ স্পষ্টকৈ কৈছে যে,এই পদক্ষেপে ভাৰততকৈ পাকিস্তানৰ ভৱিষ্যতৰ অধিক ক্ষতি কৰিবলৈ গৈ আছে।

দেওবাৰে পাকিস্তানে কয় যে টি-২০ বিশ্বকাপত তেওঁলোকে অংশগ্ৰহণ কৰিব, কিন্তু ১৫ ফেব্ৰুৱাৰীত কলম্বোত হ’বলগীয়া খেলখন বৰ্জন কৰিব।

এই সিদ্ধান্ত এনে সময়ত লোৱা হৈছে যেতিয়া আইচিচিয়ে বাংলাদেশৰ দাবী নাকচ কৰিছিল,য’ত ভাৰতৰ বাহিৰত খেলখন স্থানান্তৰিত কৰাৰ কথা কৈছিল।

এটা সাক্ষাৎকাৰত কপিল দেৱে পাকিস্তানৰ স্থিতিৰ বিষয়ে মুকলিকৈ আলোচনা কৰে। ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে কয় যে বিষয়টো কেৱল ৰাজনীতি বা ভাবমূর্তিতে সীমাবদ্ধ নহয়,বৰঞ্চ ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ যুৱ ক্ৰিকেটাৰসকলৰ কেৰিয়াৰত পৰিব।

তেওঁ কয় যে, ‘যদি এই সিদ্ধান্ত খেলুৱৈ সকলে গ্ৰহণ কৰিছে,তেনেহলে তেওঁলোকে সন্মুখলৈ আহি সকলো খুলি ক’ব লাগে। কিন্তু যদি ব’ৰ্ডে কয় যে আপোনালোকে খেলিব নালাগে,তেন্তে ইয়াৰ ফলত দেশৰ বিশ্বাসযোগ্যতা হ্ৰাস পায়।’

তেওঁ আৰু সকীয়াই দিয়ে যে বাৰে বাৰে প্ৰত্যাহাৰ আৰু বৰ্জনৰ ফলত পাকিস্তান ক্ৰিকেট শেষ হৈ যাব পাৰে।পাকিস্তানৰ বাবে কথাবোৰ ভাল দেখা পোৱা নাই।আপোনালোকে এটা সম্পূৰ্ণ প্ৰজন্ম ধ্বংস কৰি আছে।

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ ৱাৰ্ম আপ মেচৰ বাবে ঘোষণা টিম ইণ্ডিয়া, দললৈ উভতিল তিলক বাৰ্মা