বিচিচিআইৰ আদেশ উলংঘা;প্ৰেমিকাৰ হাতত ধৰি কলম্বোত উপস্থিত হাৰ্দিক পাণ্ডিয়া

বিচিচিআইৰ আদেশ উলংঘা;প্ৰেমিকাৰ হাতত ধৰি কলম্বোত উপস্থিত  হাৰ্দিক পাণ্ডিয়া

টি-২০ বিশ্বকাপ ২০২৬ৰ সময়ত খেলুৱৈসকলে পৰিয়ালৰ সৈতে থাকিব নোৱাৰিব বুলি বিচিচিআইয়ে কঠোৰ নিয়ম প্ৰণয়ন কৰিছে । তাৰ মাজতে হাৰ্দিক পাণ্ডিয়াক প্ৰেমিকাৰ সৈতে দেখা গৈছে। ১৫ ফেব্ৰুৱাৰীত হ’বলগীয়া ভাৰত-পাকিস্তানৰ মেচখনৰ বাবে ভাৰতীয় দলটোৱে শুকুৰবাৰে কলম্বোৰ বান্দৰনায়কা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। তাৰ পিছত ভাৰতীয় দলটোক পৰম্পৰাগত কাণ্ডিয়ান

টি-২০ বিশ্বকাপ ২০২৬ৰ সময়ত খেলুৱৈসকলে পৰিয়ালৰ সৈতে থাকিব নোৱাৰিব বুলি বিচিচিআইয়ে কঠোৰ নিয়ম প্ৰণয়ন কৰিছে । তাৰ মাজতে হাৰ্দিক পাণ্ডিয়াক প্ৰেমিকাৰ সৈতে দেখা গৈছে।

১৫ ফেব্ৰুৱাৰীত হ’বলগীয়া ভাৰত-পাকিস্তানৰ মেচখনৰ বাবে ভাৰতীয় দলটোৱে শুকুৰবাৰে কলম্বোৰ বান্দৰনায়কা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়।

তাৰ পিছত ভাৰতীয় দলটোক  পৰম্পৰাগত কাণ্ডিয়ান নৃত্যৰে আদৰণি জনোৱা হয়।ভাৰতীয় দলটো উপস্থিত হোৱাৰ পিছতে তেওঁলোকৰৰ সমৰ্থক সকলে ভাৰত মাতা কি জয়ৰ শ্লোগান দিয়ে।বিমানবন্দৰৰ পৰা ওলাই যোৱাৰ সময়ত আৰ্শদীপ সিঙে নাচি নাচি আগবাঢ়ি যায়।

আনহাতে হাৰ্দিক পাণ্ডিয়াই তেওঁৰ সুন্দৰী প্ৰেমিকাক লৈ ওলাই আহে।এই ভিডিঅ’টো ছচিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে।হাৰ্দিক পাণ্ডিয়া আৰু মাহিকা শৰ্মাক হোটেলত একেলগে দেখা পোৱা গৈছে।

বিচিচিআইৰ নিয়মৰ মাজতো হাৰ্দিকে কেনেকৈ কোনো সংকোচ নকৰাকৈয়ে হোটেলত প্ৰেমিকাৰ সৈতে সময় কটাবলৈ সক্ষম হৈছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। তাৰ পিছতেই বিচিচিআইৰ নিৰ্দেশক লৈ প্ৰশ্ন উত্থাপন হৈছে।

কাৰণ বিচিচিআই এ ঘোষণা কৰিছিল যে, ভাৰতীয় খেলুৱৈ সকলে তেওঁলোকৰ ঘৈণীয়েক, প্ৰেমিকা বা পৰিয়ালৰ কোনো লোককে লগত নিব নোৱাৰে।

লগতে পঢ়ক: ভাৰত-পাকিস্তানৰ খেলত খলনায়ক হ’ব পাৰে বৰষুণ; শ্ৰীলংকাৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি