কঠোৰ হৈছে বিচিচিআই; টি-২০ বিশ্বকাপত নাকচ ভাৰতীয় খেলুৱৈৰ দাবী

কঠোৰ হৈছে বিচিচিআই; টি-২০ বিশ্বকাপত নাকচ ভাৰতীয় খেলুৱৈৰ দাবী

টি-২০ বিশ্বকাপ ২০২৬ৰ সময়ত খেলুৱৈসকলৰ পত্নী আৰু পৰিয়ালে একেলগে থাকিব নোৱাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে বিচিচিআইয়ে। টি-২০ বিশ্বকাপ ২০২৬ক লৈ ভাৰতীয় ক্ৰিকেটাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ থকাৰ ব্যৱস্থাৰ ক্ষেত্ৰত বিচিচিআইয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বে টিম ইণ্ডিয়াৰ খেলুৱৈসকলে বিচিচিআইক বিশেষ দাবী উত্থাপন কৰিছিল,

টি-২০ বিশ্বকাপ ২০২৬ৰ সময়ত খেলুৱৈসকলৰ পত্নী আৰু পৰিয়ালে একেলগে থাকিব নোৱাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে বিচিচিআইয়ে।

টি-২০ বিশ্বকাপ ২০২৬ক লৈ ভাৰতীয় ক্ৰিকেটাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ থকাৰ ব্যৱস্থাৰ ক্ষেত্ৰত বিচিচিআইয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।

প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বে টিম ইণ্ডিয়াৰ খেলুৱৈসকলে বিচিচিআইক বিশেষ দাবী উত্থাপন কৰিছিল, কিন্তু ব’ৰ্ডে তেওঁলোকৰ দাবী নাকচ কৰিছে।

দৰাচলতে দল পৰিচালনা সমিতিৰ ফালৰ পৰা বিচিচিআইক সুধিছিল যে এই বিশ্বকাপত ভাৰতীয় খেলুৱৈসকলে পৰিয়ালৰ সৈতে যাত্ৰা কৰিব পাৰিব নে নোৱাৰে।দল পৰিচালনা সমিতিৰ এই অনুৰোধ নাকচ কৰিলে বিচিচিআইয়ে।

ইতিমধ্যে বিচিচিআইয়ে নিজৰ নীতিত উল্লেখ কৰিছিল যে খেলুৱৈসকলৰ পৰিয়াল কেতিয়া আৰু কিমান দিন তেওঁলোকৰ লগত থাকিব পাৰিব।

এই নীতি অনুসৰি টি-২০ বিশ্বকাপৰ সময়ত টিম ইণ্ডিয়াৰ খেলুৱৈৰ পৰিয়ালক তেওঁলোকৰ লগত থাকিবলৈ দিয়া নহ’ব।

দল পৰিচালনা সমিতিয়ে ক্ৰিকেটাৰসকলৰ পৰিয়ালক তেওঁলোকৰ লগত থাকিবলৈ অনুমতি বিচাৰিছিল।বিচিচিআইয়ে ইয়াৰ ওপৰত কোনো ধৰণৰ বাধা আৰোপ কৰা নাই, কিন্তু ইয়াৰ বাবে তেওঁলোকে এটা সময়সীমা নিৰ্ধাৰণ কৰি দিছে।

ব’ৰ্ডৰ নিয়ম অনুসৰি খেলুৱৈসকলে সৰ্বাধিক ১৪ দিন পৰিয়ালৰ সৈতে থাকিব পাৰিব।এই নিয়ম কেৱল বিদেশ ভ্ৰমণৰ বাবেহে। কিন্তু ইয়াৰ বাবে চৰ্ত হ’ল যে যিকোনো বিদেশ ভ্ৰমণ ৪৫ দিনতকৈ অধিক হ’ব লাগিব।

ভাৰতত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপ ২০২৬ প্ৰতিযোগিতাখন এমাহৰ বাবে চলিব এনে পৰিস্থিতিত দল পৰিচালনাৰ এই পৰামৰ্শ ব’ৰ্ডে নাকচ কৰিছে।

লগতে পঢ়ক: মেচ বৰ্জনৰ হুংকাৰ দি এতিয়া আত্মসমৰ্পণ, অৱশেষত পাকিস্তানৰ ইউ-টাৰ্ণ

শেহতীয়া প্ৰৱন্ধসমূহ