টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ ৰাউণ্ডৰ প্ৰথমখন খেল আজি পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।কিন্তু খেলখনৰ সময়ত বৰষুণ গৃহোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
আজিৰ পৰা আৰম্ভ হৈছে টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ-৮ ৰাউণ্ড। এই ৰাউণ্ডত আজি পাকিস্তান বনাম নিউজিলেণ্ডৰ খেলখন অনুষ্ঠিত হ’ব।
এই খেলখন সন্ধিয়া ৭ বজাৰ পৰা কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।কিন্তু গোটেই খেলখনত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কেৱল খেলখনৰ সময়তেই নহয় ইয়াৰ পূৰ্বেও বৰষুণ হ’ব পাৰে।
কলম্বো বতৰ বিজ্ঞান কেন্দ্ৰৰ অনুসৰি, আজি কলম্বোত গোটেই দিনটো বৰষুণৰ সম্ভাৱনা আছে। ৩ বজাৰ আশে-পাশে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সন্ধিয়া ৬:৩০ বজাত খেলখনৰ হ’ব টছ,এই সময়ছোৱাত বৰষুণৰ সম্ভাৱনা ৩০ শতাংশ।
বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননিৰ মতে, খেলখনৰ সময়ত বৰষুণ দিয়াৰ সম্ভাৱনাই অধিক।যাৰ বাবে পাকিস্তান বনাম নিউজিলেণ্ডৰ খেলখন বাতিলো হ’ব পাৰে ।
যদি এনেকুৱা হয় তেন্তে পইণ্ট দুয়োটা দলৰ মাজত ভাগ কৰা হ’ব। আজি পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব ৫০ সংখ্যক টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ।
লগতে পঢ়ক: ‘ছেমি ফাইনেলৰ পূৰ্বে বাহিৰ হ’ব টিম ইণ্ডিয়া’!প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰৰ ভৱিষ্যদ্বাণী









