টি-২০ বিশ্বকাপ ২০২৬ৰ গ্ৰুপ পৰ্যায়ত ভাৰতীয় দলটোৱে ভাল প্ৰদৰ্শন আগবঢ়ায়। তাৰ মাজতে প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ মহম্মদ আমিৰে এক আচৰিত মন্তব্য কৰিছে।
২০২৬ চনৰ টি-২০ বিশ্বকাপৰ গ্ৰুপ মেচত যেতিয়া ভাৰত আৰু পাকিস্তানৰ মুখামুখি হৈছিল,তেতিয়া টিম ইণ্ডিয়াই ৬১ ৰানত জয় পঞ্জীয়ন কৰিছিল।ছুপাৰ-৮ত সকলো দলকে চাৰিটাকৈ দুটা গ্ৰুপত ভাগ কৰা হৈছে।
প্ৰথম গ্ৰুপত ভাৰত আৰু দ্বিতীয় গ্ৰুপত আছে পাকিস্তান গতিকে ছুপাৰ ৮ পৰ্যায়ত তেওঁলোকৰ মাজত সংঘৰ্ষ নহ’ব।
কিন্তু প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ মহম্মদ আমিৰে ফাইনেল আৰু ছেমি ফাইনেল সন্দৰ্ভত এটা ডাঙৰ ভৱিষ্যদ্বাণী কৰিছে।
এটা সাক্ষাৎকাৰত পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰছিদ লতিফ, মহম্মদ আমিৰ আৰু আহমেদ শ্বেহজাদে আলোচনা কৰি আছিল।
প্ৰথমতে মহম্মদ আমিৰে এটা ভৱিষ্যদ্বাণী কৰি ভাৰতীয় মিডল অৰ্ডাৰ বেটিংক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।বিশেষকৈ বেটিঙত টিম ইণ্ডিয়াই বাৰে বাৰে সংগ্ৰাম কৰা দেখা গৈছে বুলিও তেওঁ কয়।
তাৰ মাজতে মহম্মদ আমিৰে কয় যে,ভাৰতীয় দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিব।টিম ইণ্ডিয়াই সদায় ভাল আৰম্ভণি পোৱা নাই।
যদিও টিম ইণ্ডিয়াই বিশ্বকাপত ডাঙৰ ডাঙৰ স্ক’ৰ কৰিছে,কিন্তু এই সময়ছোৱাত দলটোৰ অভাৱ-অভিযোগবোৰো উন্মোচিত হৈছে।
প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ গৰাকীৰ মতে উচ্চ চাপৰ পৰিস্থিতিত ভাৰতৰ বেটিং দুৰ্বল যেন লাগিছে আৰু এনে মুহূৰ্ততেই বিপক্ষ দলে সুবিধা ল’ব।
লগতে পঢ়ক: টি-২০ বিশ্বকাপত পুনৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান ! জানক সম্পূৰ্ণ সমীকৰণ









