ধূলিসাৎ হ’ব নেকি ভাৰতৰ ছেমি ফাইনেলৰ সপোন, বৰষুণ হ’ব পাৰে খলনায়ক

ধূলিসাৎ হ’ব নেকি ভাৰতৰ ছেমি ফাইনেলৰ সপোন, বৰষুণ হ’ব পাৰে খলনায়ক

ছেমি ফাইনেলৰ টিকট নিশ্চিত কৰিবলৈ ১ মাৰ্চ, দেওবাৰে ৱেষ্ট ইণ্ডিজৰ মুখামুখি হ’ব সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দল । ভাৰতীয় ক্ৰিকেট দলে এতিয়াও চলিত টি-২০ বিশ্বকাপৰ ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰা নাই । কোনটো দল ছেমিফাইনেললৈ আগবাঢ়িব সেই সন্দৰ্ভত সিদ্ধান্ত হ’ব ১ মাৰ্চত । ছেমি

ছেমি ফাইনেলৰ টিকট নিশ্চিত কৰিবলৈ ১ মাৰ্চ, দেওবাৰে ৱেষ্ট ইণ্ডিজৰ মুখামুখি হ’ব সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দল ।

ভাৰতীয় ক্ৰিকেট দলে এতিয়াও চলিত টি-২০ বিশ্বকাপৰ ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰা নাই । কোনটো দল ছেমিফাইনেললৈ আগবাঢ়িব সেই সন্দৰ্ভত সিদ্ধান্ত হ’ব ১ মাৰ্চত । ছেমি ফাইনেলৰ টিকট নিশ্চিত কৰিবলৈ ১ মাৰ্চ, দেওবাৰে ৱেষ্ট ইণ্ডিজৰ মুখামুখি হ’ব সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দল । দুয়োটা দলে এতিয়ালৈকে ২ পইণ্টকৈ লাভ কৰিছে যাৰ ফলত এই মেচখন দুয়োটা দলৰ বাবে কোৱাৰ্টাৰ ফাইনেলতকৈ কম নহয় । ভাৰতে ছেমি ফাইনেলৰ টিকট নিশ্চিত কৰিবলৈ এই প্ৰতিযোগিতাত যিকোনো মূল্যতে জয়ী হ’ব লাগিব । এই মেচত বিজয়ী দলটোৱে পোনপটীয়াকৈ ফাইনেল ফোৰলৈ আগবাঢ়িব, কিন্তু বৰষুণৰ বাবে মেচখন পৰিত্যক্ত হ’লে কি হ’ব ?  বৰষুণ আহিলে কোনটো দল বেছি লাভৱান হ’ব ?

নেট ৰান ৰেটৰ বিষয়টোত গ্ৰুপ ২ত পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজত অচলাৱস্থা । কিন্তু ভাৰত আৰু ৱেষ্ট ইণ্ডিজ এতিয়া নেট ৰান ৰেটৰ ওপৰত নিৰ্ভৰশীল নহয়, কিয়নো ছেমিফাইনেলৰ পথ স্পষ্ট । মেচখনত জয়ী হ’লেই ছেমিফাইনেললৈ যাব বিজয়ী দলটো । গতিকে ১ মাৰ্চত ভাৰতে ৱেষ্ট ইণ্ডিজক মাত্ৰ এক ৰাণত পৰাস্ত কৰিলেও ছেমিফাইনেলত প্ৰৱেশ কৰিব । কিন্তু মেচ বাতিল হ’লে নেট ৰান ৰেট আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক হৈ পৰিব ।

বৰষুণ দিলে কোন লাভৱান হ’ব ?

কলকাতাৰ ইডেন গাৰ্ডেনছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ ছুপাৰ-৮ৰ হাই ভল্টেজ মেচ । যদি বৰষুণৰ বাবে খেলখন পৰিত্যক্ত হয় তেন্তে দুয়োটা দলে এটাকৈ পইণ্ট লাভ কৰিব । এইদৰে ভাৰত আৰু ৱেষ্ট ইণ্ডিজ তিনি পইণ্টকৈ লাভ কৰি সমতাত আহিব । অৱশ্যে ৱেষ্ট ইণ্ডিজে নিজৰ নেট ৰান ৰেটৰ ওপৰত ভিত্তি কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিব । ৱেষ্ট ইণ্ডিজৰ নেট ৰান ৰেট +১.৭৯১, আনহাতে ভাৰত -০.১০০ ৰে বহু পিছ পৰি আছে ।

বতৰৰ পৰিস্থিতি কি ?

যদি বৰষুণৰ বাবে মেচ বাতিল হয় তেন্তে সেয়া স্পষ্টভাৱে টিম ইণ্ডিয়াৰ ক্ষতি হ’ব । গতিকে, ১ মাৰ্চত কলকাতাৰ বতৰ কেনেকুৱা হ’ব তাকে লৈ চৰ্চা চলিছে । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ১ মাৰ্চত কলকাতাত আকাশ পৰিষ্কাৰ, গৰম ৰ’দ আৰু সৰ্বোচ্চ উষ্ণতা ৩৩ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে ।

লগতে পঢ়ক : ছেমি ফাইনেলৰ বাবে কাইলৈ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ মৰণপণ যুঁজ

শেহতীয়া প্ৰৱন্ধসমূহ