শ্ৰেয়াছ আয়াৰৰ কান্ধত অধিনায়কত্বৰ গুৰু দায়িত্ব,আন্তঃৰাষ্ট্ৰীয় অভিষেকৰ বাবে সাজু বৈভৱ সূৰ্যবংশী

সূৰ্যকুমাৰৰ স্থানত এই গুৰুত্বপূৰ্ণ ভ্ৰমণৰ বাবে মিডল অৰ্ডাৰ বেটাৰ শ্ৰেয়াছ আয়াৰক দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে

 ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) শনিবাৰে আগন্তুক ইংলেণ্ড আৰু আয়াৰলেণ্ড ভ্ৰমণৰ বাবে ভাৰতৰ শক্তিশালী টি-২০ দল ঘোষণা কৰিছে । এই দল ঘোষণাত আটাইতকৈ ডাঙৰ আচৰিত কৰা সিদ্ধান্তটো হ’ল শেহতীয়াকৈ ভাৰতক ২০২৬ চনৰ টি-২০ বিশ্বকাপ উপহাৰ দিয়া তাৰকা বেটাৰ তথা অধিনায়ক সূৰ্যকুমাৰ যাদৱক দলৰ পৰা বাদ দিয়া হৈছে । সূৰ্যকুমাৰৰ স্থানত এই গুৰুত্বপূৰ্ণ ভ্ৰমণৰ বাবে মিডল অৰ্ডাৰ বেটাৰ শ্রেয়াছ আয়াৰক দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । যুৱ খেলুৱৈ তিলক বাৰ্মাক দলৰ সহ-অধিনায়কৰ গুৰু দায়িত্ব দিয়া হৈছে ।

ভাৰতীয় দললৈ আই পি এলৰ তাৰকা বৈভৱ সূৰ্যবংশী-

চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL 2026)ত নিজৰ ধুমুহা সদৃশ বেটিঙেৰে ক্ৰিকেট বিশ্বক চমকিত কৰা যুৱ বেটিং তাৰকা বৈভৱ সূৰ্যবংশীয়ে অৱশেষত লাভ কৰিছে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দলৰ নিমন্ত্ৰণ । সূৰ্যবংশীয়ে আই পি এল ২০২৬ ত ২৩৭.৩০ ৰ এক অবিশ্বাস্য ষ্ট্ৰাইক ৰেটত ৭৭৬ ৰান সংগ্ৰহ কৰি বৰ্ষটোৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী (Orange Cap বিজয়ী) হৈছিল । তেওঁৰ লগতে ঘৰুৱা ক্ৰিকেট আৰু আই পি এলত গতিৰে আকৰ্ষিত কৰা যুৱ দ্ৰুতবেগী বলাৰ প্ৰিন্স যাদৱেও প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে ।

বিস্ফোৰক টপ অৰ্ডাৰ আৰু সুষম মিডল অৰ্ডাৰ-

ঘোষিত দলটোৰ বেটিং বিভাগটো অত্যন্ত আক্ৰমণাত্মক হিচাপে সজোৱা হৈছে । দলৰ টপ অৰ্ডাৰত অভিষেক শৰ্মা, নৱাগত বৈভৱ সূৰ্যবংশী, উইকেটৰক্ষক বেটাৰ সঞ্জু চেমচন আৰু ঈশান কিষাণৰ দৰে বিস্ফোৰক খেলুৱৈ আছে । আনহাতে, মিডল অৰ্ডাৰৰ দায়িত্ব থাকিব অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী, অভিজ্ঞ ৱাশ্বিংটন সুন্দৰ আৰু বিধ্বংসী হাৰ্ড-হিটাৰ শিৱম ডুবেৰ কান্ধত ।

স্পীন আৰু পেচ ইউনিট: বুমৰাহক জিৰণি

অহা কেইটামান মাহৰ ব্যস্ত সূচীৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ মুখ্য দ্ৰুতবেগী বলাৰ যশপ্ৰীত বুমৰাহক আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ পৰা সম্পূৰ্ণ জিৰণি দিয়া হৈছে । বুমৰাহৰ অনুপস্থিতিত পেচ বিভাগটো পৰিচালনা কৰিব অৰ্শদীপ সিং, হৰ্ষিত ৰাণা, নতুন মুখ প্ৰিন্স যাদৱ আৰু মহম্মদ চিৰাজে । আনহাতে, স্পীন বিভাগত ৱাশ্বিংটন সুন্দৰৰ উপৰিও স্থান পাইছে অভিজ্ঞ অক্ষৰ পেটেল, মিষ্ট্ৰী স্পীনাৰ বৰুণ চক্ৰৱৰ্তী আৰু ৰবি বিষ্ণৈয়ে । উল্লেখযোগ্য যে, বিশ্বকাপ বিজয়ী দলৰ অংশ থকা ৰিংকু সিং আৰু কুলদীপ যাদৱকো এই ভ্ৰমণৰ দলৰ পৰা বাহিৰত ৰখা হৈছে ।

খেলৰ সূচী-

ভাৰতে এই ভ্ৰমণৰ আৰম্ভণি আয়াৰলেণ্ডৰ বিৰুদ্ধে কৰিব । বেলফাষ্টত ২৬ আৰু ২৮ জুনত দুখন টি-২০ মেচ খেলাৰ পিছত ভাৰতীয় দলটো ইংলেণ্ডলৈ ৰাওনা হ’ব । তাত ১ জুলাইৰ পৰা ১১ জুলাইলৈ ইংলেণ্ডৰ বিৰুদ্ধে ৫ খন মেচৰ টি-২০ শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰতীয় দল ।

২০২৬ চনৰ ভ্ৰমণৰ সম্পূৰ্ণ স্কোয়াড:

ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল : শ্রেয়াছ আয়াৰ (অধিনায়ক), তিলক বাৰ্মা (সহ-অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমচন, ঈশান কিষাণ, শিৱম ডুবে, নীতিশ কুমাৰ ৰেড্ডী, প্ৰিন্স যাদৱ, ৱাশ্বিংটন সুন্দৰ, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণৈ, মহম্মদ চিৰাজ, হৰ্ষিত ৰাণা, অৰ্শদীপ সিং আৰু বৈভৱ সূৰ্যবংশী ।

আয়াৰলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল : শ্রেয়াছ আয়াৰ (অধিনায়ক), তিলক বাৰ্মা (সহ-অধিনায়ক), অভিষেক শৰ্মা, বৈভৱ সূৰ্যবংশী, সঞ্জু চেমচন, ঈশান কিষাণ, শিৱম ডুবে, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণৈ, মহম্মদ চিৰাজ, হৰ্ষিত ৰাণা, অৰ্শদীপ সিং আৰু প্ৰিন্স যাদৱ ।

লগতে পঢ়ক : আফগানিস্তান শৃংখলাৰ পূৰ্বে টীম ইণ্ডিয়ালৈ ডাঙৰ আঘাত, বাহিৰ হ’ল বিৰাট কোহলী

ৰোহিত শৰ্মাৰ অভিলেখ ভংগ স্মৃতি মন্ধানাৰ; গঢ়িলে নতুন ইতিহাস

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মহিলা টি-২০ শৃংখলাৰ প্ৰথমখন খেলত স্মৃতি মন্ধানাই ইতিহাসৰ সৃষ্টি কৰিছে।

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উপ-অধিনায়ক স্মৃতি মন্ধানাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বেটিঙৰ সৈতে ধাৰাবাহিকভাৱে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই আহিছে।১৭ এপ্ৰিল (শুকুৰবাৰ) ডাৰবানত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাৰ প্ৰথমখন খেলত স্মৃতিয়ে ১৩ ৰান সংগ্ৰহ কৰে,কিন্তু এই চমু ইনিংছৰ সময়ছোৱাটো খেলুৱৈ গৰাকীয়ে নিজৰ নামত এটা ডাঙৰ অভিলেখ গঢ়িলে।টি-২০ ইণ্টাৰনেশ্যনেল (টি-২০ আই)ত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে স্মৃতি মন্ধানা।

এই মেচখনত স্মৃতি মন্ধানাই এক ৰান লোৱাৰ লগে লগেই ৰোহিত শৰ্মাক চেৰ পেলাই শীৰ্ষস্থান লাভ কৰে। ৰোহিত শৰ্মাই ভাৰতৰ হৈ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ৪,২৩১ ৰান সংগ্ৰহ কৰিছিল।স্মৃতিৰ নামত ১৬১খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত গড়ে ৩০.৩১ ৰান সংগ্ৰহ কৰি মুঠ ৪,২৪৪ ৰান কৰে। এই সময়ছোৱাত তেওঁ এটা শতক আৰু ৩৩টা অৰ্ধশতক অৰ্জন কৰিছে।

লগতে পঢ়ক: ‘কিছুমান কঠিন প্ৰশ্নৰ উত্তৰ বিচাৰিব লাগিব’; অবিৰত পৰাজয়ৰ পিছত হাৰ্দিক পাণ্ডিয়াৰ বিস্ফোৰক মন্তব্য

ধূলিসাৎ হ’ব নেকি ভাৰতৰ ছেমি ফাইনেলৰ সপোন, বৰষুণ হ’ব পাৰে খলনায়ক

ছেমি ফাইনেলৰ টিকট নিশ্চিত কৰিবলৈ ১ মাৰ্চ, দেওবাৰে ৱেষ্ট ইণ্ডিজৰ মুখামুখি হ’ব সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দল ।

ভাৰতীয় ক্ৰিকেট দলে এতিয়াও চলিত টি-২০ বিশ্বকাপৰ ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰা নাই । কোনটো দল ছেমিফাইনেললৈ আগবাঢ়িব সেই সন্দৰ্ভত সিদ্ধান্ত হ’ব ১ মাৰ্চত । ছেমি ফাইনেলৰ টিকট নিশ্চিত কৰিবলৈ ১ মাৰ্চ, দেওবাৰে ৱেষ্ট ইণ্ডিজৰ মুখামুখি হ’ব সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দল । দুয়োটা দলে এতিয়ালৈকে ২ পইণ্টকৈ লাভ কৰিছে যাৰ ফলত এই মেচখন দুয়োটা দলৰ বাবে কোৱাৰ্টাৰ ফাইনেলতকৈ কম নহয় । ভাৰতে ছেমি ফাইনেলৰ টিকট নিশ্চিত কৰিবলৈ এই প্ৰতিযোগিতাত যিকোনো মূল্যতে জয়ী হ’ব লাগিব । এই মেচত বিজয়ী দলটোৱে পোনপটীয়াকৈ ফাইনেল ফোৰলৈ আগবাঢ়িব, কিন্তু বৰষুণৰ বাবে মেচখন পৰিত্যক্ত হ’লে কি হ’ব ?  বৰষুণ আহিলে কোনটো দল বেছি লাভৱান হ’ব ?

নেট ৰান ৰেটৰ বিষয়টোত গ্ৰুপ ২ত পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজত অচলাৱস্থা । কিন্তু ভাৰত আৰু ৱেষ্ট ইণ্ডিজ এতিয়া নেট ৰান ৰেটৰ ওপৰত নিৰ্ভৰশীল নহয়, কিয়নো ছেমিফাইনেলৰ পথ স্পষ্ট । মেচখনত জয়ী হ’লেই ছেমিফাইনেললৈ যাব বিজয়ী দলটো । গতিকে ১ মাৰ্চত ভাৰতে ৱেষ্ট ইণ্ডিজক মাত্ৰ এক ৰাণত পৰাস্ত কৰিলেও ছেমিফাইনেলত প্ৰৱেশ কৰিব । কিন্তু মেচ বাতিল হ’লে নেট ৰান ৰেট আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক হৈ পৰিব ।

বৰষুণ দিলে কোন লাভৱান হ’ব ?

কলকাতাৰ ইডেন গাৰ্ডেনছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ ছুপাৰ-৮ৰ হাই ভল্টেজ মেচ । যদি বৰষুণৰ বাবে খেলখন পৰিত্যক্ত হয় তেন্তে দুয়োটা দলে এটাকৈ পইণ্ট লাভ কৰিব । এইদৰে ভাৰত আৰু ৱেষ্ট ইণ্ডিজ তিনি পইণ্টকৈ লাভ কৰি সমতাত আহিব । অৱশ্যে ৱেষ্ট ইণ্ডিজে নিজৰ নেট ৰান ৰেটৰ ওপৰত ভিত্তি কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিব । ৱেষ্ট ইণ্ডিজৰ নেট ৰান ৰেট +১.৭৯১, আনহাতে ভাৰত -০.১০০ ৰে বহু পিছ পৰি আছে ।

বতৰৰ পৰিস্থিতি কি ?

যদি বৰষুণৰ বাবে মেচ বাতিল হয় তেন্তে সেয়া স্পষ্টভাৱে টিম ইণ্ডিয়াৰ ক্ষতি হ’ব । গতিকে, ১ মাৰ্চত কলকাতাৰ বতৰ কেনেকুৱা হ’ব তাকে লৈ চৰ্চা চলিছে । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ১ মাৰ্চত কলকাতাত আকাশ পৰিষ্কাৰ, গৰম ৰ’দ আৰু সৰ্বোচ্চ উষ্ণতা ৩৩ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে ।

লগতে পঢ়ক : ছেমি ফাইনেলৰ বাবে কাইলৈ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ মৰণপণ যুঁজ

টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ ইংলেণ্ডৰ, ২ উইকেটত পৰাস্ত পাকিস্তান

মঙলবাৰে অনুষ্ঠিত হোৱা ছুপাৰ-৮ৰ এখন মেচত ইংলেণ্ডে পাকিস্তানক ২ উইকেটত পৰাস্ত কৰে ।

চলিত টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাবে পৰিগণিত হৈছে ইংলেণ্ড । মঙলবাৰে অনুষ্ঠিত হোৱা ছুপাৰ-৮ৰ এখন মেচত ইংলেণ্ডে পাকিস্তানক ২ উইকেটত পৰাস্ত কৰে । মেচখনত লক্ষ্য অনুসৰণ কৰি প্ৰথমৱাস্থাত ইংলেণ্ড শলঠেকত পৰিছিল যদিও হেৰী ব্ৰুকে বিস্ফোৰক ইনিংছেৰে দলক জয়ৰ কাষ চপাই নিয়ে । ব্ৰুকে ৫০ বলত শতকীয় ইনিংছ খেলি দলক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰে । শতকৰ পিছতে তেওঁ শ্বাহীন আফ্ৰিদিৰ বলত নিজৰ উইকেট বিসৰ্জন দিয়ে ।

পাল্লেকেলেত খেলা মেচখনত পাকিস্তানে প্ৰথমে বেটিং কৰি ১৬৪ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইংলেণ্ডে শেষৰ অভাৰত বিজয় লক্ষ্যত উপনীত হয় । খেলখনত শ্বাহীন আফ্ৰিদীয়ে চাৰিটা উইকেট দখল কৰিছিল যদিও তেওঁৰ এই প্ৰচেষ্টা অথলে যায় ।

উল্লেখ্য যে, ইংলেণ্ড টি-২০ বিশ্বকাপ ২০২৬ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে । ১৬৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডে ইনিংছৰ প্ৰথমটো বলতে ফিল ছল্টৰ উইকেট হেৰুৱাই । পাৱাৰপ্লেৰ অন্ত পৰাৰ পূৰ্বে জোছ বাটলাৰ আৰু জেকব বেথেলৰো উইকেট হেৰুৱাই ইংলেণ্ডে । ইয়াৰ পিছতে মাত্ৰ ২ ৰানতে যেতিয়া টম বেল্টনৰো উইকেটৰ পতন ঘটে তেতিয়া ইংৰাজ বাহিনীৰ জয়ৰ আশা ম্লান হ’বলৈ ধৰে । অৱশ্যে ইয়াৰ পিছতে হেৰী ব্ৰুকে দায়িত্বশীল ইনিংছেৰে দলক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰি জয়ৰ কাষ চপাই নিয়ে ।

লগতে পঢ়ক : চিন্তা বাঢ়িল ভাৰতীয় দলৰ! বিশ্বকাপ এৰি ঘৰলৈ ঘূৰিল এইগৰাকী তাৰকা খেলুৱৈ

বিশ্বকাপৰ পূৰ্বে অন্তিমখন মেচঃ তিৰুৱনন্তপুৰমত আজি ভাৰত-নিউজীলেণ্ডৰ পঞ্চম টি-২০

বিশ্বকাপৰ পূৰ্বে আজি অন্তিমখন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ খেলিব ভাৰতীয় দলে । বিশাখাপট্টনমত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছতো টি-২০ বিশ্বকাপৰ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছে টিম ইণ্ডিয়াক ।

শনিবাৰে  তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ষ্টেডিয়ামত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব শৃংখলাৰ পঞ্চম আৰু অন্তিমখন টি-২০ মেচ । সন্ধিয়া ৭:০০ বজাৰ পৰা আৰম্ভ হ’ব মেচখন । আগন্তুক বিশ্বকাপৰ পূৰ্বে এইখনেই হ’ব ভাৰতীয় দলৰ অন্তিমখন টি-২০ মেচ ।

বিশাখাপট্টনমত ৫০ ৰানৰ পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছতো টি-২০ বিশ্বকাপৰ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছে টিম ইণ্ডিয়াক । এইখন মেচ বিশ্বকাপৰ পূৰ্বে ভাৰতৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ হ’ব । ইফালে নিজৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ হৈ ঘৰুৱা খেলপথাৰত নামিবলৈ সাজু হৈছে সঞ্জু চেমছন ।

বিখাশাপট্টনমত ছয় বেটছমেন-পাঁচ বলাৰৰ ৰণকৌশল বিফল হয় যদিও কুলদীপ যাদৱ আৰু সঞ্জু চেমছন ফৰ্মলৈ ঘূৰি অহাটো ভাৰতৰ বাবে সকাহৰ বিষয় । এই বিশ্বকাপ চক্ৰত ভাৰতৰ জয়ৰ শতকৰা হাৰ ৮০ শতাংশ, যিটো অষ্ট্ৰেলিয়াতকৈ ১০ পইণ্ট বেছি । এই মেচখনৰ বাবে ঈশান কিষণ আৰু অক্ষৰ পেটেলৰ প্ৰত্যাৱৰ্তনৰ আশা কৰিছে দল পৰিচালনা সমিতিয়ে । একেৰাহে চাৰিখন মেচ খেলা হাৰ্দিক পাণ্ডিয়াক হয়তো এই মেচত জিৰণি দিয়া হ’ব পাৰে ।

খেলৰ এদিন পূৰ্বে সংবাদমেলৰ সময়ত টিম ইণ্ডিয়াৰ বেটিং প্ৰশিক্ষক সীতাংশু কোটাকে মূল একাদক লৈ এই ইংগিত দিয়ে । অৱশ্যে শৃংখলাৰ বাবে দলত স্থান লাভ কৰিলেও পূৰ্বৰ চাৰিখন মেচত মূল একাদশৰ পৰা বাহিৰত থকা শ্ৰেয়াছ আয়েৰে আজি সুযোগ পাব নে নাই সেয়া হ’ব লক্ষ্যণীয় ।

ইতিমধ্যে পাঁচখন মেচৰ এই টি-২০ শৃংখলাত ভাৰতে ৩-১ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ।

তিৰুৱনন্তপুৰম টি-২০ৰ বাবে ভাৰতৰ সম্ভাৱ্য মূল একাদশ :

সঞ্জু চেমছন (উইকেটকীপাৰ), অভিষেক শৰ্মা, ঈশান কিষণ, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শিৱম ডুবে, ৰিংকু সিং, অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং ।

লগতে পঢ়ক : অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেলৰ মহাযুদ্ধ : মুখামুখি হ’ব জ’কভিচ আৰু আলকাৰাজ

বিশাখাপট্টনমত ডুবে-ধুমুহা : মাত্ৰ ১৫ বলতে অৰ্ধশতক অৰ্জন কৰি গঢ়িলে অভিলেখ

বিশাখাপট্টনমত অনুষ্ঠিত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা টি-২০ মেচখনত শিৱম ডুবেই এক চমকপ্ৰদন ইনিংছ খেলে । এই মেচত মাৰমুখী বেটিঙেৰে মাত্ৰ ১৫টা বলত তেওঁ অৰ্ধশতক অৰ্জন কৰে ।

২৮ জানুৱাৰী বুধবাৰে বিশাখাপট্টনমত অনুষ্ঠিত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা টি-২০ মেচখনত শিৱম ডুবেই এক চমকপ্ৰদন ইনিংছ খেলে । ভাৰতীয় অল ৰাউণ্ডাৰগৰাকীয়ে মাত্ৰ ২৩টা বলত বিস্ফোৰক ৬৫ ৰান সংগ্ৰহ কৰে, য’ত ৭টা ছয় আৰু তিনিটা চাৰিটা আছিল । এই মেচত মাৰমুখী বেটিঙেৰে মাত্ৰ ১৫টা বলত তেওঁ অৰ্ধশতক অৰ্জন কৰে ।

টি-২০ ইণ্টাৰনেশ্যনেলত ভাৰতীয় বেটছমেনৰ এইটোৱেই আছিল তৃতীয় দ্ৰুততম অৰ্ধশতক । এই ক্ষেত্ৰত শিৱম ডুবেতকৈ কেৱল যুৱৰাজ সিং আৰু অভিষেক শৰ্মাহে আগবাঢ়ি আছে । ২০০৭ চনৰ টি-২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ১২টা বলত অৰ্ধশতক অৰ্জন কৰিছিল যুৱৰাজে । ইফালে, নিউজীলেণ্ডৰ বিৰুদ্ধে চলিত শৃংখলাৰ সময়ত গুৱাহাটীত ১৪টা বলত অৰ্ধ শতক অৰ্জন কৰিছিল অভিষেক শৰ্মাই ।

টি-২০ত ভাৰতৰ বাবে আটাইতকৈ দ্ৰুততম অৰ্ধশতক (বলৰ ওপৰত ভিত্তি কৰি ):

১২- যুৱৰাজ সিং বনাম ইংলেণ্ড, ডাৰবান ২০০৭

১৪- অভিষেক শৰ্মা বনাম নিউজীলেণ্ড, গুৱাহাটী ২০২৬

১৫- শিৱম ডুবে বনাম নিউজীলেণ্ড, বিশাখাপট্টনম ২০২৬

১৬- হাৰ্দিক পাণ্ডিয়া বনাম দক্ষিণ আফ্ৰিকা, আহমেদাবাদ ২০২৫

১৭- অভিষেক শৰ্মা বনাম ইংলেণ্ড, ৱাংখেড়ে, ২০২৫

নিজৰ বিস্ফোৰক ইনিংছত শিৱম ডুবেই নিউজীলেণ্ডৰ স্পীনাৰ ঈশ সোধীৰ বলত নিৰ্দয় প্ৰহাৰ কৰে । সোধীয়ে এটা অভাৰত ২৯ ৰান ব্যয় কৰে, ইয়াৰে ২৮ ৰান শিৱমৰ বেটৰ পৰাই আহে । এটা ৰান ৱাইডৰ পৰা আহে । এয়া ভাৰতৰ ইনিংছৰ দ্বাদশ অভাৰ আছিল । সেই অভাৰত সোধীৰ বলিঙ আছিল ২, ৪, Wd, ৬, ৪, ৬, ৬ । ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা টি-২০ মেচত একক অভাৰত এইটোৱেই আছিল দ্বিতীয় সৰ্বাধিক ৰান । ২০২০ চনত মাউণ্ট মাউংগানুই টি-২০ত নিউজীলেণ্ডৰ বিৰুদ্ধে এক অভাৰত ৩৪ ৰান সংগ্ৰহ কৰিছিল ডুবেই । তেওঁৰ এই অভিলেখ এতিয়াও অক্ষত হৈ আছে ।

আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচত (ভাৰত বনাম নিউজীলেণ্ড) এটা অভাৰত সৰ্বাধিক ৰান-

৩৪ ৰান ( মাউণ্ট মাউংগানুই, ২০২০)

২৯ ৰান (বিশাখাপট্টনম, ২০২৬)

ভাৰতৰ হৈ কোনো টি-২০ মেচত অভাৰত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত এতিয়া যৌথভাৱে তৃতীয় স্থানত আছে শিৱম ডুবে । ঈশ সোধীৰ অভাৰত তেওঁ মুঠ ২৮ ৰান সংগ্ৰহ কৰে । লগে লগে ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ সময়ত মিচেল ষ্টাৰ্কৰ অভাৰত ২৮ ৰান সংগ্ৰহ কৰা ৰোহিত শৰ্মাৰ অভিলেখ স্পৰ্শ কৰে তেওঁ । এই ক্ষেত্ৰত এতিয়া ডুবেতকৈ মাত্ৰ যুৱৰাজ সিং (৩৬ ৰান) আৰু সঞ্জু চেমছন (৩০ ৰান)হে আগবাঢ়ি আছে ।

এটা অভাৰত সৰ্বাধিক ৰান সংগ্ৰহ কৰা ভাৰতীয় বেটছমেনে (টি-২০ ইণ্টাৰনেশ্যনেল) :

৩৬- যুৱৰাজ সিং (বলাৰ- ষ্টুয়াৰ্ট ব্ৰড, ডাৰবান, ২০০৭)

৩০- সঞ্জু চেমচন (বলাৰ- ৰিছাদ হুছেইন, হায়দৰাবাদ, ২০২৪)

২৮- ৰোহিত শৰ্মা (বলাৰ- মিচেল ষ্টাৰ্ক, গ্ৰছ আইলেট, ২০২৪)

২৮- শিৱম ডুবে (বলাৰ- ঈশ সোধী, বিশাখাপট্টনম, ২০২৬)

এই মেচখনত শিৱম ডুবেই ২৮২.৬০ ষ্ট্ৰাইক ৰেটত ৰান সংগ্ৰহ কৰে । ৫০তকৈ অধিক টি-২০ ইনিংছত ভাৰতীয় বেটছমেনৰ এই ষ্ট্ৰাইক ৰেট তৃতীয় সৰ্বাধিক । এই ক্ষেত্ৰত তেওঁৰ আগত আছে মাত্ৰ যুৱৰাজ সিং (৩৬২.৫০) আৰু অভিষেক শৰ্মা (৩৪০.০০) ।

ভাৰতৰ বাবে টি-২০ ইনিংছত সৰ্বাধিক ষ্ট্ৰাইক ৰেট (৫০+ ৰান)-

৩৬২.৫০ – যুৱৰাজ সিং (১৬ বলত ৫৮ ৰান) বনাম ইংলেণ্ড, ডাৰবান, ২০০৭

৩৪০.০০ – অভিষেক শৰ্মা (২০ বলত ৬৮* ৰান) বনাম নিউজীলেণ্ড, গুৱাহাটী

২৮২.৬০ – শিৱম ডুবে (২৩ বলত ৬৫ ৰান) বনাম নিউজীলেণ্ড, বিশাখাপট্টনম, ২০২৬

লগতে পঢ়ক : বিপৰ্যয়ৰ সন্মুখীন ভাৰতীয় দল : ব্যয়বহুল প্ৰমাণিত হ’ল ৬ বেটছমেনৰ ৰণনীতি !

বিপৰ্যয়ৰ সন্মুখীন ভাৰতীয় দল : ব্যয়বহুল প্ৰমাণিত হ’ল ৬ বেটছমেনৰ ৰণনীতি !

ইতিমধ্যে শৃংখলা দখল কৰা ভাৰতীয় দলটোৱে এই মেচখনত ৬জনকৈ বিশেযজ্ঞ বেটছমনেক লৈ খেলাৰ সম্পৰীক্ষা কৰিছিল । অৱশ্যে ভাৰতীয় দলৰ এই সম্পৰীক্ষা সফল নহ’ল ।

বুধবাৰে বিশাখাপট্টনমত অনুষ্ঠিত হোৱা চতুৰ্থ টি-২০ মেচখনত নিউজীলেণ্ডে ভাৰতক ৫০ ৰানত পৰাস্ত কৰে । প্ৰথমে বেটিং কৰি নিউজীলেণ্ডে ২০ অভাৰত ৭ উইকেটত ২১৫ ৰান সংগ্ৰহ কৰে ।

প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰা নিউজীলেণ্ডে বিস্ফোৰক আৰম্ভণি কৰে । অ’পেনাৰ টিম ছেইফাৰ্ট আৰু ডেভন কনৱেই ভাৰতীয় বলাৰসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰি মাত্ৰ ৮.২ অভাৰতে প্ৰথম উইকেটৰ বাবে ১০০ ৰান সংগ্ৰহ কৰে । ছেইফাৰ্টে ৩৬টা বলত ৬২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে কনৱেই ২৩টা বলত ৪৪ ৰান সংগ্ৰহ কৰে ।

অৱশ্যে ইয়াৰ পিছতে ভাৰতীয় বলাৰসকলে পুনৰ প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাই । ভাৰতে অন্তিম ১০ অভাৰত ৰানৰ হাৰ কিছু পৰিমাণে ৰোধ কৰিবলৈ সক্ষম হয়। অৰ্শদীপ সিং আৰু কুলদীপ যাদৱে দুটাকৈ উইকেট দখল কৰে । ইয়াৰ পিছতো অৱশেষত ডেৰিল মিচেলে ১৮টা বলত ৩৯ ৰান সংগ্ৰহ কৰি নিউজীলেণ্ডক ২০০ ৰান অতিক্ৰম কৰাত সহায় কৰে ।

ইয়াৰ পিছতে ২১৬ ৰানৰ লক্ষ্য অনুসৰণ কৰা ভাৰতীয় দলে দুৰ্বল আৰম্ভণিৰে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাই । শিৱম ডুবেই দলক উদ্ধাৰৰ দায়িত্ব কান্ধ পাতি লৈ ২৩টা বলত বিস্ফোৰক ৬৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৰিংকু সিঙে ৩০ বলত ৩৯ ৰান সংগ্ৰহ কৰে । অৱশ্যে এই দুজনৰ বাহিৰে আন কোনো বেটছমেনে নিজৰ ইনিংছ দায়িত্ব সহকাৰে খেলাত ব্যৰ্থ হয় ।

বেটিং ব্যৰ্থতাৰ সন্মুখীন হৈ ১৮.৪ অভাৰত ১৬৫ ৰানত বল আউট হয় ভাৰতীয় দলটো । নিউজীলেণ্ডৰ অধিনায়ক মিচেল ছেণ্টনাৰে চাৰি অভাৰত ২৬ ৰানত খৰছ কৰি ভাৰতৰ তিনিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি মেচখনৰ নায়ক হিচাপে প্ৰমাণিত হয় ।

ইতিমধ্যে পাঁচখন খেলৰ শৃংখলা দখল কৰা ভাৰতীয় দলটোৱে এই মেচখনত ৬জনকৈ বিশেযজ্ঞ বেটছমনেক লৈ খেলাৰ সম্পৰীক্ষা কৰিছিল । এই মেচত বলিং কৰা নাছিল যদিও বেটছমেন হিচাপে হাৰ্দিক পাণ্ডিয়াক অন্তৰ্ভুক্ত কৰা হৈছিল । হৰ্ষিত ৰানাক দলৰ সাত নম্বৰ স্থানত ৰখা হৈছিল, আনহাতে ভাৰতীয় দলৰ বেটিং ডেপথ সাধাৰণতে আঠ নম্বৰলৈকে থাকে । অৱশ্যে ভাৰতীয় দলৰ এই সম্পৰীক্ষা সফল নহ’ল । ফলত মেচখনত ৫০ ৰাণত পৰাস্ত হয় ভাৰতীয় দলটো ।

মেচৰ অন্তত অধিনায়ক সূৰ্যকুমাৰ যাদৱে কয়, “আমি ইচ্ছাকৃতভাৱে ৬জন বেটছমেনৰ সৈতে খেলাৰ সিদ্ধান্ত লৈছিলো । আমি পাঁচগৰাকী দক্ষ বলাৰ বিচাৰিছিলোঁ আৰু নিজক প্ৰত্যাহ্বান জনাব বিচাৰিছিলোঁ । যেনে ধৰক, যদি আমি ১৮০ বা ২০০ ৰান অনুসৰণ কৰিব লগা হয় আৰু আৰম্ভণিতে দুই বা তিনিটা উইকেট হেৰুৱাব লগা হয়, তেন্তে পৰিস্থিতি কেনেকুৱা হ’ব সেয়া আমি চাব বিচাৰিছিলোঁ ।”

তেওঁ আৰু কয়, “আমি বিশ্বকাপ দলৰ অংশ হোৱা সকলো খেলুৱৈক খেলাব বিচাৰিছিলো । নহ’লে আমাৰ হাতত আন বিকল্প আছিল ।”

টছত জয়ী হোৱাৰ পিছত প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত সন্দৰ্ভত সূৰ্যকুমাৰে কয় যে দলটোৱে হেঁচাত পৰি নিজকে পৰীক্ষা কৰাৰ উদ্দেশ্য লৈছে । ‘আমি প্ৰথমে বেটিং কৰাৰ সময়ত ভাল প্ৰদৰ্শন কৰিছো । গতিকে, মই বিচাৰিছিলো যে খেলুৱৈসকলে দায়িত্ব ল’ব আৰু চাব যে আমি ১৮০ বা ২০০ ৰান অনুসৰণ কৰাৰ সময়ত দুটা বা তিনিটা উইকেট হেৰুওৱাৰ পিছত কেনেকৈ বেটিং কৰো । এয়া এক ভাল প্ৰত্যাহ্বান আছিল আৰু শিকাৰ এক সুযোগ আছিল ।“

লগতে পঢ়ক : ৫০ ৰানত পৰাস্ত টিম ইণ্ডিয়া; নিউজিলেণ্ডে ল’লে জয়ৰ প্ৰথমটো সোৱাদ

আজি গুৱাহাটীত ভাৰত-নিউজীলেণ্ডৰ তৃতীয় টি-২০… শৃংখলা দখলৰ লক্ষ্য সূৰ্য ব্ৰিগেডৰ

তৃতীয় টি-২০ত আজি কিৱিৰ সন্মুখত শৃংখলা দখলৰ লক্ষ্যৰে নামিব ভাৰতীয় দল । সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব মেচখন । বৰ্ষাপাৰাৰ পিটচলৈ চাই আজি হাই স্ক’ৰিং মেচৰ সম্ভাৱনা আছে ।

আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-নিউজীলেণ্ডৰ মাজৰ পাঁচখন শৃংখলাৰ তৃতীয়খন টি-২০ মেচ । ইতিমধ্যে হৈ যোৱা দুয়োখন টি-২০তে জয়লাভ কৰি শৃংখলাত ২-০ ব্যৱধানত আগবাঢ়ি আছে টিম ইণ্ডিয়া । আজিৰ মেচত শৃংখলা নিশ্চিত কৰাৰ উদ্দেশ্যেৰে সূৰ্যকুমাৰ যাদৱৰ নেতৃ্তবত খেলপথাৰত নামিব ভাৰতীয় দলটো । ইফালে প্ৰথম দুখন মেচত পৰাস্ত হোৱা নিউজীলেণ্ডে শৃংখলালৈ প্ৰত্যাৱৰ্তনৰ মৰপণ চেষ্টা চলাব । ফলত এই মেচ ভাৰতৰ বাবে যথেষ্ঠ প্ৰত্যাহ্বানজনক হ’ব । এই মেচৰ টছ সন্ধিয়া ৬:৩০ বজাত অনুষ্ঠিত হ’ব, সন্ধিয়া ৭ বজাৰ পৰা মেচখন আৰম্ভ হ’ব ।

নাগপুৰত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰতীয় দলটোৱে মুঠ ২৩৮ ৰানৰ বিশাল স্ক’ৰ সংগ্ৰহ কৰিছিল । এই মেচত টীম ইণ্ডিয়াই ৪৮ ৰানত জয়লাভ কৰে । ইয়াৰ পিছতে ৰায়পুৰত অনুষ্ঠিত হয় দ্বিতীয়খন টি-২০ মেচ । এই মেচত কিৱি দলে প্ৰথমে বেটিং কৰি ২০৮ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে ৬ ৰানতে দুটা উইকেট হেৰুৱাই শলঠেকত পৰিছিল যদিও ঈষান কিষণ আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ বিস্ফোৰক বেটিঙৰ সহায়ত ১৫.২ অভাৰত ২০৯ ৰানৰ লক্ষ্যত উপনীত হয় ভাৰত ।

গুৱাহাটী পিটচ ৰিপৰ্ট-

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ খেলপথাৰ বেটছমেনৰ বাবে অনুকূল বুলি জনা যায় । গতিকে আজিও এই খেলপথাৰত হাই স্ক’ৰিং মেচৰ সম্ভাৱনা আছে । ২০২৩ চনত এই খেলপথাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰি ভাৰতে ২২২ ৰান সংগ্ৰহ কৰিছিল । অৱশ্যে অষ্ট্ৰেলিয়াই মেচখনত টিম ইণ্ডিয়াক পৰাস্ত কৰিছিল ।

তৃতীয় টি-২০ৰ বাবে ভাৰতৰ সম্ভাৱ্য মূল একাদশ :

অভিষেক শৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), ঈশান কিষণ, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, ৰিংকু সিং, অক্ষৰ পেটেল/কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ/হৰ্ষিত ৰাণা, অৰ্শদীপ সিং আৰু বৰুণ চক্ৰৱৰ্তী ।

লগতে পঢ়ক : বিশ্বকাপত অব্যাহত ভাৰতৰ বিজয়ী অভিযান, বৈভৱ-আয়ুসৰ ধুমহাত ৭ উইকেটত পৰাস্ত নিউজীলেণ্ড

বিজয় অভিযান অব্যাহত ৰখাৰ লক্ষ্যৰে দ্বিতীয় টি-২০লৈ সাজু ভাৰতীয় দল…

শুকুৰবাৰে ৰায়পুৰত অনুষ্ঠিত হ’ব ভাৰত-নিউজীলেণ্ডৰ দ্বিতীয়খন টি-২০ মেচ । জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ খেলপথাৰত নামিব ভাৰতীয় দল।

জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে শুকুৰবাৰে নিউজীলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ত মুখামুখি হ’ব সূৰ্য ব্ৰিগেড । ইতিমধ্যে নাগপুৰত ২১ জানুৱাৰীত অনুষ্ঠিত হোৱা প্ৰথমখন মেচত লাভ কৰা বৃহৎ জয়ৰ পিছত বৰ্তমান আত্মবিশ্বাস তুংগত আছে ভাৰতীয় দলৰ । ইফালে দ্বিতীয়খন টি-২০ত সকলোৰে দৃষ্টি শীৰ্ষ ক্ৰমৰ বেটছমেন সঞ্জু চেমছন আৰু ঈশান কিষনৰ ওপৰত থাকিব । এদিনীয়া শৃংখলাত পৰাস্ত হোৱাৰ পাছত নাগপুৰত অনুষ্ঠিত হোৱা প্রথম টি-২০ত ভাৰতে ৪৮ ৰানত জয় নিশ্চিত কৰে যদিও চেমছন আৰু কিষনে বিশেষ প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় ৷

বিস্ফোৰক ফৰ্মত অভিষেক শৰ্মা-

ভাৰতীয় দলৰ কেইবাটাও দুৰ্বলতা প্ৰথম টি-২০ত স্পষ্টকৈ ধৰা পৰিছে । ইয়াৰ পিছতো দলটোৰ প্ৰদৰ্শনে টি-২০ বিশ্বকাপৰ পূৰ্বে প্ৰতিদ্বন্দ্বী দললৈ বিপদজনক সংকেত প্ৰেৰণ কৰিছে, য’ত ভাৰত ডিফেণ্ডিং চেম্পিয়ন হিচাপে প্ৰৱেশ কৰিছে । ভাৰতীয় দলে টি-২০ বিশ্বকাপৰ খিতাপ ৰক্ষা কৰা প্ৰথমটো দল হ’বলৈ হ’লে বুধবাৰৰ নিশাৰ দৰে অভিষেক শৰ্মাই শীৰ্ষ ক্ৰমত আগ্ৰাসী বেটিং অব্যাহত ৰাখিব লাগিব । আনহাতে কুলদীপ যাদৱৰ অনুপস্থিতিতো বলিং বিভাগ যথেষ্ট সন্তুলিত যেন ধাৰণা হৈছে ।

নিউজীলেণ্ডে তেওঁলোকৰ বলিং প্ৰদৰ্শন আশা কৰা ধৰণৰ নাছিল বুলি জানে যদিও তেওঁলোকৰ শীঘ্ৰেই শক্তিশালী প্ৰত্যাৱৰ্তনৰ প্ৰৱণতা আছে । শেহতীয়াকৈ কিৱি দলৰ অন্যতম বেটিং মেৰুদণ্ড ডেভন কনৱে আউট হোৱাৰ ধৰণলৈ চাই দলটো অলপ চিন্তিত হোৱা যেন পৰিলক্ষিত হৈছে । এই সকলোবোৰ দুৰ্বলতা আঁতৰাই নিউজীলেণ্ডে দ্বিতীয় টি-২০ত ভাৰতীয় দলক তীব্ৰ প্ৰত্যাহ্বান জনোৱাৰ সম্ভৱনা আছে ।

কেতিয়া অনুষ্ঠিত হ’ব দ্বিতীয়খন টি-২০ মেচ ?

উল্লেখ্য যে, ২৩ জানুৱাৰী, শুকুৰবাৰে ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন টি-২০ মেচ । ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত এই মেচ অনুষ্ঠিত হ’ব । সন্ধিয়া ৭:০০ বজাৰ পৰা আৰম্ভ হ’বলগা মেচখনৰ টছ আধা ঘণ্টা পূৰ্বে, সন্ধিয়া ৬:৩০ বজাত হ’ব ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল বাংলাদেশ…