জয়েৰে বছৰৰ অন্ত পেলালে ভাৰতীয় দলে… শ্ৰীলংকাক ৫-০ত হোৱাইট ৱাশ্ব

জয়েৰে ২০২৫ বৰ্ষৰ অন্ত পেলাইছে ভাৰতীয় দলে । শ্ৰীলংকা মহিলা দলৰ বিৰুদ্ধে ৫-০ত টি-২০ শৃংখলা দখল ভাৰতীয় মহিলা দলৰ । পঞ্চমখন টি-২০ত ১৫ ৰানত হৰমনপ্ৰীত ব্ৰিগেডৰ জয় ।

মঙলবাৰে তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অন্তিম টি-২০ মেচত ভাৰতীয় মহিলা ক্ৰিকেট দলে শ্ৰীলংকাক ১৫ ৰাণত পৰাস্ত কৰে । এই জয়েৰে ভাৰতীয় দলটোৱে ৫-০ ব্যৱধানত শৃংখলাটো দখল কৰিবলৈ সক্ষম হৈছে । শ্ৰীলংকাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে শ্ৰীলংকাক ১৭৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল । হৰমনপ্ৰীত কৌৰে বিস্ফোৰক অৰ্ধ শতক অৰ্জন কৰে । ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাই মাত্ৰ ১৬০ ৰানতে নিজৰ ইনিংছ সামৰিবলৈ বাধ্য হয় । ভাৰতীয় দলৰ এই জয় বিশেষ কাৰণ ভাৰতে অহা বছৰ অৰ্থাৎ ২০২৬ চনত টি-২০ বিশ্বকাপ খেলিব । তাৰ প্ৰস্তুতিৰ বাবে এই শৃংখলাটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল ।

শ্ৰীলংকাৰ বেটিং-

১৭৬ ৰানৰ প্ৰত্যুত্তৰত শ্ৰীলংকাই দ্বিতীয় অভাৰতে অধিনায়ক চামাৰী আটাপাট্টুক হেৰুৱাই সংকটত পৰে । মাত্ৰ দুই ৰানত নিজৰ উইকেট বিসৰ্জন দিয়ে সিংহল অধিনায়কে । কিন্তু তাৰ পিছত হাছিনী পেৰেৰা আৰু দুলহানীয়ে এক শক্তিশালী অংশীদাৰিত্ব গঢ়ি তোলে । দুয়োগৰাকীয়ে দলীয় স্ক’ৰ ৮৬লৈ লৈ যায় । ভাৰতে দ্বিতীয়টো সফলতা ১২ অভাৰত দুলহনীৰ উইকেটৰ ৰূপত লাভ কৰে । অৱশ্যে পেৰেৰাই এটা মূৰত ইনিংছ চম্ভালি আছিল আৰু ১৭ নং অভাৰত আউট হোৱাৰ পূৰ্বে ৬৫ ৰান সংগ্ৰহ কৰে । অৱশ্যে আনটো মূৰত উইকেটৰ পতন অব্যাহত থাকে । পেৰেৰাৰ উইকেটৰ পতন ঘটাৰ সময়ত শ্ৰীলংকাক জয়ী হ’বলৈ ২০টা বলত ৪৪ ৰানৰ প্ৰয়োজন হৈছিল । শ্ৰীলংকাক শেষৰ দুটা অভাৰত ৩৪ ৰানৰ প্ৰয়োজন হৈছিল । অৱশ্যে শ্ৰীলংকাই মাত্ৰ ১৬০ ৰানহে কৰিবলৈ সক্ষম হয় আৰু ভাৰতে ১৫ ৰানত জয়লাভ কৰি ৫-০ ব্যৱধানত শৃংখলাটো দখল কৰে ।

ভাৰতৰ ইনিংছ-

এই মেচত স্মৃতি মন্ধানাই খেলা নাছিল । তেওঁৰ ঠাইত জি কমলিনীয়ে অভিষেক ঘটায় । অৱশ্যে ভাৰতৰ আৰম্ভণি দুৰ্বল আছিল । দ্বিতীয় অভাৰত শ্বেফালী বাৰ্মা মাত্ৰ ৫ ৰান সংগ্ৰহ কৰি আউট হয় । ইয়াৰ পিছতে অভিষেক ঘটোৱা কমলিনীয়ে ইনিংছ চম্ভালিবলৈ চেষ্টা কৰে যদিও পঞ্চম অভাৰত তেওঁ নিজৰ উইকেট বিসৰ্জন দিয়ে । কমলিনীয়ে ১২ ৰান সংগ্ৰহ কৰে । ইয়াৰ পাছত ভাৰতে উইকেট হেৰুৱাই থাকে । অৱশ্যে হৰমনপ্ৰীতে ইনিংছ চম্ভালি সুস্থিৰে দলৰ স্কৰ আগুৱাই নিয়ে । কঠিন সময়ত ধৈৰ্য্য দেখুৱাই পিছত বিস্ফোৰকভাৱে খেলিছিল ভাৰতীয় অধিনায়কগৰাকীয়ে । হৰমনপ্ৰীতে ৪৩টা বলত ৬৮ ৰান সংগ্ৰহ কৰে । তেওঁ ৯টা চাৰি আৰু এটা ছয় কোবাই । ইয়াৰ পিছতে অৰুন্ধতী ৰেড্ডীয়ে ১১টা বলত ২৭ ৰান সংগ্ৰহ কৰে । তেওঁৰ ইনিংছৰ বাবেই ভাৰতে শ্ৰীলংকাৰ সন্মুখত ১৭৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ।

উল্লেখ্য যে, এই জয়েৰে ভাৰতে শৃংখলাটো ৫-০ত হস্তগত কৰি শ্ৰীলংকাক হোৱাইট ৱাশ্ব কৰে ।

ভাৰতীয় দলৰ মূল একাদশ-

শ্বেফালী বাৰ্মা, জি কমলিনী, ৰিচা ঘোষ, হৰমনপ্ৰীত কৌৰ, হাৰলীন দেউল, দীপ্তি শৰ্মা, অমনজোত কৌৰ, স্নেহ ৰানা, অৰুন্ধতী ৰেড্ডী, বৈষ্ণৱী শৰ্মা, শ্ৰী চৰণী ।

লগতে পঢ়ক : ভাৰতীয় ক্ৰিকেট ২০২৫: মহিলা ক্ৰিকেটৰ স্বৰ্ণিম অধ্যায়, টেষ্টত পুৰুষ দলৰ প্ৰত্যাহ্বানৰ প্ৰাচীৰ

শ্ৰীলংকাৰ বিৰুদ্ধে চতুৰ্থ টি-২০টো ভাৰতৰ জয়… ক্লীন ছুইপৰ দিশে হৰমনপ্ৰীত ব্ৰিগেড

শ্ৰীলংকাৰ বিৰুদ্ধে চতুৰ্থ টি-২০ত বিজয় সাব্যস্ত কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে । এই জয়েৰে শৃংখলাত ৪-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে হৰমনপ্ৰীত বাহিনীয়ে ।

দেওবাৰে ভাৰত আৰু শ্ৰীলংকাৰ মহিলা ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয় পাঁচখন খেলৰ টি-২০ শৃংখলাৰ চতুৰ্থখন মেচ । তিৰুৱনন্তপুৰমত অনুষ্ঠিত হোৱা মেচখনত ভাৰতীয় দলটোৱে ৩০ ৰাণত জয়লাভ কৰি ৪-০ ব্যৱধানত শৃংখলাত অগ্ৰগতি লাভ কৰে । শ্ৰীলংকাই টছত জয়লাভ কৰি প্ৰথমে ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় । প্ৰথমে বেটিং কৰি ভাৰতে শ্ৰীলংকাক ২২২ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । শ্বেফালী বাৰ্মা আৰু স্মৃতি মন্ধানাৰ বিস্ফোৰক অৰ্ধ শতক আৰু ৰিচা ঘোষৰ ফিনিচিং টাচৰ বাবে ভাৰতে এই মেচত জয়লাভ কৰিবলৈ সক্ষম হয় । লক্ষ্য অনুসৰণ কৰি শ্ৰীলংকাৰ দলটোৱে ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৯১ ৰানহে কৰিবলৈ সংক্ষম হয় ।

শ্ৰীলংকাৰ ইনিংছ-

ভাৰতৰ ২২২ ৰানৰ প্ৰতিক্ৰিয়া স্বৰূপে শ্ৰীলংকাই শক্তিশালী আৰম্ভণি কৰে । পেৰেৰা আৰু চামাৰী আটাপাট্টুয়ে অৰ্ধ শতিকীয় অংশীদাৰিত্ব গঢ়ে । অৱশ্যে ষষ্ঠ অভাৰত আলহী দলটোৱে প্ৰথমটো বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় যেতিয়া হাছিনি পেৰেৰা ৩৩ ৰানত আউট হয় । তাৰ পিছতে দুলহানী আৰু আটাপট্টুৱে ইনিংছৰ দায়িত্ব লয় । ৩৭টা বলত ৫২ ৰান সংগ্ৰহ কৰি অধিনায়ক চামাৰীয়ে ১৩ অভাৰত নিজৰ উইকেট বিসৰ্জন দিয়ে । ইয়াৰ পিছত ভাৰতীয় বলাৰসকলে শক্তিশালী প্ৰদৰ্শনেৰে মেচখন নিজৰ হাতলৈ আনে আৰু আলহী দলটোৱে মুঠ ১৯১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

ভাৰতৰ ইনিংছ-

প্ৰথমে বেটিং কৰি ভাৰতে শক্তিশালী আৰম্ভণি কৰে । স্মৃতি মন্ধানা আৰু শ্বেফালী বাৰ্মাই ছয় আৰু চাৰিৰ বৰষুণ নমাই । মাত্ৰ ১০ অভাৰতে ভাৰতৰ স্ক’ৰ ৮৫ত উপনীত কৰায় দুয়োগৰাকী বেটছমেনে । শেফালী বাৰ্মাই মাত্ৰ ৩০টা বলত অৰ্ধ শতক অৰ্জন কৰে । তেওঁ এই বিস্ফোৰক ইনিংছত  সাতটা চাৰি কোবাই । ১৬ নং অভাৰত ভাৰত প্ৰথমটো বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়, যেতিয়া শ্বেফালী বাৰ্মাই ৭৯ ৰান সংগ্ৰহ কৰি উইকেট বিসৰ্জন দিয়ে । এই সময়ত ভাৰতৰ স্ক’ৰ আছিল ১৬২ ৰান । মন্ধানাৰ ইনিংছ অব্যাহত আছিল যদিও ১৭ নং অভাৰত তেওঁ নিজৰ উইকেট বিসৰ্জন দিয়ে । মন্ধানাই ৪৮টা বলত ৮০ ৰান সংগ্ৰহ কৰে । তেওঁৰ ইনিংছত ১১টা চাৰি আৰু তিনিটা ছয় আছিল ।

ইয়াৰ পিছতে ৰিচা ঘোষে উজ্জ্বল বেটিং কৰে । ১৬টা বলত ৪০ ৰান সংগ্ৰহ কৰি ৪টা চাৰি আৰু ৩টা ছয় কোবাই । অধিনায়ক হৰমনপ্ৰীত কৌৰে ১০টা বলত ১৬ ৰান সংগ্ৰহ কৰে । ইয়াৰ বাবে ভাৰতে শ্ৰীলংকাক ২২২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ।

লগতে পঢ়ক : শ্ৰীলংকাৰ বিৰুদ্ধে চতুৰ্থ টি-২০ত ইতিহাস ৰচিলে ভাৰতে…

শ্ৰীলংকাৰ বিৰুদ্ধে চতুৰ্থ টি-২০ত ইতিহাস ৰচিলে ভাৰতে…

তিৰুৱনন্তপুৰমত দেওবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা চতুৰ্থখন টি-২০ মেচত ভাৰতীয় দলে আন এক কৃতিত্ব অৰ্জন কৰিছে । এই মেচখনত ভাৰতীয় বেটছমেনে শ্ৰীলংকাৰ বলিং আক্ৰমণক সম্পূৰ্ৰূপে বিধস্ত কৰি পেলায় ।

ভাৰতীয় মহিলা ক্ৰিকেট দল আৰু শ্ৰীলংকাৰ মহিলা ক্ৰিকেট দলৰ মাজত দেওবাৰে তিৰুৱনন্তপুৰমত অনুষ্ঠিত হৈছে শৃংখলাৰ চতুৰ্থখন টি-২০ মেচ । এই মেচ ভাৰতীয় দলে অভিলেখ সৃষ্টি কৰিছে । এই মেচত প্ৰথমে বেটিং কৰি ভাৰতীয় মহিলা ২২১ ৰান সংগ্ৰহ কৰে । মহিলাৰ টি-২০ ক্ৰিকেটত এয়া ভাৰতৰ সৰ্বোচ্চ মুঠ স্ক’ৰ ।

ভাৰতীয় বেটছমেনে শ্ৰীলংকাৰ বলিং আক্ৰমণ সম্পূৰ্ণৰূপে তচনচ কৰে ।  শেষৰ ১০ অভাৰত ১৩৬ ৰান সংগ্ৰহ কৰে ভাৰতে । টীম ইণ্ডিয়াৰ হৈ স্মৃতি মন্ধানাই সৰ্বোচ্চ ৮০ ৰান সংগ্ৰহ কৰে । একেৰাহে তৃতীয়খন মেচত অৰ্ধশতক অৰ্জন কৰি ৭৯ ৰান সংগ্ৰহ কৰে শ্বেফালী বাৰ্মাই । মালছা শ্বাহানীৰ বাহিৰে কোনো শ্ৰীলংকাৰ বলাৰেই ১০তকৈ কম ইকনমি ৰেটত ৰান দিয়া নাছিল ।

তিৰুৱনন্তপুৰমত অনুষ্ঠিত হৈ থকা এই মেচখনত শ্ৰীলংকাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় । ভাৰতীয় অ’পেনাৰ স্মৃতি মন্ধানা আৰু শ্বেফলী বাৰ্মাই বিধ্বংসী ৰূপ ধাৰণ কৰি পাৱাৰপ্লে’ত দলীয় স্ক’ৰ ৬১লৈ বৃদ্ধি কৰে । শীঘ্ৰেই ভাৰতে ১০ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ৮৫ ৰাণত উপনীত হয় ।

শেষ ১০ অভাৰত ১৩৬ ৰান-

প্ৰথম ১০ অভাৰৰ অন্তত টিম ইণ্ডিয়াৰ স্ক’ৰ আছিল ৮৫/০ । ইয়াৰ পিছতে ভাৰতীয় বেটছমেনে ইমানেই বিস্ফোৰক বেটিং প্ৰদৰ্শন কৰে যে অন্তিম ১০ অভাৰত ১৩৬ ৰান সংগ্ৰহ কৰে । ইফালে শ্বেফলী বাৰ্মাই ৩০টা বলত অৰ্ধ শতক অৰ্জন কৰাৰ বিপৰীতে মন্ধানাই ৩৪টা বলত অৰ্ধ শতকত উপনীত হয় । মন্ধানা আৰু বাৰ্মাই ১৬২ ৰানৰ অ’পেনিং অংশীদাৰিত্ব গঢ়ে । মহিলা টি-২০ ক্ৰিকেটত চতুৰ্থবাৰৰ বাবে মন্ধানা আৰু বাৰ্মাই ১০০ ৰানৰ ওপৰত অ’পেনিং অংশীদাৰিত্ব গঢ়ে ।

টি-২০ত ভাৰতৰ সৰ্বোচ্চ স্ক’ৰ-

চতুৰ্থ টি-২০ত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে ২২১ ৰান সংগ্ৰহ কৰে । আন্তঃৰাষ্ট্ৰীয় মহিলা টি-২০ ক্ৰিকেটত এইটোৱেই হৈছে টিম ইণ্ডিয়াৰ সৰ্বোচ্চ স্ক’ৰ । ইয়াৰ পূৰ্বে ভাৰতৰ সৰ্বোচ্চ স্ক’ৰ আছিল ২১৭ ৰান, যিটো ২০২৪ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আছিল । এই মেচখনত স্মৃতি মন্ধানাই টি-২০ত শ্ৰীলংকাৰ বিৰুদ্ধে সৰ্বাধিক ব্যক্তিগত ইনিংছ কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় । ইয়াৰ পূর্বে এই অভিলেখ শ্রীলংকাৰ বিৰুদ্ধে পূর্বৰ খেলখনত ৭৯ ৰান অর্জন কৰা শ্বেফালী বার্মাৰ নামত আছিল ৷ উল্লেখ্য যে, চতুৰ্খন মেচত শ্বেফালীয়েও ৭৯ ৰান সংগ্ৰহ কৰে ।

লগতে পঢ়ক : গৌতম গম্ভীৰৰ ঠাইত ল’ব ভি ভি এছ লক্ষ্মণে ? নীৰৱতা ভংগ কৰিলে বি চি চি আইয়ে

ঘন কুঁৱলীৰ বাবে বাতিল মেচ;  অনুষ্ঠিত কৰিব নোৱাৰিলে ভাৰত-আফ্ৰিকাৰ মাজত চতুৰ্থ টি-২০

ঘন কুঁৱলীৰ বাবে বাতিল হ’ল ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব লগা টি-২০ শৃংখলাৰ চতুৰ্থখন খেল ।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া পাঁচখন খেলৰ টি-২০ শৃংখলাৰ চতুৰ্থখন খেল আজি লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা আছিল।

কিন্তু প্ৰচণ্ড কুঁৱলীৰ বাবে টছ হ’ব নোৱাৰিলে আৰু অৱশেষত মেচখন বাতিল কৰা হয়।এতিয়া ১৯ ডিচেম্বৰত আহমেদাবাদত অনুষ্ঠিত হ’ব এই শৃংখলাৰ অন্তিমখন খেল।

খেলখনৰ টছৰ সময় সন্ধিয়া ৬:৩০ বজাত আছিল। কিন্তু ঘন কুঁৱলীৰ বাবে টছ কৰাত পলম হ’ল। ইয়াৰ পিছত ৯:৩০ বজালৈকে মেচখন চলাবলৈ চেষ্টা কৰা হয়।কিন্তু কুঁৱলী যথেষ্ট বাঢ়ি গৈ থাকিল।

আম্পায়াৰসকলে ছবাৰ খেলপথাৰত প্ৰৱেশ কৰি মেচখন আৰম্ভ কৰাৰ চেষ্টা কৰে।ৰাজীৱ শুক্লাও খেলপথাৰ পালেগৈ। কিন্তু ৩:৩০ ঘন্টা চেষ্টা কৰাৰ পিছতো মেচ আৰম্ভ কৰিব নোৱাৰিলে।

টিম ইণ্ডিয়াই শৃংখলাত ইতিমধ্যে ২-১ত অগ্ৰগতি লাভ কৰিছে।এতিয়া আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া খেলখন শৃংখলাখনৰ বাবে গুৰুত্বপূৰ্ণ হ’ব।

লগতে পঢ়ক: ‘আই পি এল ২০২৬ এম এছ ধোনীৰ শেষ ছিজন হ’ব’; ৰবিন উথাপ্পাই লগালে মোহৰ!

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰৱৰ্তী দুখন টি-২০ৰ পৰা বাহিৰ হ’ল এইগৰাকী অলৰাউণ্ডাৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰৱৰ্তী দুখন টি-২০ৰ বাবে দলৰ পৰা বাদ দিয়া হৈছে এইগৰাকী অলৰাউণ্ডাৰক । তেওঁৰ সলনি দলত শ্বাহবাজ আহমেদক অন্তৰ্ভূক্ত কৰা হৈছে ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা পাঁচখন খেলৰ টি-২০ শৃংখলাৰ অন্তিম দুখন মেচৰ পূর্বে ভাৰতীয় দল এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে ৷ তাৰকা অল ৰাউণ্ডাৰ অক্ষৰ পেটেলক অসুস্থতাৰ বাবে শৃংখলাৰ পৰা বাদ দিয়া হৈছে । সোমবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই কথা ঘোষণা কৰি অক্ষৰ লক্ষ্ণৌত দলটোৰ সৈতে আছে আৰু চিকিৎসা দলৰ তত্বাৱধানত আছে বুলি উল্লেখ কৰে । বাছনি সমিতিয়ে অক্ষৰৰ ঠাইত শ্বাহবাজ আহমেদক দলত অন্তৰ্ভুক্ত কৰিছে ।

তৃতীয় টি-২০ত খেলা নাছিল অক্ষৰ পেটেলে-

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তৃতীয় টি-২০ত খেলা নাছিল অক্ষৰ পেটেলে । অধিনায়ক সূৰ্য্যকুমাৰ যাদৱে তেওঁৰ স্বাস্থ্য ভাল নহয় বুলি উল্লেখ কৰাৰ বিপৰীতে বুমৰাহ ব্যক্তিগত কাৰণত পৰিয়ালৰ ওচৰলৈ উভতি অহাৰ কথা উল্লেখ কৰিছিল । বিচিচিআইয়ে এতিয়া স্পষ্ট কৰি দিছে যে লক্ষ্ণৌ আৰু আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া মেচত অক্ষৰ পেটেল দলৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ হৈছে । বৰ্তমান তেওঁ চিকিৎসা দলৰ তত্বাৱধানত আছে ।

শ্বাহবাজ আহমেদক সুযোগ-

অক্ষৰ পেটেল বাদ পৰাৰ পিছত বাছনি সমিতিয়ে শ্বাহবাজ আহমেদক দলত অন্তৰ্ভুক্ত কৰিছে । ২০২২ চনত ভাৰতৰ হৈ অভিষেক ঘটোৱা ৩১ বছৰীয়া অল ৰাউণ্ডাৰগৰাকীয়ে তাৰ পিছৰ পৰা দলত সুযোগ পোৱা নাই । এতিয়া তেওঁ পুনৰ দললৈ ঘূৰি আহিছে । এই পৰ্যন্ত খেলা টি-২০ মেচ দুখনত শ্বাহবাজে দুটা উইকেট দখল কৰাৰ বিপৰীতে তিনিখন এদিনীয়াত তিনিটা উইকেট দখল কৰিছে ।

২-১ ব্যৱধানত ভাৰতৰ অগ্ৰগতি-

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা পাঁচখন খেলৰ টি-২০ শৃংখলাত আয়োজক দলটোৱে দুখন মেচত জয়লাভ কৰি ২-১ ব্যৱধানত আগবাঢ়ি আছে । সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে প্ৰথম আৰু তৃতীয় মেচত জয়লাভ কৰাৰ বিপৰীতে আলহী দলটোৱে দ্বিতীয়খন খেলত জয়লাভ কৰে । এতিয়া ভাৰতীয় দলটোৱে চতুৰ্থখন মেচত চকু ৰাখিছে, যিখন খেল ১৭ ডিচেম্বৰত লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । এই মেচখনত যদি ভাৰতে জয়লাভ কৰে তেন্তে ৩-১ ব্যৱধানত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰি শৃংখলা দখল কৰিব । শৃংখলাৰ চূড়ান্ত খেলখন অহা ১৯ ডিচেম্বৰত আহমেদাবাদত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : ফুটবল কিংবদন্তি লিয়নেল মেছিক টিম ইণ্ডিয়াৰ জাৰ্চি উপহাৰ দিলে জয় শ্বাহে, টি-২০ বিশ্বকাপলৈয়ো জনালে নিমন্ত্ৰণ

নিউ চণ্ডীগড়ত আজি ভাৰত–দক্ষিণ আফ্রিকাৰ দ্বিতীয় টি–২০ গিল, সূর্যকুমাৰৰ দুর্বল ফর্মক লৈ চিন্তিত দলীয় মেনেজমেণ্ট

পাঁচখনীয়া টি-২০ মেচৰ শৃংখলাৰ দ্বিতীয়খন মেচত আজি মুখামুখি হ’ব ভাৰত-দক্ষিণ আফ্রিকা । তাৰকা বেটাৰ শুভমন গিল আৰু অধিনায়ক সূর্যকুমাৰ যাদৱৰ দুর্বল ফর্মক লৈ চিন্তিত দলীয় মেনেজমেণ্ট ৷

ঘৰুৱা দল টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজৰ পাঁচখনীয়া টি-২০ মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ আজি নিউ চণ্ডীগড়ত অনুষ্ঠিত হ’ব ৷ শৃংখলাৰ প্রথমখন মেচত সহজ বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত থকা ভাৰতীয় দলটোৱে আজিৰ মেচখনতো জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্য লৈছে ৷

মঙলবাৰে কটকত অনুষ্ঠিত মেচখনত ভাৰতীয় দলটোৱে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে সহজ বিজয় সাব্যস্ত কৰিলেও তাৰকা বেটাৰ শুভমন গিল আৰু অধিনায়ক সূর্যকুমাৰ যাদৱৰ দুর্বল ফর্মক লৈ চিন্তিত দলীয় মেনেজমেণ্ট ৷ চলিত বর্ষত গিলে এতিয়ালৈকে ১৩খন মেচ খেলিছে যদিও এখনতো অর্ধশতক কৰিবলৈ সক্ষম হোৱা নাই ৷ গিলৰ সর্বোচ্চ ৰান হ’ল ৪৭ ৷

ইফালে, অধিনায়ক সূর্যকুমাৰে চলিত বর্ষত ১৮খন মেচ খেলিছে যদিও অর্ধশতকৰ মুখ দেখা নাই ৷ অধিনায়কগৰাকীৰ সর্বোচ্চ ৰান হ’ল অপৰাজিত ৪৭ ৷ এই দুয়োগৰাকী তাৰকা বেটাৰৰ দুর্বল ফর্মক লৈ সম্প্রতি চিন্তিত হৈ পৰিছে দলীয় মেনেজমেণ্ট ৷ অৱশ্যে আজিৰ মেচত দুয়োগৰাকী বেটাৰে নিজৰ ছন্দ ঘূৰাই আনিব পাৰিব বুলি আশাবাদী দলীয় মেনেজমেণ্ট ৷

ইফালে, আজিৰ মেচখনৰ মূল একাদশত স্থান লাভৰ বাবে যুঁজ চলিব অর্শদীপ সিং আৰু কুলদীপ যাদৱৰ মাজত ৷ বেটিং ক্রমৰ অষ্টম স্থানটো শক্তিশালী কৰাৰ বাবে আজিৰ মেচখনত কুলদীপে মূল একাদশত স্থান লাভ কৰাৰ অধিক সম্ভাৱনা আছে ৷

লগতে পঢ়ক : আই চি চিৰ ৰেংকিঙত ৰোহিত-কোহলীৰ দপদপনি… বুমৰাহ-বৰুণ-অভিষেকৰো আধিপত্য

তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰি ইতিহাস ৰচিলে যশপ্ৰীত বুমৰাহে

ভাৰতৰ ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহে অৰ্জন কৰিছে এক অনন্য কৃতিত্ব । এই কৃতিত্ব অৰ্জন কৰা তেওঁ প্ৰথজন ভাৰতীয় বলাৰ ।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা পাঁচখন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ ৯ ডিচেম্বৰত কটকৰ বাৰাবাটি ষ্টেডিয়ামত অনুষ্ঠিত হয় । এই মেচখনত টিম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাক ১০১ ৰানত পৰাস্ত কৰি শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে । প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাক ১৭৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । এই লক্ষ্যক অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাৰ বেটিং অৰ্ডাৰে ভাৰতীয় বলাৰৰ পৰাক্ৰম সহিব নোৱাৰি মাত্ৰ ৭৪ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰিবলগা হয় ।

টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত এয়াই হৈছে দক্ষিণ আফ্ৰিকাৰ সৰ্বনিম্ন স্কৰ । প্ৰটিয়াছক অল আউট কৰাত যশপ্ৰীত বুমৰাহে দুটা উইকেটৰ বৰঙণি আগবঢ়ায় । এই মেচখনত প্ৰথমটো উইকেট লাভ কৰাৰ পাছতেই বুমৰাহে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত শতক অৰ্জন কৰি ভাৰতীয় ক্ৰিকেটত কোনো বলাৰে কেতিয়াও অৰ্জন কৰিব নোৱাৰা এক ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

টি-২০ত বুমৰাহৰ শতক-

কটকত অনুষ্ঠিত প্ৰথম টি-২০ত ডেৱাল্ড ব্ৰেভিছৰ উইকেট দখল কৰি টি-২০ত বুমৰাহে শতক অৰ্জন কৰে । চলিত বৰ্ষৰ আৰম্ভণিতে এই কৃতিত্ব অৰ্জন কৰা অৰ্শদীপ সিঙৰ পিছতে এই ফৰ্মেটত ১০০ উইকেট দখল কৰা দ্বিতীয়জন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয় বুমৰাহ । বৰ্তমান অৰ্শদীপ ভাৰতৰ টি-২০ত আগশাৰীৰ উইকেট দখলকাৰী । ১০১টা উইকেটৰে তালিকাৰ দ্বিতীয় স্থানত আছে যশপ্ৰীত বুমৰাহ ।

টি-২০ত সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় বলাৰ-

অৰ্শদীপ সিং – ১০৭

যশপ্ৰীত বুমৰাহ – ১০১

হাৰ্দিক পাণ্ডিয়া – ৯৯

যুজবেন্দ্ৰ চাহাল – ৯৬

ভুৱনেশ্বৰ কুমাৰ – ৯০

তিনিওটা ফৰ্মেটতে ১০০ উইকেট দখল কৰা প্ৰথম ভাৰতীয়-

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত ১০০ উইকেট দখল কৰাৰ সমান্তৰালভাৱে বুমৰাহে তিনিওটা ফৰ্মেটতে ১০০ উইকেট দখল কৰিবলৈ সক্ষম হৈছে । এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বলাৰত পৰিগণিত হৈছে তেওঁ । বুমৰাহৰ টেষ্টত ২৩৪টা আৰু এদিনীয়াত ১৪৯টা উইকেট আছে ।

বিশেষ তালিকাত যোগদান বুমৰাহৰ-

বৰ্তমান বিশ্বৰ মাত্ৰ চাৰিজন বলাৰৰ নাম থকা অভিজাত তালিকাত যোগদান কৰিছে যশপ্ৰীত বুমৰাহে । ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ১০০ উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰা বিশ্বৰ পঞ্চমজন বলাৰ বুমৰাহ । এই অভিলেখ পূৰ্বতে লাচিথ মালিংগাৰ হাতত আছিল । ইয়াৰ উপৰিও তেওঁ টিম চাউথী, ছাকিব আল হাছান আৰু শ্বাহীন আফ্ৰিদিৰ সৈতে যোগদান কৰিছে ।

লগতে পঢ়ক : কটকত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুৰ্দান্ত জয় সূৰ্য ব্ৰিগেডৰ, বেটে-বলে উজ্বলিল হাৰ্দিক পাণ্ডিয়া

কটকত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুৰ্দান্ত জয় সূৰ্য ব্ৰিগেডৰ, বেটে-বলে উজ্বলিল হাৰ্দিক পাণ্ডিয়া

কটকত অনুষ্ঠিত হোৱা শৃংখলাৰ প্ৰথমখন টি-২০ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশাল ব্যৱধানত জয়লাভ কৰিছে ভাৰতীয় দলে । এই মেচত বেটিং-বলিং উভয়তে বিস্ফোৰক প্ৰদৰ্শন কৰে হাৰ্দিক পাণ্ডিয়াই ।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা পাঁচখন মেচৰ টি-২০ শৃংখলাৰ প্ৰথমখন খেল মঙলবাৰে কটকৰ বাৰাবাটি ষ্টেডিয়ামত অনুষ্ঠিত হয় । এই মেচখনত ভাৰতীয় দলটোৱে ১০১ ৰানৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে । দুমাহৰ পিছত আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে এই টি-২০ ছিৰিজ অতি গুৰুত্বপূৰ্ণ । দক্ষিণ আফ্ৰিকাৰ অধিনায়ক এইডেন মাৰ্ক্ৰামে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি ভাৰতে দক্ষিণ আফ্ৰিকাক ১৭৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল । হাৰ্দিক পাণ্ডিয়াই ৫৯ ৰানৰ অপৰাজিত ইনিংছ খেলে । কিন্তু ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে দক্ষিণ আফ্ৰিকাই ১৩ অভাৰতে ৭৪ ৰানত আটাইকৈইটা উইকেট হেৰুৱাই মেচখনত আত্মসমৰ্পণ কৰে ।

দক্ষিণ আফ্ৰিকাৰ ইনিংছ-

১৭৬ ৰানৰ প্ৰত্যুতৰত দক্ষিণ আফ্ৰিকাৰ আৰম্ভণি অতি দুৰ্বল আছিল । প্ৰথম অভাৰৰ দ্বিতীয় বলত অৰ্শদীপে কুইণ্টন ডি ককক আউট কৰে । ডি ককে নিজৰ একাউণ্ট খুলিবলৈয়ো সক্ষম নহ’ল । ইয়াৰ পাছতে তৃতীয় অভাৰত অৰ্শদীপে ষ্টাবছকো আউট কৰে । ষ্টাবছে ১৪ ৰান সংগ্ৰহ কৰে । ষষ্ঠ অভাৰৰ প্ৰথম বলত অধিনায়ক এইডেন মাৰ্কৰামক আউট কৰে অক্ষৰ পেটেলে । মাৰ্ক্ৰামে মাত্ৰ ১৪ ৰানহে কৰিবলৈ সক্ষম হয় । সপ্তম অভাৰত হাৰ্দিক পাণ্ডিয়াই আলহী দলটোৰ শিবিৰত মোক্ষম আঘাত হানে । তেওঁৰ প্ৰথম বলতে মিলাৰক আউট কৰে । লগে লগে দক্ষিণ আফ্ৰিকাই ৫০ ৰানৰ ভিতৰত চতুৰ্থটো আঘাতৰ সন্মুখীন হ’বলগীয়া হয় । ইয়াৰ পিছতে বৰুণে অষ্টম অভাৰত দক্ষিণ আফ্ৰিকাক পঞ্চমটো আঘাত দিয়ে ।

ইয়াৰ পাছতে বৰুণে দশম অভাৰত জেন্সেনক বল্ড কৰি আলহী দলটোৰ ষষ্ঠ উইকেটৰ পতন ঘটায় । জেন্সেনে ১২ ৰান সংগ্ৰহ কৰে । ১১ নং অভাৰত বুমৰাহে ব্ৰেভিছক আউট কৰে । এই উইকেটৰ জৰিয়তে বুমৰাহৰ টি-২০ৰ ১০০ সংখ্যক উইকেট সম্পূৰ্ণ হয় । একেটা অভাৰতে বুমৰাহে কেশৱ মহাৰাজকো পেভিলিয়নৰ বাট দেখুৱাই । ১২ নং অভাৰত অক্ষৰে দক্ষিণ আফ্ৰিকাৰ নৱমটো উইকেট দখল কৰে । ইয়াৰ পিছতে শিৱম ডুবেই দক্ষিণ আফ্ৰিকাৰ ৭৪ ৰানত অন্তিমটো উইকেট দখল কৰে ।

ভাৰতীয় বলাৰৰ প্ৰদৰ্শন-

ভাৰতীয় বলাৰৰ প্ৰদৰ্শনৰ কথা ক’বলৈ গ’লে অৰ্শদীপে ২ অভাৰত ১৪ ৰান খৰছ কৰি ২টা উইকেট দখল কৰে । বুমৰাহে ৩ অভাৰত ১৭ ৰান দি ২ উইকেট দখল কৰে । বৰুণে ৩ অভাৰত ১৯ ৰান খৰছ কৰি ২ টা উইকেট দখল কৰে । অক্ষৰেও দুটা উইকেট লাভ কৰাৰ বিপৰীতে হাৰ্দিক আৰু শিৱম ডুবেই ১টাকৈ উইকেট লাভ কৰে ।

ভাৰতৰ ইনিংছ-

কটক টি-২০ত ভাৰতৰ আৰম্ভণি বেয়া আছিল । শুভমন গীল লুংগি এনঙিডিৰ বলত প্ৰথম অভাৰতে মাত্ৰ ৪ ৰানত আউট হয় । ইয়াৰ কিছু সময়ৰ পাছতে অধিনায়ক সূৰ্যকুমাৰ যাদৱো লুংগী এনঙিডিৰ বলত ১১ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় । ছয় অভাৰৰ অন্তত ভাৰতৰ স্ক’ৰ আছিল ৪০-২ । সপ্তম অভাৰত ভাৰতে তৃতীয়টো বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় যেতিয়া অভিষেক শৰ্মাই ১৭ ৰানত নিজৰ উইকেট বিসৰ্জন দিয়ে । ইয়াৰ পিছতে তিলক বাৰ্মা আৰু অক্ষৰ পেটেলৰ মাজত এক শক্তিশালী অংশীদাৰিত্ব গঢ়ি উঠে । অৱশ্যে দ্বাদশ অভাৰত ২৬ ৰান সংগ্ৰহ কৰি তিলক বাৰ্মা পেভিলিয়নৰ বাট বুলে । ১৪ নং অভাৰত পঞ্চমটো বিপৰ্যয়ৰ সন্মুখীন হয় ভাৰত যেতিয়া অক্ষৰ পেটেলে ২৩ ৰান সংগ্ৰহ কৰি আউট হয় ।

ইয়াৰ পিছতে হাৰ্দিক পাণ্ডিয়া আৰু শিৱম ডুবে ১৯টা বলত ৩৩ ৰান সংযোজন কৰি শক্তিশালী অংশীদাৰিত্ব গঢ়ি তোলে । অৱশ্যে ১৮ নং অভাৰত ১১ ৰান সংগ্ৰহ কৰি ডুবে আউট হয় । ২৫টা বলত হাৰ্দিক পাণ্ডিয়াই নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে । হাৰ্দিকে ২৮টা বলত অপৰাজিত ৫৯ ৰান সংগ্ৰহ কৰে আৰু ভাৰতে দক্ষিণ আফ্ৰিকাক ১৭৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰাত সহায় কৰে । হাৰ্দিক পাণ্ডিয়া প্লেয়াৰ অব্ দ্য মেচ বিবেচিত হয় ।

লগতে পঢ়ক : আই পি এল ২০২৬ৰ নিলামৰ বাবে চৰ্টলিষ্ট ৩৫০জন খেলুৱৈ; বাহিৰ হ’ল ১০০৫গৰাকী

আই পি এল ২০২৬ৰ নিলামৰ বাবে চৰ্টলিষ্ট ৩৫০জন খেলুৱৈ; এতিয়া অপেক্ষা ১৬ ডিচেম্বৰলৈ

আই পি এল ২০২৬ৰ উন্মাদনা প্ৰায় আৰম্ভ হৈছে । এই প্ৰতিযোগিতাৰ নিলামৰ বাবে ৩৫০ জন খেলুৱৈ চৰ্টলিষ্ট কৰা হৈছে ।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৯ সংখ্যক ছিজন তথা আই পি এল ২০২৬ৰ প্ৰস্তুতি আৰম্ভ হৈছে ।অহা ১৬ ডিচেম্বৰত আবুধাবিত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ নিলাম । এই নিলামত বিশ্বৰ ১,৩৯০ জন খেলুৱৈয়ে পঞ্জীয়ন কৰিছিল, ইয়াৰে ৩৫০ জন খেলুৱৈক মিনি নিলামৰ বাবে চৰ্টলিষ্ট কৰা হৈছে । ইয়াৰ ভিতৰত আছে যোৱা ছিজনৰ মেগা নিলামত বিক্ৰী নোহোৱা অষ্ট্ৰেলিয়াৰ তাৰকা বেটছমেন ষ্টিভ স্মিথো ।

আই পি এল ২০২৬ৰ নিলামত ২৪০ গৰাকী ভাৰতীয় আৰু ১১০ গৰাকী বিদেশী খেলুৱৈক চৰ্টলিষ্ট-

অহা ১৬ ডিচেম্বৰত আবুধাবিত ২৪০ জন ভাৰতীয় আৰু ১১০ গৰাকী বিদেশী খেলুৱৈকে ধৰি মুঠ ৩৫০ গৰাকী ক্ৰিকেটাৰক লৈ নিলাম অনুষ্ঠিত হ’ব । দক্ষিণ আফ্ৰিকাৰ উইকেটকীপাৰ-বেটছমেন কুইণ্টন ডি কককো চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । শেহতীয়াকৈ অৱসৰ লোৱাৰ পিছত পুনৰ সীমিত অভাৰৰ ক্ৰিকেটলৈ ঘূৰি আহিছে ডি কক । তেওঁৰ ভিত্তি মূল্য ১ কোটি । অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ভিত্তি মূল্য ২ কোটি । স্মিথে শেষবাৰৰ বাবে ২০২১ চনত আই পি এলত খেলিছিল ।

আই পি এলৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি খেলুৱৈ নিলামৰ বাবে মুঠ ১,৩৯০ জন খেলুৱৈয়ে পঞ্জীয়ন কৰিছিল, যিটো পিছত ১০০৫ লৈ হ্ৰাস পাইছিল । এই খেলুৱৈসকলৰ পৰা ৩৫০ গৰাকী খেলুৱৈৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰা হৈছে । এই নিলামত এই ৩৫০ গৰাকী খেলুৱৈৰ পৰা সৰ্বাধিক ৭৭ গৰাকী খেলুৱৈ ক্ৰয় কৰিব পাৰিব আই পি এলৰ ১০ টা ফ্ৰেঞ্চাইজিয়ে ।

প্ৰথম ছেটত অন্তৰ্ভুক্ত ভাৰতৰ পৃথ্বী শ্ব’ আৰু ছৰফৰাজ খান-

আই পি এল ২০২৬ৰ নিলামৰ প্ৰথম ছেটত অন্তৰ্ভুক্ত হৈছে ভাৰতৰ পৃথ্বী শ্ব’ আৰু ছৰফৰাজ খান । দুয়োজনে নিজৰ ভিত্তি মূল্য ৭৫ লাখ নিৰ্ধাৰণ কৰা হৈছে । ২০১৮ চনৰ পৰা ২০২৪ চনলৈ আই পি এলত খেলিছিল শ্ব’ৱে, কিন্তু শেষৰ নিলামত বিক্ৰী নোহোৱাকৈয়ে আছিল তেওঁ । ২০২১ চনৰ পিছত ছৰফৰাজে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই ।

আই পি এলে শ্বেয়াৰ কৰা তালিকাত নিউজীলেণ্ড আৰু চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন অ’পেনাৰ ডেভন কনৱে আৰু দক্ষিণ আফ্ৰিকাৰ ডেভিদ মিলাৰৰ লগতে অষ্ট্ৰেলিয়াৰ দুজন খেলুৱৈ কেমেৰুন গ্ৰীণ আৰু জেক ফ্ৰেজাৰ-মেকগাৰ্ককো অন্তৰ্ভুক্ত কৰা হৈছে, প্ৰত্যেকৰে ভিত্তি মূল্য ২ কোটি টকা ।

কোনখন দেশৰ কিমানজন খেলুৱৈ নিলামত অন্তৰ্ভুক্ত-

দক্ষিণ আফ্ৰিকাৰ পৰা নিলামৰ তালিকাত ১৫জন খেলুৱৈ আছে । ইয়াৰ ভিতৰত আছে ডি কক আৰু মিলাৰৰ লগতে ফাষ্ট বলাৰ এনৰিচ নৰ্টজে, লুংগি এনগিডি, গেৰাল্ড ক’টজি, আৰু অল ৰাউণ্ডাৰ উইয়ান মুল্ডাৰ । নিলামৰ তালিকাত ৱেষ্ট ইণ্ডিজৰ ৯ জন খেলুৱৈৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে, য’ত আছে ফাষ্ট বলাৰ আলজাৰী জোচেফ আৰু শ্বামাৰ জোচেফ, আকিম অগাষ্ট, শ্বাই হোপ, ৰষ্টন চেজ ।

আই পি এল ২০২৬ৰ নিলামৰ তালিকাত স্থান লাভ কৰা শ্ৰীলংকাৰ ১২ গৰাকী খেলুৱৈৰ ভিতৰত আছে ৱানিন্দ হাছাৰাংগা, দুনিথ ৱেলালাগে, মহীশ তীক্ষণা, ট্ৰেভিন মেথিউ, পাথুম নিছাংকা, কুছাল মেণ্ডিছ আৰু কুছাল পেৰেৰা । নিউজীলেণ্ডৰ ষোল্লগৰাকী খেলুৱৈ আৰু আফগানিস্তানৰ ১০গৰাকী খেলুৱৈয়ে নিলামৰ তালিকাত স্থান লাভ কৰিছে । নিউজীলেণ্ডৰ খেলুৱৈসকলৰ ভিতৰত আছে চেন্নাই ছুপাৰ কিংছে মুকলি কৰি দিয়া ৰাচিন ৰবিন্দ্ৰ । আফগানিস্তানৰ খেলুৱৈৰ ভিতৰত আছে ৰহমানুল্লাহ গুৰবাজ আৰু নবীন উল হক ।

চূড়ান্ত নিলামৰ তালিকাত আছে ইংলেণ্ডৰ ২১জন খেলুৱৈ । ইয়াৰ ভিতৰত আছে উইকেটকীপাৰ-বেটছমেন জেমী স্মিথ, বেগী বলাৰ গাছ এটকিনছন আৰু লিয়াম লিভিংষ্টন, টেষ্টৰ অ’পেনাৰ বেন ডাকেট । কেমেৰুন গ্ৰীনে ডাঙৰ বিড আকৰ্ষণ কৰাৰ সম্ভাৱনা আছে । মুঠ ১৯ গৰাকী অষ্ট্ৰেলিয়ান খেলুৱৈক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । গ্ৰীণৰ উপৰিও জোছ ইংলিছ, মেথিউ শ্বৰ্ট, কুপাৰ কনলি, বিউ ৱেবষ্টাৰ আদি উল্লেখযোগ্য নাম ।

লগতে পঢ়ক : আজি কটকত ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথম টি-২০ মেচ, মূল একাদশত কোন কোন ?