আজি কটকত ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথম টি-২০ মেচ, মূল একাদশত কোন কোন ?

আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব । কটকৰ বাৰাবটি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই মেচ ।

আজিৰে পৰা ভাৰতীয় ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলা আৰম্ভ কৰিবলৈ সাজু হৈছে । শৃংখলাৰ প্ৰথমখন মেচ আজি সন্ধিয়া ৭:০০ বজাত কটকৰ বাৰাবাটি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে দুয়োটা দলৰ বাবে এই শৃংখলা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । ইফালে দক্ষিণ আফ্ৰিকাই ভাৰতীয় পৰিস্থিতিত অভিজ্ঞতাক অগ্ৰাধিকাৰ দিছে । ইফালে, টিম ইণ্ডিয়াই নিজৰ শক্তিশালী ফৰ্ম অব্যাহত ৰাখিবলৈ বিচাৰিব ।

কেনেকুৱা হ’ব ভাৰতৰ মূল একাদশ ?

ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে নিজৰ বিস্ফোৰক ফৰ্মৰ ভিত্তিত দলটোক নেতৃত্ব দিব । অভিষেক শৰ্মাৰ সৈতে শুভমন গীলে ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে । তিলক বাৰ্মাইও খেলাটো প্ৰায় নিশ্চিত । জিতেশ শৰ্মাই উইকেটকীপিং আৰু বেটিঙৰ জৰিয়তে অৰিহণা যোগাব পাৰে । আঘাতৰ পিছত পুনৰ উভতি অহা হাৰ্দিক পাণ্ডিয়াই অল ৰাউণ্ডাৰ হিচাপে ভাৰসাম্য আনিব । অক্ষৰ পেটেল আৰু কুলদীপ যাদৱে স্পীন বিভাগ চম্ভালিব পাৰে । বৰুণ চক্ৰৱৰ্তীও মূল একাদশত থাকিব পাৰে । ফাষ্ট বলিং বিভাগত অৰ্শদীপ সিং আৰু যশপ্ৰীত বুমৰাহৰ যুটি প্ৰথম পছন্দ হ’ব পাৰে ।

পিটছ কাৰ সহায়ক হ’ব ?

দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত পুনৰ টি-২০ ক্ৰিকেটলৈ ঘূৰি আহিছে বাৰাবাটি ষ্টেডিয়ামৰ খেলপথাৰ । ২০২২ চনৰ জুন মাহৰ পিছত ইয়াত এইখন হ’ব প্ৰথমখন টি-২০ মেচ আৰু শেষবাৰৰ বাবে এই খেলপথাৰত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মেচখনত পেচাৰসকল জিলিকি উঠিছিল । অৱশ্যে এই পিটছ বেটছমেনৰ বাবে সহজ নহ’ব । সামগ্ৰিকভাৱে পেচাৰসকলে প্ৰাৰম্ভিক অভাৰত সহায় বিচাৰি পাব পাৰে, আনহাতে স্পীনাৰসকলে পিছলৈ গ্ৰীপ বিচাৰি পাব ।

ভাৰতৰ সম্ভাৱ্য মূল একাদশ : অভিষেক শৰ্মা, শুভমন গীল, তিলক বাৰ্মা, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), জিতেশ শৰ্মা (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, অৰ্শদীপ সিং, যশপ্ৰীত বুমৰাহ ।

লগতে পঢ়ক : অষ্ট্ৰেলিয়াৰ খেলুৱৈ মিচেল মাৰ্ছে হঠাতে ল’লে ডাঙৰ সিদ্ধান্ত, ঘোষণা কৰিলে অৱসৰ

৪ বেটছমেন, ৩ অল-ৰাউণ্ডাৰ… দক্ষিণ আফ্ৰিকা টি-২০ ছিৰিজৰ বাবে টিম ইণ্ডিয়াৰ কম্বিনেচন কিমান শক্তিশালী ?

দক্ষিণ আফ্ৰিকা টি-২০ ছিৰিজৰ বাবে ঘোষণা হল টিম ইণ্ডিয়া । ৪ বেটছমেন, ৩ অল-ৰাউণ্ডাৰ আৰু দুজন স্পীনাৰক অন্তৰ্ভূক্ত কৰা হৈছে দলত ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫খন মেচৰ টি-২০ শৃংখলাৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল । ৯ ডিচেম্বৰত কটকত আৰম্ভ হ’ব এই শৃংখলাৰ প্ৰথমখন মেচ ।

এছিয়া কাপৰ সময়ত আঘাতপ্ৰাপ্ত হাৰ্দিক পাণ্ডিয়া পুনৰ দললৈ ঘূৰি আহিছে । টিম ইণ্ডিয়াৰ সহ-অধিনায়ক শুভমন গিলো এই দললৈ প্ৰত্যাৱৰ্তন ঘটাইছে । কলকাতা টেষ্টৰ সময়ত ডিঙিত পোৱা আঘাতৰ বাবে শুভমন সমগ্ৰ শৃংখলাৰ পৰা বাহিৰ হয় ।

বুধবাৰে (৩ ডিচেম্বৰ) ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ঘোষণা কৰে টিম ইণ্ডিয়া । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলা খেলা টিম ইণ্ডিয়াৰ অংশস্বৰূপ নীতিশ কুমাৰ ৰেড্ডী আৰু ৰিংকু সিঙ দক্ষিণ আফ্ৰিকা শৃংখলাৰ বাবে নিৰ্বাচিত নহ’ল ।

অৱশ্যে মন কৰিবলগীয়া যে অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে নিৰ্বাচিত দলটোত ১৬ জন সদস্য আছিল । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলাৰ বাবে ১৪ জন সদস্যক নিৰ্বাচিত কৰা হৈছে । সামগ্ৰিকভাৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ দলৰ পৰা কেৱল ৰিংকু সিং আৰু নীতিশ ৰেড্ডীক বাহিৰ কৰা হৈছে ।

শুভমন গীল নিশ্চিতভাৱে দলটোত থাকিলেও তেওঁৰ অংশগ্ৰহণ বি চি চি আইৰ চেণ্টাৰ অৱ এক্সেলেন্সৰ পৰা ফিটনেছ ক্লিয়াৰেন্সৰ ওপৰত নিৰ্ভৰশীল । গতিকে ফিটনেছ ক্লিয়াৰ হ’লেহে তেওঁ দলত খেলিব ।

দক্ষিণ আফ্ৰিকাৰ শৃংখলাৰ বাবে ঘোষিত টীম ইণ্ডিয়াত আছে চাৰিজন বেটছমেন, তিনিজন অল-ৰাউণ্ডাৰ, তিনিজন পেচাৰ, দুজন উইকেটকীপাৰ আৰু দুজন স্পীনাৰ । যদি গীলে ফিটনেছ প্ৰমাণত ব্যৰ্থ হয় তেন্তে অভিষেক শৰ্মাৰ সৈতে পুনৰবাৰ সঞ্জু চেমছনক অ’পেনিং কৰাৰ সুযোগ দিয়া হ’ব পাৰে ।

ইফালে ঋষভ পন্টো এই শৃংখলাৰ বাবে বিবেচিত নহ’ল । গতিকে অনুমান কৰিব পাৰি যে তেওঁ ২০২৬ চনৰ টি-২০ বিশ্বকাপত নাথাকিব । টি-২০ বিশ্বকাপৰ পূৰ্বে টিম ইণ্ডিয়াই বহু শৃংখলা খেলিব নোৱাৰিব । টি-২০ত পণ্টৰ দুৰ্বল অভিলেখৰ বাবেই তেওঁক বাদ পৰাৰ কাৰণ বুলি চৰ্চা চলিছে । যথেষ্ট দিন ধৰি পণ্ট টি-২০ চেটআপৰ অংশ হোৱা নাই । ২০২৪ চনৰ জুলাই মাহত শ্ৰীলংকাৰ বিৰুদ্ধে শেষবাৰৰ বাবে টি-২০ খেলিছিল তেওঁ । পণ্টে ৭৬খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত গড়ে ২৩.২৫ত ১২০৯ ৰান সংগ্ৰহ কৰিছে । ইয়াৰ উপৰিও তেওঁৰ নামত ৪০টা কেচ আৰু ১১টা ষ্টাম্পিং আছে ।

দক্ষিণ আফ্ৰিকা শৃংখলাৰ বাবে ভাৰতীয় টি-২০ দলৰ সংমিশ্ৰণ-

৪ বেটছমেন : সূৰ্য্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গীল (উপ-অধিনায়ক), অভিষেক শৰ্মা, তিলক বাৰ্মা ।

৩ অল-ৰাউণ্ডাৰঃ হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ ।

২ উইকেটকীপাৰঃ জিতেশ শৰ্মা (উইকেটকীপাৰ), সঞ্জু চেমছন (উইকেটকীপাৰ)।

২ স্পীনাৰ : বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ ।

৩ পেচাৰ : হৰ্ষিত ৰানা, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে টীম ইণ্ডিয়া : সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গীল (উপ-অধিনায়ক), অভিষেক শৰ্মা, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, জিতেশ শৰ্মা (উইকেটকীপাৰ), সঞ্জু চেমছন (উইকেটকীপাৰ), যশপ্ৰীত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী, অৰ্শদীপ সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, ৱাশ্বিংটন সুন্দৰ ।

লগতে পঢ়ক : সূৰ্য ব্ৰিগেডৰ পৰা বাহিৰ হ’ল ৰিংকু সিং, নীতিশ; দক্ষিণ আফ্ৰিকা টি-২০ ছিৰিজৰ বাবে দল ঘোষণা

আজি ভাৰত-অষ্ট্ৰেলিয়াৰ চতুৰ্থখন টি ২০ মেচ; শৃংখলাত অগ্ৰগতিৰ লক্ষ্য সূৰ্য বাহিনীৰ

ভাৰত-অষ্ট্ৰেলিয়াৰ চতুৰ্থখন টি ২০ মেচ

আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব শৃংখলাৰ চতুৰ্থখন টি ২০ মেচ । গোল্ড কোষ্টৰ কেৰাৰা অ’ভেলত অনুষ্ঠিত হ’ব এই মেচ । দুপৰীয়া ১:৪৫ বজাৰ পৰা আৰম্ভ হ’ব খেলখন । বৰ্তমান এই শৃংখলাটো ১-১ ব্যৱধানত সমতাত আছে । কেনবেৰাৰ প্ৰথমখন টি ২০ মেচ বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হৈছিল । আনহাতে মেলবৰ্ণৰ দ্বিতীয়খন টি-২০ মেচত অষ্ট্ৰেলিয়াই ৪ উইকেটত জয়লাভ কৰে । ইয়াৰ পিছতে হোবাৰ্টৰ তৃতীয়খন টি-২০ মেচত ভাৰতে ৫ উইকেটত জয়লাভ কৰি শৃংখলাত সমতা স্থাপন কৰে ।

আজিৰ মেচত ভাৰতীয় দলটোৱে নিজৰ মূল একাদশত ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন ঘটোৱাৰ সম্ভাৱনা নাই । হোবাৰ্টত খেলা একেটা দলেই গোল্ড কোষ্টত খেলাৰ সম্ভাৱনা আছে । ইফালে, ট্ৰেভিছ হেড আৰু শ্বীন এবট অষ্ট্ৰেলিয়াৰ দলত নাথাকিব । এছেজৰ বাবে হেড ছিৰিজৰ পৰা আঁতৰি আহিছে । এই মেচৰ বাবে গ্লেন মেক্সৱেল দললৈ ঘূৰি আহিব পাৰে ।

অৱশ্যে গোল্ড কোষ্টত ভাৰতীয় দলটোৱে জয়লাভ কৰিলে অধিনায়ক সূৰ্যকুমাৰ যাদৱে বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনীৰ পৰম্পৰা অব্যাহত ৰাখিব পাৰিব । এনে পৰিস্থিতিত টিম ইণ্ডিয়াই এই মেচত সকলো প্ৰচেষ্টা চলাব ।

২০১২ চনৰ পৰা অষ্ট্ৰেলিয়াই নিজৰ দেশত টি-২০ শৃংখলাত ভাৰতক পৰাস্ত কৰিব পৰা নাই । সেয়েহে মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলীৰ পিছত এতিয়া সূৰ্য্যকুমাৰ যাদৱৰ কান্ধত এক উল্লেখযোগ্য দায়িত্ব থাকিব ।

উল্লেখ্য যে, দুয়োখন দেশৰ মাজত হোৱা বিগত পাঁচখন টি-২০ শৃংখলাত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ মাটিত মাত্ৰ এবাৰহে (২০০৮ চনত) পৰাস্ত হৈছে । তেতিয়া ধোনী আছিল ভাৰতৰ অধিনায়ক । সেই সময়ত কেংগাৰুৱে ভাৰতীয় দলটোক ৯ উইকেটত পৰাস্ত কৰিছিল আৰু শৃংখলাত জয়লাভ কৰিছিল । তাৰ পিছত কেংগাৰুৱে ভাৰতৰ বিৰুদ্ধে কেতিয়াও শৃংখলা দখল কৰিব পৰা নাই ।

২০১২ চনত অনুষ্ঠিত পৰৱৰ্তী ছিৰিজখন ধোনীৰ নেতৃত্বত ১-১ ব্যৱধানত সমতা স্থাপন হৈছিল । ছিডনীত অনুষ্ঠিত প্ৰথমখন মেচত ভাৰত ৩১ ৰাণত পৰাস্ত হয় যদিও দ্বিতীয় টি ২০ মেচত ভাৰতে অষ্ট্ৰেলিয়াক ৮ উইকেটত পৰাস্ত কৰি শৃংখলাত সমতা স্থাপন কৰে ।

ইয়াৰ পাছত ২০১৬ চনত ধোনীৰ অধিনায়কত্বত ভাৰতে অষ্ট্ৰেলিয়াক ৩-০ ব্যৱধানত পৰাস্ত কৰে । ইয়াৰ পাছত ২০১৮ চনত কোহলীৰ নেতৃত্বত ভাৰতীয় দলটোৱে টি-২০ শৃংখলাত ১-১ ব্যৱধানত সমতা স্থাপন কৰে । ২০২০ চনত বিৰাট কোহলীৰ অধিনায়কত্বত পুনৰবাৰ ভাৰতে অষ্ট্ৰেলিয়াত টি-২০ শৃংখলা ২-১ ব্যৱধানত জয়লাভ কৰে ।

অৰ্থাৎ ধোনী আৰু কোহলীৰ অধিনায়ক হিচাপে থকা সময়ছোৱাত টি-২০ শৃংখলাত যি পৰম্পৰা প্ৰচলিত হৈ আহিছে, সেই পৰম্পৰাক সূৰ্য্যই আগুৱাই নিব বিচাৰিব । গোল্ড কোষ্ট টি ২০ মেচত জয়লাভ কৰিলে ভাৰত শৃংখলাত আগবাঢ়িব । ৮ নৱেম্বৰত ব্রিজবেনৰ গাব্বাত জয়লাভ কৰিলে শৃংখলাটো ৩-১ ব্যৱধানত জয়ী হ’ব আৰু সেই মেচখনত পৰাস্ত হ’লেও শৃংখলাটো ২-২ ব্যৱধানত সমাপ্ত হ’ব ৷

গোল্ড কোষ্ট টি-২০ৰ বাবে ভাৰতৰ সাম্ভাব্য মূল একাদশ :

শুভমন গীল, অভিষেক শৰ্মা, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), তিলক বাৰ্মা, জিতেশ শৰ্মা (উইকেটকীপাৰ), শিৱম ডুবে, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, অৰ্শদীপ সিং, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ ।

লগতে পঢ়ক : এই নৱেম্বৰতে দুবাৰকৈ মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান! ডোহাত হ’ব এই সংঘৰ্ষ

কাইলৈৰ পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ টি ২০ শৃংখলা; এদিনীয়াত পৰাজয়ৰ পোতক তোলাৰ সুযোগ সূৰ্য বাহিনীৰ

কাইলৈৰ পৰা আৰম্ভ হ’ব ভাৰত-অষ্ট্ৰেলিয়া টি ২০ শৃংখলা

কাইলৈৰ পৰা আৰম্ভ হ’ব ভাৰত-অষ্ট্ৰেলিয়াৰ টি ২০ শৃংখলা । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত পৰাজয়ৰ পোতক তুলিবলৈ সাজু হৈছে সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় টি-২০ দলে । পাঁচখন মেচৰ টি ২০ শৃংখলাৰ প্ৰথমখন মেচ কেনবেৰাত অনুষ্ঠিত হ’ব । ২০২৩ চনৰ আগষ্টৰ পিছত ভাৰতীয় দলটোৱে কোনো টি-২০ শৃংখলাত এতিয়ালৈকে পৰাস্ত হোৱা নাই । এতিয়া অষ্ট্ৰেলিয়াতো এই জয়ৰ ধাৰা অক্ষুণ্ণ ৰখাৰ সুযোগ লাভ কৰিছে ভাৰতীয় দলে ।

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ২৯ অক্টোবৰত কেনবেৰাত অনুষ্ঠিত হ’ব প্ৰথমখন টি-২০ । আটাইকেইটা টি-২০ মেচ ভাৰতীয় সময় অনুসৰি ১:৪৫ বজাৰ পৰা আৰম্ভ হ’ব ।

যদি আপুনি টিভিত লাইভ টেলিকাষ্ট চাব বিচাৰে তেন্তে ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰ কৰা হ’ব এই মেচ । মোবাইল বা এণ্ড্ৰইড টিভিৰ বাবে জিঅ’হটষ্টাৰ এপ আৰু ৱেবছাইটত উপলব্ধ হ’ব লাইভ ষ্ট্ৰীমিং ।

ভাৰত-অষ্ট্ৰেলিয়া টি ২০ শৃংখলাৰ সূচী-

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন টি-২০ মেচ ২৯ অক্টোবৰত কেনবেৰাত অনুষ্ঠিত হ’ব । তেওঁলোকৰ পৰৱৰ্তী টি-২০ মেচ ৩১ অক্টোবৰত মেলবৰ্ণ, ২ নৱেম্বৰত হোবাৰ্ট আৰু ৬ নৱেম্বৰত গোল্ড কোষ্টত অনুষ্ঠিত হ’ব ।

ভাৰত আৰু অষ্ট্ৰেলিয়াই এই পৰ্যন্ত ৩২খন খেল খেলিছে, ইয়াৰে ২০খনত টিম ইণ্ডিয়াই জয়লাভ কৰিছে । অষ্ট্ৰেলিয়াই মাত্ৰ ১১ বাৰহে জয়লাভ কৰাৰ বিপৰীতে এখন মেচ ড্ৰ’ত সমাপ্ত হৈছে ।

এই ছিৰিজৰ বাবে ভাৰতীয় দল :

সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, শুভমন গীল (সহ-অধিনায়ক), তিলক বাৰ্মা, নীতিশ কুমাৰ ৰেড্ডী, শিৱম ডুবে, অক্ষৰ পেটেল, জিতেশ শৰ্মা (উইকেটকীপাৰ), বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, আৰ্ষদীপ সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, সঞ্জু চেমচন (উইকেটকীপাৰ), ৰিংকু সিং, ৱাশ্বিংটন সুন্দৰ ।

লগতে পঢ়ক : ICU ত ভৰ্তি ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ; কেচ লোৱাৰ সময়তে হৈছিল আঘাতপ্ৰাপ্ত

আই চি চি টি-২০ ৰেংকিং : সৰ্বোচ্চ ৰেটিঙেৰে অভিষেক শৰ্মাৰ অগ্ৰগতি, বৰুণ চক্ৰৱৰ্তীৰো আধিপত্য

সৰ্বোচ্চ ৰেটিঙেৰে অভিষেক শৰ্মাৰ অগ্ৰগতি

উদীয়মান ভাৰতীয় তাৰকা বেটছমেন অভিষেক শৰ্মাই এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ ৰেটিং পইণ্টেৰে আই চি চি টি-২০ বেটিং ৰেংকিঙৰ শীৰ্ষত নিজৰ স্থান আৰু অধিক সুদৃঢ় কৰিছে । ইফালে বৰুণ চক্ৰৱৰ্তীয়েও বলিং ৰেংকিঙত শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে । অৱশ্যে পাকিস্তানৰ ছাইম আয়ুবে ভাৰতৰ হাৰ্দিক পাণ্ডিয়াক পিছ পেলাই টি-২০ অলৰাউণ্ডাৰৰ তালিকাত শীৰ্ষস্থান দখল কৰে ।

শেহতীয়াকৈ ভাৰতে এছিয়া কাপত জয়লাভ কৰাৰ পাছত অভিষেক শৰ্মাই ঐতিহাসিক ৯৩১ ৰেটিং পইণ্টেৰে প্ৰায় পাঁচ বছৰীয়া অভিলেখ ভংগ কৰে । ২০২০ চনৰ ইংলেণ্ডৰ সোঁহতীয়া বেটছমেন ডাৱিদ মালানৰ ৯১৯ ৰেটিং পইণ্ট অতিক্ৰম কৰি ২৫ বছৰীয়া অভিষেকে এই অভিলেখ গঢ়িছে । এছিয়া কাপৰ সময়ত ২০০ৰো অধিক ষ্ট্ৰাইক ৰেটত ৰান সংগ্ৰহ কৰি প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হোৱা অভিষেকে পূৰ্বৰ সতীৰ্থ সূৰ্য্যকুমাৰ যাদৱ (৯১২) আৰু বিৰাট কোহলী (৯০৯)ৰ শ্ৰেষ্ঠ ৰেটিং পইণ্টকো অতিক্ৰম কৰে ।

যোৱা বছৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটোৱা অভিষেক শৰ্মাই এছিয়া কাপত গড়ে ৪৪.৮৫ ৰানত ৭খন খেলত ৩১৪ ৰান সংগ্ৰহ কৰিছিল । অভিষেক দ্বিতীয় স্থানৰ ইংলেণ্ডৰ ফিল ছল্টতকৈ ৮২ ৰেটিং পইণ্ট আগবাঢ়ি আছে । তৃতীয় স্থানত আছে তেওঁৰ ভাৰতীয় সতীৰ্থ তিলক বাৰ্মা । এছিয়া কাপত বাৰ্মাই ২১৩ ৰান সংগ্ৰহ কৰে । এছিয়া কাপত ২৬১ ৰান সংগ্ৰহ কৰা শ্ৰীলংকাৰ সোঁহতীয়া বেটছমেন পাথুম নিছাংকাই দুটা স্থানৰ অগ্ৰগতি লাভ কৰি কেৰিয়াৰৰ শ্ৰেষ্ঠ পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

এছিয়া কাপত ভাল প্ৰদৰ্শনৰ পিছত তেওঁৰ সতীৰ্থ কুছাল পেৰেৰা (দুটা স্থান উত্থান হৈ নৱম), পাকিস্তানৰ চাহিবজাদা ফাৰহান (১১ স্থান বৃদ্ধিৰে ১৩ নম্বৰলৈ) আৰু ভাৰতৰ সঞ্জু চেমছনে (আঠটা স্থান বৃদ্ধিৰে ৩১ নম্বৰলৈ) ৰেংকিং উন্নত কৰিছে ।

শীৰ্ষত বৰুণ-

এছিয়া কাপত ৭টা উইকেট দখল কৰা বৰুণ চক্ৰৱৰ্তী এতিয়াও বিশ্বৰ এক নম্বৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় বলাৰ হিচাপে পৰিগণিত হৈছে । তেওঁৰ সতীৰ্থ কুলদীপ যাদৱ (৯ স্থান বৃদ্ধি পাই ১২ নম্বৰ), পাকিস্তানৰ শ্বাহীন আফ্ৰিদী (১২ স্থান বৃদ্ধিৰে ১৩ নম্বৰ) আৰু বাংলাদেশৰ স্পীনাৰ ৰিছাদ হুছেইন (ছয় স্থান বৃদ্ধিৰে ২০ নম্বৰলৈ) আদিয়েও স্থান অৰ্জন কৰিছে । আয়ুবে পাণ্ডিয়াক অতিক্ৰম কৰি প্ৰথমবাৰৰ বাবে অল ৰাউণ্ডাৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে ।

লগতে পঢ়ক : পাকিস্তান আৰু PCB এ মানি ল’লে পৰাজয়; অৱশেষত গতাই দিলে এছিয়া কাপ২০২৫ৰ ট্ৰফী

চতুৰ্থ টি-২০ত ইংলেণ্ডৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ ভাৰতৰ; শৃংখলাত ৩-১ ব্যৱধানত অগ্ৰগতি

চতুৰ্থ টি-২০ত ইংলেণ্ডৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ ভাৰতৰ

মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত হোৱা চতুৰ্থখন টি-২০ মেচত ভাৰতীয় মহিলা দলে ইংলেণ্ডক ৬ উইকেটত পৰাস্ত কৰে । ইয়াৰ লগে লগে টীম ইণ্ডিয়াই পাঁচখন মেচৰ শৃংখলা দখল কৰিছে । এই শৃংখলাত ৩-১ ব্যৱধানত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে ভাৰতে । এই শৃংখলাৰ অন্তিমখন খেল ১২ জুলাইত বাৰ্মিংহামত অনুষ্ঠিত হ’ব । প্ৰথমে বেটিং কৰি ইংলেণ্ডে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১২৬ ৰান সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ১৭ অভাৰত ৪টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় । প্ৰথম টি-২০ত ভাৰতে ৯৭ ৰাণ আৰু দ্বিতীয় টি-২০ত ২৪ ৰাণত জয়লাভ কৰে । ইয়াৰ পিছত ইংলেণ্ডে তৃতীয় টি-২০ত ৫ ৰাণত জয়লাভ কৰে ।

ইংলেণ্ডৰ ইনিংছ-

শ্ৰীচৰণি (২/৩০) আৰু ৰাধা যাদৱ (২/১৫)ৰ উৎকৃষ্ট বলিঙৰ বাবে ভাৰতে চতুৰ্থ টি-২০ত ইংলেণ্ডক ৭ উইকেটত ১২৬ ৰানত সীমাবদ্ধ কৰি ৰাখে । যদিহে ছফী এক্লেষ্টোন (১৬*) আৰু ইচি ৱাঙে (১১*) শেষ অভাৰত ১৬ ৰান নকৰিলেহেঁতেন তেন্তে আয়োজক দলৰ অৱস্থা আৰু বেয়া হ’লহেঁতেন । দীপ্তি শৰ্মাৰ অভাৰত দুয়ো এটাকৈ ছয় আঘাত কৰে । তৃতীয় অভাৰত শ্ৰীচৰণিয়ে ডেনি ৱায়াটক (৫) আউট কৰে । ২২ ৰান সংগ্ৰহ কৰি দীপ্তিৰ বলি হয় শীৰ্ষ স্ক’ৰাৰ ছফিয়া ডাংকলি । বিউমন্ট (২০) আৰু এলিছ কেপছে (১৮) ৩৫ ৰানৰ অংশীদাৰিত্ব কৰিছিল যদিও ৰাধা যাদৱে ইংলেণ্ডক তেওঁৰ বলিঙৰ সহায়ত ডাঙৰ স্ক’ৰ কৰাত বাধা দিয়ে । ভাৰতৰ হৈ ৰাধাই চাৰি অভাৰত ১৫ ৰানত দুটা উইকেট দখল কৰে । ইয়াৰ বাহিৰেও শ্ৰীচৰণিয়ে চাৰি অভাৰত ৩০ ৰানত দুটা উইকেট দখল কৰে । অমনজোত কৌৰ আৰু দীপ্তি শৰ্মাই এটাকৈ উইকেট লাভ কৰে ।

ভাৰতৰ ইনিংছ-

প্ৰত্যুত্তৰত স্মৃতি মান্ধনা আৰু শেফালী বাৰ্মাই ভাৰতক ভাল আৰম্ভণি দিয়ে । টিম ইণ্ডিয়াই ৫৬ ৰানত প্ৰথমটো আঘাতৰ সন্মুখীন হয় । ১৯টা বলত ৬টা চাৰিৰ সহায়ত ৩১ ৰান সংগ্ৰহ কৰি শ্বেফালী আউট হয় । ৩১টা বলত ৫টা চাৰিৰ সহায়ত ৩২ ৰান সংগ্ৰহ কৰে মান্ধনাই । অধিনায়ক হৰমনপ্ৰীত কৌৰে ২৫টা বলত তিনিটা চাৰিৰ সহায়ত ২৬ ৰান সংগ্ৰহ কৰাৰ লগতে অমনজোত কৌৰে দুটা বলত দুই ৰান সংগ্ৰহ কৰি আউট হয় । ইয়াৰ পিছতে জেমিমা ৰড্ৰিগোছে ৰিচা ঘোষৰ সৈতে মিলি ভাৰতীয় দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় । ২২টা বলত ২৪ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে জেমিমা । ৭ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৰিচা । ইংলেণ্ডৰ হৈ চাৰ্লট ডিন, ছফী আৰু আইছি ৱঙে এটাকৈ উইকেট লাভ কৰে ।

লগতে পঢ়ক : লৰ্ডছত প্ৰকৃত পৰীক্ষাত অৱতীৰ্ণ হ’ব ভাৰত ! টিম ইণ্ডিয়াৰ অভিলেখে বৃদ্ধি কৰিব চিন্তা

মুম্বাইত ইংলেণ্ডৰ শোচনীয় পৰাজয়…৪-১ ব্যৱধানত শৃংখলা দখল সূৰ্য বাহিনীৰ

টি-২০ শৃংখলাত ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলা দখল ভাৰতৰ । দেওবাৰে শৃংখলাৰ পঞ্চম আৰু অন্তিমখন মেচত ১৫০ ৰানত জয়লাভ কৰে টিম ইণ্ডিয়াই । ৪-১ ব্যৱধানত শৃংখলা দখল কৰে ভাৰতীয় দলে । মুম্বাইত টিম ইণ্ডিয়াৰ হৈ শক্তিশালী প্ৰদৰ্শন আগবঢ়ায় অভিষেক শৰ্মাই । বিস্ফোৰক শতক অর্জন কৰাৰ উপৰিও তেওঁ ২টা উইকেটো দখল কৰে ৷ এই মেচখনত অভিষেকে বহু অভিলেখ ভংগ কৰে । এই মেচত ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ল শিৱম ডুবে । ইংলেণ্ডৰ হৈ ফিলিপ ছল্টে অৰ্ধশতক অৰ্জন কৰে ।

প্ৰথমে বেটিং কৰি ভাৰতে ২৪৭ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত অভিষেকে ১৩৫ ৰানৰ ইনিংছ খেলে । শিৱম ডুবেই ৩০ ৰানৰ বৰঙণি আগবঢ়ায় । ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডৰ দলটো মাত্ৰ ৯৭ ৰানতে আত্মসমৰ্ণৰ্ণ কৰে । টিম ইণ্ডিয়াৰ বেটছমেনৰ পিছত ৱাংখেড়েত ষ্টেডিয়ামত বলাৰসকলেও উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় ।

ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থ টি-২০ৰ বাবে পুনেত উপস্থিত টিম ইণ্ডিয়া…শৃংখলাত ২-১ ব্যৱধানত অগ্ৰগতি

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ থকা পাঁচখনীয়া খেলৰ টি-২০ শৃংখলাৰ তিনিখন মেচ সম্পূৰ্ণ হৈছে । তৃতীয়খন খেল ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত অনুষ্ঠিত হয় । এতিয়া পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব চতুৰ্থ টি-২০ । এই মেচখনৰ বাবে টিম ইণ্ডিয়া পুনেত উপস্থিত হৈছে, যাৰ তথ্য বি চি চি আইয়ে শ্বেয়াৰ কৰিছে ।

কাইলৈ ​​অৰ্থাৎ ৩১ জানুৱাৰী, শুকুৰবাৰে অনুষ্ঠিত হ’ব চতুৰ্থখন টি-২০ । সন্ধিয়া ৭ বজাৰ পৰা মেচখন আৰম্ভ হ’ব, আনহাতে সন্ধিয়া ৬.৩০ বজাত টছ অনুষ্ঠিত হ’ব । বি চি চি আইয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে টিম ইণ্ডিয়াৰ খেলুৱৈসকল পুনেত উপস্থিত হোৱাৰ বহু ছবি শ্বেয়াৰ কৰিছে ।

উল্লেখ্যযে তিনিখন মেচৰ অন্তত টিম ইণ্ডিয়াই ২-১ ব্যৱধানত শৃংখলাত আগবাঢ়ি আছে । এনে পৰিস্থিতিত পুনেত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ টি-২০ত জয়লাভ কৰি টিম ইণ্ডিয়াই অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিব পাৰে । একে সময়তে ইংলেণ্ড দলটোৱে চতুৰ্থখন মেচত জয়লাভ কৰি পুনৰবাৰ শৃংখলালৈ প্ৰত্যাৱৰ্তন কৰিব পাৰে । এতিয়া পুনে টি-২০ৰ ফলাফল কি হ’ব সেয়া চাবলৈ অপেক্ষা কৰি আছে অনুৰাগী ।

শৃংখলাৰ প্ৰথমখন খেল কলকাতাত অনুষ্ঠিত হৈছিল, য’ত টিম ইণ্ডিয়াই ৭ উইকেটত জয়লাভ কৰে । তাৰ পিছত ৰাজকোটত খেলা দ্বিতীয় টি-২০ত মেন ইন ব্লু দলে ২ উইকেটত জয়লাভ কৰে । ইয়াৰ পিছত তৃতীয় টি-২০ত ইংলেণ্ডে ২৬ ৰাণত জয়লাভ কৰি শৃংখলাত প্ৰত্যাৱৰ্তন ঘটায় ।

তৃতীয় টি-২০ত ঘূৰি আহিছে মহম্মদ ছামী-

লক্ষণীয় যে ৰাজকোটত খেলা তৃতীয় টি-২০ত ভাৰতীয় বেগী বলাৰ মহম্মদ ছামীয়ে দললৈ প্ৰত্যাৱৰ্তন কৰিছিল । আঘাতৰ পৰা উভতি অহা ছামীয়ে প্ৰায় ১৪ মাহৰ অন্তত টিম ইণ্ডিয়াৰ হৈ এখন মেচ খেলিছিল । প্ৰত্যাৱৰ্তনৰ পিছত ছামীয়ে প্ৰথমখন মেচত ৩ অভাৰ বলিং কৰে, য’ত তেওঁ ২৫ ৰান দিয়ে । অৱশ্যে ছামীয়ে কোনো উইকেট লাভ কৰিব নোৱাৰিলে ।

টি-২০ ছিৰিজৰ বাবে ভাৰতীয় দল-

সঞ্জু চেমছন (উইকেটকীপাৰ), অভিষেক শৰ্মা, তিলক বাৰ্মা, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল (সহ-অধিনায়ক), অৰ্শদীপ সিং, ৰবি বিষ্ণয়, বৰুণ চক্ৰৱৰ্তী, মহম্মদ ছামী, ৰিংকু সিং , শিৱম ডুবে, ৰমনদীপ সিং, হৰ্ষিত ৰাণা ।

বৰুণ চক্ৰৱৰ্তীয়ে সৃষ্টি কৰিলে ইতিহাস…পৰিগণিত হ’ল এই অভিলেখ গঢ়া প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰত

ভাৰতীয় দলৰ তাৰকা স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে নিজৰ নামত এক ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । ৰাজকোটত ইংলেণ্ডৰ বিৰুদ্ধে খেলা টি-২০ মেচত তেওঁ এই কৃতিত্ব অৰ্জন কৰে । এই মেচখনত বৰুণে মুঠ ৫টা উইকেট দখল কৰি এই অভিলেখ অৰ্জন কৰা প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় ।

ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫খনীয়া খেলৰ টি-২০ শৃংখলাৰ তৃতীয়খন মেচ মঙলবাৰে (২৮ জানুৱাৰী) ৰাজকোটৰ নিৰঞ্জন শ্বাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয় । মেচখনত ভাৰতীয় স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে বিধ্বংসী বলিং প্ৰদৰ্শন কৰে ।

শৃংখলাত ১০টা উইকেট দখল কৰা প্ৰথমজন বলাৰ-

মেচখনত বৰুণে ২৪ ৰাণ খৰছ কৰি সৰ্বাধিক ৫টা উইকেট দখল কৰে । ইয়াৰ লগে লগে তেওঁ ইতিহাস সৃষ্টি কৰে । ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিপাক্ষিক টি-২০ শৃংখলাত ১০টা বা তাতকৈ অধিক উইকেট দখল কৰা বৰুণ এতিয়া প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হৈছে । এই ক্ষেত্ৰত তেওঁ ভাৰতীয় স্পীনাৰ যুজবেন্দ্ৰ চাহালক অতিক্ৰম কৰিছে ।

ইয়াৰ পূৰ্বে যুজবেন্দ্ৰ চাহালে শৃংখলাত সৰ্বাধিক ৮টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল । এইদৰে তেওঁ এতিয়া পিছ পৰি ৰৈছে । আনহাতে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাত ইংৰাজ দলৰ হৈ ছিৰিজত সৰ্বাধিক ৮টা উইকেট লোৱাৰ অভিলেখ ক্ৰীছ জৰ্ডানৰ নামত আছে ।

শৃংখলাত বৰুণৰ প্ৰদৰ্শন-

ইয়াৰ পূৰ্বে বৰুণে চলিত শৃংখলাৰ প্ৰথম দুখন মেচত মুঠ ৫টা উইকেট দখল কৰিছিল । এইদৰে তৃতীয় টি-২০ মেচত পঞ্চম উইকেট দখল কৰি বৰুণে নিজৰ নামত এই অভিলেখ গঢ়িবলৈ সক্ষম হয় । শৃংখলাৰ প্ৰথমখন কলকাতা টি-২০ মেচত বৰুণে ২৩ ৰানত ৩টা উইকেট দখল কৰিছিল । আনহাতে চেন্নাইত অনুষ্ঠিত দ্বিতীয়খন মেচত তেওঁ ৩৮ ৰানত ২টা উইকেট দখল কৰে ।