বৰুণ চক্ৰৱৰ্তীয়ে সৃষ্টি কৰিলে ইতিহাস...পৰিগণিত হ’ল এই অভিলেখ গঢ়া প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰত

বৰুণ চক্ৰৱৰ্তীয়ে সৃষ্টি কৰিলে ইতিহাস…পৰিগণিত হ’ল এই অভিলেখ গঢ়া প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰত

ভাৰতীয় দলৰ তাৰকা স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে নিজৰ নামত এক ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । ৰাজকোটত ইংলেণ্ডৰ বিৰুদ্ধে খেলা টি-২০ মেচত তেওঁ এই কৃতিত্ব অৰ্জন কৰে । এই মেচখনত বৰুণে মুঠ ৫টা উইকেট দখল কৰি এই অভিলেখ অৰ্জন কৰা প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়

ভাৰতীয় দলৰ তাৰকা স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে নিজৰ নামত এক ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । ৰাজকোটত ইংলেণ্ডৰ বিৰুদ্ধে খেলা টি-২০ মেচত তেওঁ এই কৃতিত্ব অৰ্জন কৰে । এই মেচখনত বৰুণে মুঠ ৫টা উইকেট দখল কৰি এই অভিলেখ অৰ্জন কৰা প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় ।

ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫খনীয়া খেলৰ টি-২০ শৃংখলাৰ তৃতীয়খন মেচ মঙলবাৰে (২৮ জানুৱাৰী) ৰাজকোটৰ নিৰঞ্জন শ্বাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয় । মেচখনত ভাৰতীয় স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে বিধ্বংসী বলিং প্ৰদৰ্শন কৰে ।

শৃংখলাত ১০টা উইকেট দখল কৰা প্ৰথমজন বলাৰ-

মেচখনত বৰুণে ২৪ ৰাণ খৰছ কৰি সৰ্বাধিক ৫টা উইকেট দখল কৰে । ইয়াৰ লগে লগে তেওঁ ইতিহাস সৃষ্টি কৰে । ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিপাক্ষিক টি-২০ শৃংখলাত ১০টা বা তাতকৈ অধিক উইকেট দখল কৰা বৰুণ এতিয়া প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হৈছে । এই ক্ষেত্ৰত তেওঁ ভাৰতীয় স্পীনাৰ যুজবেন্দ্ৰ চাহালক অতিক্ৰম কৰিছে ।

ইয়াৰ পূৰ্বে যুজবেন্দ্ৰ চাহালে শৃংখলাত সৰ্বাধিক ৮টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল । এইদৰে তেওঁ এতিয়া পিছ পৰি ৰৈছে । আনহাতে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাত ইংৰাজ দলৰ হৈ ছিৰিজত সৰ্বাধিক ৮টা উইকেট লোৱাৰ অভিলেখ ক্ৰীছ জৰ্ডানৰ নামত আছে ।

শৃংখলাত বৰুণৰ প্ৰদৰ্শন-

ইয়াৰ পূৰ্বে বৰুণে চলিত শৃংখলাৰ প্ৰথম দুখন মেচত মুঠ ৫টা উইকেট দখল কৰিছিল । এইদৰে তৃতীয় টি-২০ মেচত পঞ্চম উইকেট দখল কৰি বৰুণে নিজৰ নামত এই অভিলেখ গঢ়িবলৈ সক্ষম হয় । শৃংখলাৰ প্ৰথমখন কলকাতা টি-২০ মেচত বৰুণে ২৩ ৰানত ৩টা উইকেট দখল কৰিছিল । আনহাতে চেন্নাইত অনুষ্ঠিত দ্বিতীয়খন মেচত তেওঁ ৩৮ ৰানত ২টা উইকেট দখল কৰে ।

শেহতীয়া প্ৰৱন্ধসমূহ