বাবৰ-হেডক অতিক্ৰমি ২০২৪ৰ শ্ৰেষ্ঠ পুৰুষ টি-২০ খেলুৱৈ হিচাবে পৰিগণিত হ’ল ২৫ বছৰীয়া এইগৰাকী ভাৰতীয়…

২০২৪ত ভাৰতে টি-২০ বিশ্বকাপ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বাওঁহাতৰ বেগী বলাৰ অৰ্শদীপ সিঙক ‘আই চি চিৰ পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ ২০২৪’ হিচাপে নিৰ্বাচিত কৰা হৈছে । ২৫ বছৰীয়া অৰ্শদীপে ২০২৪ চনত ১৮খন মেচত ৩৬টা উইকেট দখল কৰিছিল । এই সন্মান লাভৰ দৌৰত থকা বাবৰ আজম, ট্ৰেভিছ হেড আৰু চিকন্দৰ ৰাজাক অতিক্ৰমি আই চি চিৰ এই বঁটা লাভ কৰে অৰ্শদীপে ।

অৰ্শদীপ সিঙৰ বাবে এই বঁটা লাভ কৰাটো তেওঁৰ কেৰিয়াৰৰ বাবে এক মহত্বপূৰ্ণ সফলতা । কাৰণ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত সকলোৱে এই সফলতা লাভ কৰিবলৈ সক্ষম নহয় । ইয়াৰ পূৰ্বে ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহ আৰু হাৰ্দিক পাণ্ডিয়াৰ সৈতে আই চি চিৰ বছৰৰ শ্ৰেষ্ঠ টি-২০ আন্তঃৰাষ্ট্ৰীয় দলতো অন্তৰ্ভুক্ত হৈছিল অৰ্শদ্বীপ ।

টি-২০ বিশ্বকাপ জয়ত ডাঙৰ ভূমিকা পালন কৰিছিল-

জুন মাহত কেৰিবিয়ান আৰু আমেৰিকাত অনুষ্ঠিত হোৱা আই চি চি টি-২০ বিশ্বকাপ ২০২৪ত জয়লাভ কৰি ভাৰতে আই চি চিৰ বৃহৎ ট্ৰফী জয়ৰ অপেক্ষাৰ অন্ত পেলাইছিল । পাৱাৰ প্লে আৰু ডেথ অভাৰত অৰ্শদীপে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় । বাওঁহাতৰ বলাৰগৰাকীয়ে ২০২২ চনত ভাৰতৰ হৈ এই ফৰ্মেটত অভিষেক ঘটায় আৰু তেতিয়াৰ পৰাই তেওঁ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই আহিছে । ২০২৪ চনত অৰ্শদীপে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বিশ্বমানৰ বলাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । নতুন বলৰ সৈতে তেওঁৰ উইকেট লোৱাৰ ক্ষমতাই সকলোকে আপ্লুত কৰিছে ।

শক্তিশালী ফৰ্মত আছে আৰ্শদীপ-

ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টি-২০ শৃংখলাৰ অংশ অৰ্শদীপ সিং । কলকাতাত অনুষ্ঠিত প্ৰথমখন টি-২০ ইণ্টাৰনেশ্যনেল মেচত তেওঁ ইতিহাস ৰচনা কৰিছিল । এই ফৰ্মেটত তেওঁ ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে । এই বিষয়ত তেওঁ নিজৰ নামত ৯৬টা টি-২০ আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰা যুজবেন্দ্ৰ চাহালক অতিক্ৰম কৰে । এই ফৰ্মেটত এশটা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হ’বলৈ মাত্ৰ দুটা উইকেটৰ দূৰত আছে তেওঁ । এতিয়ালৈকে তেওঁ টি-২০ ইণ্টাৰনেশ্যনেলত ৯৮টা উইকেট দখল কৰিছে অৰ্শদীপে ।

চেন্নাই টি-২০ৰ পূৰ্বে ডাঙৰ আঘাতৰ সন্মুখীন ভাৰত…দলৰ পৰা বাহিৰ ৰিংকু-নীতিশ, সুযোগ পালে এই দুজন খেলুৱৈয়ে

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ থকা টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল আজি কিছু সময় পিছত চেন্নাইত অনুষ্ঠিত হ’ব । কিন্তু এই মেচৰ ঠিক পূৰ্বে টিম ইণ্ডিয়াই লাভ কৰিছে ডাঙৰ আঘাত । আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰি আছে দলটোৰ দুগৰাকী নিৰ্ভৰযোগ্য খেলুৱৈ । ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ৰিংকু সিং আৰু নীতিশ কুমাৰ ৰেড্ডীক দলৰ পৰা বাদ দিয়া বুলি জানিবলৈ দিছে । তেওঁলোকৰ ঠাইত শিৱম ডুবে আৰু ৰমনদীপ সিঙক সুযোগ দিয়া হৈছে । ডুবে আৰু ৰমনদীপে এই পৰ্যন্ত ভাল প্ৰদৰ্শন দেখুৱাইছে ।

শনিবাৰে সন্ধিয়া বি চি চি আইয়ে নিজৰ অফিচিয়েল ৱেবছাইটত এই তথ্য শ্বেয়াৰ কৰি কয় যে ৰিংকু আৰু নীতিশক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হৈছে । শুকুৰবাৰে অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হয় ৰেড্ডী । পাঁচখনীয়া মেচৰ টি-২০ ছিৰিজৰ পৰা আঁতৰি আছে তেওঁ । নীতিশ ৰেড্ডীক বাংগালুৰুলৈ প্ৰেৰণ কৰা হ’ব । তাত চিকিৎসা দলে তেওঁৰ যত্ন ল’ব ।

বৰ্তমান টি-২০ৰ দুখন মেচৰ পৰা আঁতৰি আছে ৰিংকু-

টিম ইণ্ডিয়াৰ পৰা বাদ পৰিছে আন এজন নিৰ্ভৰযোগ্য বেটছমেন ৰিংকু সিং । তেওঁৰ পিঠিৰ আঘাতৰ সমস্যাত ভুগিছে । ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০ মেচত ৰিংকুৱে সমস্যাত ভুগিছিল । এতিয়া তেওঁ বি চি চি আইৰ চিকিৎসা দলৰ তত্বাৱধানত আছে । ৰিংকুৱে ভাল অগ্ৰগতি লাভ কৰিছে । বৰ্তমান দ্বিতীয় আৰু তৃতীয় টি-২০ৰ পৰা আঁতৰি আছে ৰিংকু । যদি তেওঁ সম্পূৰ্ণ ফিট হয় তেন্তে তেওঁক চতুৰ্থ টি-২০ মেচত খেলা দেখা যাব ।

ডুবে আৰু ৰমনদীপে পালে সুযোগ-

ৰিংকু আৰু ৰেড্ডীক বাদ দিয়াৰ পিছত ভাৰতে শিৱম ডুবে আৰু ৰমনদীপ সিঙক দলত প্ৰৱেশৰ সুবিধা প্ৰদান কৰিছে । এই দুয়োগৰাকী খেলুৱৈয়ে বহুবাৰ নিজৰ যাদু দেখুৱাইছে । ডুবেৰ ঘৰুৱা প্ৰদৰ্শন আকৰ্ষণীয় । আই পি এলতো তেওঁ নিজৰ যাদু দেখুৱাইছে ।

ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতৰ বৰ্তমানৰ দল : সূৰ্য্যকুমাৰ যাদৱ (অধিনায়ক), অক্ষৰ পেটেল, সঞ্জু চেমছন (উইকেটকীপাৰ), অভিষেক শৰ্মা, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, হৰ্ষিত ৰানা, অৰ্শদীপ সিং, মহম্মদ ছামী, বৰুণ চক্ৰৱৰ্তী , ৰবি বিষ্ণই, ৱাশ্বিংটন সুন্দৰ, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), শিৱম ডুবে, ৰমনদীপ সিং ।

ছামী-পাণ্ডিয়াই সৃষ্টি কৰিব অভিলেখ, অৰ্শদীপে যোগ কৰিব ‘শতক’…ভাৰত-ইংলেণ্ডৰ টি-২০ ছিৰিজত সৃষ্টি হ’ব এই ৪টা ৰেকৰ্ড

আজি (২২ জানুৱাৰী) কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ভাৰত আৰু ইংলেণ্ডৰ মাজত টি-২০ শৃংখলাৰ প্ৰথমখন খেল । আনহাতে, টি-২০ ছিৰিজৰ শেষ আৰু পঞ্চমখন মেচ ২ ফেব্ৰুৱাৰীত মুম্বাইত অনুষ্ঠিত হ’ব ।

ভাৰতৰ বাবে ভাল কথাটো হ’ল যে যোৱা ৬ বছৰত কোনো টি-২০ শৃংখলাত পৰাস্ত হোৱা নাই, শেষবাৰৰ বাবে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাস্ত হৈছিল দলটো । তাৰ পাছৰে পৰা ১৬ খন শৃংখলাত ভাৰতে ১৪ টা শৃংখলা জয় কৰিছে আৰু দুটা ড্ৰ’ হৈছে । একে সময়তে ইংলেণ্ডে ১৪ বছৰ ধৰি ভাৰতত টি-২০ শৃংখলাত জয়ী হোৱা নাই ।

এই ছিৰিজত ইংলেণ্ড দলৰ অধিনায়কত্ব জোছ বাটলাৰৰ হাতত আছে । একে সময়তে সূৰ্যকুমাৰ যাদৱে এই ফৰ্মেটত ভাৰতক অধিনায়কত্ব কৰিব । জোছ বাটলাৰেও এই ছিৰিজত অভিলেখ গঢ়াৰ ওচৰ চাপিছে । আনহাতে, হাৰ্দিক পাণ্ডিয়া, মহম্মদ ছামী, অৰ্শদীপ সিঙে ৰেকৰ্ড বুকত নিজৰ নাম পঞ্জীয়ন কৰিব ।

চাহালৰ অভিলেখ ভংগ কৰিব অৰ্শদীপ সিঙে আৰু…

৬০খন টি-২০ত ৯৫টা উইকেট দখল কৰি অৰ্শদীপ সিঙে এই ফৰ্মেটত ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰা যুজবেন্দ্ৰ চাহালৰ পৰা মাত্ৰ এটা উইকেট পিছ পৰি আছে । এই পাঁচখন মেচৰ শৃংখলাত যদি অৰ্শদীপে ১০০ উইকেট দখল কৰাৰ মাইলৰ খুঁটি অৰ্জন কৰে তেন্তে তেওঁ হ’ব টি-২০ ইণ্টাৰনেশ্যনেলৰ দ্ৰুততম বলাৰ ।

এই মুহূৰ্তত, হেৰিছ ৰৌউফ হৈছে ১০০ টা উইকেট লোৱা দ্ৰুততম বলাৰ, যি ৭১ খন মেচত এই কৃতিত্ব অৰ্জন কৰিছে । একে সময়তে, অৰ্শদীপৰ টি-২০ অভিষেকৰ পিছত, কোনো বলাৰে পাৱাৰপ্লে (৪০) বা শেষৰ পাঁচ অভাৰত (৪৬) তেওঁৰ তুলনাত অধিক উইকেট লোৱা নাই । চাহালে টি-২০ ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক উইকেট লাভ কৰাৰ অভিলেখ গঢ়িছে । চাহালে বৰ্তমান ৮০ খন টি-২০ খেলত ৯৬ টা উইকেট দখল কৰিছে । 

ভাৰতৰ হৈ সৰ্বাধিক টি-২০ আন্তঃৰাষ্ট্ৰীয় উইকেট-

যুজবেন্দ্ৰ চাহাল–  ৯৬ উইকেট

অৰ্শদীপ সিং–  ৯৫ উইকেট

ভুৱনেশ্বৰ কুমাৰ- ৯০ উইকেট

যশপ্ৰীত বুমৰাহ– ৮৯ উইকেট

হাৰ্দিক পাণ্ডিয়া- ৮৯ উইকেট

৪৫০ ক্লাবত যোগদান কৰিব ছামীয়ে-

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৪৫০ বা তাতকৈ অধিক উইকেট দখল কৰা চতুৰ্থজন ভাৰতীয় বেগী বলাৰ হোৱাৰ সুযোগ আছে ছামীৰ । ইতিমধ্যে এই কৃতিত্ব অৰ্জন কৰিছে কপিল দেৱ (৬৮৭), জাহীৰ খান (৫৯৭) আৰু জাভাগল শ্ৰীনাথে (৫৫১) । এই কৃতিত্ব অৰ্জন কৰা ভাৰতীয় স্পীনাৰসকলৰ ভিতৰত অনিল কুম্বলে (৯৫৩), ৰবিচন্দ্ৰন অশ্বিন (৭৬৫), হৰভজন সিং (৭০৭) আৰু ৰবীন্দ্ৰ জাডেজা (৫৯৭) অন্যতম । ২০১৩ চনত অভিষেক ঘটোৱাৰ পিছত ছামীয়ে ৪.১২ ইকনমি ৰেটত ১৮৮খন আন্তঃৰাষ্ট্ৰীয় মেচত ৪৪৮টা উইকেট দখল কৰিছে ।

অনিল কুম্বলে – ৪০১ খন খেলত ৯৫৩ টা উইকেট

ৰবিচন্দ্ৰন অশ্বিন – ২৮৭ খন খেলত ৭৬৫ উইকেট

হৰভজন সিং – ৩৬৫ খন খেলত ৭০৭ উইকেট

কপিল দেৱ – ৩৫৬ খন খেলত ৬৮৭ উইকেট

ৰবীন্দ্ৰ জাডেজা – ৩৫১ খন খেলত ৫৯৭ উইকেট

জাহীৰ খান – ৩৫১ খন খেলত ৫৯৭ উইকেট

জাভাগল শ্ৰীনাথ – ২৯৬ খন মেচত ৫৫১ টা উইকেট

মহম্মদ ছামী – ১৮৮ খন মেচত ৪৪৮ উইকেট

জোছ বাটলাৰে অতিক্ৰম কৰিব কোহলীক…

এই ছিৰিজত ১৫১ ৰান সম্পূৰ্ণ কৰাৰ লগে লগে টি-২০ ছিৰিজত কোহলীৰ অভিলেখ ভংগ কৰিব জোছ বাটলাৰে । দৰাচলতে ইংলেণ্ড আৰু ভাৰতৰ মাজত হোৱা মেচত বিৰাট কোহলীয়ে সৰ্বাধিক টি-২০ ৰান সংগ্ৰহ কৰিছে । যিহেতু ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলত জয়লাভ কৰি বিৰাট কোহলীয়ে এই ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে, সেয়েহে এতিয়া বাটলাৰে নিজৰ নামত এই অভিলেখ গঢ়িবলৈ সুযোগ পাইছে । ইংলেণ্ডৰ বিৰুদ্ধে ২১ খন টি-২০ মেচত বিৰাট কোহলীয়ে ৬৪৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে বাটলাৰে ভাৰতৰ বিৰুদ্ধে ২২ খন টি-২০ মেচত ৪৯৮ ৰান সংগ্ৰহ কৰিছে ।

ক্ৰীছ জৰ্ডানক অতিক্ৰম কৰিব পাণ্ডিয়াই-

এই টি-২০ ছিৰিজত ভাৰতীয় দলৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই এক বৃহৎ অভিলেখ গঢ়াৰ কাষ চাপিছে । ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টি-২০ শৃংখলাত এতিয়ালৈকে সৰ্বাধিক উইকেট দখল কৰিছে ক্ৰীছ জৰ্ডানে ।

দুয়োখন দেশৰ মাজত খেলা ১৬খন টি-২০ মেচত জৰ্ডানে ২৪টা উইকেট দখল কৰিছে । এই তালিকাত ২ নম্বৰ স্থানত আছে যুজবেন্দ্ৰ চাহাল, তেওঁ ১১ খন টি-২০ মেচত মুঠ ১৬ টা উইকেট দখল কৰিছে । এনে পৰিস্থিতিত দুয়োখন দেশৰ মাজত খেলা টি-২০ মেচত চাহাল আৰু ক্ৰীছ জৰ্ডান দুয়োৰে অভিলেখ ভংগ কৰিব পাৰে পাণ্ডিয়াই । ইংলেণ্ডৰ বিৰুদ্ধে ১৫ খন টি-২০ মেচত এই পৰ্যন্ত ১৪ টা উইকেট দখল কৰিছে পাণ্ডিয়াই । এনে পৰিস্থিতিত যদি তেওঁ নিজৰ ছন্দত থাকে, তেন্তে তেওঁ এই অভিলেখ ভংগ কৰিব পাৰে ।

ভাৰত-ইংলেণ্ড টি-২০ হেড টু হেড-

মুঠ মেচ ২৪

ভাৰতৰ জয়লাভ ১৩

ইংলেণ্ডৰ জয়লাভ ১১

আজি কলকাতাত ভাৰত বনাম ইংলেণ্ডৰ প্ৰথমখন টি-২০, কেতিয়া, ক’ত আৰু কেনেকৈ চাব পাৰিব লাইভ

নিউজীলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত হোৱা পৰাজয় পাহৰি ভাৰতে সীমিত অভাৰৰ শৃংখলাত আজি কলকাতাত ইংলেণ্ডৰ বিৰুদ্ধে নতুন আৰম্ভণি কৰিবলৈ চেষ্টা কৰিব । সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে বুধবাৰে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ খেলিব । আশা এই মেচখনৰ জৰিয়তে অভিজ্ঞ বেগী বলাৰ মহম্মদ ছামী ১৪ মাহৰ পাছত পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি আহিব ।

এদিনীয়া বিশ্বকাপত প্ৰভাৱিত কৰিছিল ছামীয়ে –

ভাৰত আৰু ইংলেণ্ডে পাঁচখন টি-২০ আৰু তিনিখন এদিনীয়া মেচ খেলিব যি অহা মাহত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে দুয়োটা দলৰ বাবে নিজৰ মূল্যায়নৰ এক সোণালী সুযোগ । ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত চাৰিখন মেচত অংশ ল’ব নোৱাৰাৰ পাছতো ২৪টাকৈ উইকেট দখল কৰি ভাৰতৰ সৰ্বাধিক সফল বলাৰ হিচাপে পৰিগণিত হৈছিল ছামী । ৱাংখেড়ে ষ্টেডিয়ামত নিউজীলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত ৫৭ ৰানত ৭টা উইকেট দখল কৰিছিল তেওঁ । তেওঁ টি-২০ ক্ৰিকেটত মুঠ ২৪টা উইকেট দখল কৰিছে আৰু এই ফৰ্মেটত নিজৰ প্ৰদৰ্শন উন্নত কৰিব বিচাৰিছে ।

অল ৰাউণ্ডাৰৰ ভূমিকা পালন কৰিব অক্ষৰে-

ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে এতিয়াও পাহৰিব পৰা নাই অষ্ট্ৰেলিয়া ভ্ৰমণৰ পৰাজয়ৰ দুখ । এই পৰাজয়ৰ পিছত বি চি চি আইয়ে দলটোত অনুশাসন পুনৰ ঘূৰাই অনাৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । যোৱা বছৰ ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ভাৰতীয় দলটোৰ সহ অধিনায়ক হিচাপে অল ৰাউণ্ডাৰ অক্ষৰ পেটেলক নিযুক্তি দিয়া হৈছে । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ফাইনেলত ৩১টা বলত ৪৭ ৰান সংগ্ৰহ কৰাৰ লগতে ৮খন মেচত ৯টা উইকেট দখল কৰে অক্ষৰে । ভাৰতৰ চেম্পিয়নছ ট্ৰফী দলত স্থান নোপোৱা উইকেটকীপাৰ সঞ্জু চেমছন ভাল প্ৰদৰ্শনৰ বাবে হেঁচাত পৰিব ।

কেতিয়া হ’ব মেচ ?

আজি অৰ্থাৎ ২২ জানুৱাৰী বুধবাৰে ভাৰত আৰু ইংলেণ্ডৰ মাজত প্ৰথমখন টি-২০ খেল অনুষ্ঠিত হ’ব । মেচখন সন্ধিয়া ৭:০০ বজাৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে টছ আধা ঘণ্টা পূৰ্বে অৰ্থাৎ সন্ধিয়া ৬:৩০ বজাত অনুষ্ঠিত হ’ব ।

মেচখন ক’ত অনুষ্ঠিত হ’ব ?

কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব প্ৰথমখন টি-২০ ।

টিভিত ক’ত চাব লাইভ ?

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টি-২০ মেচ ভাৰতৰ ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব, য’ত আপোনালোকে বহু ভাষাত খেলখন উপভোগ কৰিব পাৰিব ।

লাইভ ষ্ট্ৰীমিং ক’ত চাব ?

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টি-২০ খেলখন ডিজনী প্লাছ হটষ্টাৰ এপ আৰু ৱেবছাইটত লাইভ ষ্ট্ৰীম কৰা হ’ব ।

টি-২০ ছিৰিজৰ বাবে ভাৰতীয় দল-

সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), সঞ্জু চেমছন, অভিষেক শৰ্মা, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, নীতিশ কুমাৰ ৰেড্ডী, অক্ষৰ পেটেল (উপ অধিনায়ক), হৰ্ষিত ৰাণা, অৰ্শদীপ সিং, মহম্মদ ছামী, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণোই, ৱাশ্বিংটন সুন্দৰ , ধ্ৰুৱ জুৰেল ।

টি-২০ত ভাৰত আৰু ইংলেণ্ডৰ মাজত কঠোৰ প্ৰতিযোগিতা…জয়ৰ শতাংশৰ ক্ষেত্ৰত আগবাঢ়ি আছে ইংৰাজ দল

ভাৰত আৰু ইংলেণ্ডৰ মাজত পাঁচখনীয়া খেলৰ টি-২০ শৃংখলা ২২ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব । ফেব্ৰুৱাৰীত চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে দুয়োটা দলে সীমিত অভাৰৰ ফৰ্মেটত প্ৰত্যাহ্বান জনাব । টি-২০ ফৰ্মেটত ভাৰত আৰু ইংলেণ্ডৰ মাজত সদায় কঠিন প্ৰতিযোগিতা চলি আহিছে আৰু এইবাৰো অনুৰাগীয়ে ৰোমাঞ্চকৰ মেচৰ আশা কৰিছে । সীমিত অভাৰৰ অন্তত চলিত বৰ্ষৰ জুন মাহত দুয়োটা দলে পাঁচখনীয়া খেলৰ টেষ্ট শৃংখলাও খেলিব ।

ভাৰতে ঘোষণা কৰিলে দল-

শেহতীয়াকৈ ভাৰতীয় দলটোৱে সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে দল ঘোষণা কৰে । অভিজ্ঞ বেগী বলাৰ মহম্মদ ছামীয়েও এই শৃংখলাৰ বাবে দলত স্থান লাভ কৰিছে, যিজনক ১৪ মাহৰ পাছত ভাৰতীয় জাৰ্চি পিন্ধা দেখা যাব । ইংলেণ্ডৰ বিৰুদ্ধে সূৰ্যকুমাৰ যাদৱে দলৰ নেতৃত্ব দিয়া দেখা যাব, আনহাতে অক্ষৰ পেটেলে উপ-অধিনায়কৰ দায়িত্ব লোৱা দেখা যাব ।

পৰিসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ দপদপনি-

যদিও ইংলেণ্ডে ভাৰতীয় দলক প্ৰত্যাহ্বান জনাইছে, কিন্তু টি-২০ৰ পৰিসংখ্যাত ভাৰতীয় দলৰ হাতত সৰ্বাধিক ফলাফল আছে । ভাৰত আৰু ইংলেণ্ডৰ মাজত মুঠ ২৪খন টি-২০ মেচ খেলা হৈছে, ইয়াৰে ১৩খন মেচত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে ইংলেণ্ড দলটোৱে ১১খন মেচত জয়লাভ কৰি সফল হৈছে । একে সময়তে ভাৰতৰ মাটিতো দুয়ো দলৰ মাজত কঠিন প্ৰতিযোগিতা দেখা গৈছে যদিও ইয়াতো ভাৰতীয় দলৰ দপদপনি অব্যাহত আছে । দুয়োটা দলে ভাৰতত মুঠ ১১ বাৰ মুখামুখি হৈছে, ইয়াৰে ভাৰতীয় দলটোৱে ৬ বাৰ জয়ী হোৱাৰ বিপৰীতে ইংলেণ্ডে ৫ খন মেচত সফল হৈছে ।

ভাৰতক পৰাস্ত কৰাটো সহজ নহয়-

টি-২০ ফৰ্মেটত ভাৰতক পৰাস্ত কৰাটো কোনো দলৰ বাবে সহজ নহয় । অৱশ্যে ভাৰতীয় দলৰ বিৰুদ্ধে এই ফৰ্মেটত জয়ী হোৱাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সমান কোনো নাই । শীৰ্ষ দলসমূহৰ ভিতৰত ইংলেণ্ডৰ আছে ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক জয়ৰ শতাংশ । ইংলেণ্ডে ভাৰতীয় দলৰ বিৰুদ্ধে ২৪ বাৰৰ ভিতৰত ১১ বাৰ জয়ী হোৱাৰ লগতে জয়ৰ শতাংশ ৪৫.৮০ যিটো আন দলৰ তুলনাত সৰ্বাধিক । একে সময়তে ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকা আৰু নিউজীলেণ্ডৰ জয়ৰ শতাংশও ভাল । মুঠৰ ওপৰত ঘৰুৱা খেলপথাৰত ভাৰতক পৰাস্ত কৰাটো কোনো দলৰ বাবে সহজ নহয় । কিছুদিনৰ পৰা টি-২০ত অপৰাজিত হৈ আছে ভাৰত ।

টি-২০ ছিৰিজৰ বাবে ভাৰত আৰু ইংলেণ্ডৰ দলস-

ভাৰতঃ সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), সঞ্জু চেমছন (উইকেটকীপাৰ), অভিষেক শৰ্মা, তিলক ভাৰ্মা, হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, নীতিশ কুমাৰ ৰেড্ডী, অক্ষৰ পেটেল (উপ অধিনায়ক), হৰ্ষিত ৰানা, অৰ্শদীপ সিং, মহম্মদ ছামী, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণয়, ৱাশ্বিংটন সুন্দৰ, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ)।

ইংলেণ্ডঃ জোছ বাটলাৰ (অধিনায়ক), ৰেহান আহমেদ, জফ্ৰা আৰ্চাৰ, গাছ এটকিনছন, জেকব বেথেল, হেৰী ব্ৰুক, ব্ৰাইডন কাৰ্ছ, বেন ডাকেট, জেমী অভাৰটন, জেমী স্মিথ, লিয়াম লিভিংষ্টন, আদিল ৰছিদ, চাকিব মাহমুদ, ফিল ছল্ট, মাৰ্ক উড ।

ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ঘোষণা ভাৰতীয় দল… ছামীৰ প্ৰত্যাৱৰ্তন

২২ জানুৱাৰীৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া টি-২০ শৃংখলাৰ বাবে ভাৰতে ঘোষণা কৰিছে দল । সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত খেলিব টিম ইণ্ডিয়াই । আজি ঘোষণা কৰা দললৈ ঘূৰি আহিছে প্ৰবীণ বলাৰ মহম্মদ ছামী । ইংলেণ্ডৰ বিৰুদ্ধে খেলা দেখা যাব ছামীক । সঞ্জু চেমছন, অভিষেক শৰ্মা, তিলক বাৰ্মা আৰু বৰুণ চক্ৰৱৰ্তীয়েও স্থান লাভ কৰিছে দলত । অক্ষৰ পেটেলক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । ইফালে হৰ্ষিত ৰাণা আৰু অৰ্শদীপ সিঙো টিম ইণ্ডিয়াৰ অংশ ।

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব পাঁচখনীয়া মেচৰ টি-২০ শৃংখলা । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শনিবাৰে নিশা এই টি-২০ শৃংখলাৰ বাবে দল ঘোষণা কৰে । এদিনীয়া শৃংখলা আৰু চেম্পিয়নছ ট্ৰফীৰ দল পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব । ছামী বহুদিন টিম ইণ্ডিয়াৰ বাহিৰত আছিল । কিন্তু এতিয়া পুনৰ দললৈ ঘূৰি আহিছে নিৰ্ভৰযোগ্য বেগী বলাৰগৰাকী । আঘাতৰ পিছৰে পৰা ছামী ক্ৰিকেটৰ পৰা আঁতৰি আছিল । কিন্তু শেহতীয়া ঘৰুৱা মেচসমূহত তেওঁ ভাল প্ৰদৰ্শন আগবঢ়াইছে । এতিয়া তেওঁ দললৈ প্ৰত্যাৱৰ্তন কৰিছে ।

টিম ইণ্ডিয়াত স্থান লাভ কৰিলে স্পীনাৰ বৰুণ চক্ৰৱৰ্তী আৰু বিষ্ণোই-

ভাৰতে ঘাতক স্পীনাৰ বৰুণ চক্ৰৱৰ্তী আৰু ৰবি বিষ্ণোইক এই শৃংখলাত সুযোগ দিছে । ৱাশ্বিংটন সুন্দৰো এই শৃংখলাৰ বাবে টিম ইণ্ডিয়াৰ অংশ হ’ব । ৰিংকু সিং, তিলক বাৰ্মা আৰু হৰ্ষিত ৰাণাই দলত স্থান লাভ কৰিছে ।

দলৰ বাহিৰত শুভমন-পন্ট আৰু যশস্বী-

শুভমন গীল আৰু ঋষভ পন্টক এই শৃং্খলাৰ পৰা বিৰতি দিছে বি চি চি আইয়ে । এই দুয়োজন খেলুৱৈ টি-২০ দলৰ অংশ নহয় । কিন্তু তেওঁলোকে এদিনীয়া আৰু চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে টিম ইণ্ডিয়াত স্থান দখল কৰিব পাৰে । কিন্তু এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য লাভ কৰা হোৱা নাই । যশস্বী জয়ছোৱালো টি-২০ দলৰ অংশ নহয় ।

ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল :

সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), সঞ্জু চেমছন (উইকেটকীপাৰ), অভিষেক শৰ্মা, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, নীতিশ কুমাৰ ৰেড্ডী, অক্ষৰ পেটেল (উপ অধিনায়ক), হৰ্ষিত ৰানা, অৰ্শদীপ সিং , মহম্মদ ছামী , বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণোই, ৱাশ্বিংটন সুন্দৰ, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ)।