ভাৰতীয় টেষ্ট দলে ধাৰাবাহিকভাৱে শোচনীয় প্ৰদৰ্শন কৰি অহাৰ পিছতে এতিয়া দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে । গম্ভীৰৰ ঠাই ভি ভি এছ লক্ষ্মণে ল’ব নেকি বুলিও চৰ্চা চলিছে । এতিয়া এই চৰ্চা সন্দৰ্ভত নীৰৱতা ভংগ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে…
মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ অধীনত ভাৰতীয় ক্ৰিকেট দলৰ টেষ্ট প্ৰদৰ্শন দুৰ্বল দে খা গৈছে । অতি শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত ০-২ ব্যৱধানত পৰাস্ত হৈছে দলটো । আনকি যোৱা বছৰ ঘৰুৱা মাটিত নিউজীলেণ্ডৰ হাতত ০-৩ ব্যৱধানত পৰাস্ত হৈছিল ভাৰতীয় দল ।
ইয়াৰ পিছতেই এতিয়া গৌতম গম্ভীৰৰ প্ৰশিক্ষক শৈলীক লৈ প্ৰশ্ন উত্থাপন হৈছে । একাংশ সংবাদ মাধ্যমত তেওঁক টেষ্ট প্ৰশিক্ষকৰ পদৰ পৰা অপসাৰণ কৰা হ’ব পাৰে বুলি দাবী কৰা হৈছে । তদুপৰি, ২০২৬ চনৰ টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ প্ৰদৰ্শন যদি আশানুৰূপ নহয়, তেন্তে তেওঁৰ চুক্তি পুনৰ বিবেচনা কৰা হ’ব পাৰে বুলিও চৰ্চা চলিছে । উল্লেখ্য যে, চুক্তি অনুসৰি গম্ভীৰ ২০২৭ চনৰ এদিনীয়া বিশ্বকাপলৈকে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাবে থাকিব ।
শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে গৌতম গম্ভীৰক লৈ চলি থকা জল্পনা-কল্পনাৰ সন্দৰ্ভত এক বৃহৎ বিবৃতি প্ৰকাশ কৰিছে । বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই স্পষ্টভাৱে উল্লেখ কৰিছে যে গৌতম গম্ভীৰক ৰেডবল (টেষ্ট) প্ৰশিক্ষকৰ পদৰ পৰা অপসাৰণৰ বিষয়ে কোনো আলোচনা হোৱা নাই আৰু এইবোৰ কেৱল উৰাবাতৰিহে ।
কি ক’লে বি চি চি আইৰ সচিবে ?
এক সাক্ষাৎকাৰত দেৱজিৎ শইকীয়াই এই বাতৰিসমূহ খাৰিজ কৰি কয় যে, “গৌতম গম্ভীৰৰ টেষ্ট প্ৰশিক্ষকৰ পদ সন্দৰ্ভত কোনো আলোচনা হোৱা নাই, আন কোনো প্ৰশিক্ষকৰ সৈতেও যোগাযোগ কৰা হোৱা নাই । এনে সকলো কথা কেৱল উৰাবাতৰিহে ।”
বি চি চি আইৰ সচিবগৰাকীয়ে লগতে স্পষ্ট কৰি দিয়ে যে গৌতম গম্ভীৰে বৰ্তমানৰ চুক্তি অনুসৰি টিম ইণ্ডিয়াৰ সৈতে কাম কৰি যাব । বৰ্তমান ব’ৰ্ডে প্ৰশিক্ষক কৰ্মচাৰীৰ কোনো পৰিৱৰ্তন কৰাৰ কোনো পৰিকল্পনা কৰা নাই । তেওঁ লগতে কয় যে ছ’চিয়েল মিডিয়াত আৰু কিছু বাতৰিত গম্ভীৰ সন্দৰ্ভত প্ৰচাৰিত আলোচনাৰ কোনো ভিত্তি নাই ।
বি চি চি আইৰ এই বিবৃতিত স্পষ্ট হৈ পৰিছে যে গৌতম গম্ভীৰৰ ওপৰত ব’ৰ্ডে সম্পূৰ্ণ আস্থা ৰাখিছে আৰু প্ৰশিক্ষকৰ চেটআপত কোনো ধৰণৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা দেখা নাই । গম্ভীৰ তিনিওটা ফৰ্মেটতে টিম ইণ্ডিয়াৰ প্ৰশিক্ষক হৈ থাকিব আৰু তেওঁৰ ভৱিষ্যতক লৈ চলি থকা সকলো জল্পনা-কল্পনা ভিত্তিহীন ।
লগতে পঢ়ক : ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা বিচিচিআইৰ… আধিনায়কৰ দায়িত্বত আয়ুষ









