বিশ্বকাপৰ পূৰ্বে আজি অন্তিমখন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ খেলিব ভাৰতীয় দলে । বিশাখাপট্টনমত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছতো টি-২০ বিশ্বকাপৰ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছে টিম ইণ্ডিয়াক ।
শনিবাৰে তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ষ্টেডিয়ামত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব শৃংখলাৰ পঞ্চম আৰু অন্তিমখন টি-২০ মেচ । সন্ধিয়া ৭:০০ বজাৰ পৰা আৰম্ভ হ’ব মেচখন । আগন্তুক বিশ্বকাপৰ পূৰ্বে এইখনেই হ’ব ভাৰতীয় দলৰ অন্তিমখন টি-২০ মেচ ।
বিশাখাপট্টনমত ৫০ ৰানৰ পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছতো টি-২০ বিশ্বকাপৰ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছে টিম ইণ্ডিয়াক । এইখন মেচ বিশ্বকাপৰ পূৰ্বে ভাৰতৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ হ’ব । ইফালে নিজৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ হৈ ঘৰুৱা খেলপথাৰত নামিবলৈ সাজু হৈছে সঞ্জু চেমছন ।
বিখাশাপট্টনমত ছয় বেটছমেন-পাঁচ বলাৰৰ ৰণকৌশল বিফল হয় যদিও কুলদীপ যাদৱ আৰু সঞ্জু চেমছন ফৰ্মলৈ ঘূৰি অহাটো ভাৰতৰ বাবে সকাহৰ বিষয় । এই বিশ্বকাপ চক্ৰত ভাৰতৰ জয়ৰ শতকৰা হাৰ ৮০ শতাংশ, যিটো অষ্ট্ৰেলিয়াতকৈ ১০ পইণ্ট বেছি । এই মেচখনৰ বাবে ঈশান কিষণ আৰু অক্ষৰ পেটেলৰ প্ৰত্যাৱৰ্তনৰ আশা কৰিছে দল পৰিচালনা সমিতিয়ে । একেৰাহে চাৰিখন মেচ খেলা হাৰ্দিক পাণ্ডিয়াক হয়তো এই মেচত জিৰণি দিয়া হ’ব পাৰে ।
খেলৰ এদিন পূৰ্বে সংবাদমেলৰ সময়ত টিম ইণ্ডিয়াৰ বেটিং প্ৰশিক্ষক সীতাংশু কোটাকে মূল একাদক লৈ এই ইংগিত দিয়ে । অৱশ্যে শৃংখলাৰ বাবে দলত স্থান লাভ কৰিলেও পূৰ্বৰ চাৰিখন মেচত মূল একাদশৰ পৰা বাহিৰত থকা শ্ৰেয়াছ আয়েৰে আজি সুযোগ পাব নে নাই সেয়া হ’ব লক্ষ্যণীয় ।
ইতিমধ্যে পাঁচখন মেচৰ এই টি-২০ শৃংখলাত ভাৰতে ৩-১ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ।
তিৰুৱনন্তপুৰম টি-২০ৰ বাবে ভাৰতৰ সম্ভাৱ্য মূল একাদশ :
সঞ্জু চেমছন (উইকেটকীপাৰ), অভিষেক শৰ্মা, ঈশান কিষণ, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শিৱম ডুবে, ৰিংকু সিং, অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং ।
লগতে পঢ়ক : অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেলৰ মহাযুদ্ধ : মুখামুখি হ’ব জ’কভিচ আৰু আলকাৰাজ









