২০২৬ চনৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৰ্বাধিক স্ক’ৰ; জিম্বাবুৱেক বান্ধি দিলে ২৫৭ ৰাণৰ লক্ষ্য

২০২৬ চনৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৰ্বাধিক স্ক’ৰ;  জিম্বাবৱেক বান্ধি দিলে ২৫৭ ৰাণৰ লক্ষ্য

আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ ৮ ৰাউণ্ডত ভাৰতে জিম্বাবৱেৰ বিৰুদ্ধে খেলি আছে।আজি ভাৰতীয় দলটোৱে এই বিশ্বকাপৰ সৰ্বাধিক স্ক’ৰ সংগ্ৰহ কৰিছে। আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ ৮ ৰাউণ্ডৰ আজিৰ খেলখল জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত

আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ ৮ ৰাউণ্ডত ভাৰতে জিম্বাবৱেৰ বিৰুদ্ধে খেলি আছে।আজি ভাৰতীয় দলটোৱে এই বিশ্বকাপৰ সৰ্বাধিক স্ক’ৰ সংগ্ৰহ কৰিছে।

আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ ৮ ৰাউণ্ডৰ আজিৰ খেলখল জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে।

এই মেচখনত জিম্বাবুৱেৰ অধিনায়ক ছিকন্দাৰ ৰাজাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।ভাৰতীয় দলটোৱে জয়ৰ বাবে জিম্বাবৱেক ২৫৭ ৰানৰ লক্ষ্য বান্ধি দিছে।

ভাৰতে ৪ উইকেটত ২৫৬ ৰান সংগ্ৰহ কৰে, যিটো এই বিশ্বকাপত ভাৰতীয় দলটোৰ সৰ্বাধিক স্ক’ৰ।হাৰ্দিক পাণ্ডিয়াই অপৰাজিত ৫০ ৰান সংগ্ৰহ কৰে। অভিষেক শৰ্মাই ৫৫ ৰান সংগ্ৰহ কৰে।

এই মেচত দুয়োটা দলৰ প্লেইং ১১ৰ পৰিৱৰ্তন ঘটিছে।ৰিংকু সিং আৰু ৱাশ্বিংটন সুন্দৰ এই মেচখনৰ পৰা আঁতৰি আছে।

তেওঁলোকৰ ঠাইত সঞ্জু চেমচন আৰু অক্ষৰ পেটেল প্ৰৱেশ কৰিছে ।জিম্বাবৱেৰ দলত গ্ৰেম ক্ৰেমাৰৰ ঠাইত টিনোটেণ্ডা মাফোছাই স্থান লাভ কৰিছে।

লগতে পঢ়ক: আজি টিম ইণ্ডিয়াই খেলিব ২ খনকৈ মেচ, দুয়োখনেই নিৰ্ণয় কৰিব চলিত টি-২০ বিশ্বকাপৰ ভৱিষ্যত!