টি-২০ বিশ্বকাপ চেম্পিয়ন দলটোৰ ওপৰত হ’ব টকাৰ বৰষুণ; কি পাব পৰাজিত দলটোৱে?

টি-২০ বিশ্বকাপ চেম্পিয়ন দলটোৰ ওপৰত হ’ব টকাৰ বৰষুণ;  কি পাব পৰাজিত দলটোৱে?

৮ মাৰ্চত ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপৰ খিতাপৰ মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব। খিতাপ মেচখনৰ বিজয়ী দলটোৱে বাম্পাৰ প্ৰাইজ মানি লাভ কৰিব। দেওবাৰে (৮ মাৰ্চ) আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেল মেচ।এই খিতাপৰ খেলখনত ভাৰত আৰু নিউজিলেণ্ডৰ দলৰ মাজত

৮ মাৰ্চত ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপৰ খিতাপৰ মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব। খিতাপ মেচখনৰ বিজয়ী দলটোৱে বাম্পাৰ প্ৰাইজ মানি লাভ কৰিব।

দেওবাৰে (৮ মাৰ্চ) আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেল মেচ।এই খিতাপৰ খেলখনত ভাৰত আৰু নিউজিলেণ্ডৰ দলৰ মাজত মুখামুখি হ’ব।

প্ৰথমখন ছেমি ফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰে।ভাৰতীয় দলটোৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ জয় কৰাৰ লক্ষ্য ৰাখিব। আনহাতে নিউজিলেণ্ডে এতিয়ালৈকে টি-২০ বিশ্বকাপ জয় কৰিব পৰা নাই।

খিতাপৰ খেলখনৰ পিছত বিজয়ী আৰু ৰানাৰ্ছ আপ দল দুটাৰ ওপৰত ধনৰ বৰষুণ হ’ব।জানিব পৰা মতে, ২০২৬ চনৰ টি-২০ বিশ্বকাপ বিজয়ী দলটোৱে লাভ কৰিব ৩০ লাখ ডলাৰ (প্ৰায় ২৭.৫০ কোটি টকা)।আনহাতে ফাইনেলত পৰাজিত দল অৰ্থাৎ ৰানাৰ্ছ আপ দলটোৱে ১৬ লাখ ডলাৰ (প্ৰায় ১৪.৬৭ কোটি টকা) পুৰস্কাৰৰ ধন লাভ কৰিব।

ছেমি ফাইনেলত পৰাজয় হোৱা ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাই সমান পৰিমাণৰ ০.৭৯ মিলিয়ন ডলাৰ (প্ৰায় ৭.২৪ কোটি টকা) লাভ কৰিব।আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বিভিন্ন পৰ্যায় অনুসৰি পুৰস্কাৰৰ ধন ভাগ কৰিছে,যাতে সকলো দলেই উপকৃত হ’ব পাৰে।

৫ৰ পৰা ১২ নম্বৰ স্থান দখল কৰা দলসমূহে সমান পৰিমাণৰ ০.৩৮ মিলিয়ন ডলাৰ (প্ৰায় ৩.৪৮ কোটি ₹) লাভ কৰিব লাগিব।আনহাতে ১৩ৰ পৰা ২০ নম্বৰ স্থানত থকা দলসমূহৰ বাবে ০.২৫ মিলিয়ন ডলাৰ (প্ৰায় ২.২৯ কোটি টকা)ৰ একেধৰণৰ পুৰস্কাৰৰ ধন নিৰ্ধাৰণ কৰা হৈছিল।

এইবাৰ আইচিচিয়ে মুঠ ১৩.৫ মিলিয়ন ডলাৰ (প্ৰায় ১২৩.৭৭ কোটি টকা)ৰ পুৰস্কাৰ পুল ৰাখিছে,যিটো ২০২৪ চনৰ টি-২০ বিশ্বকাপতকৈ প্ৰায় ২০ শতাংশ বেছি। যোৱা টি-২০ বিশ্বকাপত আইচিচিয়ে ১১.২৫ মিলিয়ন ডলাৰ বিতৰণ কৰিছিল।

লগতে পঢ়ক: ফাইনেল মেচৰ বাবে আহমেদাবাদত উপস্থিত টিম ইণ্ডিয়া; প্লেয়িং ১১ ত হ’ব নেকি পৰিৱৰ্তন?