৭ বছৰৰ পাছত একেৰাহে ৫ খন এদিনীয়া খেলিব টিম ইণ্ডিয়াই; নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব শৃংখলা

ভাৰতীয় দলটোৱে প্ৰায় ৭ বছৰৰ অন্তত নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ এদিনীয়া শৃংখলা খেলিব।

ভাৰতীয় ক্ৰিকেট দলৰ নিউজিলেণ্ড ভ্ৰমণ সূচী প্ৰকাশ পাইছে। শৃংখলাটো টি-২০ ইণ্টাৰনেচনেল মেচেৰে আৰম্ভ হ’ব। ইয়াত পাঁচখন খেল হ’ব। ইয়াৰ পিছতেই এদিনীয়া শৃংখলা হ’ব। ইয়াতো ৫ খন মেচ খেলা হ’ব। শেষত দুখন টেষ্ট মেচ অনুষ্ঠিত হ’ব। নিউজিলেণ্ড ক্ৰিকেটৰ তৰফৰ পৰা ইয়াৰ সম্পূৰ্ণ সূচী জাৰি কৰা হৈছে।

বিশেষ কথাটো হ’ল প্ৰায় সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত ভাৰতীয় দলটোক কোনো বিদেশী ভ্ৰমণত পাঁচখন এদিনীয়া মেচ খেলা দেখা যাব। এয়া এক প্ৰকাৰে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া আই চি চি এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি। বিগত কেইবাবছৰো ধৰি টীম ইণ্ডিয়াই সৰ্বাধিক তিনিখনকৈ এদিনীয়া মেচৰ শৃংখলা খেলি আহিছে। যেতিয়া কোনো আই চি চি বা এ চি চি টুৰ্নামেণ্ট হয়, তেতিয়াহে দলে একেৰাহে এদিনীয়া মেচ খেলে, কিন্তু এতিয়া নিউজিলেণ্ড শৃংখলাত একেৰাহে পাঁচখন এদিনীয়া মেচ হ’ব। আমোদজনক কথাটো হ’ল ইয়াৰ পূৰ্বে ২০১৯ চনত টীম ইণ্ডিয়াই নিউজিলেণ্ডৰ বিৰুদ্ধেই পাঁচখন এদিনীয়া মেচৰ শৃংখলা খেলিছিল, তেতিয়া বিৰাট কোহলী ভাৰতীয় দলৰ অধিনায়ক আছিল। সেই সময়ত ভাৰতে এই শৃংখলাৰ চাৰিখন মেচ জিকি ৪-১ ব্যৱধানত শৃংখলাটো দখল কৰিবলৈ সক্ষম হৈছিল।

যেতিয়া ২০১৯ চনত পাঁচখন মেচৰ এদিনীয়া শৃংখলা অনুষ্ঠিত হৈছিল, তেতিয়া বিৰাট কোহলীৰ অধিনায়কত্বত ৰোহিত শৰ্মাই দুৰ্দান্ত বেটিং কৰিছিল। সেই সময়ত তেওঁ ২০০ তকৈও অধিক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। নিজৰ সুন্দৰ বলিং প্ৰদৰ্শনৰ জৰিয়তে দ্ৰুত বলাৰ মহম্মদ ছামীয়ে ‘প্লেয়াৰ অব্ দ্য চিৰিজ’ৰ বঁটা আজুৰি আনিছিল। বৰ্তমান ধাৰাবাহিকভাৱে টি-২০ লীগসমূহ খেলি থকা হৈছে। একে সময়তে আই চি চি টুৰ্নামেণ্টৰ সংখ্যাও বৃদ্ধি পাইছে, যাৰ বাবে দ্বিপাক্ষিক শৃংখলাসমূহ তিনিখনতকৈ অধিক মেচৰ হ’ব নোৱাৰে।

এই শৃংখলাটো এইবাবেই গুৰুত্বপূৰ্ণ হ’ব, কাৰণ অহা বছৰৰ অক্টোবৰৰ পৰা নৱেম্বৰলৈ দক্ষিণ আফ্ৰিকা, জিম্বাবৱে আৰু নামিবিয়াত আই চি চি এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব। দলটোৰ বাবে নিজৰ শক্তি আৰু দুৰ্বলতাসমূহ চিনাক্ত কৰাৰ এক সুযোগ থাকিব, যাতে যিবোৰ ত্ৰুটি আছে, সেইবোৰ শুধৰাব পৰা যায়। ইয়াৰ লগতে খেলুৱৈসকলৰ বাবেও উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰি দলত নিজৰ স্থান পকী কৰাৰ এক সুন্দৰ সুযোগ থাকিব। আশা কৰিব পাৰি যে তেতিয়ালৈকে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই ভাৰতৰ হৈ এদিনীয়া ক্ৰিকেট খেলি থাকিব। যদি এনেকুৱা হয়, তেন্তে সকলোৰে দৃষ্টি এই দুজন খেলুৱৈৰ ওপৰতেই কেন্দ্ৰীভূত থাকিব।

লগতে পঢ়ক: বিচিচিআইৰ ডাঙৰ ঘোষণা: টিম ইণ্ডিয়া শিবিৰত প্ৰৱেশ আকিব নবী

টি-২০ বিশ্বকাপ চেম্পিয়ন দলটোৰ ওপৰত হ’ব টকাৰ বৰষুণ;  কি পাব পৰাজিত দলটোৱে?

৮ মাৰ্চত ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপৰ খিতাপৰ মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব। খিতাপ মেচখনৰ বিজয়ী দলটোৱে বাম্পাৰ প্ৰাইজ মানি লাভ কৰিব।

দেওবাৰে (৮ মাৰ্চ) আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেল মেচ।এই খিতাপৰ খেলখনত ভাৰত আৰু নিউজিলেণ্ডৰ দলৰ মাজত মুখামুখি হ’ব।

প্ৰথমখন ছেমি ফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰে।ভাৰতীয় দলটোৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ জয় কৰাৰ লক্ষ্য ৰাখিব। আনহাতে নিউজিলেণ্ডে এতিয়ালৈকে টি-২০ বিশ্বকাপ জয় কৰিব পৰা নাই।

খিতাপৰ খেলখনৰ পিছত বিজয়ী আৰু ৰানাৰ্ছ আপ দল দুটাৰ ওপৰত ধনৰ বৰষুণ হ’ব।জানিব পৰা মতে, ২০২৬ চনৰ টি-২০ বিশ্বকাপ বিজয়ী দলটোৱে লাভ কৰিব ৩০ লাখ ডলাৰ (প্ৰায় ২৭.৫০ কোটি টকা)।আনহাতে ফাইনেলত পৰাজিত দল অৰ্থাৎ ৰানাৰ্ছ আপ দলটোৱে ১৬ লাখ ডলাৰ (প্ৰায় ১৪.৬৭ কোটি টকা) পুৰস্কাৰৰ ধন লাভ কৰিব।

ছেমি ফাইনেলত পৰাজয় হোৱা ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাই সমান পৰিমাণৰ ০.৭৯ মিলিয়ন ডলাৰ (প্ৰায় ৭.২৪ কোটি টকা) লাভ কৰিব।আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বিভিন্ন পৰ্যায় অনুসৰি পুৰস্কাৰৰ ধন ভাগ কৰিছে,যাতে সকলো দলেই উপকৃত হ’ব পাৰে।

৫ৰ পৰা ১২ নম্বৰ স্থান দখল কৰা দলসমূহে সমান পৰিমাণৰ ০.৩৮ মিলিয়ন ডলাৰ (প্ৰায় ৩.৪৮ কোটি ₹) লাভ কৰিব লাগিব।আনহাতে ১৩ৰ পৰা ২০ নম্বৰ স্থানত থকা দলসমূহৰ বাবে ০.২৫ মিলিয়ন ডলাৰ (প্ৰায় ২.২৯ কোটি টকা)ৰ একেধৰণৰ পুৰস্কাৰৰ ধন নিৰ্ধাৰণ কৰা হৈছিল।

এইবাৰ আইচিচিয়ে মুঠ ১৩.৫ মিলিয়ন ডলাৰ (প্ৰায় ১২৩.৭৭ কোটি টকা)ৰ পুৰস্কাৰ পুল ৰাখিছে,যিটো ২০২৪ চনৰ টি-২০ বিশ্বকাপতকৈ প্ৰায় ২০ শতাংশ বেছি। যোৱা টি-২০ বিশ্বকাপত আইচিচিয়ে ১১.২৫ মিলিয়ন ডলাৰ বিতৰণ কৰিছিল।

লগতে পঢ়ক: ফাইনেল মেচৰ বাবে আহমেদাবাদত উপস্থিত টিম ইণ্ডিয়া; প্লেয়িং ১১ ত হ’ব নেকি পৰিৱৰ্তন?

৫০ ৰানত পৰাস্ত টিম ইণ্ডিয়া; নিউজিলেণ্ডে ল’লে জয়ৰ প্ৰথমটো সোৱাদ

টি-২০ শৃংখলাত স্তব্ধ টিম ইণ্ডিয়াৰ জয়ৰ ধাৰা। টি ২০ ৰ চতুৰ্থখন খেলত ৫০ ৰানত জয়লাভ নিউজিলেণ্ডৰ।

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা পাঁচখন খেলৰ টি-২০ শৃংখলাৰ চতুৰ্থখন খেল ২৮ জানুৱাৰী অর্থাৎ আজি বিশাখাপট্টনম (বিজাগ)ৰ ড° ৱাই এছ ৰাজশেখৰা ৰেড্ডী এচিএ-ভিডিচিএ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল।

এই খেলখনত নিউজিলেণ্ডে ৫০ ৰানত জয়লাভ কৰে।প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে টীম ইণ্ডিয়াক ২১৬ ৰানৰ লক্ষ্য বান্ধি দিছিল, কিন্তু ভাৰতীয় দলটোৱে ১৮.৪ অভাৰত ১৬৫ ৰান সংগ্ৰহ কৰি অল আউট হয়।

ভাৰতৰ হৈ শিৱম ডুবেই ৭টা ছয় আৰু তিনিটা চাৰিৰ সহায়ত ২৩টা বলত ৬৫ ৰান সংগ্ৰহ কৰে,কিন্তু এই ইনিংছ দলটোক জয় দিবলৈ যথেষ্ট নাছিল।

ইতিমধ্যে টীম ইণ্ডিয়াই টি-২০ শৃংখলাত জয়লাভ কৰিছে।২১ জানুৱাৰীত নাগপুৰত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ৪৮ ৰানত জয়লাভ কৰিছিল।

জয়পুৰত দ্বিতীয়খন টি-২০ত ভাৰতে ৭ উইকেটত জয়লাভ কৰাৰ লগতে গুৱাহাটীত খেলা তৃতীয়খন খেলখনত ভাৰতীয় দলটোৱে ৮ উইকেটত জয়লাভ কৰে।

লগতে পঢ়ক: নিউজীলেণ্ডক ‘ক্লীন ছুইপ’ কৰাৰ লক্ষ্য ভাৰতীয় দলৰ, বিশাখাপট্টনমত আজি চতুৰ্থ টি-২০

প্ৰথমখন T-20 ত নিউজিলেণ্ডৰ বিৰু্দ্ধে ভাৰতৰ জয়…

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০ মেচ অনুৰাগীৰ বাবে মূল্যৱান বুলি প্ৰমাণিত হয়। সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত থকা দলটোৱে জয়ৰে শৃংখলা আৰম্ভ কৰিছে।

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ প্ৰথমখন খেল আজি নাগপুৰত অনুষ্ঠিত হয়।এই খেলখনত টিম ইণ্ডিয়াই নিউজিলেণ্ডক ৪৮ ৰানত পৰাস্ত কৰে।নাগপুৰত খেলা এই মেচখনত নিউজিলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।

বিশ্বকাপৰ ড্ৰেছ ৰিহাৰ্চেল বুলি গণ্য কৰা এই ধাৰাবাহিকখনৰ ভাৰতীয় খেলুৱৈসকলৰ ওপৰত সকলোৰে দৃষ্টি আছিল। প্ৰথমে বেট ধৰি ভাৰতে নিউজিলেণ্ডত বান্ধি দিছিল ২৩৯ ৰানৰ লক্ষ্য।

কিন্তু নিউজিলেণ্ডে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৯০ ৰানহে সংগ্ৰহ কৰে।শৃংখলাত ভাৰতৰ হৈ অভিশেষ শৰ্মাই সংগ্ৰহ কৰে সৰ্বাধিক ৮৪ ৰান, অধিনায়ক সূৰ্য কুমাৰ যাদৱ সংগ্ৰহ কৰে ৩২ ৰান,হাৰ্দিক পাণ্ডিয়াই ২৫ ৰান,ৰিংকু সিঙে অপৰাজিত ৪৪ ৰান সংগ্ৰহ কৰে। ইফালে ১০ ৰান সংগ্ৰহ কৰিয়েই পেভিলিয়নমুখী হয় সঞ্জু চেমচন

লগতে পঢ়ক: ধনশ্ৰীৰ পিছত আৰ জে মাহৱাশৰ সৈতেও বিচ্ছেদ যুজবেন্দ্ৰ চাহালৰ; কৰিলে আনফল’

‘ভগৱানৰ ওচৰত কৃতজ্ঞ, আশা কৰাতকৈ বেছি দিছে…’; জয়ৰ পিছত বিৰাট কোহলীৰ আৱেগিক মন্তব্য

নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্রথমখন খেলত জয়লাভ কৰাৰ পিছতে আৱেগিক হৈ পৰে বিৰাট কোহলী। ভগৱানক বিৰাট কোহলীয়ে দিলে ধন্যবাদ।

নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্রথমখন খেলত ভাৰতীয় দলটোৱে ৪ উইকেটত জয়লাভ কৰে৷১১ জানুৱাৰী (দেওবাৰ)ত বড়োদাৰ কোটাম্বি ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত ভাৰতীয় দলটোৱে জয় সাব্যস্ত কৰে।

এই জয়ৰ সৈতে ভাৰতীয় দলটোৱে শৃংখলাত ১-০ত অগ্ৰগতি লাভ কৰে।এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেল ১৪ জানুৱাৰীত ৰাজকোটত অনুষ্ঠিত হ’ব।

বড়োদাৰ এদিনীয়াত ভাৰতৰ জয়ৰ ক্ষেত্ৰত বিৰাট কোহলীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বিৰাট কোহলীয়ে ৯১টা বলত ৮টা চাৰি আৰু এটা ছয়ৰ সহায়ত ৯৩ ৰান সংগ্ৰহ কৰে।

এই উজ্জ্বল প্ৰদৰ্শনৰ বাবে বিৰাট কোহলীক প্লেয়াৰ অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয়।এদিনীয়া খেলত ৪৫ সংখ্যক বাৰৰ বাবে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে কোহলীয়ে।

মেচৰ শেষত বিৰাট কোহলীয়ে কয় যে,”সঁচা কথা ক’বলৈ গ’লে মোৰ একেবাৰেই কোনো ধাৰণা নাই যে মই কিমানটা প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰিছো? মাত্ৰ গুৰুগ্ৰামত থকা মালৈ সকলো ট্ৰফী পঠাই দিওঁ”।

“তেওঁ সেইবোৰ সুৰক্ষিত কৰি ৰাখিবলৈ ভাল পায়।যদি মই মোৰ সমগ্ৰ যাত্ৰাটোলৈ উভতি চাওঁ,তেন্তে এইটো মোৰ বাবে সপোনতকৈ কম নহয়”।

“মোৰ সামৰ্থ্যৰ ওপৰত সদায় আস্থা আছিল,কিন্তু মই এইটোও জানিছিলোঁ যে এই খিনি পাবলৈ হলে বহুত কষ্টৰ প্ৰয়োজন হ’ব।ভগৱানে মোক যিমান  দিছে সেয়া আশা কৰাতকৈও অধিক”।

“মই কেতিয়াও মাইলৰ খুঁটিৰ কথা নাভাবো।মই মোৰ যাত্ৰাক অতি কৃপা আৰু কৃতজ্ঞতাৰে উভতি চাওঁ আৰু ইয়াৰ বাবে মই অতি গৌৰৱান্বিত।”

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আন এক কৃতিত্বৰ অধিকাৰী হ’ল বিৰাট কোহলী, ৰচিলে ইতিহাস

ভাৰতীয় বলাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ; নিউজিলেণ্ডে বান্ধি দিলে ২৫২ ৰানৰ লক্ষ্য

ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আইচিচি চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেলখনত ভাৰতীয় বলাৰৰ শক্তিশালী প্ৰদৰ্শনৰ বাবে নিউজিলেণ্ডে ৫০ অভাৰত মাত্ৰ ২৫১ ৰাণ হে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

কিৱি বাহিনীয়ে ভাৰতৰ সন্মুখত ২৫২ ৰানৰ লক্ষ্য বান্ধি দিছে। ডেৰিল মিচেলে নিউজিলেণ্ডৰ হৈ ১০১ টা বলত ৬৩ ৰাণ সংগ্ৰহ কৰে।  আনহাতে মাইকেল ব্ৰেছৱেলে ৪০ টা বলত ৫৩ ৰাণৰ অপৰাজিত ইনিংছ খেলিছিল।

উইল ইয়ং আৰু ৰাচিন ৰবীন্দ্ৰৰ যুটিটোৱে নিউজিলেণ্ডক আক্ৰমণাত্মক আৰম্ভণি দিছিল, কিন্তু দুয়ো আউট হোৱাৰ লগে লগে নিউজিলেণ্ডৰ দলটো চাপৰ সন্মুখীন হৈছিল।

ফাইনেল খেলখনত বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱে ভাৰতৰ হৈ দুটাকৈ উইকেট দখল কৰিছিল।

চেম্পিয়নছ ট্ৰফী ফাইনেলত বতৰে দিব নেকি বিধি পথালি ; বৰষুণৰ ফলত খেল বাতিল হ’লে কোনে মাৰিব শেষ হাঁহি

ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম এতিয়া চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ বাবে সাজু হৈ আছে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চূড়ান্ত খেলখন ৯ মাৰ্চত ডুবাইত অনুষ্ঠিত হ’ব।

ভাৰত আৰু নিউজিলেণ্ডে এই চেম্পিয়নছ ট্ৰফীত ইতিমধ্যে এবাৰ মুখামুখি হৈছে, য’ত টীম ইণ্ডিয়া বিজয়ী হৈছিল।

অৱশ্যে, নিউজিলেণ্ডে এই মুহূৰ্তত যি ধৰণৰ খেল প্ৰদৰ্শন কৰি আছে, তেনেস্থলত দলটোক সহজতে পৰাজয় কৰাটো সহজ নহ’ব।

ইফালে, সকলোৰে মনত এটাই প্ৰশ্ন চলি আছে যে ফাইনেল খেলৰ দিনা বৰষুণ হ’লে কি হ’ব?   যদি চূড়ান্ত খেলখনৰ সময়ত বৰষুণ হয়, তেনেহলে মেচখনৰ অভাৰ হ্ৰাস কৰি দিয়া হ’ব পাৰে।

আইচিচিৰ নিয়ম অনুসৰি, চূড়ান্ত খেলখন নিম্নতম ২০অভাৰ খেলিব লাগিব। প্ৰতিটো দলক ২০ অভাৰ দিয়া হ’ব।বৰষুণৰ দ্বাৰা প্ৰভাৱিত হোৱা ফাইনেলত, নিৰ্ধাৰিত সময়ৰ পিছত অভাৰ হ্ৰাস কৰি আৰম্ভ হয়।

অৱশ্যে  একুৱেদাৰৰ প্ৰতিবেদন অনুসৰি, ৯ মাৰ্চত ডুবাইত বৰষুণ হোৱাৰ কোনো সম্ভাৱনা নাই, অৱশ্যে, যদি বৰষুণৰ বাবে ৯ মাৰ্চ, দেওবাৰে এই খেলখন খেলিব নোৱাৰে, তেন্তে ইয়াক সংৰক্ষিত দিনত অনুষ্ঠিত কৰা হ’ব। ফাইনেলৰ বাবে সংৰক্ষিত দিন হৈছে ১০ মাৰ্চ।

যদি চেম্পিয়নছ ট্ৰফীৰ অন্তিম খন খেল ড্ৰ বা টাইত সমাপ্ত হয়, বিজয়ীক চুপাৰ অভাৰৰ দ্বাৰা নিৰ্ণয় কৰা হ’ব। চুপাৰ অভাৰৰ নিয়ম অনুসৰি, দুয়োটা দলকে এক-এক অভাৰ খেলিবলৈ সুযোগ পাব।

চেম্পিয়নছ ট্ৰফীত জয়ৰ ধাৰা অব্যাহত ভাৰতৰ; ধৰাশায়ী কিৱি বাহিনী

আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ আজিৰ খেলখনত ভাৰতীয় দলটোৱে এক বৃহৎ জয় লাভ কৰিছে। ডুবাইত খেলা অন্তিমখন লীগ খেলত টীম ইণ্ডিয়াই নিউজিলেণ্ডক ৪৪ ৰাণত পৰাস্ত কৰিছে।

ইয়াৰ সৈতে, ভাৰতে ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব।আনহাতে নিউজিলেণ্ডৰ দলটোৱে ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাৰ সৈতে খেলিব।

ভাৰতীয় দলটোৱে ৪ মাৰ্চত ডুবাইত ছেমিফাইনেলত বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব।আনহাতে দ্বিতীয় খন ছেমিফাইনেল ৫ মাৰ্চত লাহোৰত নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত খেলা হ’ব।

টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰাৰ পিছত ভাৰতীয় দলে ২৫০ ৰাণৰ লক্ষ্য বান্ধি দিছিল নিউজিলেণ্ডৰ দলটোক। কিন্তু ভাৰতীয় দলৰ বলাৰৰ হাতত ধৰাশায়ী হ’ল কিৱি বাহিনী।

বলাৰসকলৰ ভিতৰত মেট হেনৰীৰ অসামান্য প্ৰদৰ্শনৰ নেতৃত্বত নিউজিলেণ্ডে ভাৰতক ৯ উইকেটত ২৪৯ ৰাণত সীমিত ৰাখে।

হেনৰীয়ে আঠ অভাৰত ৪২ ৰাণত পাঁচটা উইকেট দখল কৰিছিল। ইফালে বৰুণে ১০ অভাৰত ৪২ ৰাণত ৫ টা উইকেট দখল কৰিছিল।

নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিবনে ৰোহিত শৰ্মাই? খেলুৱৈগৰাকীক লৈ ডাঙৰ খবৰ

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ খেলখন দেওবাৰে অনুষ্ঠিত হ’ব। চেম্পিয়নছ ট্ৰফী ২০২৫ ত টীম ইণ্ডিয়াৰ বাবে এইখন গ্ৰুপ মেচ হ’ব।ইয়াৰ পিছত, ছেমিফাইনেল মেচখন খেলা হ’ব।

কিন্তু তাৰ মাজতে আহিছে এটা ডাঙৰ খবৰ। এক খবৰ ওলাইছে যে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব নোৱাৰিব পাৰে ৰোহিত শৰ্মাই। দৰাচলতে  পাকিস্তানৰ বিৰুদ্ধে খেলখনৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল অধিনায়ক ৰোহিত শৰ্মা ।

তাৰ পিছতেই ক্ৰিকেট প্ৰেমী সকলৰ মাজত বৃদ্ধি হৈছিল উৎকণ্ঠা। অৱশ্যে জানিব পৰা মতে দলটোৰ সৈতে অধিনায়ক গৰাকী থকাৰ লগতে খেলপথাৰতো অৱতীৰ্ণ হ’ব।

ছেমিফাইনেলৰ পূৰ্বে ভাৰতৰ বাবে এইখন এক গুৰুত্বপূৰ্ণ খেল, সেয়েহে ৰোহিত শৰ্মাৰ ফিটনেছলৈ উভতি অহাটো এটা ভাল লক্ষণ। তেওঁৰ উপস্থিতিয়ে আৰম্ভণিৰ স্লটত একেই বিস্ফোৰক কৌশল গ্ৰহণ কৰিবলৈ অনুমতি দিব।