চেম্পিয়নছ ট্ৰফী ফাইনেলত বতৰে দিব নেকি বিধি পথালি ; বৰষুণৰ ফলত খেল বাতিল হ’লে কোনে মাৰিব শেষ হাঁহি

ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম এতিয়া চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ বাবে সাজু হৈ আছে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চূড়ান্ত খেলখন ৯ মাৰ্চত ডুবাইত অনুষ্ঠিত হ’ব। ভাৰত আৰু নিউজিলেণ্ডে এই চেম্পিয়নছ ট্ৰফীত ইতিমধ্যে এবাৰ মুখামুখি হৈছে, য’ত টীম ইণ্ডিয়া বিজয়ী হৈছিল। অৱশ্যে, নিউজিলেণ্ডে এই মুহূৰ্তত যি ধৰণৰ খেল

ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম এতিয়া চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ বাবে সাজু হৈ আছে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চূড়ান্ত খেলখন ৯ মাৰ্চত ডুবাইত অনুষ্ঠিত হ’ব।

ভাৰত আৰু নিউজিলেণ্ডে এই চেম্পিয়নছ ট্ৰফীত ইতিমধ্যে এবাৰ মুখামুখি হৈছে, য’ত টীম ইণ্ডিয়া বিজয়ী হৈছিল।

অৱশ্যে, নিউজিলেণ্ডে এই মুহূৰ্তত যি ধৰণৰ খেল প্ৰদৰ্শন কৰি আছে, তেনেস্থলত দলটোক সহজতে পৰাজয় কৰাটো সহজ নহ’ব।

ইফালে, সকলোৰে মনত এটাই প্ৰশ্ন চলি আছে যে ফাইনেল খেলৰ দিনা বৰষুণ হ’লে কি হ’ব?   যদি চূড়ান্ত খেলখনৰ সময়ত বৰষুণ হয়, তেনেহলে মেচখনৰ অভাৰ হ্ৰাস কৰি দিয়া হ’ব পাৰে।

আইচিচিৰ নিয়ম অনুসৰি, চূড়ান্ত খেলখন নিম্নতম ২০অভাৰ খেলিব লাগিব। প্ৰতিটো দলক ২০ অভাৰ দিয়া হ’ব।বৰষুণৰ দ্বাৰা প্ৰভাৱিত হোৱা ফাইনেলত, নিৰ্ধাৰিত সময়ৰ পিছত অভাৰ হ্ৰাস কৰি আৰম্ভ হয়।

অৱশ্যে  একুৱেদাৰৰ প্ৰতিবেদন অনুসৰি, ৯ মাৰ্চত ডুবাইত বৰষুণ হোৱাৰ কোনো সম্ভাৱনা নাই, অৱশ্যে, যদি বৰষুণৰ বাবে ৯ মাৰ্চ, দেওবাৰে এই খেলখন খেলিব নোৱাৰে, তেন্তে ইয়াক সংৰক্ষিত দিনত অনুষ্ঠিত কৰা হ’ব। ফাইনেলৰ বাবে সংৰক্ষিত দিন হৈছে ১০ মাৰ্চ।

যদি চেম্পিয়নছ ট্ৰফীৰ অন্তিম খন খেল ড্ৰ বা টাইত সমাপ্ত হয়, বিজয়ীক চুপাৰ অভাৰৰ দ্বাৰা নিৰ্ণয় কৰা হ’ব। চুপাৰ অভাৰৰ নিয়ম অনুসৰি, দুয়োটা দলকে এক-এক অভাৰ খেলিবলৈ সুযোগ পাব।