বিবাহপাশত আবদ্ধ হ’ল শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰ। এই বিবাহত ক্ৰিকেট, বলীউড আৰু ব্যৱসায়িক জগতৰ বহু তাৰকা উপস্থিত আছিল।
বিবাহপাশত আবদ্ধ হ’ল শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰ। ৫ মাৰ্চত মুম্বাইত অৰ্জুনে ছানিয়া চান্দোকৰ সৈতে বিবাহপাশত আবদ্ধ হয়।এই বিবাহত ক্ৰিকেট জগতৰ লগতে চলচ্চিত্ৰ জগতৰ চেলিব্ৰিটিসকলেও উপস্থিত আছিল।

এতিয়া সামাজিক মাধ্যমত এই বিবাহৰ ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে,য’ত শচীন তেণ্ডুলকাৰ আৰু তেওঁৰ পত্নী অঞ্জলিয়ে পুত্ৰ আৰু বোৱাৰীক আশীৰ্বাদ দিয়া দেখা গৈছে।

অৰ্জুন টেণ্ডুলকাৰে ঘৰুৱা ক্ৰিকেট আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত নিজৰ নাম উজলাইছে।এতিয়া অৰ্জুনৰ জীৱনৰ এই নতুন অধ্যায় আৰম্ভ হোৱাৰ লগে লগে অনুৰাগী আৰু ক্ৰিকেট জগতৰ শুভেচ্ছাৰ ঢৌ উঠিছে।

অৰ্জুন টেণ্ডুলকাৰ আৰু ছানিয়া চান্দোকৰ বিবাহত অমিতাভ বচ্ছন, নীতা আম্বানী, মুকেশ আম্বানী,আকাশ আম্বানী আৰু শ্লোকা মেহতা, শ্বাহৰুখ খান পত্নী গৌৰী খান কন্যা সুহানা, যুৱৰাজ সিং পত্নী হেজেল কিচ

হৰভজন সিং পত্নী গীতা বসৰা, এম এছ ধোনী আৰু সাক্ষী, অভিনেতা অভিষেক বচ্ছন পত্নী ঐশ্বৰ্য ৰায়কে ধৰি বহু তাৰকা উপস্থিত থাকে।
লগতে পঢ়ক: লগতে পঢ়ক: ছেমিফাইনেলৰ পূৰ্বে চিন্তিত ভাৰতীয় দল! খেলিব নোৱাৰিব নেকি ছন্দলৈ উভতা সঞ্জু ছেমছনে ?









