২০ বিশ্বকাপ ২০২৬ৰ দ্বিতীয়খন ছেমিফাইনেলৰ পূৰ্বে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ড হৈ আছে সঞ্জু ছেমছন বেন
আইচিচি টি-২০ বিশ্বকাপ ২০২৬ৰ দ্বিতীয়খন ছেমি ফাইনেলৰ পূৰ্বে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ড হৈ আছে “সঞ্জু ছেমছন বেন”। এই নকআউট মেচত ভাৰত আৰু ইংলেণ্ড মুখামুখি হ’ব । ছুপাৰ-৮ ৰাউণ্ডত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মেচ বিজয়ী ইনিংছ খেলাৰ পিছত সঞ্জু ছেমছনে আক্ৰমণাত্মকভাৱে বিজয় উদযাপন কৰা বুলি ছ’চিয়েল মিডিয়াত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে । এই উদযাপনৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আই চি চি)ৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে সঞ্জু, যিয়ে অনুৰাগীক চিন্তিত কৰিছে ।
১ মাৰ্চ, দেওবাৰে কলকাতাৰ ইডেন গাৰ্ডেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বিজয়ী বাউণ্ডেৰী কোবোৱাৰ পিছত সঞ্জু ছেমছনে হেলমেট মাটিত পেলাই আঁঠু লৈ ভগৱানক ধন্যবাদ জনায় । একাংশৰ মতে এই হেলমেট পেলোৱা কাৰ্য আইচিচিৰ “ক্ৰিকেটৰ সঁজুলিৰ অপব্যৱহাৰ” নিয়মৰ অধীনত পৰিব পাৰে । সম্প্ৰতি সঞ্জু ছেমছনৰ বিৰুদ্ধে আইচিচিয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰিব বুলি কোনো আনুষ্ঠানিক নিশ্চিতকৰণ হোৱা নাই । কিন্তু ছ’চিয়েল মিডিয়াত চৰ্চা চলিছে যে যদি ছেমছনক দোষী সাব্যস্ত কৰা হয় তেন্তে তেওঁক এখন মেচৰ বাবে নিষিদ্ধ কৰা হ’ব পাৰে ।
আইচিচিৰ নিয়মে কি কয় ?
আইচিচিৰ আচৰণ বিধিৰ ২.২ অনুচ্ছেদৰ অধীনত খেলুৱৈয়ে ক্ৰিকেটৰ সঁজুলিৰ অপব্যৱহাৰ কৰিব নালাগে । ইয়াৰ ভিতৰত হেলমেট, বেট, ষ্টাম্প বা আন যিকোনো সঁজুলি নিক্ষেপ কৰাটোও অন্তৰ্ভুক্ত আছে । এই কাৰ্য খঙত নহয় আৱেগৰ বাবে কৰা হ’লেও পুনৰীক্ষণ কৰা হ’ব পাৰে আৰু ব্যৱস্থা ল’ব পাৰে ।
এই নিয়মত এইটোও কোৱা হৈছে যে যিকোনো কাৰ্যই সঁজুলি বা ষ্টেডিয়ামৰ সম্পত্তিৰ ক্ষতিসাধন কৰে তেন্তে ইয়াক উলংঘা বুলি গণ্য কৰা হ’ব । শেহতীয়াকৈ স্কটলেণ্ডৰ অ’পেনাৰ জৰ্জ মুনছেক টি-২০ বিশ্বকাপ ২০২৬ৰ এখন মেচত আউট হোৱাৰ পিছত হেলমেট নিক্ষেপ কৰাৰ বাবে ডিমেৰিট পইণ্ট দিয়া হৈছিল । অৰ্থাৎ এনে ক্ষেত্ৰত এক্সন সম্ভৱপৰ ।
লগতে পঢ়ক : ফিন এলেনৰ বেটিং ধুমুহা; দক্ষিণ আফ্ৰিকাক ধৰাশায়ী কৰি বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কিৱি বাহিনীৰ









