‘তেওঁক ভাৰতীয় দলত চাবলৈ বিচাৰো’; বৈভৱ সূৰ্যবংশীক প্ৰশংসা শচীন টেণ্ডুলকাৰৰ

বিশ্বৰ বহু ক্ৰিকেট বিশেষজ্ঞ বৈভৱ সূৰ্যবংশীৰ বেটিং কৌশলত মোহিত হৈ পৰিছে। এতিয়া ‘ক্ৰিকেটৰ ভগৱান’ বুলি গণ্য কৰা শচীন টেণ্ডুলকাৰেও বৈভৱৰ প্ৰশংসা কৰিছে।

১৫ বছৰ বয়সত যেতিয়া বেছিভাগ ল’ৰা-ছোৱালীয়ে ক্ৰিকেটাৰ হোৱাৰ সপোন দেখে, সেই সময়ত বৈভৱ সূৰ্যবংশী ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত হৈ পৰিছে। ৰাজস্থান ৰয়েলছ ৰ এই যুৱ বেটছমেনগৰাকীয়ে আই পি এল ২০২৬ ত এনে ধুমুহাৰ সৃষ্টি কৰিছে যে এতিয়া কেৱল অনুৰাগীয়েই নহয়, কিংবদন্তী ক্ৰিকেটাৰসকলেও তেওঁৰ প্ৰশংসা কৰি ভাগৰা নাই। ৰেকৰ্ড ভাঙি গৈছে, বলাৰসকল অসহায় হৈ পৰিছে আৰু টীম ইণ্ডিয়াত তেওঁৰ অন্তৰ্ভুক্তিৰ দাবী দিনক দিনে তীব্ৰতৰ হৈ পৰিছে।

এতিয়া এই ‘ৱাণ্ডাৰ বয়’ক লৈ স্বয়ং শচীন টেণ্ডুলকাৰে এক ডাঙৰ মন্তব্য কৰিছে। ‘ক্ৰিকেটৰ ভগৱান’ বুলি গণ্য কৰা শচীনে বৈভৱক পৰামৰ্শ দি কয় যে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁ যেন নিজক একেবাৰেই সলনি নকৰে।

শচীনে কয়, “মই বৈভৱক ক’ব বিচাৰো যে তেওঁ যেনেকুৱা, তেনেকৈয়ে থাকক। প্ৰতিটো বস্তুৰে এটা প্ৰথম সুযোগ থাকে। টেষ্ট ক্ৰিকেটত বয়স আৰু অভিজ্ঞতাৰ সৈতে তেওঁ বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ শিকি যাব।”

শচীন টেণ্ডুলকাৰে স্পষ্টকৈ কয় যে বৈভৱ সূৰ্যবংশীৰ স্বাভাৱিক বেটিং শৈলীৰ সৈতে হেতালি খেলাটো ভুল হ’ব। শচীনে কয়, ‘তেওঁক সেই ধৰণৰ খেলুৱৈ যেন লাগে ,যাৰ নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে আৰু তেওঁ কি কৰিব বিচাৰে সেই বিষয়ে ভালদৰে জানে। মই তেওঁৰ স্বাভাৱিক প্ৰবৃত্তিৰ সৈতে একেবাৰেই হেতালি খেলিব নিবিচাৰো। তেওঁ যিদৰে বলটো দেখে আৰু তাৰ প্ৰতি যিদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, সেয়া অতি বিশেষ। যদি তেওঁৰ মনত বহুত কথা ভৰাই দিয়া হয় আৰু একেৰাহে নিৰ্দেশ দি থকা হয়, তেন্তে তাৰ পৰাই আচল সমস্যাৰ আৰম্ভণি হ’ব।”

শচীনে লগতে কয়, “মই বৈভৱ সূৰ্যবংশীৰ বেটিং চাইছো। সেয়া আছিল চমৎকাৰ, সঁচাকৈয়ে অতি বিশেষ। কেৱল বলটো জোৰেৰে কোবোৱাৰ ক্ষমতাই নহয়, মোক আটাইতকৈ বেছি আকৰ্ষিত কৰা বস্তুটো হ’ল তেওঁৰ ৰিষ্টৱৰ্ক। যিকোনো বেটছমেনক খেলপথাৰৰ প্ৰতিটো দিশতে শ্বট খেলিবলৈ সুন্দৰ ৰিষ্টৱৰ্কৰ প্ৰয়োজন হয়। তেওঁ বলটো কেৱল স্লেগ (বতাহত জোৰেৰে মৰা) নকৰে। তেওঁ বাকী বেটছমেনসকলতকৈ আগতেই লাইন আৰু লেংথ বুজি পায় আৰু সহজতে বলটো বাউণ্ড্ৰীৰ বাহিৰলৈ পঠিয়াই দিয়ে।”

তেওঁ কয়, “মই চিলেকক্টৰ নহয়, কিন্তু কেৱল ময়েই নহয়, সকলোৱে তেওঁক কোনোবা নহয় কোনোবা পৰ্যায়ত ভাৰতীয় দলত চাবলৈ বিচাৰে। এনে প্ৰতিভাক সমৰ্থন আৰু উৎসাহিত কৰা উচিত। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আমি তেওঁৰ ক্ৰিকেট উপভোগ কৰিব লাগে আৰু তেওঁৰ ওপৰত ক্ৰমাগতভাৱে চাপ সৃষ্টি কৰিব নালাগে।”

লগতে পঢ়ক: আজি আই পি এলৰ ফাইনেলঃ চেম্পিয়ন দলৰ ওপৰত হ’ব টকাৰ বৰষুণ, কিমান পাব ৰানাৰ্ছ আপ দলে ?

ছানিয়া চান্দোকৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল অৰ্জুন টেণ্ডুলকাৰ; উপস্থিত ভিভিআইপি তাৰকা

বিবাহপাশত আবদ্ধ হ’ল শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰ। এই বিবাহত ক্ৰিকেট, বলীউড আৰু ব্যৱসায়িক জগতৰ বহু তাৰকা উপস্থিত আছিল।

বিবাহপাশত আবদ্ধ  হ’ল শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰ। ৫ মাৰ্চত মুম্বাইত অৰ্জুনে ছানিয়া চান্দোকৰ সৈতে বিবাহপাশত আবদ্ধ হয়।এই বিবাহত ক্ৰিকেট জগতৰ লগতে চলচ্চিত্ৰ জগতৰ চেলিব্ৰিটিসকলেও উপস্থিত আছিল।

এতিয়া সামাজিক মাধ্যমত এই বিবাহৰ ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে,য’ত শচীন তেণ্ডুলকাৰ আৰু তেওঁৰ পত্নী অঞ্জলিয়ে পুত্ৰ আৰু বোৱাৰীক আশীৰ্বাদ দিয়া দেখা গৈছে।

অৰ্জুন টেণ্ডুলকাৰে ঘৰুৱা ক্ৰিকেট আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত নিজৰ নাম উজলাইছে।এতিয়া অৰ্জুনৰ জীৱনৰ এই নতুন অধ্যায় আৰম্ভ হোৱাৰ লগে লগে অনুৰাগী আৰু ক্ৰিকেট জগতৰ শুভেচ্ছাৰ ঢৌ উঠিছে।

অৰ্জুন টেণ্ডুলকাৰ আৰু ছানিয়া চান্দোকৰ বিবাহত অমিতাভ বচ্ছন, নীতা আম্বানী, মুকেশ আম্বানী,আকাশ আম্বানী আৰু শ্লোকা মেহতা, শ্বাহৰুখ খান পত্নী গৌৰী খান কন্যা সুহানা, যুৱৰাজ সিং পত্নী হেজেল কিচ

হৰভজন সিং পত্নী গীতা বসৰা, এম এছ ধোনী আৰু সাক্ষী, অভিনেতা অভিষেক বচ্ছন পত্নী ঐশ্বৰ্য ৰায়কে ধৰি বহু তাৰকা উপস্থিত থাকে।

লগতে পঢ়ক: লগতে পঢ়ক: ছেমিফাইনেলৰ পূৰ্বে চিন্তিত ভাৰতীয় দল! খেলিব নোৱাৰিব নেকি ছন্দলৈ উভতা সঞ্জু ছেমছনে ?

ৱাংখেড়েত শচীন আৰু মেছিৰ যুগলবন্দী… সোণালী মুহূৰ্ত বুলি অভিহিত মাষ্টাৰ ব্লাষ্টাৰৰ

দেওবাৰে মুম্বাইৰ ঐতিহাসিক ৱাংখেড়ে ষ্টেডিয়ামত দেখা গ’ল শচীন আৰু মেছিৰ যুগলবন্দী । ষ্টেডিয়ামত দুয়োজন মহাতাৰকাক একেলগে দেখা পায় উৎফুল্লিত হৈ পৰে অনুৰাগী ।

দেওবাৰে আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিয়নেল মেছিৰ ভাৰত ভ্ৰমণৰ দ্বিতীয় দিন । কলকাতা আৰু হায়দৰাবাদৰ পাছত দেওবাৰে মেছিয়ে পৰৱৰ্তী ষ্টপেজৰ বাবে মুম্বাইত উপস্থিত হয় । মুম্বাইত মেছিয়ে কেইবাটাও অনুষ্ঠানত অংশ লয় । এই সময়ত মেছিয়ে তেওঁক চাবলৈ বৃহৎ সংখ্যক দৰ্শক অহা ৱাংখেড়ে ষ্টেডিয়ামত উপস্থিত হয় । ভাৰতৰ কিংবদন্তি বেটছমেন শচীন তেণ্ডুলকাৰ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ আৰু ভাৰতীয় ফুটবল দলৰ মহান খেলুৱৈ সুনীল ছেত্ৰীও ৱাংখেড়েত উপস্থিত থাকে ।

মেছিয়ে লাভ কৰিলে বৃহৎ আদৰণি-

ৱাংখেড়ে ষ্টেডিয়ামত উপস্থিত হোৱাৰ লগে লগে মেছিক বৃহৎ আদৰণি জনোৱা হয় । তেওঁ আহি পোৱাৰ লগে লগে দৰ্শকে “মেছি…মেছি” বুলি চিঞৰি উঠে । ৱাংখেড়ে ষ্টেডিয়ামত মেছিয়ে দৰ্শকক মনোৰঞ্জন কৰে ।

ফাড়নৱিছে আৰম্ভ কৰিলে প্ৰজেক্ট মহাদেৱ-

চাৰি চহৰৰ GOAT ইণ্ডিয়া ভ্ৰমণৰ তৃতীয় লেগত ৱাংখেড়ে ষ্টেডিয়ামত এঘণ্টা সময় কটায় মেছিয়ে । তেওঁ যুৱ ফুটবল খেলুৱৈ, কিংবদন্তি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ, ভাৰতীয় ফুটবলৰ কিংবদন্তি সুনীল ছেত্ৰী আৰু মনোৰঞ্জন জগতৰ ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে এই অনুষ্ঠানত ‘প্ৰজেক্ট মহাদেৱ’ৰ কথা ঘোষণা কৰে, যাৰ লক্ষ্য হৈছে সমগ্ৰ ৰাজ্যৰ যুৱ ফুটবল খেলুৱৈক চিনাক্ত আৰু বিকাশ কৰা ।

মেছি আৰু শচীনৰ যুগলবন্দী-

আইকনিক ৱাংখেড়ে ষ্টেডিয়ামে মেছি আৰু ক্ৰিকেট কিংবদন্তি শচীন টেণ্ডুলকাৰক একেলগে আতিথ্য দি ভাৰতীয় ক্ৰীড়া ইতিহাসত আন এক গৌৰৱময় অধ্যায় সংযোজন কৰে । শচীনেও মেছিক উষ্ম আদৰণি জনায় । তেওঁ মেছিৰ মুম্বাই ভ্ৰমণক মহানগৰ আৰু দেশৰ বাবে এক সোণালী মুহূৰ্ত বুলি অভিহিত কৰে । টেণ্ডুলকাৰে মেছিৰ ভ্ৰমণক ২০১১ চনৰ ক্ৰিকেট বিশ্বকাপত একেখন খেলপথাৰতে জয়লাভ কৰাৰ সৈতে তুলনা কৰে, যেতিয়া তেওঁ ইণ্টাৰ মিয়ামিৰ সতীৰ্থ লুইছ ছুৱেৰেজ আৰু ৰড্ৰিগো ডি পলৰ সৈতে আহিছিল । টেণ্ডুলকাৰে মেছিক তেওঁৰ অটোগ্ৰাফযুক্ত ১০ নম্বৰৰ জাৰ্চি উপহাৰ দিয়ে । ইয়াৰ বিনিময়ত আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী অধিনায়ক মেছিয়ে এটা ফুটবল উপহাৰ দিয়ে ।

শচীনে কয়, “মই ইয়াত কিছুমান অবিশ্বাস্য মুহূৰ্ত কটালোঁ । আমি কোৱাৰ দৰে মুম্বাই হৈছে সপোনৰ নগৰ আৰু এই স্থানত বহু সপোন বাস্তৱায়িত হৈছে । আপোনালোকৰ সহায় অবিহনে আমি ২০১১ চনত এই মাটিত সেই সোণালী মুহূৰ্তবোৰ কেতিয়াও দেখা নাপালোহেঁতেন । আজি ইয়াত এই তিনিজন মহান ব্যক্তিত্ব থকাটো সঁচাকৈয়ে মুম্বাই, মুম্বাইবাসী আৰু ভাৰতৰ বাবে এক সোণালী মুহূৰ্ত ।”

লগতে পঢ়ক : হাৰ্দিক পাণ্ডিয়াই ৰচিলে ইতিহাস, এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন অল-ৰাউণ্ডাৰ

শীঘ্ৰেই বিবাহ পাশত আৱদ্ধ হ’ব শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰ! মুম্বাইৰ সম্ভ্ৰান্ত পৰিয়ালৰ কইনাৰে বাগদান  

শীঘ্ৰেই বিবাহ পাশত আৱদ্ধ হ’ব অৰ্জুন টেণ্ডুলকাৰ

ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বহু ৰান সংগ্ৰহ কৰা ব্যক্তি শচীন টেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰৰ ৰিং চেৰিমনি অনুষ্ঠিত হয়।

মুম্বাইৰ সম্ভ্ৰান্ত পৰিয়াল ৰবি ঘাইৰ নাতিনী ছানিয়া চান্দোকৰ সৈতে বাগদান সম্পন্ন হয় অৰ্জুন তেণ্ডুলকাৰৰ। এই এংগেজমেণ্টত দুয়োটা পৰিয়ালৰ ঘনিষ্ঠ সদস্য আৰু বন্ধু-বান্ধৱীয়ে অংশগ্ৰহণ কৰিছিল।

ঘাই পৰিয়ালটো মুম্বাইৰ এটা ডাঙৰ আৰু বিখ্যাত ব্যৱসায়িক পৰিয়াল। তেওঁ ইন্টাৰকন্টিনেণ্টেল মেৰিন ড্ৰাইভ হোটেল আৰু ব্ৰুকলিন ক্ৰীমেৰী (কম কেলৰিযুক্ত আইচক্ৰীম ব্ৰেণ্ড)ৰ মালিক।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ত অৰ্জুন টেণ্ডুলকাৰৰ প্ৰদৰ্শন অতি সীমিত আছিল কাৰণ তেওঁ সমগ্ৰ প্ৰতিযোগিতাখনত এখনো মেচ খেলাৰ সুযোগ নাপালে।

মুম্বাই ইণ্ডিয়ানছে (এম আই) ৩০ লাখ টকাৰ ভিত্তি মূল্যত তেওঁক মেগা নিলামত ক্ৰয় কৰিছিল, কিন্তু দল পৰিচালনাই তেওঁক প্লেইং এঘাৰত অন্তৰ্ভুক্ত কৰা নাছিল।

ইয়াৰ বাবেই তেওঁৰ নামত কোনো ৰান, উইকেট বা আন পৰিসংখ্যা লিপিবদ্ধ নহ’ল আৰু তেওঁ গোটেই ছিজনটো বেঞ্চত কটালে।

লগতে পঢ়ক: ‘আমাৰ সৈনিক ঘৰলৈ নাহে আৰু…’; এছিয়া কাপত ভাৰত-পাকিস্তানৰ খেলক লৈ খং উঠিল হৰভজন সিঙৰ

মহম্মদ ছিৰাজে ভংগ কৰিলে শচীন তেণ্ডুলকাৰৰ এই মহান অভিলেখ…

মহম্মদ ছিৰাজে ভংগ কৰিলে শচীনৰ অভিলেখ

ভাৰতৰ তাৰকা বেগী বলাৰ মহম্মদ ছিৰাজে মহান ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰৰ এক বৃহৎ অভিলেখ ভংগ কৰিছে।ইংলেণ্ডৰ বিৰুদ্ধে অ’ভালত চলি থকা পঞ্চমখন টেষ্ট মেচত মহম্মদ ছিৰাজে দুৰ্দান্ত বলিং কৰিছে।

ইংলেণ্ডৰ প্ৰথম ইনিংছত মহম্মদ চিৰাজে ১৬.২ অভাৰত ৮৬ ৰানত ৪ উইকেট দখল কৰে।এই সময়ছোৱাত খেলুৱৈ গৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এক ডাঙৰ মাইলৰ খুঁটি অৰ্জন কৰিছে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰি মহান ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিছে ছিৰাজে।

শচীন টেণ্ডুলকাৰ তেওঁৰ খেলৰ দিনত দুৰ্দান্ত বেটছমেন হোৱাৰ উপৰিও তেওঁ এজন বিশেষজ্ঞ লেগ স্পিনাৰো আছিল।

শচীন টেণ্ডুলকাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০১টা উইকেট দখল কৰিছে ।কিন্তু এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শচীন টেণ্ডুলকাৰক পিছ পেলাই ২০৩টা উইকেট দখল কৰিছে মহম্মদ ছিৰাজে।

ছিৰাজে টেষ্ট মেচত ১১৮টা, এদিনীয়াত ৭১টা আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ১৪টা উইকেট দখল কৰিছে। আনহাতে শচীন টেণ্ডুলকাৰে টেষ্টত ৪৬টা, এদিনীয়াত ১৫৪টা আৰু টি-২০ ইণ্টাৰনেশ্যনেলত ১টা উইকেট দখল কৰিছে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ছিৰাজৰ নাম এতিয়া মুঠ ২০৩টা উইকেট দখল কৰাৰ তালিকাত অন্তৰ্ভূক্ত হৈছে।একে সময়তে শচীন টেণ্ডুলকাৰৰ মুঠ ২০১টা উইকেটৰ কৃতিত্ব আছে।

ছিৰাজে এই কৃতিত্ব অৰ্জন কৰে যেতিয়া তেওঁ দ্ৰুত বলাৰৰ অনুকূল অ’ভাল পিটচত ইংলেণ্ডৰ ৪ জন বেটছমেনক আউট কৰে।

লগতে পঢ়ক: ‘আত্মহত্যা কৰিবলৈ মন গৈছিল…’; বিবাহ বিচ্ছেদক লৈ যুজবেন্দ্ৰ চাহালে ভংগ কৰিলে মৌনতা

শুভমান গিলৰ অধিনায়কত্বৰ অনুৰাগী হ’ল শচীন টেণ্ডুলকাৰ; কৰিলে বিশেষ মন্তব্য

শুভমান গিলৰ অধিনায়কত্বৰ অনুৰাগী শচীন টেণ্ডুলকাৰ

মহান বেটছমেন শচীন টেণ্ডুলকাৰে চিন্তাশীল আৰু শান্তভাৱে সিদ্ধান্ত লোৱাৰ বাবে নতুন টেষ্ট অধিনায়ক শুভমান গিলক প্ৰশংসা কৰিছে।

ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ পূৰ্বে টিম ইণ্ডিয়াৰ টেষ্ট দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছিল গিল।তেওঁৰ অধিনায়কত্বৰ আৰম্ভণি অতি কঠিন আছিল।

প্ৰথমখন খেলত ইংলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ভাৰতে। কিন্তু দ্বিতীয়খন মেচত গিলৰ নেতৃত্বত ভাৰতে এক বৃহৎ প্ৰত্যাৱৰ্তন কৰে।

অধিনায়ক হিচাপে গিলে প্ৰথমখন মেচতে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু এই পৰাজয়ৰ বাবে ভয় খোৱাৰ পৰিৱৰ্তে গিলে শক্তিশালী কামবেক কৰিলে।

দ্বিতীয় টেষ্টত তেওঁ টিম ইণ্ডিয়াক এক উজ্জ্বল জয় প্ৰদান কৰে।বাৰ্মিংহামৰ এডগবাষ্টন খেলপথাৰত ইংলেণ্ডক ৩৩৬ ৰানত পৰাস্ত কৰি ভাৰতে পাঁচখন খেলৰ শৃংখলা ১-১ সমতা স্থাপন কৰে

গিলৰ বিষয়ে শচীনে ক’লে এই কথা

আজিৰে পৰা লৰ্ডছ খেলপথাৰত ভাৰত আৰু ইংলেণ্ডৰ শৃংখলাৰ তৃতীয়খন টেষ্ট আৰম্ভ হৈছে।ইয়াৰ পূৰ্বে ষ্টাৰ স্প’ৰ্টছৰ সৈতে কথা পাতি থকাৰ সময়তে শচীন টেণ্ডুলকাৰে কয় যে, “শুভমানে অতি দুৰ্দান্ত প্ৰদৰ্শন কৰিছে, তেওঁ অতি শান্ত আৰু সংযত”।

“মোৰ বিশ্বাস বাকী ১০ জন খেলুৱৈয়ে তেওঁৰ সিদ্ধান্ত আৰু নেতৃত্বক সন্মান কৰে।তেওঁ লোৱা সিদ্ধান্তবোৰ যুক্তিসংগত আৰু সুচিন্তিত।”

শচীনে আৰু কয়,‘তেওঁৰ বেটিং তেওঁৰ অধিনায়কত্বৰ সৈতে মিল খায়। যেতিয়া কোনো অধিনায়ক ভাল ফৰ্মত থাকে, ইয়াৰ দ্বাৰা সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পৰে”।

“প্ৰয়োজনীয় সিদ্ধান্ত ল’বলৈ সঠিক মানসিকতাত থকাটো প্ৰয়োজন আৰু বৰ্তমান তেওঁ তাতেই আছে।তেওঁ উজ্জ্বল বেটিং কৰি আছে।”

লগতে পঢ়ক: চতুৰ্থ টি-২০ত ইংলেণ্ডৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ ভাৰতৰ; শৃংখলাত ৩-১ ব্যৱধানত অগ্ৰগতি

‘বাহিৰৰ কথাৰ প্ৰতি গুৰুত্ব নিদিবা’; শচীন টেণ্ডুলকাৰে শুভমান গীলক দিলে গুৰুমন্ত্ৰ

শচীন টেণ্ডুলকাৰে দিলে গুৰুমন্ত্ৰ

অহা ২০ জুনত টেষ্ট ক্ৰিকেটত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ অধিনায়কত্বৰ দায়িত্ব গ্ৰহণ কৰিব শুভমান গীলে।বৰ্তমান ভাৰতীয় দলটোৱে ইংলেণ্ড ভ্ৰমণত আছে, য’ত ছিৰিজৰ প্ৰথমখন মেচ লিডছত খেলিব লাগিব।

ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতে এই ফৰ্মেটত শুভমান গীলক পৰৱৰ্তী অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছিল নিৰ্বাচক দলে।

এতিয়া ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাত অধিনায়ক আৰু বেটছমেন হিচাপে কেনেদৰে প্ৰদৰ্শন কৰিব সেই বিষয়ে সকলোৰে দৃষ্টি শুভমান গীলৰ প্ৰদৰ্শনৰ ওপৰত আছে।

একে সময়তে এই সন্দৰ্ভত মহান বেটছমেন শচীন টেণ্ডুলকাৰৰ বক্তব্যও ওলাইছে, য’ত তেওঁ গীলক এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছে যে তেওঁ নিজকে বাহিৰৰ কোলাহলৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব।

বাহিৰৰ কথাৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই; শচীন তেণ্ডুলকাৰ

শচীন টেণ্ডুলকাৰে তেওঁৰ বিবৃতিত আৰু কয় যে শুভমান গীলে অধিনায়ক হিচাপে বাহ্যিক শব্দৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই।

মানুহে নিজৰ মতামত দি থাকিব, কিন্তু দিনৰ শেষত গুৰুত্বপূৰ্ণ কথাটো হ’ল ড্ৰেছিং ৰুমৰ পৰিৱেশ কেনেকুৱা আৰু দলৰ স্বাৰ্থত কি কি সিদ্ধান্ত লোৱা হৈছিল তাৰ বাহিৰে আন একো নহয়।

ইংলেণ্ডৰ পৰিস্থিতি সন্দৰ্ভত শচীনে টিম ইণ্ডিয়াৰ বেটছমেনসকলকো পৰামৰ্শ দিয়ে যে তেওঁলোকে চৰ্ত অনুসৰি কৌশল বনাব লাগিব কাৰণ ইয়াত আপোনালোকে এনেকৈ খেলিব নোৱাৰে, মোৰ খেল এনেকুৱা আৰু মই কেৱল এনেকৈ খেলিম।বেটছমেনসকলে কিছু ধৈৰ্য্য দেখুৱাব লাগিব।

লগতে পঢ়ক: দিব্যা দেশমুখৰ সফলতা; বিশ্বৰ ১ নম্বৰ চীনৰ প্ৰবীণ দবা খেলুৱৈক কৰিলে পৰাস্ত

শচীনে লাভ কৰিলে জীৱনজোৰা সাধনা বঁটা…অশ্বিন আৰু চৰফৰাজেও লাভ কৰিলে বি চি চি আইৰ ডাঙৰ খিতাপ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে লাইফটাইম এচিভমেণ্ট বঁটা প্ৰদান কৰে টিম ইণ্ডিয়াৰ প্ৰাক্তন কিংবদন্তি বেটছমেন শচীন টেণ্ডুলকাৰক । ইয়াৰ উপৰিও টিম ইণ্ডিয়াৰ যুৱ বেটছমেন চৰফৰাজ খান আৰু প্ৰাক্তন প্ৰবীণ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনকো ডাঙৰ খিতাপ প্ৰদান কৰে । অশ্বিনক বি চি চি আইয়ে বিশেষ বঁটা প্ৰদান কৰে । ইয়াৰ উপৰিও চৰফৰাজ খানক তেওঁৰ উজ্জ্বল অভিষেকৰ বাবে বঁটা প্ৰদান কৰে ।

শচীন টেণ্ডুলকাৰ-

কিংবদন্তি শচীন টেণ্ডুলকাৰক বি চি চি আইৰ ‘কৰ্ণেল চি কে নাইডু লাইফটাইম এচিভমেণ্ট এৱাৰ্ড’ৰে সন্মানিত কৰা হয় । কিংবদন্তি টেণ্ডুলকাৰে ভাৰতৰ হৈ ২০০খন টেষ্ট, ৪৬৩খন এদিনীয়া আৰু ১খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল । শচীনে টেষ্টত ১৫৯২১ ৰান, এদিনীয়াত ১৮৪২৬ ৰান আৰু একমাত্ৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ১০ ৰান সংগ্ৰহ কৰিছে । ইয়াৰ বাহিৰেও বলিঙত তেওঁ টেষ্টত ৪৬টা আৰু এদিনীয়াত ১৫৪টা উইকেট দখল কৰিছে ।

ৰবিচন্দ্ৰন অশ্বিন-

ভাৰতীয় দলৰ প্ৰাক্তন কিংবদন্তি স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনক বি চি চি আইয়ে ‘বি চি চি আই বিশেষ বঁটা’ প্ৰদান কৰে । উল্লেখ্য যে ২০২৪-২৫ চনত অষ্ট্ৰেলিয়া ভ্ৰমণত খেলা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ মাজতে অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল । ভাৰতীয় স্পীনাৰগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ১০৬খন টেষ্ট, ১১৬খন এদিনীয়া আৰু ৬৫খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে ।

চৰফৰাজ  খান-

টিম ইণ্ডিয়াৰ তাৰকা বেটছমেন চৰফৰাজ খানক বি চি চি আইয়ে ‘শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় অভিষেক’ বঁটা প্ৰদান কৰে । মন কৰিবলগীয়া যে ইংলেণ্ডৰ বিৰুদ্ধে খেলা টেষ্টৰ জৰিয়তে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত চৰফৰাজ খানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায় । কেৰিয়াৰৰ প্ৰথমখন টেষ্টৰ দুয়োটা ইনিংছতে চফৰাজ খানে ক্ৰমে ৬২ আৰু ৬৮* ৰান সংগ্ৰহ কৰে । চৰফৰাজে এতিয়ালৈকে টিম ইণ্ডিয়াৰ হৈ ৬খন টেষ্ট খেলিছে, য’ত তেওঁ ৩৭.১০ গড়ে ৩৭১ ৰান সংগ্ৰহ কৰিছে । এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা ১ শতক আৰু ৩টা অৰ্ধশতক আহিছে ।

বুমৰাহক বি চি চি আইৰ পলি উমৰিগৰ বঁটা-

ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ বহুবাৰ শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে । বুমৰাহে প্ৰতিটো ফৰ্মেটতে নিজৰ যাদু দেখুৱাইছে । ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে তেওঁক এটা ডাঙৰ খিতাপেৰে সন্মানিত কৰিছে । বুমৰাহক শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে । তেওঁক পলি উমৰিগৰ বঁটাৰে সন্মানিত কৰা হৈছে ।

২০২৩-২৪ বৰ্ষৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হৈছে বুমৰাহ । এই কাৰণে তেওঁক পলি উমৰিগৰ উপাধিৰে সন্মানিত কৰা হৈছে ।

দ্ৰাবিড়-শচীনৰ তালিকাত বুমৰাহ…বছৰৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হোৱা খেলুৱৈৰ তালিকা

২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে ভাৰতৰ যশপ্ৰীত বুমৰাহ । মঙলবাৰে এই কথা ঘোষণা কৰে আই চি চিয়ে । ইয়াৰ পূৰ্বে সোমবাৰে তেওঁক ২০২৪ চনৰ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰা হৈছিল । এতিয়া তেওঁ শ্ৰেষ্ঠ পুৰুষ ক্ৰিকেটাৰ হৈ এক বিশেষ কৃতিত্ব অৰ্জন কৰিছে । ভাৰতৰ পৰা এই সন্মান লাভ কৰা তেওঁ পঞ্চমজন খেলুৱৈ । ইয়াৰ পূৰ্বে ২০০৪ চনত ৰাহুল দ্ৰাবিড়, ২০১০ চনত শচীন টেণ্ডুলকাৰ, ২০১৬ চনত ৰবিচন্দ্ৰন অশ্বিন আৰু ২০১৭ আৰু ২০১৮ চনত বিৰাট কোহলীয়ে এই বঁটা লাভ কৰিছিল ।

আই চি চি টেষ্ট ৰেংকিঙৰ শীৰ্ষত বুমৰাহ-

বৰ্তমান আই চি চি টেষ্ট ৰেংকিঙত বুমৰাহ বিশ্বৰ শীৰ্ষ স্থানত থকা বলাৰ হিচাপে পৰিগণিত হৈছে । ইয়াৰ উপৰিও তেওঁ ২০০টা টেষ্ট উইকেট দখল কৰা ভাৰতীয় বেগী বলাৰ । ২০টাতকৈয়ো কম গড়ে এই উইকেট দখল কৰাৰ লগতে টেষ্ট ক্ৰিকেটৰ ইতিহাসত তেওঁৰ তুলনাত কম বলিং গড় কাৰো নাই । টেষ্ট ৰেংকিঙত শীৰ্ষ স্থান দখল কৰাৰ উপৰিও বুমৰাহে ৯০০ ৰেটিং পইণ্টৰ সীমাও স্পৰ্শ কৰে, যিটো ভাৰতীয় যিকোনো বলাৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ।

ভাৰতৰ খিতাপ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল-

২০২৪ চনত বুমৰাহে ভাৰতক টি-২০ বিশ্বকাপ জয় কৰাত সহায় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । প্ৰতিযোগিতাখনত তেওঁ ১৫টা উইকেট দখল কৰে । এই সময়ছোৱাত তেওঁৰ বলিং গড় আছিল ৮.২৬ আৰু ইকনমিৰ গড় আছিল ৪.১৭ । তেওঁ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল । ইয়াৰ উপৰিও তেওঁ টেষ্টতো উৎকৃষ্ট আছিল । যোৱা বছৰ তেওঁ ১৩খন টেষ্টত সৰ্বাধিক উইকেট দখল কৰিছিল, ১৩খন টেষ্টত ৭১টা উইকেট দখল কৰিছিল । কেলেণ্ডাৰ বৰ্ষত টেষ্টত সৰ্বাধিক উইকেট দখল কৰাৰ ক্ষেত্ৰত তেওঁতকৈ কেৱল কপিল দেৱহে আগবাঢ়ি আছে ।

আই চি চিৰ বছৰৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ (ছাৰ গাৰ্ফিল্ড ছ’বাৰ্ছ ট্ৰফী)

২০০৪ চনত ৰাহুল দ্ৰাবিড়, ভাৰত

২০০৫ চনত জেক কালিছ / এণ্ড্ৰু ফ্লিণ্টফ (যৌথ) দক্ষিণ আফ্ৰিকা / ইংলেণ্ড

২০০৬ চনত ৰিকি পণ্টিং, অষ্ট্ৰেলিয়া

২০০৭ – –

২০০৮ চনত শিৱনাৰিন চন্দ্ৰপল, ৱেষ্ট ইণ্ডিজ

২০০৯ চনত মিচেল জনছন, অষ্ট্ৰেলিয়া

২০১০ চনত শচীন তেণ্ডুলকাৰ, ভাৰত

২০১১ চনত জনাথন ট্ৰট, ইংলেণ্ড

২০১২ চনত কুমাৰ ছাংগাকাৰা, শ্ৰীলংকা

২০১৩ চনত মাইকেল ক্লাৰ্ক, অষ্ট্ৰেলিয়া

২০১৪ চনত মিচেল জনছন, অষ্ট্ৰেলিয়া

২০১৫ চনত ষ্টিভ স্মিথ, অষ্ট্ৰেলিয়া

২০১৬ চনত ৰবিচন্দ্ৰন অশ্বিন, ভাৰত

২০১৭ চনত বিৰাট কোহলী, ভাৰত

২০১৮ – –

২০১৯ চনত বেন ষ্টোকছ, ইংলেণ্ড

২০২১ চনত শ্বহীন শ্বাহ আফ্ৰিদি, পাকিস্তান

২০২২ চনত বাবৰ আজম, পাকিস্তান

২০২৩ চনত পেট কামিন্স, অষ্ট্ৰেলিয়া

২০২৪ চনত যশপ্ৰীত বুমৰাহ, ভাৰত