' ভাৰতীয় দলত চাবলৈ বিচাৰো'; বৈভৱ সূৰ্যবংশীক প্ৰশংসা শচীন তেণ্ডুলকাৰৰ

‘তেওঁক ভাৰতীয় দলত চাবলৈ বিচাৰো’; বৈভৱ সূৰ্যবংশীক প্ৰশংসা শচীন টেণ্ডুলকাৰৰ

বিশ্বৰ বহু ক্ৰিকেট বিশেষজ্ঞ বৈভৱ সূৰ্যবংশীৰ বেটিং কৌশলত মোহিত হৈ পৰিছে। এতিয়া ‘ক্ৰিকেটৰ ভগৱান’ বুলি গণ্য কৰা শচীন টেণ্ডুলকাৰেও বৈভৱৰ প্ৰশংসা কৰিছে। ১৫ বছৰ বয়সত যেতিয়া বেছিভাগ ল’ৰা-ছোৱালীয়ে ক্ৰিকেটাৰ হোৱাৰ সপোন দেখে, সেই সময়ত বৈভৱ সূৰ্যবংশী ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত হৈ পৰিছে। ৰাজস্থান ৰয়েলছ ৰ এই

বিশ্বৰ বহু ক্ৰিকেট বিশেষজ্ঞ বৈভৱ সূৰ্যবংশীৰ বেটিং কৌশলত মোহিত হৈ পৰিছে। এতিয়া ‘ক্ৰিকেটৰ ভগৱান’ বুলি গণ্য কৰা শচীন টেণ্ডুলকাৰেও বৈভৱৰ প্ৰশংসা কৰিছে।

১৫ বছৰ বয়সত যেতিয়া বেছিভাগ ল’ৰা-ছোৱালীয়ে ক্ৰিকেটাৰ হোৱাৰ সপোন দেখে, সেই সময়ত বৈভৱ সূৰ্যবংশী ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত হৈ পৰিছে। ৰাজস্থান ৰয়েলছ ৰ এই যুৱ বেটছমেনগৰাকীয়ে আই পি এল ২০২৬ ত এনে ধুমুহাৰ সৃষ্টি কৰিছে যে এতিয়া কেৱল অনুৰাগীয়েই নহয়, কিংবদন্তী ক্ৰিকেটাৰসকলেও তেওঁৰ প্ৰশংসা কৰি ভাগৰা নাই। ৰেকৰ্ড ভাঙি গৈছে, বলাৰসকল অসহায় হৈ পৰিছে আৰু টীম ইণ্ডিয়াত তেওঁৰ অন্তৰ্ভুক্তিৰ দাবী দিনক দিনে তীব্ৰতৰ হৈ পৰিছে।

এতিয়া এই ‘ৱাণ্ডাৰ বয়’ক লৈ স্বয়ং শচীন টেণ্ডুলকাৰে এক ডাঙৰ মন্তব্য কৰিছে। ‘ক্ৰিকেটৰ ভগৱান’ বুলি গণ্য কৰা শচীনে বৈভৱক পৰামৰ্শ দি কয় যে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁ যেন নিজক একেবাৰেই সলনি নকৰে।

শচীনে কয়, “মই বৈভৱক ক’ব বিচাৰো যে তেওঁ যেনেকুৱা, তেনেকৈয়ে থাকক। প্ৰতিটো বস্তুৰে এটা প্ৰথম সুযোগ থাকে। টেষ্ট ক্ৰিকেটত বয়স আৰু অভিজ্ঞতাৰ সৈতে তেওঁ বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ শিকি যাব।”

শচীন টেণ্ডুলকাৰে স্পষ্টকৈ কয় যে বৈভৱ সূৰ্যবংশীৰ স্বাভাৱিক বেটিং শৈলীৰ সৈতে হেতালি খেলাটো ভুল হ’ব। শচীনে কয়, ‘তেওঁক সেই ধৰণৰ খেলুৱৈ যেন লাগে ,যাৰ নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে আৰু তেওঁ কি কৰিব বিচাৰে সেই বিষয়ে ভালদৰে জানে। মই তেওঁৰ স্বাভাৱিক প্ৰবৃত্তিৰ সৈতে একেবাৰেই হেতালি খেলিব নিবিচাৰো। তেওঁ যিদৰে বলটো দেখে আৰু তাৰ প্ৰতি যিদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, সেয়া অতি বিশেষ। যদি তেওঁৰ মনত বহুত কথা ভৰাই দিয়া হয় আৰু একেৰাহে নিৰ্দেশ দি থকা হয়, তেন্তে তাৰ পৰাই আচল সমস্যাৰ আৰম্ভণি হ’ব।”

শচীনে লগতে কয়, “মই বৈভৱ সূৰ্যবংশীৰ বেটিং চাইছো। সেয়া আছিল চমৎকাৰ, সঁচাকৈয়ে অতি বিশেষ। কেৱল বলটো জোৰেৰে কোবোৱাৰ ক্ষমতাই নহয়, মোক আটাইতকৈ বেছি আকৰ্ষিত কৰা বস্তুটো হ’ল তেওঁৰ ৰিষ্টৱৰ্ক। যিকোনো বেটছমেনক খেলপথাৰৰ প্ৰতিটো দিশতে শ্বট খেলিবলৈ সুন্দৰ ৰিষ্টৱৰ্কৰ প্ৰয়োজন হয়। তেওঁ বলটো কেৱল স্লেগ (বতাহত জোৰেৰে মৰা) নকৰে। তেওঁ বাকী বেটছমেনসকলতকৈ আগতেই লাইন আৰু লেংথ বুজি পায় আৰু সহজতে বলটো বাউণ্ড্ৰীৰ বাহিৰলৈ পঠিয়াই দিয়ে।”

তেওঁ কয়, “মই চিলেকক্টৰ নহয়, কিন্তু কেৱল ময়েই নহয়, সকলোৱে তেওঁক কোনোবা নহয় কোনোবা পৰ্যায়ত ভাৰতীয় দলত চাবলৈ বিচাৰে। এনে প্ৰতিভাক সমৰ্থন আৰু উৎসাহিত কৰা উচিত। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আমি তেওঁৰ ক্ৰিকেট উপভোগ কৰিব লাগে আৰু তেওঁৰ ওপৰত ক্ৰমাগতভাৱে চাপ সৃষ্টি কৰিব নালাগে।”

লগতে পঢ়ক: আজি আই পি এলৰ ফাইনেলঃ চেম্পিয়ন দলৰ ওপৰত হ’ব টকাৰ বৰষুণ, কিমান পাব ৰানাৰ্ছ আপ দলে ?