ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । এই কৃতিত্ব অৰ্জন কৰা তেওঁ বিশ্বৰ প্ৰথমজন বেগী বলাৰত হিচাবে পৰিগণিত হৈছে ।
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তৃতীয়খন টি-২০ মেচ আজি ধৰমশালাত অনুষ্ঠিত হৈছে । এই মেচতে ভাৰতৰ তাৰকা অল-ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই টি-২০ ক্ৰিকেটত আন এক অভিলেখ ৰচে । এতিয়া পুৰুষৰ টি-২০ ক্ৰিকেটত ১০০০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰাৰ লগতে ১০০ৰো অধিক উইকেট দখল কৰা বিশ্বৰ প্ৰথমজন বেগী বলাৰ হিচাপে পৰিগণিত হৈছে হাৰ্দিক । এই অভিলেখে তেওঁক কেৱল ভাৰততে নহয়, বিশ্ব ক্ৰিকেটতো এক বিশেষ স্থান প্ৰদান কৰিছে ।
এতিয়ালৈকে এই কৃতিত্ব কেৱল স্পীন অল-ৰাউণ্ডাৰেহে লাভ কৰিছিল । বাংলাদেশৰ ছাকিব আল হাছান, আফগানিস্তানৰ মহম্মদ নবি আৰু জিম্বাবুৱেৰ চিকন্দৰ ৰাজাই ইতিমধ্যে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০০০+ ৰান আৰু ১০০+ উইকেট সম্পূৰ্ণ কৰিছে । এই তিনিজনৰ পিছত এই কৃতিত্ব অৰ্জন কৰা চতুৰ্থজন খেলুৱৈ হাৰ্দিক যদিও এই তালিকাত তেওঁ একমাত্ৰ বেগী বলাৰ ।
টি-২০ত ১০০ উইকেট দখল কৰা তৃতীয় ভাৰতীয়-
ইয়াৰ লগে লগে হাৰ্দিক পাণ্ডিয়াই ভাৰতৰ হৈ ১০০টা টি-২০ আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰা তৃতীয়জন পুৰুষ বলাৰ হিচাপেও পৰিগণিত হয় । তেওঁৰ আগতে এই কৃতিত্ব অৰ্জন কৰিছিল কেৱল অৰ্শদীপ সিং আৰু যশপ্ৰীত বুমৰাহে । অৰ্শদীপ সিঙে ১১২টা উইকেট দখল কৰাৰ বিপৰীতে যশপ্ৰীত বুমৰাহে ১০১টা উইকেট দখল কৰিছে ।
হাৰ্দিক পাণ্ডিয়াৰ এই কৃতিত্বই তেওঁৰ সৰ্বাংগীন ক্ষমতা প্ৰদৰ্শন কৰিছে । ক্ৰমৰ তলত দ্ৰুত ৰান সংগ্ৰহ কৰাৰ ক্ষমতা আছে আৰু প্ৰয়োজনত দলৰ বাবে গুৰুত্বপূৰ্ণ উইকেট লোৱাৰো ক্ষমতা আছে হাৰ্দিক পাণ্ডিয়াৰ ।
১০০টা ছয় সম্পূৰ্ণ-
এই ছিৰিজৰ প্ৰথমখন মেচত হাৰ্দিক পাণ্ডিয়াই টি-২০ত ১০০ সংখ্যক ছয় সম্পূৰ্ণ কৰি ৰোহিত-কোহলী ক্লাবত যোগদান কৰে । ভাৰতৰ হৈ টি-২০ত সৰ্বাধিক ৬ৰ অভিলেখ আছে ৰোহিত শৰ্মাৰ । তেওঁ ২০৫টা ছয় কোবাইছে । ১৫৫টা ৬ৰে দ্বিতীয় স্থানত আছে সূৰ্য্য কুমাৰ যাদৱ । বিৰাট কোহলীয়ে ১২৪টা ছয় কোবাইছে । এই তালিকাত পৰৱৰ্তী স্থানত আছে হাৰ্দিক পাণ্ডিয়া, যিয়ে ১০০ৰো অধিক ছয় কোবাইছে । কে এল ৰাহুলৰ ছয় আছে ৯৯টা ।
লগতে পঢ়ক : কোন হ’ব আই চি চিৰ ২০২৫ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰ ? এইসকল খেলুৱৈৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন বিৰাট কোহলী









