ছেমি ফাইনেলৰ দ্বিতীয়খন মেচত টছত জয়লাভ ইংলেণ্ডৰ; প্ৰথমে ভাৰতে কৰিব বেটিং

ছেমি ফাইনেলৰ দ্বিতীয়খন মেচত টছত জয়লাভ ইংলেণ্ডৰ; প্ৰথমে ভাৰতে কৰিব বেটিং

টি-২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত খেলা হ’ব।এই মেচখনত যিয়ে জয়ী হ’ব, তেওঁ ৮ মাৰ্চত আহমেদাবাদত নিউজিলেণ্ডৰ বিৰুদ্ধে ফাইনেল খেলিব। আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ দ্বিতীয় ছেমি ফাইনেল আজি মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব,য’ত ভাৰত আৰু ইংলেণ্ড মুখামুখি হ’ব।মেচখনত

টি-২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত খেলা হ’ব।এই মেচখনত যিয়ে জয়ী হ’ব, তেওঁ ৮ মাৰ্চত আহমেদাবাদত নিউজিলেণ্ডৰ বিৰুদ্ধে ফাইনেল খেলিব।

আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ দ্বিতীয় ছেমি ফাইনেল আজি মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব,য’ত ভাৰত আৰু ইংলেণ্ড মুখামুখি হ’ব।মেচখনত ইংলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য যে, টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত একেৰাহে তৃতীয়বাৰৰ বাবে ভাৰত আৰু ইংলেণ্ডৰ দলৰ মুখামুখি হৈছে।২০২২ চনত ভাৰতীয় দলটো পৰাজিত হৈছিল,আনহাতে ২০২৪ চনত ভাৰতে ইংলেণ্ডক পৰাস্ত কৰিছিল।

লগতে পঢ়ক: ছানিয়া চান্দোকৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল অৰ্জুন টেণ্ডুলকাৰ; উপস্থিত ভিভিআইপি তাৰকা