জয়ৰ পিছত আৰচিবি অনুৰাগীৰ তাণ্ডৱ; আৰক্ষীৰ লাঠিচাৰ্জ

জয়ৰ পিছত আৰ চি বি অনুৰাগীৰ তাণ্ডৱ; আৰক্ষীৰ লাঠিচাৰ্জ

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ ট্ৰফী জয়ৰ পিছত কেইবাখনো চহৰৰ পৰা ভিডিঅ’ পোহৰলৈ আহিছে, য’ত আৰ চি বিৰ অনুৰাগীয়ে পথৰ মাজতে হুলস্থুলৰ সৃষ্টি কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে লাঠি-চাৰ্জ কৰে। আই পি এল ২০২৬ৰ খিতাপ দখল কৰাৰ পিছত হায়দৰাবাদকে ধৰি কিছুমান চহৰৰ পৰা আৰ চি বিৰ অনুৰাগীৰ হুলস্থুলীয়া

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ ট্ৰফী জয়ৰ পিছত কেইবাখনো চহৰৰ পৰা ভিডিঅ’ পোহৰলৈ আহিছে, য’ত আৰ চি বিৰ অনুৰাগীয়ে পথৰ মাজতে হুলস্থুলৰ সৃষ্টি কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে লাঠি-চাৰ্জ কৰে।

আই পি এল ২০২৬ৰ খিতাপ দখল কৰাৰ পিছত হায়দৰাবাদকে ধৰি কিছুমান চহৰৰ পৰা আৰ চি বিৰ অনুৰাগীৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰা ভিডিঅ’ পোহৰলৈ আহিছে। ভাইৰেল হৈ পৰা ভিডিঅ’সমূহত আৰক্ষী বাহিনীয়ে পথৰ ওপৰত আনন্দ-উল্লাস কৰা লোকসকলক লাঠীচালনা কৰা দেখা গৈছে। এইধৰণৰ উদযাপনে জনসাধাৰণৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

হায়দৰাবাদ, অন্ধ্ৰপ্ৰদেশ আৰু বেংগালুৰুৰ কিছু অংশৰ পৰা এই ভিডিঅ’সমূহ পোহৰলৈ আহিছে। কিছুমান ভিডিঅ’ত অনুৰাগীসকলে মাজ ৰাস্তাত ফটকা ফুটাই থকা দেখা গৈছে। ইয়াৰ উপৰিও আন কিছুমান ভিডিঅ’ত বহুলোকে আনন্দতে বেৰিকেড ভাঙিবলৈ চেষ্টা কৰা দেখা গৈছে। আনহাতে, একাংশ লোকে উদযাপনত ইমানেই মত্ত হৈ পৰিল যে তেওঁলোক গাড়ীৰ ওপৰত উঠিছিলে। এই সকলোবোৰ কাণ্ড-কাৰখানা প্ৰত্যক্ষ কৰি আৰক্ষীয়ে হস্তক্ষেপ কৰিবলগীয়া হয় আৰু ভিৰ নিয়ন্ত্ৰণ তথা নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি লাঠীচালনা কৰে।

বেংগালুৰুৱে যোৱা ছিজন অৰ্থাৎ ২০২৫ চনত প্ৰথমটো খিতাপ অৰ্জন কৰিছিল। এই বিজয়ৰ পিছত বেংগালুৰুত এক বিজয় সমদল উলিওৱা হৈছিল, য’ত পদপৃষ্ট হৈ ১১ জন লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ উপৰিও বহু লোক আহত হৈছিল। এই ঘটনাৰ কথা মনত ৰাখিয়েই এইবাৰ নিৰাপত্তাৰ দিশটোত সম্পূৰ্ণ গুৰুত্ব আৰোপ কৰা হৈছে।

লগতে পঢ়ক: “মই গাখীৰ নাখাওঁ”; অৰেঞ্জ কেপ বিজয়ী বৈভৱে প্ৰকাশ কৰিলে পাৱাৰ হিটিঙৰ ৰহস্য