‘মই গাখীৰ নাখাও’; অৰেঞ্জ কেপ বিজয়ী বৈভৱে প্ৰকাশ কৰিলে পাৱাৰ হিটিঙৰ ৰহস্য

“মই গাখীৰ নাখাওঁ”; অৰেঞ্জ কেপ বিজয়ী বৈভৱে প্ৰকাশ কৰিলে পাৱাৰ হিটিঙৰ ৰহস্য

২০২৬ চনৰ আই পি এলত যদিও আৰ চি বিয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে ট্ৰফী দখল কৰিছিল, কিন্তু ইয়াৰ মাজত বৈভৱ সূৰ্যবংশীয়ে চৰ্চা লাভ কৰিছে। আইপিএল ২০২৬ৰ খিতাপ দখলৰ যুঁজত আৰচিবিয়ে ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে ট্ৰফী নিজৰ নামত কৰিলে। ফাইনেল মেচখনত আৰচিবিয়ে গুজৰাটক ৫ উইকেটত পৰাস্ত কৰি এক

২০২৬ চনৰ আই পি এলত যদিও আৰ চি বিয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে ট্ৰফী দখল কৰিছিল, কিন্তু ইয়াৰ মাজত বৈভৱ সূৰ্যবংশীয়ে চৰ্চা লাভ কৰিছে।

আইপিএল ২০২৬ৰ খিতাপ দখলৰ যুঁজত আৰচিবিয়ে ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে ট্ৰফী নিজৰ নামত কৰিলে। ফাইনেল মেচখনত আৰচিবিয়ে গুজৰাটক ৫ উইকেটত পৰাস্ত কৰি এক নতুন ইতিহাস ৰচনা কৰিলে।যদিও জয় আৰচিবিৰ আছিল, কিন্তু ইয়াৰ মাজত বৈভৱ সূৰ্যবংশীয়ে চৰ্চা লাভ কৰিছে। বহুতো বঁটা বুটলি লোৱাৰ পিছত তেওঁ নিজৰ সফলতাৰ ৰহস্য ফাদিল কৰিলে। সূৰ্যবংশীয়ে এই ছিজনত অভিলেখৰ বৰষুণ নমাই আনিলে। ১৫ বছৰীয়া বৈভৱৰ ফিটনেছক লৈ বহু চৰ্চা চলি থাকে, আৰু তেওঁ বঁটা বিতৰণী অনুষ্ঠানৰ সময়ত নিজৰ ফিটনেছৰ সন্দৰ্ভতো কথা পাতিলে।

বৈভৱ সূৰ্যবংশী আইপিএল ২০২৬ত আটাইতকৈ বেছি ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপে প্ৰমাণিত হ’ল। তেওঁ নিজৰ দ্বিতীয়টো ছিজনতে ‘অৰেঞ্জ কেপ’ অৰ্জন কৰিলে। ১৬ খন মেচত বৈভৱে ৭৭৬ ৰান সংগ্ৰহ কৰিলে, য’ত ৫ টা অৰ্ধশতক আৰু এটা শতকীয় ইনিংছ অন্তৰ্ভুক্ত আছিল। তেওঁ ‘ম’ষ্ট ভেলুৱেবল প্লেয়াৰ’ ৰ বঁটাও নিজৰ নামত কৰিলে। ইয়াৰ উপৰিও তেওঁ ‘ছুপাৰ ষ্ট্ৰাইকাৰ অৱ দ্য ছিজন’ (Super Striker of the Season) আৰু ‘ছুপাৰ ছিক্সাৰ বঁটা’ (Super Sixer Award)-ও লাভ কৰে।

তেওঁৰ শাৰীৰিক শক্তিৰ উৎস সম্পৰ্কে সোধা এটা ধেমেলীয়া প্ৰশ্নৰ উত্তৰত বৈভ সূৰ্যবংশীয়ে কয় “মই এতিয়া গাখীৰ নাখাও। কিন্তু হয়, মই কেৱল মোৰ খেলৰ ওপৰত বিশ্বাস ৰাখিবলৈ চেষ্টা কৰোঁ। যদি মোৰ অনুভৱ হয় যে প্ৰথমটো বল মোৰ জ’নত আছে আৰু মই তাক কোবাই পঠিয়াব পাৰোঁ, তেন্তে মই মোৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰোঁ আৰু সেইদৰেই খেলিবলৈ চেষ্টা কৰোঁ।”

তেওঁ লগতে কয়”এই ছিজনত মই শিকিলোঁ যে চাপ থকা পৰিস্থিতিত কেনেকৈ খেলিব লাগে আৰু পৰিস্থিতি অনুসৰি নিজৰ খেলত কেনেকৈ পৰিৱৰ্তন আনিব লাগে। আপুনি প্ৰতিখন মেচ একে মানসিকতাৰে খেলিব নোৱাৰে। আপুনি মেচৰ পৰিস্থিতিটো বুজিব লাগিব আৰু দলৰ প্ৰয়োজন অনুসৰি খেলিব লাগিব। মই এই বিষয়ে বহুত কথা শিকিলোঁ, আনকি প্লে-অফৰ মেচবোৰতো।”

বৈভৱে নিজৰ ফিটনেছ সন্দৰ্ভত কয়,”মই ইয়াৰ ওপৰত বহুত বেছি গুৰুত্ব দিব লাগিব কাৰণ মই দীৰ্ঘদিন ধৰি খেলিব বিচাৰোঁ। মই আঘাত আৰু তেনেকুৱা অন্যান্য বস্তুৰ পৰা বাচি থাকিব লাগিব, গতিকে মই মোৰ ফিটনেছৰ ওপৰত কাম কৰিব লাগিব আৰু ভৱিষ্যতে ইয়াতকৈও অধিক গুৰুত্ব দিব লাগিব। দলৰ সকলোৱে মোক সহায় আৰু সমৰ্থন কৰে। সকলো জ্যেষ্ঠ খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীয়ে মোক বহুত সমৰ্থন কৰে আৰু তেওঁলোকৰ পৰা মই বহুত কথা শিকিবলৈ পাওঁ।”

লগতে পঢ়ক: পৰাজয়ৰ পিছতেই বিপদ; চলন্ত অৱস্থাতে জ্বলি উঠিল গুজৰাট টাইটানছৰ বাছ