মহিলা প্ৰিমিয়াৰ লীগ (WPL) ২০২৬ৰ খিতাপ দ্বিতীয়বাৰৰ বাবে দখল কৰিলে আৰ চি বিয়ে। ফাইনেলত প্ৰৱেশ কৰি চতুৰ্থবাৰৰ বাবে নিৰাশ হ’ব লগা হ’ল দিল্লী কেপিটেলছৰ
স্মৃতি মান্ধনা নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে দিল্লী কেপিটেলছক ৬ উইকেটত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপ দখল কৰে।
৫ ফেব্ৰুৱাৰীত বাডোদৰাৰ কোটাম্বি ষ্টেডিয়ামত মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল) ২০২৬ৰ ফাইনেল মেচখন দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ মাজত অনুষ্ঠিত হৈছিল।
প্ৰথমে বেটিং কৰি জয়ৰ হ’বৰ বাবে দিল্লীয়ে আৰ চি বিক ২০৪ ৰানৰ লক্ষ্য বান্ধি দিছিল,যিটো আৰ চি বিয়ে শেষ অভাৰৰ চতুৰ্থ বলত অৰ্জন কৰিছিল।
চতুৰ্থবাৰৰ বাবে খিতাপ দখলৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল দিল্লী।চাৰিওটা ছিজনতে দিল্লী কেপিটেলছ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও শেষত হতাশ হ’ব লগা হয়।
উল্লেখ্য যে, ২০২৩ আৰু ২০২৫ চনৰ ডব্লিউ পি এল ছিজনত মুম্বাই ইণ্ডিয়ানছ (এম আই)য়ে জয়লাভ কৰাৰ লগতে ২০২৪ চনত আৰ চি বিয়ে জয়লাভ কৰিছিল।
মেচখনত আৰচিবিৰ আৰম্ভণি বৰ ভাল নাছিল।বিস্ফোৰক অ’পেনাৰ গ্ৰেচ হেৰিক পেভিলিয়নলৈ উভতি যোৱাৰ সময়ত মুঠ স্ক’ৰত মাত্ৰ ৯ ৰান সংযোজন হয়।
ইয়াৰ পিছতে অধিনায়ক স্মৃতি মান্ধনাই জৰ্জিয়া ৱালৰ সৈতে যোগ দি ইনিংছটো সুস্থিৰ কৰি তুলিছিল। দুয়োগৰাকী বেটছমেনে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই দলটোক স্মৰণীয় জয়ৰ দিশে আগুৱাই লৈ যায়।জৰ্জিয়া ৱালে ৫৪টা বলত ৭৯ ৰান সংগ্ৰহ কৰে। আনহাতে ৮৭ ৰান সংগ্ৰহ কৰি আউট হয় স্মৃতি মান্ধনা।
লগতে পঢ়ক: ‘আমাৰ টিকট বুক হৈ গৈছে,আমি কলম্বোলৈ যাম’; IND vs PAK ৰ মেচক লৈ সূৰ্যকুমাৰ যাদৱৰ প্ৰথম প্ৰতিক্ৰিয়া









